অখিল গগৈৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ ভয় কৰিছে নেকি ?

452
  • ডা:কৃষ্ণা বৈশ্য

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


ক’ভিডৰ অতিমাৰীয়ে আনি দিয়া পৰিস্থিতিত পৰি ল’ৰা দুটাই স্কুল , খেল ধেমালি , বন্ধু বান্ধৱীৰ পৰা আঁতৰি ঘৰৰ ভিতৰত সোমাই এক আৱদ্ধ (এক কথাত কাৰাবন্দী) জীৱন কটাব লগা হৈছে । মন কৰিছোঁ , আগতকৈ সিহঁত অলপ সলনি হৈছে ।  খোৱা বোৱা , পঢ়া শুনা ভালদৰে কৰিবলৈ মন নকৰে । অলপ খিঙখিঙীয়াও হৈছে । আমাৰ আৱাসগৃহৰ পিছফালৰ চোতালখনত বেডমিণ্টন ক’ৰ্ট এখন কাটি থোৱা আছে । আগতে গধূলি সময়ত দুয়ো ভায়েকে দেউতাকৰ সৈতে মিলি কিছু সময়  খেলিছিল । আজিকালি দেউতাক ক’ভিডক লৈ ব্যস্ত । এতিয়া সিহঁতেও বেডমিণ্টন খেলিবলৈ মন নকৰা হ’ল । এতিয়া সিহঁতে বিছনাত বহি লেপটপত গেম খেলি সময় কটোৱা হ’ল । এগৰাকী মাতৃৰ লগতে এগৰাকী চিকিৎসকো হোৱা বাবে এই সময়ত মোৰ সিহঁতৰ মানসিক স্বাস্থ্য সম্বন্ধে চিন্তা হৈ থাকে । কেতিয়াবা এই বিষয়ে আমাৰ হস্পিটেলৰ মানসিক বিভাগৰ বিশেষজ্ঞ গৰাকীৰ লগত কথাও পাতোঁ । তেওঁৰ নিজৰো প্ৰায় আমাৰ ল’ৰাটোৰ বয়সৰে ল’ৰা এটা আছে । তেওঁৰ ঘৰতো হেনো সেই একেই অৱস্থা । আচলতে অকল আমাৰেই নহয় , এই ক’ভিডৰ সময়ে উঠি অহা সকলোবোৰ ল’ৰা ছোৱালীৰ মানসিক স্বাস্থ্যত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে । মোৰ এই কথাখিনিৰ পৰা ভাৱি লৈছে  নেকি আপোনালোকে , যে মোৰ ল’ৰা দুটা অথবা আমাৰ আটাইৰে ল’ৰা ছোৱালীবোৰ পাগল হ’ল !
এইখিনিতে সাধাৰণ ৰাইজক কথা এটা কওঁ , আমি সকলো মানুহে বিশেষ কোনো পৰিৱেশ বা পৰিস্থিতিত পৰি কোনো এক সময়ত মানসিক অসুস্থতাত ভুগিব পাৰোঁ । প্ৰিয় মানুহ এজনক হেৰুৱালে , ভৱা মতে কামবোৰ নহ’লে আমি হতাশ হওঁ । নতুনকৈ কিবা এটা কামৰ আৰম্ভণি কৰা সময়ত আমাৰ এনজাইটি হয় ।‌ হতাশাই আগুৰি ধৰা সময়ত বা বেছি এনজাইটি হ’লে মানসিক বিশেষজ্ঞ এজনৰ পৰামৰ্শ বিচৰা কথাটো কানাডা , আমেৰিকা আদি উন্নত দেশত তেনেই সাধাৰণ কথা । কিন্তু কিয় জানো আমাৰ দেশত এতিয়াও মানসিক ৰোগ / মানসিক অসুস্থতাক সামাজিক ষ্টিগমা হিচাপে গণ্য কৰা হয় । মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰ চপা বুলি গম পালে শেষেই আৰু । সকলোৰে মাজত বু বু বা বা । মনৰ ভাৱ , মানুহজন পাগল হ’ল ।
অখিল গগৈ ডাঙৰীয়া মানসিকভাৱে সুস্থ নে অসুস্থ , তেওঁ কোনো মানসিক ৰোগ বিশেষজ্ঞৰ ওচৰত চিকিৎসা লৈ আছে নেকি সেই কথা আমি নাজানো‌ । নাজানো মানে ? আচলতে এই সাধাৰণ কথাটো কিবা জানিবলগীয়া বা আলোচনা কৰিবলগীয়া বিষয় বুলিও ভৱা নাই কেতিয়াও । কিন্তু  মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণত অখিল গগৈ ডাঙৰীয়াক মানসিক ভাৱে অসুস্থ বুলি কোৱা শুনিহে কথা কেইটামান মনলৈ আহিছে । ভাৱিলোঁ , আপোনালোককো জনাই লওঁ ।
এটা গোচৰত (?) বন্দী হৈ ইমানদিন জেলত থাকিবলগীয়া হোৱা , শাৰীৰিক অসুস্থতাত ভুগী মেডিকেল কলেজৰ এটা কেবিনত সোমাই দিন ৰাতি পাৰ কৰিবলগীয়া হোৱা ব্যক্তিজনে এতিয়ালৈকে মানসিক অসুস্থতাত নোভোগাটোহে  এক অস্বাভাৱিক কথা । মনত ৰাখিব মানসিকভাৱে অসুস্থ মানেই পাগল নহয় । সেই সামাজিক ষ্টিগমাটো মনৰ পৰা আঁতৰাই পেলাওঁক । নিজৰ অকমাণি দুটাক দহদিন/ দুসপ্তাহৰ বাবে ঘৰত এৰি থৈ আহি ৰেড য’নত ডিউটি কৰা  এগৰাকী অভিভাৱক হিচাপে মনত বহুত কষ্ট পাওঁ । হতাশাত ভুগোঁ কেতিয়াবা ।নিজৰ সন্তানৰ পৰা দুৰত জেলত আৱদ্ধ হৈ বছৰজুৰি সন্তানৰ পৰা আঁতৰি থাকিব লগা হোৱাৰ দুখ এগৰাকী পিতৃৰ বাবে কিমান মৰ্মান্তিক হ’ব পাৰে সেয়া অনুমান কৰিবলৈ অকণো অসুবিধা নহয়  ।এনেকুৱা পৰিস্থিতিত অখিল গগৈয়ে যদি এতিয়ালৈকে মানসিক অসুস্থতাত ভোগা নাই , সেই কথাটোহে আচৰিত হবলগীয়া কথা ।  এই সময়ত তেওঁৰ হতাশা , এনজাইটি অতি স্বাভাৱিক । সময়বোৰ ঠিক হ’লে তেৱোঁ নিশ্চয় এই হতাশা , এনজাইটিৰ ( যদিহে মুখ্যমন্ত্ৰীৰ কথা সঁচা হয় ) পৰা মুক্ত হ’ব ।
কিন্তু বিধানসভাত অখিল গগৈ সম্পৰ্কে বক্তব্য ৰখা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য শুনি গিৰ্জনি মাৰি হঁহা আৰু মেজত হাত চপৰিয়াই সমৰ্থন দিয়া আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ মানসিক স্বাস্থ্যক লৈ এই সময়ত  সন্দীহান আৰু চিন্তিত । ভালদৰে ভাৱকচোন আপোনালোকে , এনেকুৱা মানসিকতা লৈ তেওঁলোকে ৰাইজৰ কি সেৱা কৰিব  ? গণতান্ত্ৰিক দেশ এখনত বিৰোধী নেতা এজনকো যথাযোগ্য সন্মান দিয়াতো প্ৰত্যেকজন নিৰ্বাচিত প্ৰতিনিধিৰে এক কৰ্তব্য বুলি ভাৱোঁ । সেয়েহে আজি যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অখিল গগৈৰ  প্ৰতি এনেকুৱা অশোভনীয় মন্তব্য দিয়াত লাজ পাইছোঁ থিক তেনেকৈ কাইলৈ অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি তেনেকুৱাই মন্তব্য কৰিলেও নিশ্চয় বিৰোধিতা কৰিম ।সমান্তৰাল ভাবে বিগত দিনবোৰত বিভিন্ন ব্যক্তি না সংগঠনৰ প্ৰতি অখিল গগৈয়ে কৰা তাচ্ছিল্য সূচক মন্তব্য বিলাকো আমি বিৰোধ কৰো ।  কিছুমান কথা দল বা ৰাজনৈতিক মতাদৰ্শৰ উৰ্ধত থকা উচিত বুলি ভাৱোঁ ।  ৰাজনৈতিক মতাদৰ্শ নিমিলিলে বুলিয়েই ছলে বলে কৌশলে মানুহ এজনক সকলো ফালৰপৰাই নিঃশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কোনোপধ্যেই মানি ল’ব নোৱাৰি ।
মুখ্যমন্ত্ৰী মহোদয়ৰ মন্তব্যখিনি ভালদৰে মন কৰকচোন । অখিল গগৈ যদি মানসিকভাৱে সুস্থ তেন্তে তেওঁ জেললৈ যাব লাগিব । আৰু যদি মানসিকভাৱে অসুস্থ হস্পিটেলৰ কেবিনত থাকিব লাগিব । অৰ্থাৎ পৰোক্ষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াকে ক’বলৈ বিচাৰিছে যে অখিল গগৈয়ে কোনোপধ্যেই বিধানসভাৰ মজিয়াত উপস্থিত থাকিব নোৱাৰিব । কিন্তু এটা কথা মই বুজি পোৱা নাই , অখিল গগৈ বিধানসভাত উপস্থিত হোৱাত বাধা দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰাৰ আঁৰৰ ৰহস্যটো কি বাৰু ? অখিল গগৈয়ে হাতত মৰণাস্ত্ৰ লৈ আহিব নেকি ? অখিল গগৈৰ প্ৰশ্নবানলৈ সন্মুখীন হ’বলৈ ভয় কৰিছে নেকি ?
গণতান্ত্ৰিক দেশ এখনত মত নিমিলিলেই মানুহ এজনক ইমান সহজতে বছৰ ধৰি জেলত ভৰাই থৈ দিব পাৰে । অথচ হত্যাৰ গোচৰত অভিযুক্ত  , কৌটি কৌটি টকাৰ দুৰ্নীতিকাৰী , বলাৎকাৰী লোক আদালতক বুঢ়া আঙুলি দেখুৱাই আমাৰ সমাজত টিঘিলঘিলাই ঘূৰি ফুৰিব পাৰে । এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ কোনো দ্বায়িত্ব নাই নেকি ? অকল চৰকাৰক সমালোচনা কৰিয়েই আমি আমাৰ দ্বায়িত্ব সামৰিম নেকি ? এই ক্ষমতাৰ অপব্যৱহাৰৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ’বলৈ আমাৰ মাজত ইমান সৎ সাহসৰ অভাৱ কিয় ? আমি নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ ইমান ভয় খাওঁ কিয় ? চৰকাৰখনতো আমাৰেই । বিধায়ক মন্ত্ৰীসকলো আমাৰেই প্ৰতিনিধি । তেন্তে চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিবলৈ আমি ইমান সংকোচ কৰোঁ কিয় ? আমাৰ নিজৰ ঘৰত মা- দেউতাক তেওঁলোকৰ ভুলটো দেখুৱাই নিদিওঁ জানো ? মই ভাৱোঁ, বহল অৰ্থত আমাৰ দেশখনেই আমাৰ ঘৰ , চৰকাৰখন আমাৰ মা দেউতা আৰু আমি সাধাৰণ জনসাধাৰণ তেওঁলোকৰ সন্তান । তেন্তে ভয় কিহৰ ?