অশোক শৰ্মা জয়ী হ’বনে?

252
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


নলবাৰী সমষ্টি হৈছে প্ৰায় ৯৯% ভাষিক অসমীয়া ভোটাৰেৰে গঠিত এটা সমষ্টি , য’ত ২৫% মুচলমান ভোটাৰ আৰু ৭৫% হিন্দু ভোটাৰ । যোৱা ২৫-৩০ বছৰ ধৰি জনসংখ্যাৰ বৃদ্ধিৰ হাৰ এই সমষ্টিত অতি লেহেমিয়া ।সমষ্টি পুনৰ বিন্যাসৰ পিছত মুচলমান ভোটাৰ কিছু বৃদ্ধি পাইছে যদিও সেই বৃদ্ধি নিৰ্ণায়ক নহয় । ১৯৯৬ ৰ নিৰ্বাচনৰ পিছত অগপৰ ধুমুহা শেষ হোৱাৰ লগে লগে নিৰ্বাচনী অংকও সলনি হৈ যায় । ২০০১ ৰ পৰা হিন্দু ভোটৰ বিভাজন আৰম্ভ হয় । অগপৰ জন্মৰ পিছৰ পৰা ১৯৬ লৈ ৯০% হিন্দু ভোটাৰে অগপক সমৰ্থন কৰিছিল আৰু ২০০১ ৰ পৰা হিন্দু ভোট কংগ্ৰেছ , বিজেপি অগপ , নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত বিভাজিত হয় । একে সময়তে মুচলমান ভোটাৰে পুৰ্বৰ দৰেই কংগ্ৰেছক সমৰ্থন কৰে ।
২০১১ চনত ৩৯৮৯৬ টা ভোট আৰু
২০০৬ চনত ৪০৪৮৯ টা ভোট পাইছিল কংগ্ৰেছে ।
২০১১ চনত কংগ্ৰেছ জয়ী হৈছিল
আৰু ২০০৬ চনত কংগ্ৰেছ পৰাজিত হৈছিল ।
কংগ্ৰেছৰ ভোট প্ৰায় একে আছে কিন্তু প্ৰতিপক্ষৰ ভোটৰ বিভাজন হোৱাৰ ফলত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হৈছিল ।
২০১১ চনত নিৰ্দলীয় প্ৰাৰ্থী মদন কলিতা আৰু তৃণমুল কংগ্ৰেছৰ প্ৰাথী অঞ্জন বৰ্মনে মুঠ ভোট পাইছিল প্ৰায় ২১ হাজাৰ আৰু এইখিনি
ভোটেই আছিল টাৰ্ণিং পইন্ট । যাৰ ফলত সেই সময়ৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত মল্লবৰুৱাই অগপ প্ৰাৰ্থী অলকা শৰ্মাক পৰাজিত কৰিব পাৰিছিল । কিন্তু ২০০৬ চনত অগপই সিংহভাগ হিন্দু ভোট পোৱাৰ বাবে কংগ্ৰেছক পৰাজিত কৰিব পাৰিছিল , যিটো অলকা শৰ্মাৰ প্ৰতিদ্বন্দ্বী আছিল একমাত্ৰ কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীজন । বিজেপিৰ সেইসময়ত অধিক গণভিত্তি থকাহেতেঁন ২০০৬ চনটো অলকা শৰ্মাৰ পৰাজয় আসন্ন আছিল । ২০১১ চনত কংগ্ৰেছে হিন্দু ভোটৰ অংকটো বুজি হিমন্ত বিশ্ব শৰ্মাৰ কৌশলী সিদ্ধান্তত নিৰ্দলীয় অঞ্জন বৰ্মনক ধন যোগান ধৰি নিৰ্বাচনত অৱতীৰ্ণ কৰায় ।
২০১৬ ত অগপ আৰু বিজেপি মিলি প্ৰায় ৯৯ হাজাৰ ভোট বিজেপি প্ৰাৰ্থীজনে পাইছিল আৰু কংগ্ৰেছে পাইছিল আগৰ দৰেই ২৫% ভোট ( ৪৬ হাজাৰ ভোট ) । ২০২১ চনতো ভোটৰ অংক একেই থাকিল । অগপ বিজেপি মিত্ৰতা অটূত থাকি বিজেপি জয়ী হয় । ২০১৬ বিজেপি বিধায়ক অশোক শৰ্মাই ২০২১ত টিকট নাপালে । টিকট পালে জয়ন্ত মল্ল বৰুৱাই । আৰু লগে লগে আৰম্ভ হল অশোক শৰ্মাৰ নাৰাজগী । ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰতিটো দিনেই অশোক শৰ্মাই বিজেপি দলৰ নীতিক কতাক্ষ কৰি থাকিল । কিন্তু লোকসভা নিৰ্বাচনত বিজেপিয়ে আশানুৰুপ ফল নোপোৱাৰ পিছতেই অশোক শৰ্মাই খোলা খুলিকৈ কংগ্ৰেছক সমৰ্থন কৰা দেখা গল । এই বিশেষ সুত্ৰই দিয়া খৱৰ অনুসৰী অশোক শৰ্মাই নলবাৰীৰ স্থানীয় ব্যৱসায়ী এজনক লগত লৈ দিল্লীত গৌৰৱ গগৈ আৰু বেনুগোপালক লগ কৰি ২০২৬ চনত কংগ্ৰেছৰ টিকট নিশ্চিত কৰিছে । বিজেপি নেতৃত্বইও এই কথাৰ উমান লৈছে আৰু অশোক শৰ্মাৰ বিৰুদ্ধে তীব্ৰ বাক্যৱান সাময়িক ভাবে বন্ধ কৰিছে । এতিয়া প্ৰশ্ন হল অশোক শৰ্মাৰ হাতৰ চিহ্নৰ পৰা কিমান ভোট পাব ? কংগ্ৰেছী প্ৰাৰ্থী এজনে যিমান ভোট পায় তাতকৈ এটাও কম ভোট অশোক শৰ্মাই নাপায় । নলবাৰী সমষ্টিৰ পৰা নাম গোন্ধ নথকা কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়নে যিদৰে ৫৫ হাজাৰৰ অধিক ভোট লোকসভা নিৰ্বাচনত পাইছে সেই ভোটখিনি আশোক শৰ্মাই পাব । ২০২৪ লোক সভা নিৰ্বাচনত চিপিএম প্ৰাৰ্থীজনেও প্ৰায় ৭ হাজাৰ ভোট পাইছে নলবাৰীৰ পৰা । কিন্তু নলবাৰীত বামপন্থী ভোট ১০০০ ৰ পৰা ১৫০০ হে , সেয়ে ৪৫০০ ভোটৰ চাৰপ্লাচ হৈছে হিমন্ত বিশ্ব শৰ্মা বিৰোধী নাৰাজ বিজেপি নেতা – কৰ্মীৰ পৰিয়ালৰ পৰা । অৰ্থাৎ এই নাৰাজগী যদি প্ৰশমিত নহয় তেন্তে অশোক শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী হিচাপে ৬২ হাজাৰ ভোট নিশ্চিত । ইয়াৰ উপৰিও ৫ বছৰ বিধায়ক হৈ অহা এই ব্যক্তিজনৰ লগত সমষ্টিৰ ১০০ টা পৰিয়াল থাকে যিসকল ঠিকা -ঠুকুলি , চৰকাৰী চাকৰি আদিৰে ধন্য হৈছে । অৰ্থাৎ ওপৰঞ্চি ৪ হাজাৰ ভোট । বিভিন্ন মহলে প্ৰশ্ন কৰে যে অশোক শৰ্মাক প্ৰাৰ্থী দিলে কংগ্ৰেছৰ আন নেতাই বিসম্বাদ কৰি ভোট বে্কত খনটি মাৰিব পাৰে । কিন্তু এই ধাৰণা অমুলক । কংগ্ৰেছৰ নেতাৰ মাজত বিসম্বাদ থাকিলেও কংগ্ৰেছী ধৰ্মীয় সংখ্যালঘু মুচলমান ভোটাৰ দৃষ্টি একমাত্ৰ ৰাহুল গান্ধীৰ ওচৰত নিবদ্ধ । হাতৰ চিনত যিয়েই নাথাকক মুছলমান ভোটাৰে কংগ্ৰেছক সমৰ্থন কৰিবই । গোটেই অংক মিলাই কংগ্ৰেছ প্ৰাৰ্থী হিচাপে অশোক শৰ্মাই প্ৰায় ৭০ হাজাৰ ভোট পাব , যিখিনি ভোটৰ ৫৫ হাজাৰ মুচলমান আৰু ১৫ হাজাৰ হিন্দু ভোট । অৰ্থাৎ হিন্দু ভোটৰ প্ৰচণ্ড বিভাজন নোহোৱালৈকে নলবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থীজনৰ পৰাজয় অসম্ভব ।