অসমক প্ৰয়োজন ড° শৰ্মাৰ

184
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


আমাৰ দৃষ্টিত অসমৰ সকলোতকৈ ডাঙৰ সমস্যাটো হ’ল বিদেশীৰ অবৈধ অনুপ্ৰৱেশ। অবৈধ মুছলমান বাংলাদেশীৰ অনুপ্ৰৱেশ আৰু তেওঁলোকৰ মাজত হোৱা দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত খিলঞ্জীয়াৰ সংখ্যা হ্ৰাস পাই আছে। প্ৰত্যেক দহ বছৰৰ মূৰত হোৱা লোকপিয়লত এই কথা স্পষ্টকৈ ওলাই পৰিছে। এই গতিত চলি থাকিলে ২০৪০ চনত অসমত খিলঞ্জীয়া মানুহ সংখ্যালঘু হৈ পৰিব। অসমৰ সামাজিক , ৰাজনৈতিক সকলো অধিকাৰ বাংলাদেশী মুলৰ মুছলমান সকলৰ হাতলৈ যাব। এই কথা আমি স্কুলত পঢ়াৰ সময়তে অনুভব কৰিছিলো। সেই সময়ত কংগ্ৰেছ দলৰ বিদেশী সমস্যাৰ প্ৰতি গা এৰা দিয়া মনোভাব আছিল। প্ৰায়বোৰ কংগ্ৰেছী মন্ত্রী-বিধায়কৰ মুখত এটায়ে কথা _ আমি বিদেশী সমস্যাৰ সমাধান বিচাৰো কিন্তু বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি হ’বলৈ দিব নোৱাৰো। কংগ্ৰেছ দলৰ জয় পৰাজয় বহুখিনি পমুৱা মুছলমানৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিছিল বাবে তেওঁলোকৰ হাত ভৰি বন্ধা আছিল। কংগ্ৰেছৰ এই নীতিৰ বাবেই আমি কোনো দিনে কংগ্ৰেছ দলৰ প্ৰতি ‍আকৰ্ষিত হোৱা নাছিলো। অগপ দলে বিদেশী খেদা অসম আন্দোলন কৰি ৰাজপাত দখল কৰিলে যদিও সমস্যাটো সমাধানৰ ক্ষেত্রত কোনো সুদুৰ প্ৰসাৰী সিদ্ধান্ত ল’ব নোৱাৰিলে।

অসমত বিজেপিৰ প্ৰৱেশ ঘটে ১৯৯১ চনত। সেই বিধান সভা নিৰ্বাচনত বিজেপিয়ে অসমৰ ১০ খন আসন লাভ কৰে। মিছন ৰঞ্জন দাসকে ধৰি ৯ জন বিধায়ক বৰাকৰ পৰা নিৰ্বাচিত হয়। মুছলমান সকলৰ মাজত ভোট বিভাজনৰ ফলত ধুবুৰী বিধানসভাৰ পৰা নিৰ্বাচিত হয় বিজেপিৰ ধ্ৰুৱ কুমাৰ সেন। বিদেশী সমস্যাৰ প্ৰতি বিজেপিৰ চিন্তাধাৰা কিছু পৃথক। বিজেপিয়ে মুছলমান বাংলাদেশীৰ বিতৰণ বিচাৰে কিন্তু হিন্দু বাংলাদেশীক শৰনাৰ্থীৰ মৰ্য্যাদা দি ভাৰতৰ নাগৰিকত্ব দিব বিচাৰে। ইয়াৰ প্ৰতি বৰাকৰ ৰাইজে ১৯৯১ তে বিপুল সমৰ্থন আগবঢ়ালে। ব্ৰহ্মপুত্ৰ উপত্যকাত লোকসভা নিৰ্বাচন বিলাকত বিজেপিৰ প্ৰতি খিলঞ্জীয়া ৰাইজৰ জনসমৰ্থন ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিলে। বিজেপি দলে অসমৰ লোকসভা নিৰ্বাচনত ১৯৯৯ চনত ২ খন আসন ৩৪.৩% ভোট, ২০০৪ ত ২ খন আসন ২২.৯% ভোট, ২০০৯ চনত অগপৰ লগত লগ লাগি ৪ খন আসন ১৬.২% ভোট আৰু ২০১৪ত ৭ খন আসন ৩৬.৯% ভোট লাভ কৰে। লোকসভাত কিছু ভাল প্ৰদৰ্শন কৰিলেও বিধানসভাত বিজেপিৰ প্ৰদৰ্শন সন্তোষজনক নাছিল। বহু চেষ্টা কৰিও অসমত আনকি দুই নম্বৰ স্থানটো থাকিবলৈ সক্ষম হোৱা নাছিল।বিজেপিৰ ৰাজ্যিক স্থৰত কোনো শক্তিশালী নেতা নথকা বাবেই ৰাইজে বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিয়া নাছিল। অসমৰ খিলঞ্জীয়া ৰাইজে বুজি পাইছিল যে একমাত্র বিজেপিয়ে অসমক বাংলাদেশী মুলৰ মুছলমানৰ অগ্ৰাসনৰ পৰা বচাব পাৰে। অপেক্ষা আছিল মাত্র এগৰাকী মেধা সম্পন্ন বিজেপি নেতাৰ যিয়ে শক্তিশালী নেতৃত্ব লৈ অসমৰ এই জ্বলন্ত সমস্যাটো সমাধান কৰিব পাৰে।

কটন কলেজৰ সাধাৰণ সম্পাদক হিচাপে সমাদৃত ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ ৰাজনীতিত প্ৰবেশ ঘটে ১৯৯৬ চনত। জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেখত অগপৰ ভৃগু কুমাৰ ফুকনৰ হাতত ১৭, ১২৮টা ভোটত পৰাজিত হয়। পৰাজিত হোৱাৰ পিছতো তেখেতে সেই সমষ্টিত কাম কৰি থাকে। ড° শৰ্মাই এটা সাক্ষাৎকাৰত ব্যক্ত কৰিছিল যে প্ৰাক্তন প্ৰধানমন্ত্রী নৰসিংহ ৰাওে তেখেতক পৰাজিত হ’লেও সেই সমষ্টিতে ৰাইজক সেৱা আগবঢ়াই যাবলৈ পৰামৰ্শ দিছিল। ২০০১ চনৰ বিধানসভা নিৰ্বাচন আহিল। সেই একেই জালুকবাৰী , একেই হিমন্ত বিশ্ব শৰ্মা আৰু একেই ভৃগু কুমাৰ ফুকন।এইবাৰ ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভৃগু কুমাৰ ফুকনক ১০, ০১৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ২০০১ চনত অসমত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে শপত গ্ৰহণ কৰে। তৰুণ গগৈ চৰকাৰে মুলসূতিৰ মানুহৰ আবেগক কিছু হ’লেও গুৰুত্ব প্ৰদান কৰে। ইয়াৰ ফলশ্ৰুতিত অসমৰ ৰাইজে চৰকাৰখনত ১৫ বছৰলৈ ক্ষমতা প্ৰদান কৰে। ড° শৰ্মাই ২০০৪ চনত ৰাজ্যিক মন্ত্রীৰ দায়িত্ব লাভ কৰে।

২০০৬ চনৰ অসম বিধান সভা নিৰ্বাচনত ড° হিমন্ত বিশ্ব শৰ্মাৰ জয়ৰ ব্যৱধান বৃদ্ধি পায়। জালুকবাৰী সমষ্টিত অগপৰ পুষ্প ডেকাক ৪২,৪৬৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।সফলতাৰে ৰাজ্যিক মন্ত্রীৰ দায়িত্ব পালন কৰাৰ বাবে তৰুণ গগৈয়ে শৰ্মাক স্বাস্হ্য বিভাগৰ কেবিনেট মন্ত্রীৰ দায়িত্ব দিয়ে। ইয়াৰ পৰাই আৰম্ভ হয় অসমৰ এক নতুন যাত্রা। সেইসময়ত অসমত মাত্র তিনিখন মেডিকেল কলেজ আছিল। ১৯৬৮ চনত স্থাপন হোৱা শিলচৰ মেডিকেল কলেজৰ পিছত ৩৮ বছৰ কাল কোনো এজন স্বাস্হ্য মন্ত্রীয়ে নতুন মেডিকেল কলেজ স্থাপনৰ সাহস কৰা নাছিল। ইতিমধ্যে ৰাজ্যত ৰোগীৰ অনুপাতে ডাক্তৰৰ সংখ্যাৰ দ্ৰুত অৱনতি ঘটিছিল। ড° হিমন্ত বিশ্ব শৰ্মাই একেলগে তিনিখন মেডিকেল কলেজ স্থাপন কৰাৰ সিদ্ধান্ত ল’লে। মুখ্যমন্ত্রী তৰুণ গগৈয়ে শৰ্মাক সহযোগ কৰিলে। অসমৰ বহু ৰাইজৰ লগতে আমিও শৰ্মাৰ অনুৰাগী হৈ পৰিলো।

স্বাস্হ্য মন্ত্রীত্বৰ কালত অসমৰ স্বাস্হ্য খণ্ডত বিপ্লবৰ সূচনা কৰা ড° শৰ্মাই ২০১১ৰ নিৰ্বাচনত কংগ্ৰেছৰ নিৰ্বাচনী পৰিচালনাৰ দায়িত্ব লাভ কৰে। অসমৰ প্ৰভাৰী দিগ্বিজয় সিংৰ সৈতে শৰ্মাৰ মধুৰ সম্পৰ্ক আছিল। ২০১১ত ৰাইজে কংগ্ৰেছক প্ৰচণ্ড জনমত দিয়াৰ পিছত মুখ্যমন্ত্রীয়ে শৰ্মাক স্বাস্হ্যৰ লগতে শিক্ষা বিভাগৰো দায়িত্ব দিয়ে। তেতিয়ালৈকে শিক্ষকৰ নিযুক্তিত অবাধ দুৰ্নীতি চলিছিল। ড° শৰ্মাই শিক্ষকৰ নিযুক্তিৰ বাবে টেট প্ৰবৰ্তন কৰাই নহয় তাক সফলভাবে ৰূপায়ন কৰিলে। মানুহে টকা নিদিয়াকৈ চাকৰি পোৱাৰ মধুৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ল। বহু মানুহৰ এটা ভুল ধাৰণা আছে যে টেট এটা কেন্দ্ৰীয় ব্যৱস্থা সেয়েহে ইয়াত ৰাজ্য চৰকাৰে ক্ৰেডিট ল’ব নোৱাৰে। মই কলিকতাত দুবছৰ আছিলো। পশ্চিমবংগত টেটৰ পিছতো শিক্ষক নিযুক্তিত অবাধ দুৰ্নীতিৰ অভিযোগ আহিছে। তাত আনকি কমিউনিষ্টৰ সময়ৰ শিক্ষক নিযুক্তিয়ে কিছু পৰিমাণে স্বচ্ছ আছিল। ২০১১ত তৃণমূল কংগ্ৰেছ ক্ষমতালৈ অহাৰ পিছত যিবিলাক লোকে শিক্ষক পদত নিযুক্তি পাইছে তেওঁলোক সকলোকে সন্দেহৰ চকুৰে চোৱা হয়। তাত তৃণমূল সমৰ্থক শিক্ষকেও আনকি নিজৰ নামৰ পিছত এনেদৰে লিখেঃ

~অৰুপ হালদাৰ, শিক্ষক ( ২০১১ চনৰ আগত নিযুক্তি পোৱা )

২০১৩ চন মানৰ পৰা ড° শৰ্মা আৰু মুখ্যমন্ত্রী গগৈৰ মাজত মতানৈক্য আৰম্ভ হয়। ৰজত শেঠীৰ The last battle of Saraighat কিতাপখনত সেইসময়ৰ বহু ভিতৰুৱা কথাৰ উল্লেখ আছে।
২০১১ চনৰ অসমৰ নিৰ্বাচনত যেতিয়া কংগ্ৰেছৰ জয় হয় তেতিয়া কংগ্ৰেছৰ প্ৰভাৰী দিগ্বিজয় সিংএ মুখ্যমন্ত্রীৰ বাবে শৰ্মাৰ নামৰ প্ৰস্তাব দিছিল । কিন্তু তৰুণ গগৈ ডাঙৰীয়াই ততাতৈয়াকৈ দিল্লীলৈ গৈ ছোনীয়া গান্ধীক শৰ্মাৰ বিৰুদ্ধে সৈমান কৰিবলৈ সক্ষম হৈছিল । কিতাপখনত এই ঘটনাতো এনেদৰে লিখা আছে “Digvijay Singh, pushed his name for the chief ministerial post instead of the incumbent Gogoi.At the same time, Gogoi rushed to Delhi to re-convince party president Soniya Gandhi of his leadership. Sarma had to reluctantly back.

ৰাহুল গান্ধী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বিভিন্ন ঘটনাৰ কথা অসমৰ ৰাইজে শুণি আহিছে । ৰাহুল গান্ধীৰ কুকুৰে বিস্কুট খোৱা ঘটনাটোৰ পিছত আৰু এদিন যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লগ ধৰিবলৈ যায় তেতিয়া ৰাহুল গান্ধীয়ে শৰ্মাক মাত্র দুই মিনিট সময় দিয়ে। “An elaborate presentation prepared by a vetern leader of the party regarding the prospects of the state and political situation within the party was cut short by the congress vice president and asked to be wrapped up within the stipulated 2 miuites”. এয়াই আছিল কংগ্ৰেছত থাকোতে ৰাহুলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ শেষ সাক্ষাৎ ।

কংগ্ৰেছৰ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী দিগ্বিজয় সিংএ হিমন্ত বিশ্ব শৰ্মাক বিজেপিত যোগদান কৰাৰ পৰামৰ্শ দিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল শৰ্মাৰ বিজেপিত যোগদানৰ চিন্তা চৰ্চা । I quote ‘Ironically Digvijay Singh, the former in-charge of Assam Pradesh Congress Committee , advised Sarma to leave the congress and join the BJP. It was then that Sarma opened back channel discussions with Ram Madhav’

২৩ আগষ্ট ২০১৫ৰ দুপৰীয়া। সকলো নিউজ চেনেলত চলি আছে তিৱা স্বায়ত্য শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ বাতৰি। ইয়াত কংগ্ৰেছে বিজেপিতকৈ বহু উন্নত ফলাফল দেখুৱাইছিল। সন্ধিয়াৰ লগে লগে খৱৰ সলনি হ’ল। দুটা দশক ধৰি কংগ্ৰেছত থকা ড° হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বাসগৃত আছে। চাৰিওফালে হৈ চৈ লাগিল।
ভাৰতৰ ৰাজনৈতিক পটভুমিত ড° হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছ দল ত্যাগ এটা ঐতিহাসিক ভাবে উল্লেখযোগ্য ঘটনা হৈ ৰ’ব। অসমৰ খিলঞ্জীয়া লোকে বিজেপি দলত বিচাৰি থকা বুদ্ধিমান আৰু কৰ্মপৰায়ণ নেতাজন পাই আনন্দত আত্মহাৰা হ’ল। ৬৫% খিলঞ্জীয়া মানুহৰ অধিকাংশই বিজেপিক হিয়া উজাৰি ভোট দিলে। ১২৬ৰ ভিতৰত ৮৬ খন আসন বিজেপি মিত্রজোঁটে লাভ কৰিলে। ২০১৬ত বিজেপিয়ে অসম দখল কৰাৰ পিছত লাহে লাহে গোটেই উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছ মুক্ত হৈ পৰিল।

২০১৬ চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্রী হ’ল যদিও বিজেপি-অগপৰ বেছিভাগ মন্ত্রীৰে অভিজ্ঞতা নাই। বিত্ত মন্ত্রীৰ দায়িত্ব লাভ কৰি ড° শৰ্মা চৰকাৰখনৰ ঢাল হৈ পৰিল। যিকোনো সংকটৰ সময়ত চৰকাৰ তথা বিজেপিক সন্মুখৰ পৰা নেতৃত্ব দিলে। অসমত কেঞ্চাৰ হাস্পতাল হ’ল, ব্ৰহ্মপুত্রৰ ওপৰত বহুকেইখন দলং হ’ল, এইমছ হ’ল, প্ৰত্যেক জিলাত মেডিকেল স্থাপন হ’ল। অসমৰ আবেগ ভুপেন হাজৰিকা দেৱকো ভাৰত ৰত্ন দিবলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য হ’ল। দুখীয়া মানুহে অৰুণোদয় পালে। কা আন্দোলনৰ সময়ত দলক বিপদৰ পৰা উদ্ধাৰ কৰা ব্যক্তিজনো হ’ল শৰ্মা। বিজেপি কৰ্মীৰ ঘৰ জ্বলাই দিয়াৰ সময়ত তেখেতে টেলিভিছন চেনেল বোৰত গৈ কাৰ সপক্ষে সবল যুক্তি ডাঙি ধৰিলে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনটো ডাঃ শৰ্মাৰ পৰিকল্পনা আছিল নিখুঁত। দৈনিক চাৰি পাছখন সভাৰ পিছত এটা দীঘলীয়া পদযাত্রা কৰি তেখেতে বিজেপিৰ সপক্ষে বতাহ বলাবলৈ সক্ষম হৈছিল।প্ৰচুৰ কষ্ট কৰিব পৰা ডাঃ শৰ্মাক সেইবাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই স্বীকৃতি দিলে।

২০২১ চনত অসমে লাভ কৰিলে এগৰাকী কৰ্মযোগী মুখ্যমন্ত্রী। বিষয়া-আমোলাৰ ওপৰত নিৰ্ভৰ নকৰি ৰাইজৰ স্বাৰ্থত অহৰ্নিশে কাম কৰিলে। মুখ্যমন্ত্রীৰ শপত লৈয়ে ড্ৰাগছ মাফিয়াৰ বিৰূদ্ধে সৰব হ’ল। প্ৰথম বাৰৰ বাবে অসমৰ ৰাইজে গম পালে যে অসম আৰক্ষীৰ বন্দুকেও গৰজি উঠিব পাৰে। টাটাৰ চেমিকণ্ডাকটৰ উদ্যোগ অসমলৈ আহিল। ভাৰতৰ উদ্যোগিক মানচিত্রত অসমৰ নাম যোগ হ’ল। উদ্যোগটো কাৰ্য্যক্ষম হোৱাৰ লগে লগে আন বহুতো আনুসংগিক উদ্যোগো অসমলৈ আহিব। বসুন্ধৰা আচনিয়ে অসমৰ ৰাজহ খণ্ডক নতুন মাত্রা প্ৰদান কৰিব। অসমত আই.আই.এম স্থাপন হোৱাৰ লগতে ছেটেলাইট টাউনো স্থাপন হ’ব। ইমানবোৰ উন্নয়ন মূলক কামৰ লগতে ড° শৰ্মাই অসমৰ খিলঞ্জীয়া মানুহৰ মুল সমস্যাটো পাহৰা নাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ বাবে তেখেতে এক বলিষ্ঠ পদক্ষেপ ল’লে। পৰবৰ্তী বিধানসভাৰ নিৰ্বাচনত প্ৰায় ৯৮ খন আসনত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব। বাল্য বিবাহ আৰু বহু বিবাহৰ বিৰূদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিলে। ইয়াৰ ফলত পমুৱা মুছলমানৰ জনসংখ্যা বৃদ্ধি ৰোধ হ’ব বুলি আশা কৰা যায়। ড° হিমন্ত বিশ্ব শৰ্মাই বিপ্লব শৰ্মাৰ প্ৰতিবেদন ৰাজহুৱা কৰি তাক কাৰ্যকৰী কৰাৰ সদিচ্ছা দেখুৱালে। এই প্ৰতিবেদন সফলভাবে ৰূপায়ণ হ’লে অসমৰ খিলঞ্জীয়া লোকৰ এটা বহু দিনীয়া দাবী পূৰণ হ’ব।

ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ২০ বছৰ ধৰি অসমৰ হ’কে বহুতো অভাবনীয়া কাম কৰিলে যাৰ তুলনা নাই। অন্য কিছুমান মুখ্যমন্ত্রীৰ দৰে তেখেতে বিদেশ ভ্ৰমণ কৰি প্ৰমোদ কৰা আমি দেখা নাই। সচা অৰ্থত _কৰ্মই তেখেতৰ ধৰ্ম। আমি আশা কৰিম যে অসমত তেখেতৰ নেতৃত্বত বিকাশৰ এই অনিৰুদ্ধ যাত্রা অব্যাহত থাকক। অসমক উন্নতিৰ শিখৰলৈ আগুৱাই নিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা আৰু বহু বছৰ অসমৰ মুখ্যমন্ত্রী হৈ থাকিব লাগিব।

বিজেপিত যোগদান কৰাৰ পিছত মই ড° শৰ্মাৰ প্ৰতিটো সাক্ষাৎকাৰ মনোযোগেৰে প্ৰত্যক্ষ কৰিছো। তেখেতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বলিষ্ঠ যুক্তি ডাঙি ধৰি অসমৰ বাহিৰৰ মানুহৰো হৃদয় জয় কৰিছে। এই সাক্ষাৎকাৰ বোৰৰ ভিতৰৰ এটা হ’ল ২০১৬ৰ অসম বিধান সভাৰ নিৰ্বাচনৰ ফলাফলৰ আগত নিউজ এক্স চেনেলৰ সাংবাদিক প্ৰিয়া চাইগলেৰ লগত হোৱা সাক্ষাৎকাৰ। ড° শৰ্মাক প্ৰশ্ন কৰা হৈছিল_ বিজেপি দিল্লী বিধানসভা নিৰ্বাচনত পৰাজিত হ’ল, বিহাৰত হাৰিল, অসমখন বিজেপিৰ বাবে কিমান প্ৰয়োজনীয়? (How much Assam is important for BJP?)

উত্তৰত ড° শৰ্মাই কৈছিল_ মই বিজেপিলৈ নতুনকৈ আহিছো। বিজেপিৰ বাবে অসম কিমান প্ৰয়োজনীয় মই সঠিককৈ ক’ব নোৱাৰিম। কিন্তু মই এটা কথা নিশ্চিত যে অসমৰ বাবে বিজেপি বহুত প্ৰয়োজনীয়। ( I dont know how much BJP needs Assam but Assam needs BJP for sure).

আজি অসমৰ প্ৰেক্ষাপটতো সেই কথা প্ৰযোজ্য। ড° শৰ্মাৰ ভবিষ্যত পৰিকল্পনাকলৈ আমি অজ্ঞাত। ৰাষ্ট্ৰীয় ৰাজনীতিত তেখেতে বহুত গুৰুত্ব লাভ কৰিছে। আমি নাজানো অসমৰ মুখ্যমন্ত্রীৰ পদটো তেখেতৰ বাবে কিমান প্ৰয়োজনীয়। কিন্তু এটা কথা ঠিক যে অসমক ড° শৰ্মাৰ প্ৰয়োজন আছে। অসমৰ ৰাইজৰ অৰ্থনৈতিক প্ৰগতিৰ স্বাৰ্থত আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প নাই। Assam needs Dr Himanta Biswa Sarma.