অসমত বিজেপিৰ ৯ খন আসন

4225
  •   পাৰ্থ সাৰথি দত্ত

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


” আমাৰ গাওঁৰ সকলোৱে বিজেপিক ভোট দিছো , কাৰণ তেওঁলোকে আমাৰ গাওঁত ৰাস্তা বনাই দিছে আৰু আমাক গেছৰ কানেকছন দিছে ” ,  ফ্লেটৰ চিকিউৰিটি গাৰ্ড জনে ক’লে। খ্ৰীষ্টান ধৰ্মীয় গাৰো সম্প্ৰদায়ৰ ৩৫ বছৰীয়া ডেকাজনৰ ঘৰ পানিখাইটিৰ ওচৰত। যোৱা ২ মাহত  বিভিন্ন মানুহৰ লগত কথা পাতিলো । ডাক্তৰ, ইঞ্জিনিয়াৰ, উকিল, দোকানী, ড্ৰাইভাৰ কোনো বাদ পৰি যোৱা নাছিল।
বিভিন্ন লোকৰ লগত কথা পাতি দুটা কথা  মন কৰিলোঁ ।
১) সিংহভাগ মুছলমানে বিজেপিক এতিয়াও বিশ্বাসত ল’ব পৰা নাই ।
২) মুছলমান সমাজক বাদ দি বাকীসকলৰ মাজত বিজেপিৰ প্ৰতি সমৰ্থন প্ৰবল ।
এতিয়া যিহেতু অসমত নিৰ্বাচন শেষ হ’ল তেনে ক্ষেত্রত আমাৰ এই পৰ্যালোচনাবিলাকে নিৰ্বাচনক প্ৰভাবিত কৰাৰ কোনো আশংকা নাই । এক্সিট প’লৰ ওপৰত যিহেতু নিৰ্বাচন আয়োগৰ নিশেধাজ্ঞা আছে , সেইবাবে আমি ইয়াত কোনো ধৰণৰ এক্সিট প’ল প্ৰকাশৰ পৰা বিৰত থাকিলো।
বিভিন্ন ৰাইজৰ পৰা ব্যক্তিগত ভাবে খৱৰ লৈ পোৱা ফিদবেকৰ ভিত্তিত নিৰ্বাচনী ফলাফলৰ বিষয়ে মোৰ সম্পূৰ্ণ ব্যক্তিগত মত তলত আগবঢ়ালো  ।
অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত ৭ টা সমষ্টিৰ ফলাফলৰ বিষয়ে আমাৰ মনত কোনো সন্দেহ নাই। এই সমষ্টি কেইটা হ’ল গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ, কলিয়াবৰ, তেজপুৰ, ডিফু আৰু ধুবুৰী। ৰাইজৰ লগত কথা পাতি বুজিলো যে বিজেপিয়ে লখিমপুৰ, গুৱাহাটী আৰু ডিব্ৰুগড়ত ২ লাখৰ বেছি অগ্ৰগতি লাভ কৰিলেও আচৰিত হ’বলগীয়া নাথাকে।
গুৱাহাটী লোকসভাৰ অন্তৰ্গত দিছপুৰ, পূৱ গুৱাহাটী, পশ্চিম গুৱাহাটী আৰু জালুকবাৰীত কংগ্ৰেছতকৈ বিজেপি বহুভোটত আগবাঢ়ি আছে। বাকী বিধানসভা সমষ্টিবিলাকৰ ভোটৰ ওপৰত বিজেপিয়ে নিৰ্ভৰ কৰিবলগীয়া হোৱা নাই। লখিমপুৰ আৰু ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰাৰ্থী বাচনিত হোৱা ভুলৰ বাবে কোনো প্ৰতিদ্বন্দ্বিতাই আগবঢ়াব নোৱাৰিলে। কিছুমান সংবাদ মাধ্যমে কলিয়াবৰ আৰু তেজপুৰত প্ৰতিদ্বন্দ্বিতা হব বুলি কৈ আছে যদিও আচলতে তাত জয়ৰ ব্যবধান ১ লাখৰ বেছি হোৱাৰ সম্ভাবনা আছে। তেজপুৰত বিজেপি আৰু কলিয়াবৰত কংগ্ৰেছ আগবাঢ়ি আছে। ধুবুৰীত হুজুৰ আগবাঢ়ি আছে  ।অগপৰ দেশী মুছলমান প্ৰাৰ্থী জাভেদ ইছলামে খিলঞ্জীয়া মুছলমান,ৰাজবংশী,বঙালীৰ লগতে আন আন সম্প্ৰদায়ৰ সিংহভাগ ভোট পাব।কিন্তু গোটেইখিনি নিৰ্ভৰ হ’ব আবু তাহেৰৰ ভোটৰ ওপৰত ।   যদিও এইবাৰ অলপ প্ৰতিদ্বন্দ্বিতা হ’ব তথাপি আজমল  ওলাই যাব । ডিফুত বিজেপিৰ জয়ৰ ব্যবধান ১ লাখৰ বেছি হ’ব পাৰে বুলি ভাব হয়। ইয়াত কোনো প্ৰতিদ্বন্দ্বিতাই নাই।
বাকী থকা সমষ্টি ৭টাত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে। কোকৰাঝাৰত ৩ কোণীয়া প্ৰতিদ্বন্দ্বিতা হোৱা বাবে  ই  জটিল সমষ্টি। কেতিয়াবা বিপিএফ, কেতিয়াবা উৰ্খা আৰু কেতিয়াবা নৱ শৰনীয়া আগবাঢ়ি থকা যেন লাগে। শেহতীয়া খবৰ অনুসৰি নৱ শৰণীয়াৰ সম্ভাবনাই বেছি। বিধান সভা আৰু বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিপিএফক সমৰ্থন কৰা ভোটাৰ খিনিয়ে  লোকসভা নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াকে সমৰ্থন দিয়া বুলি ধাৰণা হয় ।
নগাওঁ, মংগলদৈ আৰু যোৰহাটৰ অবস্হা প্ৰায় একে। এই তিনিটাতে বিজেপি আৰু কংগ্ৰেছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে। কোন সৰকি যায় সেয়া কোৱা কঠিন ; যদিও  এই তিনিটাত বিজেপি এদভান্টেজত আছে।
বৰাকৰ সমষ্টি দুটাও তুলনামূলক ভাবে জটিল। শিলচৰত সুস্মিতা দেৱ প্ৰত্যাহ্বানৰ সম্মুখীন হ’ব বুলি ভবা হৈছিল যদিও আমি পোৱা খবৰ অনুসৰি তাত তেওঁ আগবাঢ়ি আছে। কৰিমগঞ্জত   তিনিকোনীয়া প্ৰতিদ্বন্দ্বিতা হ’ব। কংগ্ৰেছ প্ৰাৰ্থীজন যিহেতু দুৰ্বল সেয়ে মুল যুঁজখন এ.আই.ইউ.ডি.এফ আৰু বিজেপিৰ মাজত হ’ব। ৫৫% মুছলমান ভোটাৰ থকা সমষ্টিটোত  ভোট বিভাজনৰ ফলত বিজেপি ওলাই যোৱা সম্ভাবনা দেখা গৈছে।

বৰপেটাত হিন্দু মুছলমানৰ সংখ্যা প্ৰায় ৫০-৫০ আৰু জয়ৰ মাৰ্জিন ৫০ হাজাৰতকৈ বেছি নহয়। ইয়াত খালেক আৰু কুমাৰ দীপক দাসৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব । তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে অগপই এইবাৰ বৰপেটাৰ পৰা এজন সাংসদ পালে দীপক দাসৰ ভাগ্য আৰু যদি খালেক জয়ী হয় তেন্তে আচৰিত হ’বলগীয়া একো নাই ।

গতিকে অসমৰ ১৪ টা সমষ্টিত আমাৰ ব্যক্তিগত বিশ্লেষণ অনুসৰি বিজেপি ৯ খন, কংগ্ৰেছ ২ খন আৰু এ.আই.ইউ.দি.এফে আৰু অগপই এখনকৈ আসন পাব। আনখন আসন  নৱ শৰনীয়াৰ । অহা ২৩ মে’ ত জনা যাব এই অনুমান কিমান শুদ্ধ ।