- নৰেন কলিতা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা সম্প্ৰসাৰণত চাৰিজন নতুন মন্ত্রীয়ে স্থান লাভ কৰে। ইয়াৰ ভিতৰত কৃঞ্চেন্দু পাল আৰু ৰূপেশ গোৱালাৰ নাম আগৰ পৰাই চৰ্চাত আছিল। বৰাকৰ দ্বিতীয়জন মন্ত্রী হিচাপে স্থান লাভ কৰে লক্ষীপুৰৰ বিধায়ক কৌশিক ৰয়ে। তৰুণ গগৈৰ দিনত তেখেতে বঙালী হিন্দুৰ পৰা গৌতম ৰয়, মুছলমানৰ পৰা চিদ্দিক আহমেদ আৰু হিন্দীভাষীৰ পৰা অজিত সিং মুঠ তিনিজনক মন্ত্রীসভাত স্থান দিছিল। সৰ্বানন্দ সোণোৱালৰ দিনত অকল পৰিমল শুক্লাবৈদ্যইহে বৰাকৰ পৰা মন্ত্রীসভাত প্ৰতিনিধিত্ব কৰিছিল। সেইফালৰ পৰা চাল গ’লে কৌশিক ৰয়ক মন্ত্রীসভাত অন্তৰ্ভুক্তিয়ে বৰাকৰ ৰাইজক কিছু উৎসাহিত কৰিব। সকলোতকৈ অপ্ৰত্যাশিত আছিল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ মন্ত্রীসভাত অন্তৰ্ভুক্তি। বিভিন্ন সময়ত কিছুমান তৰল কথাৰে দলক বিপদত পেলোৱা প্ৰশান্ত ফুকনৰ হয়টো বিধায়ক হিচাপে এইটো অন্তিম কাৰ্য্যকাল। এবাৰ ৰাজ্যসভাত ড° শৰ্মাক সহায় কৰাৰ বিনিময়ত(?) তেখেতে মন্ত্রী হিচাপে এটা বছৰ কাৰ্য্যনিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিব।