আকৌ এবাৰ মাণিক-কৰ্ণাড-নেফিউ

527

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


উত্তৰ পুৰ্বাঞ্চলৰ তিনিখন সৰু ৰাজ্য। ত্রিপুৰাই ২জন, মেঘালয়ে ২জন আৰু নাগালেণ্ডে এজন সাংসদক লোকসভালৈ প্ৰেৰণ কৰে। তিনিখন ৰাজ্য মিলি মাত্র ৫ জন। তথাপিতো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই নিৰ্বাচনক গুৰুত্ব দিবলৈ বাধ্য হৈছে কাৰণ বিজেপিয়ে ইয়াক গুৰুত্ব সহকাৰে লৈছে। প্ৰধানমন্ত্রী, গৃহমন্ত্রী, যোগী, শৰ্মা সকলো নামি পৰিছিল নিৰ্বাচনী প্ৰচাৰত। ৰাজদ্বীপ চৰদেশাই, শ্বেতা সিংকে ধৰি দেশৰ বহু আগশাৰীৰ সাংবাদিকে এই তিনি ৰাজ্যলৈ আহি নিৰ্বাচনৰ খৱৰ প্ৰচাৰ কৰিছিল। ২৭ ফেব্ৰুৱাৰী তাৰিখে এই তিনিখন ৰাজ্যৰ নিৰ্বাচন সমাপ্ত হয়। ফলাফল প্ৰাকাশ পাব অহা ২ মাৰ্চ তাৰিখে। বিভিন্ন ৰাইজৰ লগত কথা পাতি আমি অনুমান কৰিছো যে ত্রিপুৰাত পুনৰ বিজেপিৰ চৰকাৰ হ’ব। এইখন ৰাজ্যত বঙালী ৭০% আৰু জনজাতীয় লোক ৩০%। বিজেপিয়ে বঙালী হিন্দুৰ ভোট একচেটিয়াকৈ লাভ কৰাৰ লগতে বুজন সংখ্যক জনজাতীয় ভোট লাভ কৰিছে। টিৰ্পা মথাই আশাকৰা ধৰণে ফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। ত্রিপুৰাৰ ফলাফল এনেধৰণৰ হ’বঃ

বিজেপি+ = ৪০
বাওঁ দল+ = ১২
টিৰ্পা মথা = ৮

মেঘালয়ত পুনৰ কৰ্নাড চাংমাৰে চৰকাৰ হ’ব। মেঘালয়ত আগৰে পৰা বঙালী বিদ্বেশ কিছু পৰিমাণে আছে। ফলত মানুহে মুকুল চাংমাক তৃণমূলৰ বেনাৰত আদৰি ল’ব পৰা নাই। প্ৰাক্তণ মুখ্যমন্ত্রীৰ সুবাদত মুকুল চাংমাই কিছু ভোট পাব যদিও সেয়া চৰকাৰ গঠনৰ বাবে পৰ্যাপ্ত নহ’ব। আশা কৰিব পাৰি নিৰ্বাচনৰ পিছত পুনৰ কৰ্ণাদ আৰু বিজেপি একলগ হৈ চৰকাৰ গঠন কৰিব। ফলাফল হ’ব এনে ধৰণৰঃ

এনপিপি – ২২
তৃণমূল কংগ্ৰেছ – ১২
বিজেপি – ৬
কংগ্ৰেছ – ৫
অন্য – ১৫

নগালেণ্ডত কোনো প্ৰতিদ্বন্দ্বিতা নাই বিজেপিয়ে নিজৰ সহযোগীৰ লগ লাগি প্ৰায় আটাইবোৰ আসন দখল কৰাৰ সম্ভাবনা আছে।

বিজেপি+ ৪৫
অন্য ১৫

প্ৰতিষ্ঠান বিৰোধী ঢৌক নেওচি তিনিওজন বৰ্তমানৰ মুখ্যমন্ত্রীয়ে প্ৰত্যাবৰ্ত্তন কৰিব।