আঞ্চলিকতাৱাদ অপ্ৰাসংগিক নে এতিয়াও প্ৰাসংগিক অগপ ?

1864
  • পাৰ্থ প্ৰতিম লহকৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


পঞ্চায়ত নিৰ্বাচনত অগপই ভোটাৰ ৰাইজৰ পৰা আশা কৰা ধৰণে সঁহাৰি নেপালে ।  এইক্ষেত্ৰত অগপৰ নেতৃত্বই কাণেৰে শুনিবলৈ ভাল নোপোৱা সমালোচনা শুনিবলৈ প্ৰস্তুত হ’ব লাগিব । অগপ দলে বেয়া দিনত সাংবাদিক আৰু বিশেষজ্ঞ জাতীয় ব্যক্তিৰ দ্বাৰা  অভিবৰ্তন পাতে । কেইবাবাৰো তেনে মিটিং সাধাৰণ জনতাই  দেখিছে । কিন্তু অতি আচৰিত কথাটো হ’ল  গৰিষ্ঠ সংখ্যক এনেকুৱা পৰামৰ্শ দাতাঁ অসম আন্দোলনৰ ঘোৰ বিৰোধী আৰু আদহীয়া পৰামৰ্শ দাঁতাৰ অধিকাংশ হ’ল তৰুণ গগৈৰ সোণালী দিনত সোণ চামুচেৰে  পায়স খোৱা ব্যক্তি । চিপিএমক ভোট দিয়া আৰু নোটাৰ চুইচ টিপি ভোটাধিকাৰ সাব্যস্ত কৰা ব্যক্তি অগপৰ পৰামৰ্শ দাঁতা হোৱাটো কোনো প্ৰকৃট জাতীয়তাবাদী ব্যক্তিয়ে সমৰ্থন
নকৰে । ১৯৮৫ ৰ অগপৰ নেতাসকলৰ ৰেজিষ্টাৰ বহীখন আৰু আজিৰ ২০১৮ ৰ ৰেজিষ্টাৰ বহীখনত আকাশ পাতাল সলনি হৈছে । ভৰত নৰহৰ পৰা আৰম্ভ হোৱা দল ত্যাগ  পদ্ম হাজৰিকা , নব দলৈ পৰ্যন্ত চলি থাকিল। ভাৰতৰ ইতিহাসত অতি বিৰল যে খোদ দলৰ  সভাপতিয়ে ( চন্দ্ৰমোহন পাটোৱাৰী)  দল পৰিৱৰ্তন কৰিছে । ইয়াৰ উপৰিও জন্ম লগ্নৰ  নগেন শৰ্মা ,ভৃগু কুমাৰ ফুকন, ময়দুল ইছলাম বৰা ,দিগেন বৰা প্ৰমুখ্যে বহু নেতাৰ অকাল বিয়োগে দলটোক দুৰ্বল কৰিলে  আৰু একেসময়তে চলি থাকিল দলীয় নেতৃত্বৰ মাজত ক্ষমতাকেন্দ্ৰীক কাজিয়া ।
 অগপই শেষ বাৰ চৰকাৰ গঠন কৰিছিল ১৯৯৬ চনত আৰু কাৰ্য্যকাল শেষ হয় ২০০১ চনত । ২০০১ ৰ পৰা ২০১৮ লৈ ১৭ বছৰ কাল অগপই চৰকাৰ গঠনৰ নেতৃত্ব ল’ব পৰা নাই ।  ৯৬’ ৰ পিছৰ প্ৰতিটো নিৰ্বাচনত অগপক আন দলে আক্ৰমণ কৰে মুল দুটা বিষয়ত __ এটা হ’ল গুপ্তহত্যা আৰু আনটো স্বজন-তোষনৰ দুৰ্নীতি ।হিতেশ্বৰ শইকীয়াৰ দিনত যদি তাৰা প্ৰসাদ দাসে বাতৰিৰ শিৰোণমা দখল কৰিছিল তেন্তে তৰুণ গগৈৰ দিনত ৰাকেশ পাল শিৰোণমাত
আছে । তেন্তে অকল এল অ’চি  কেছেটখনতেই অসমৰ কেলেংকাৰী সীমাবদ্ধ , যে ন্যায়ালয়ে দোষমুক্ত বুলি ৰায়দান কৰাৰ পিছতো ই প্ৰাসংগিক হৈ থাকিব পাৰে ?  ইমানৰ পিছতো অসমৰ ভোটাৰ ৰাইজে  কংগ্ৰেছ দলক এটা নিৰ্বাচনত যদি প্ৰত্যাখ্যান কৰিছে তেন্তে পিছৰ নিৰ্বাচনত আকৌ আকোৱালি লৈছে ।  তেনেস্থলত ন্যায়ালয়ৰ দ্বাৰা দোষ মুক্ত হোৱাৰ পিছতো অগপই মানে এজিপিয়ে  বিগত সময়ছোৱাৰ প্ৰতিটো নিৰ্বাচনত কিয় সফল হোৱা নাই ? উদাহৰণস্বৰূপে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাজপথ আৰু নিউজ চেনেলত প্ৰতিবাদ হোৱা বিষয় নাগৰিকত্ব বিধেয়কখনক ভিত্তি কৰি অগপই অকলে নিৰ্বাচন খেলিছিল । কিন্তু এই ইচ্ছ্যুটোৱে ভোটাৰক আকৰ্ষিত নকৰিলে । ফলাফলক বিচাৰ কৰিব গ’লে দুটা প্ৰশ্ন উদয় হব আৰু এই প্ৰশ্ন দুটাৰ সঠিকে উত্তৰে অগপৰ ভৱিষ্যতৰ ৰাজনৈতিক ভেটি নিৰ্ণয় কৰিব ।
প্ৰশ্ন  ১ __  অগপৰ ইচ্ছ্যু সংখ্যাগৰিষ্ঠ ৰাইজৰ কাৰণে অপ্ৰাসংগিক নেকি ?
প্ৰশ্ন  ২ __ অগপই অসমৰ জনতাৰ আবেগ অনুভৱ কৰাত ব্যৰ্থ হৈছে নেকি ?
 সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ অসম  আন্দোলনৰ পটভুমিত অগপৰ জন্ম । ৮৫’ ৰ নিৰ্বাচনৰ জড়িয়তে অগপ ক্ষমতালৈ আহিছিল । উল্লেখযোগ্য কথা হ’ল এই যে মাত্ৰ দুইবছৰ আগতেই ১৯৮৩ ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু ৮৩’ নিৰ্বাচনটোক ছাত্ৰ সন্থাই বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লৈছিল । এই দুয়োটা নিৰ্বাচন আছিল সম্পুৰ্ণ বিপৰীত চৰিত্ৰৰ । ৮৩ ‘ ৰ ফল আছিল আন্দোলনৰ বিৰোধভাষ আৰু ৮৫ ‘  আছিল আন্দোলনৰ ঔৰসত জন্ম লোৱা নৱজাত শিশু ।
জুইয়ে পোৰা তিৰাশীৰ নিৰ্বাচনত অসম বিধান সভাৰ ১ নং সমষ্টি ৰাতাবাৰীৰ পৰা আৰম্ভ কৰি কাটিগৰালৈ এই পোন্ধৰটা সমষ্টিত আছুৰ নিৰ্বাচন বৰ্জনৰ প্ৰভাব শুণ্য বুলি ক’লেও কটুক্তি কৰা নহয় ।কাৰণ প্ৰতিটো সমষ্টিত গড় হিচাপত প্ৰায় ২০০০০ হাজাৰ ভোট বিজয়ী প্ৰাৰ্থীজনে পাবলৈ সক্ষম হৈছিল আৰু দ্বিতীয় স্থানত থকা প্ৰাৰ্থীজনেও সবল প্ৰতিদন্দীতাৰে নিৰ্বাচনত ভোট পাইছিল ।
 ইয়াৰ পিছতে হাফলং, বোকাজান , হাওৰাঘাট , ডিফু আৰু বৈথালাংচু সমষ্টি কেইটাত জনসংখ্যা দৃষ্টিৰে চালেওঁ গড় হিচাপত  প্ৰায় ১৫ হাজাৰ ভোট বিজয়ী প্ৰাৰ্থীজনে পাইছিল আৰু এই সংখ্যা ১৯৮৫ নিৰ্বাচনতো মোটামুটিকৈ একেই আছিল, একমাত্ৰ হাফলং সমষ্টিত গোবিন্দ চন্দ্ৰ লাংথাচাই ৮৫ ‘ ত ১৯৮৩ ৰ নিৰ্বাচনতকৈ  দুগুণ সংখ্যক ভোট পাইছিল ।  এতিয়া যদি নামনি অসমৰ সমষ্টি কেইটা চোৱা যায় তেন্তে ২১ নং মানকাচাৰ সমষ্টিৰ পৰা আৰম্ভ কৰি দক্ষিণ শালমাৰা , ধুবুৰি , গৌৰিপুৰ , বিলাসীপাৰা পুব , বিলাসীপাৰা পশ্চিম , কোকৰাঝাৰ পশ্চিম , চিদলি আদি প্ৰায় ১১ টা সমষ্টিত ১৯৮৩ ৰ নিৰ্বাচনত ভোটবৰ্জনৰ আহ্বান স্বত্তেও ভোটাৰে সন্তোষজনক ভাবে ভোটাধিকাৰ সাব্যস্ত কৰিছিল আৰু জয়ী প্ৰাৰ্থীয়ে গড়ে
প্ৰায় ২৩ – ২৪ হাজাৰ ভোট পাইছিল । নামনি অসমৰ পাটাচাৰকুচি , পলাশবাৰী , বকোত যিদৰে বিনাপ্ৰতিদন্দীতাৰে কংগ্ৰেছ প্ৰাৰ্থী  জয়ী হৈছিল , তাৰ বিপৰীতে বাঘবৰ , জনিয়া , জলেশ্বৰ আদি সমষ্টিত অভূতপুৰ্ব ভোটেৰে বিধায়ক নিৰ্বাচিত কৰিছিল । উদাহৰণ স্বৰূপে জলেশ্বৰত ১৭৩৭০ টা ভোট পোৱা কংগ্ৰেছ প্ৰাৰ্থী চামচুল হক পৰাজিত হৈছিল  ১৭৯৬২ টা  পোৱা ৰাষ্ট্ৰীয় কংগ্ৰেছ( সমাজবাদী) দলৰ প্ৰাৰ্থী আফজালুৰ ৰহমানৰ হাতত  । আনহাতে জালুকবাৰী সমষ্টিৰ পৰা আৰম্ভ কৰি গুৱাহাটী , কমলপুৰ , হাজো , নলবাৰী , পানেৰীলৈকে প্ৰায় ১৫ – ১৬ টা সমষ্টিত প্ৰাৰ্থী একোজনে প্ৰায় ৩ হাজাৰ ভোট লাভ কৰিও বিধায়ক হৈছিল । বহুকেইটা সমষ্টিত জয়ী প্ৰাৰ্থী জনে হাজাৰ ভোটও পোৱা নাছিল । উদাহৰণস্বৰূপে পুৱ গুৱাহাটিত কংগ্ৰেছ প্ৰাৰ্থী ৬৮৭ টা ভোট পায় জয়ী হৈছিল ।কিন্তু বিপৰীত ছবি দেখিবলৈ পোৱা গৈছিল দলগাওঁ সমষ্টিত । কংগ্ৰেছৰ চৈয়দা আনোৱাৰা টাইমুৰে পাইছিল ১৫৬০৫ টা ভোট আৰু বিজিত  প্ৰাৰ্থী আব্দুল জব্বৰে  পাইছিল ১৪৫০১ টা ভোট । মধ্য অসমৰ মৰিগাওঁত ৭১৪ টা ভোট পাই জয়ী হৈছিল মহম্মদ হুছেইন । আনহাতে ধিংত আকৌ জয়ী প্ৰাৰ্থী আবু নেচাৰ ৱাহিদে পাইছিল ৩৬৭৮১ টা ভোট । মাজবাট , জাগিৰোড , নগাওঁ , বৰহমপুৰ , তেজপুৰ , ৰহা আদিত যদি জুয়ে পোৰা তিৰাশীৰ নিৰ্বাচন বৰ্জনৰ প্ৰভাব যদি সুস্বপ্ত আছিল , আনহাতে ৰূপহীহাত , যমুনামুখ , হোজাই আদিত ভোট বৰ্জনৰ প্ৰভাব অতি সীমিত আছিল ।  উজনি অসমৰ ৯৩  নং বোকাখাট সমষ্টিৰ পৰা আৰম্ভ কৰি ১২৬ নং শদিয়া সমষ্টিলৈ গোলাঘাট , টিয়ক , সোনাৰী ,শিবসাগৰ , জোনাই আদি সামৰি প্ৰায় ৩৮ টা সমষ্টিত ১৯৮৩ ৰ নিৰ্বাচন মাত্ৰ নিয়ম মাফিক হে আছিল । কাৰণ প্ৰাৰ্থী একোজনে গড়ে মাত্ৰ ২-৩ হাজাৰ ভোট লাভ কৰিও বিজয়ী হৈছিল ।
১৯৮৩ নিৰ্বাচনৰ ফল ঘোষণা কৰা হয় ২১ ফেব্ৰুৱাৰীৰ পৰা । ২৪ ফেব্ৰুৱাৰীলৈ ১০৮ খন আসনৰ ফল ঘোষণা কৰা হয় । ৩২% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰা নিৰ্বাচনটোত ৯০ খন আসন ইন্দিৰা কংগ্ৰেছে লাভ কৰে । পিটিছিয়ে ৩ খন , কংগ্ৰেছ( এছ) দলে ২ খন , চিপিএমে ২ খন , চিপিআই দলে ১ খন আৰু নিৰ্দলীয়ই ১০ খন আসন দখল কৰে । যদিও গোটেই অসমত মাত্ৰ ৩২% ভোটিং হৈছিল কিন্তু আচৰিত ভাবে তেতিয়াৰ ১৬ খন জিলাৰ ভিতৰৰ ৬ খনত কিন্তু ভোটিং শতাংশই তেতিয়াৰ দিনৰ ৰেকৰ্ড শতাংশ চুই গৈছিল ।  নিৰ্বাচনত প্ৰতিদন্দিতা কৰা ৰাজনৈতিক দলৰ ভেটি , বিক্ষিপ্ত ঘটনা আদিৰ ওপৰত ভিত্তি কৰি এটা কথা স্পষ্ট যে ভোট বৰ্জনৰ প্ৰভাব কমৰ পৰা বেছিলৈ পৰিছিল প্ৰায় ৭০ টা সমষ্টিত । এই কেইটা সমষ্টিত ভোটিং শতাংশ কম হৈছিল আন্দোলনৰ ইচ্ছ্যুটোৰ প্ৰতি সমৰ্থন আৰু ইয়াৰ লগত ভোট বৰ্জন সফল কৰিবলৈ একাংশ আন্দোলনকাৰীয়ে হাতত লোৱা হিংসাত্মক কাৰ্য্যসুচীৰ প্ৰভাবত । পৰবৰ্তী সময়ছোৱাত  অসম চুক্তি সাক্ষৰ হ’ল আৰু আন্দোলনকাৰীৰ নেতাৰ নেতৃত্বত অগপ দলৰ জন্ম হ’ল । অসম চুক্তি ৰূপায়নৰ উদ্দেশ্যে অগপই ১৯৮৫ ত নিৰ্বাচনত অংশগ্ৰহণ কৰে । আৰম্ভ হয় দ্বিতীয়াৰ্ধৰ খেল । আমছু , চি আৰ পি চি আৰু কিছুমান ভাষিক তথা ধৰ্মীয় সংখ্যালঘু কিছুমান ব্যক্তিৰ দ্বাৰা  অসম চুক্তিক বিৰোধিতা কৰি গঠন হ’ল ইউ এম এফ ( United Minorities Front, Assam) ।  ১৯৮৫ ৰ নিৰ্বাচনত প্ৰতিদন্দিতা কৰি দখল কৰে ১৭ টা সমষ্টি । অগপই পালে ৬৭ টা সমষ্টি । বৰাক উপত্যকাত অগপ শুণ্য , ১৬ নং হাফলংৰ পৰা আৰম্ভ কৰি বৈথালংছুলৈ অগপৰ নাথাকিল এজনো বিধায়ক । নামনি অসমৰ শেষৰ পৰা ২১ নং মানকাচাৰ বিধান সভা সমষ্টিৰ পৰা ৩১ নং ছিদলীলৈ অগপ শুণ্য । অগপৰ প্ৰৱল ঢৌ থকা স্বত্তেও এই বৃহত্তৰ অঞ্চলবোৰত প্ৰফুল্ল কুমাৰ মহন্ত , ভৃগু কুমাৰ ফুকন হ’তৰ  প্ৰভাব মুঠেই পৰা নাছিল । অৰ্থাৎ অসম চুক্তিৰ প্ৰতি কিমানখিনি আগ্ৰহ আছিল এই অঞ্চলবোৰত সেই কথা সহজেই অনুমেয় । ৩২ নং বঙাইগাওঁ সমষ্টিত জয়ী হৈছিল ফনী ভুষণ চৌধুৰী , কিন্তু গাতে লাগি থকা অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিনত অগপৰ ভুপেন ৰয় আৰু ৰবিন বনিক্য পৰাজিত হৈছিল ইউ এম এফ প্ৰাৰ্থীৰ হাতত (বি:দ্ৰ: ২০১৬ চনৰ নিৰ্বাচনত বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ সপক্ষে বতাহ বলি থকা স্বত্তেও অভয়াপুৰী উত্তৰ আৰু অভয়াপুৰী দক্ষিনত অগপৰ প্ৰাৰ্থী দুজন পৰাস্ত হৈছে । এখনত জয়ী হৈছে  কংগ্ৰেছ ( প্ৰাক্তন আমছু নেতা ) আৰু আনখনত জয়ী হৈছে এআই ইউ ডি এফৰ ভাষিক সংখ্যালঘু নেতা । হয়তো নিৰ্বাচনৰ ইতিহাসত আৰু কোনো কালেই এই দুখন আসনত বনিক্য আৰু কোনোবা ৰয়  জয়ী নহ’ব )। আনহাতে গোৱালপাৰা জিলাৰ একমাত্ৰ সংৰক্ষিত আসন দুধনৈৰ বাদে বাকী গোটেই কেইখনতে ইউএম এফ জয়ী হৈছিল । এটা কথা উল্লেখ কৰিব লাগিব যে আজিৰ ৰাজনৈতিক পটভুমিত অকল অগপই নহয় , বিজেপি দলৰ কাৰণেও আগন্তুক নিৰ্বাচনত গোৱালপাৰা পুব , জলেশ্বৰ আৰু গোৱালপাৰা পশ্চিম উদ্ধাৰ কৰাটো অসম্ভৱ ।১৯৮৫ ত বৰপেটা জিলাৰ ৮ টা সমষ্টিৰ ভিতৰত অগপই লাভ কৰে চাৰিটা সমষ্টি আৰু বাকী চাৰিটাত ৮৩ ‘ ৰ ফলাফলৰ দৰেই থাকে ।
 ৮৫ ‘ ত লাভ কৰা বৰপেটা ,সৰুক্ষেত্ৰী, ভৱানীপুৰ আৰু পাটাচাৰকুচি সমষ্টি কেইটাৰ ভিতৰত একামাত্ৰ পাটাচাৰকুচি আৰু ভবানীপুৰত জয় – পৰাজয় নিৰ্ভৰ কৰে অগপৰ নিজা শক্তি বা সমৰ্থনৰ ভিত্তিত ; তাৰ বাহিৰে বৰপেটাত মুছলমান সংখ্যালঘু ভোটৰ ভোট বিভাজন নোহোৱাকৈ কোনো গুনিন্দ্ৰ নাথ দাস বা দিপক দাস বৰপেটাত জয়ী হ’ব নোৱাৰে ।সেয়ে আগন্তুক দিনত বৰপেটা জিলাৰ ৮ টা সমষ্টিৰ ভিতৰত মাত্ৰ ২ টা সমষ্টিত হে অগপই জয়লাভ কৰাৰ সপোন দেখিব পাৰে ।কাৰণ এ আই ইউ ডিএফৰ জনপ্ৰীয়তা হ্ৰাস পোৱাৰ লগে লগে লাভান্বিত হৈছে কংগ্ৰেছ ; সেইমৰ্মে বৰপেটা বা  চেঙা বিধান সভা সমষ্টিত অকল অগপই নহয় বিজেপি,বিপিএফ সকলো লগ লাগি থাকিলেও পৰাজয় নিশ্চিত ।  ইয়াৰ পিছতেই ৮৩ ‘ত নিৰ্বাচন ফ্ল’প হোৱা আৰু ৮৫’ত অগপই লাভ কৰা দক্ষিন পাৰৰ সমষ্টি পলাশবাৰী , ছয়গাওঁ , বকোৰ পৰা আৰম্ভ কৰি গুৱাহাটীহৈ জালুকবাৰী চুই হাজোৰ পৰা কমলপুৰৰ মাজেৰে ৰঙিয়াহৈ গোটেই অবিভক্ত নলবাৰী জিলালৈ এই
বিস্তীৰ্ণ অঞ্চল বিলাক হ’ল ভাষিক অসমীয়াৰ সংখ্যাগৰিষ্ঠ অঞ্চল । যিটো অঞ্চলত ৮৩ ‘ ৰ ভোট বৰ্জনৰ প্ৰভাবো আছিল সৰ্বাধিক আৰু ৮৫ ‘ ৰ নিৰ্বাচনৰ বতাহো বৈছিল ধুমাহৰ বেগত । উদাহৰণস্বৰূপে পাটাচাৰকুচিত সমষ্টি ( অৰ্ধেক নলবাৰী জিলাত আৰু অৰ্ধেক বৰপেটা জিলাত) ত পৱিন্দ্ৰ নাথ ডেকাই গোটেই অসমৰ ভিতৰতে বেছি ব্যৱধানত জয়ী হোৱাৰ ৰেকৰ্ড বনাইছিল ।মধ্য অসমৰ মাজবাট , ৰঙাপাৰাত যিদৰে কংগ্ৰেছ জয়ী হৈছিল একেদৰে তেজপুৰ , পাণেৰি আদিত অগপ জয়ী হৈছিল । নগাওঁ , কলিয়াবৰ , ৰহাত যিদৰে অগপই জয়লাভ কৰিছিল , আনহাতে ৰূপহীহাত , হোজাই , ধিং , যমুনামুখত ইউএমএফ জয়ী হৈছিল । এই অঞ্লটো অগপৰ কাৰণে একপক্ষীয়  নাছিল , তথাপি প্ৰায় আশানুৰূপ ফলাফলেই অগপই পাইছিল ।কাৰণ ৮৩ ‘ নিৰ্বাচনত হোজাই , যমুনামুখ , দলগাওঁ , ৰূপহীহাত আদিত অভূতপুৰ্ব হাৰত ভোটদান হৈছিল । উজনি অসমৰ বোকাখাট ৯৩ নং সমষ্টিৰ পৰা আৰম্ভ কৰি ১২৬ নং সদিয়া পৰ্য্যন্ত অগপই বিৰোধী কংগ্ৰেছ , চিপিএম সকলোকে একপ্ৰকাৰ ধুলিস্যাৎ কৰি পেলায় । মাত্ৰ হিতেশ্বৰ শইকিয়া , কেশব গগৈ ,ৰামেশ্বৰ ধানোৱাৰকে ধৰি আন দুই-তিনিজন ব্যক্তিয়ে দলৰ সন্মান ৰক্ষা কৰি বিধায়ক নিৰ্বাচিত হয় ।
১৯৮৫ ৰ  ঢৌৰ পিছতো অগপই পাইছিল ৬৭ খন আসন ; য’ত নিৰ্বাচনৰ একমাত্ৰ ইচ্ছ্যু আছিল অসম চুক্তি । ১৯৮৫ ৰ পৰা ২০১৮ লৈ ৩৩ টা বছৰ । অসম চুক্তি বা অসম অন্দোলনক প্ৰত্যক্ষভাবে দেখা নাই প্ৰায় ৬৫ % অসমবাসীয়ে । কাৰণ অসমৰ জনসংখ্যাৰ প্ৰায় ৬৫ % মানুহ ৩৫ বছৰ বয়সৰ তলৰ । অগপই নিজৰ নেতৃত্বত চৰকাৰ কৰিছিল ১৯৯৬ ৰ পৰা ২০০১ লৈ । ২০০১ ৰ পৰা ২০১৮ লৈ ১৭ বছৰ । অৰ্থ্যাৎ ২০২১ ত হ’ব লগা বিধান সভাৰ নিৰ্বাচনত মুঠ ভোটদাতাৰ প্ৰায় ৪০ % ভোটদাতা হ’ব ১৮ বছৰ অয়ুসৰ ; আৰু এই ৪০% ভোটাৰৰ কাৰণে অগপ হৈছে অচিন
কাঠ । এতিয়া ৯৬’ ৰ পৰিবেশ নাই । বিগত প্ৰায় ২০ বছৰত ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পাহাৰক সামৰি বিভিন্ন স্বায়ত্ব শাসিত অঞ্চল গঠন হ’ল ;  ৰাভা হাচং , বিটিছি , তিৱা আদি স্বায়ত্ব শাসিত এলেকাত উন্নয়নৰ কাম কাজ প্ৰত্যক্ষ ভাবে কেন্দ্ৰীয় পুঁজিৰ দ্বাৰা নিয়ন্ত্ৰীত হ’ব ধৰিলে । যাৰ ফলত সেই অঞ্চল বিলাকত বিশেষ জনগোষ্ঠিটোৰ ৰাজনৈতিক দল গঠন হ’ল নাইবা ৰাষ্ট্ৰীয় দলৰ আধিপত্য বৃদ্ধি হ’ল । উদাহৰণস্বৰূপে বিটিচিত বিপিএফ , ইউপিপি, সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ ; কাৰ্বি আংলংত
এএছডিছি ইত্যাদি ।
  ১৯৯৬ ৰ নিৰ্বাচন __অসম আন্দোলন , বিদেহী , বিদেশী , বহিৰাগত , ভোটবৰ্জন , চিপিএম , কংগ্ৰেছ , অসম চুক্তি , ইউএম এফ সকলো সানমিহলী হয় । নেতাৰ আদান প্ৰদান হৈছিল । ভৰত নৰহ , অভিলেখকাৰী পৱিন্দ্ৰ নাথ ডেকা আদি নেতাই কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিছিল । বহু নেতাই ইউএমএফ এৰি কংগ্ৰেছ বা অগপলৈ গ’ল ; মুঠৰ ওপৰত ৰাজনীতিত ইচ্ছ্যু আৰু আদৰ্শ মাথো দলৰ সংবিধানতহে লিপিবদ্ধ থাকিল , কাৰ্য্যক্ষেত্ৰত এক নীতিহীন নিৰ্বাচন ৰাইজে দেখিলে।  বৰাক , মানকাচাৰত  অগপ জয়ী হয়, যি সমষ্টি সমুহে অগপৰ জন্মলগ্নৰ সময়ত বিপৰীত স্থিতিত অৱস্থান কৰিছিল । অগপৰ আসন  ৫৯ খন হ’ল । বাওঁপন্থী দলৰ লগত মিত্ৰতা কৰি অগপই চৰকাৰ গঠন কৰে । কংগ্ৰেছ বিৰোধী ঢৌ থকা স্বত্তেও ১৯৯৬ ত পাইছিল ৩৪ খন আসন  কংগ্ৰেছ দলে লাভ কৰিছিল ।১৯৮৫ত কংগ্ৰেছ দলে লাভ কৰিছিল ২৫ খন আসন আৰু ইউএমএফ  দলে পাইছিল ১৭ টা সমষ্টি কিন্তু ১৯৯৬ UMF দলে পালে মাত্ৰ দুখন আসন ।
১৯৯৬ত UMF দুৰ্বল হ’ল কংগ্ৰেছৰ আসন বৃদ্ধি হ’ল । যাৰ পুনাৰবৃত্তি ২০১৮ ৰ পঞ্চায়ত নিৰ্বাচন । AIUDF দুৰ্বল হ’ল কংগ্ৰেছ সৱল হ’ল।
২০১৬ ৰ বিধান সভা নিৰ্বাচন ; বিজেপি – মোদীৰ প্ৰবল ঢৌ । কংগ্ৰেছে লাভ কৰিলে ২৬ টা সমষ্টি, AIUDF  এ পালে ১৩ খন আসন আৰু অগপই ১৪ টা সমষ্টিত জয়লাভ কৰিছিল । কিন্তু ২০১১ নিৰ্বাচনত কংগ্ৰেছ (৭৯)  আৰু ধৰ্মীয় সংখ্যালঘুৰ দল AIUDF(১৮) ৰ উত্থানৰ সময়ত অগপই ১০ খন পাবলৈও সক্ষম নহ’ল। এতিয়া প্ৰশ্ন হয় সোপন্থী,সাম্প্ৰদায়িক আৰু তোষামোদৰ  ৰাজনীতিত অগপই নিজৰ স্থান কিদৰে অধিকাৰ কৰিব পাৰিব । পঞ্চায়ত নিৰ্বাচনত অগপৰ প্ৰধান ইচ্ছ্যু আছিল নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ; কিন্তু উক্ত বিধেয়কখনৰ ইচ্ছ্যুটো নিৰ্বাচনত অসাৰ প্ৰতিপন্ন হ’ল । তেন্তে পৰৱৰ্তী নিৰ্বাচন বিলাকত অগপৰ ইচ্ছ্যু কি থাকিব ? নিৰ্বাচনত ৰাজনৈতিক দল এটা পৰাজিত হোৱাৰ কাৰণ থাকে , কিন্তু বিপক্ষৰ দলটোৰ লগত থাকিব লাগিব জয়ী হোৱাৰ কাৰণ । ৰাষ্ট্ৰীয় দল এটাৰ কাৰণে এনেকুৱা সন্ধিক্ষণ অতিক্ৰম কৰা সহজ । কাৰণ দেশৰ কোনোবা এখন প্ৰদেশত হ’লেও ৰাজ্য চৰকাৰ এখন চলি থাকে । ২০১৪ ত বিজেপিৰ ঢৌ আহিছিল নৰেন্দ্ৰ মোদীৰ গুজৰাট মডেলৰ ওপৰত ভিত্তি কৰি , কাৰণ মোদী সেই সময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল । সদ্য সমাপ্ত মধ্যপ্ৰদেশ , ৰাজস্থান আদিৰ নিৰ্বাচনৰ ফলাফলে কংগ্ৰেছ দলক ২০১৯ লোকসভা নিৰ্বাচনত শক্তিশালী প্ৰতিদন্দিতা কৰিবলৈ ভেটি দিলে । অগপৰ বিপদ এইখিনিতেই যে ভোটাৰ ৰাইজক দেখুৱাবলৈ কোনো উদাহৰণ নাই ।
মাজ পানীত ৰৈ গৈছে অগপৰ নাওঁখন । ৰাষ্ট্ৰীয় দলৰ লগত ১৭ বছৰ আগতে মিত্ৰতা কৰাৰ ফল অজি অগপই হাতে হাতে পাইছে । বিজেপি তেতিয়া অসমত নতুন শক্তি আছিল আৰু অগপ আছিল ভাগৰুৱা । কংগ্ৰেছ অসমত স্বাধীনতাৰ পৰাই আছে , কংগ্ৰেছৰ খুব বেয়া দিনটো বিধান সভাত কমেও ২৫ জন বিধায়ক কংগ্ৰেছৰ থাকে , যিটো আন দলৰ লগত অমিল । সেই সুত্ৰে অগপই নতুন এটা শক্তিশালী ৰাজনৈতিক দলক অসমৰ মাটিত বৰপিৰা পাৰি দিয়াটো কিমান যুক্তিসংগত সিদ্ধান্ত আছিল সেয়া সময়ে ক’ব । নিৰ্বাচনী মিত্ৰাতা যদিহে সময়ৰ আহ্বান আছিল , তেন্তে অগপৰ  দুৰ্বল স্থিতি থকা সমষ্টি বিলাকহে  বিজেপিৰ কাৰণে কিয় এৰি দিয়া নহ’ল ?(আজিৰ পৰিস্থিতিত বিজেপিয়ে গুৱাহাটী লোকসভা সমষ্টি জানো মিত্ৰ দলক এৰি দিব, হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ সমষ্টি জানো মিত্ৰ দলক
এৰি দিব?)  “All is fair in love, war and politics”. Believing in this principle, DMK under the leadership of Karunanidhi allied with Congress for many election battles later on. But the DMK patriarch was very clear in not sharing the power with the national party, proving that he was a definite political Chanakya and Congress since then lost its interest in Tamil Nadu. ২০১৬ ৰ মে’ মাহৰ ইণ্ডিয়া টুদেৰ সম্পাদয়িক মেজত এইখিনি কথা উল্লেখ কৰিছিল ।যিকেইখন ৰাজ্যত আঞ্চলিক দলৰ দ্বাৰা সময়ে সময়ে চৰকাৰ গঠন হৈ থাকে সেই কেইখন ৰাজ্যত নিৰ্বাচনী যুজঁখন প্ৰধানত: সীমাবদ্ধ থাকে
মাত্ৰ দুটা দলৰ ভিতৰত । দুটাকৈ ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপি শক্তিশালী স্থিতিত আছে একমাত্ৰ অসমত ; যিখন অসম ৰাজ্যত এটা আঞ্চলিক দলে দুইবাৰ ৰাজ্য শাসন কৰিছে ।
 সদ্য সমাপ্ত মিজোৰাম বিধান সভা নিৰ্বাচনত কংগ্ৰেছক পৰাভুত কৰি MNF জয়ী হৈছে । নেডাৰ ভিতৰত থকা স্বত্তেও কিন্তু হিমন্ত বিশ্ব শৰ্মাক নেডাৰ নেতা হিচাপে নিমন্ত্ৰণ নকৰি ,জৌৰামথাংগাই নিমন্ত্ৰণ দিলে অসম চৰকাৰৰ মন্ত্ৰী হিচাপেহে । শপতগ্ৰহণ অনুষ্ঠানত দেখা নগ’ল হিমন্ত বিশ্ব শৰ্মা , অমিত শ্বাহ , ৰাম মাধব আদি নেতা । জৌৰামথাংগাৰ শপত গ্ৰহণত যোগ দিলে প্ৰফুল্ল কুমাৰ মহন্ত আৰু অতুল বৰাই । জৌৰামথাংগাই যিটো কথা অতি সহজেই বুজি পাইছে , সেই কথা খিনি অগপৰ নেতৃত্বই জানো বুজি পালে ?এই সাধাৰণ কথা খিনি হাগ্ৰামা মহিলাৰীৰ কথাই কামেও দেখা  যায় । তৰুণ গগৈক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা ব্যক্তি আছিল হাগ্ৰামা মহিলাৰী । কাৰণ সংখ্যাগৰিষ্ঠতা নথকা কংগ্ৰেছক প্ৰয়োজন আছিল আন দলৰ সমৰ্থন । যিটো সময়ত আজমলে তৰুণ গগৈক বাদ দি  আন যিকোনো কংগ্ৰেছ নেতাৰ নেতৃত্বত গঠিত চৰকাৰক সমৰ্থন দিব বুলি দাবী কৰিছিল । থিক সেইখিনি সন্ধিক্ষণৰ সময়ত বিপিএফে কিংমেকাৰৰ ভুমিকালৈ তৰুণ গগৈক সমৰ্থন কৰে । সকলো থিকে ৰাখিও বিটিচি এলেকাত কিন্তু হাগ্ৰামা মহিলাৰীয়ে কংগ্ৰেছক সংগঠন কৰিবলৈ সুবিধা দিয়া নাছিল । বৰঞ্চ বিটিচি এলেকাৰ বহু কংগ্ৰেছী নেতা বিপিএফতহে যোগদান কৰিছিল । তেতিয়াৰ কংগ্ৰেছ সভাপতি ভুবনেশ্বৰ শইকিয়াক বিভিন্ন সময়ত হাগ্ৰামা মিহিলাৰীয়ে সমালোচনা কৰিছিল । সেই কাম তেওঁ এতিয়াও কৰি আছে । কাৰণ ৰঞ্জিত দাসক তেওঁ বিভিন্ন সময়ত কথাৰে আক্ৰমণ কৰা দেখা যায় । কংগ্ৰেছ চৰকাৰৰ সময়তো হাগ্ৰামা মহিলাৰী আৰু ভুবনেশ্বৰ কলিতাৰ মাজত ব্যক্তিগত প্ৰতিযোগিতা নাছিল আৰু আজিৰ সময়তো হাগ্ৰামা মহিলাৰী আৰু  ৰঞ্জিত দাসৰ  মাজত  ব্যক্তিগত আখেজ নাই । বিপিএফৰ এটাই উদ্দেশ্য _ কংগ্ৰেছ বা বিজেপিৰ লগত মিত্ৰতাৰে চৰকাৰ কৰিলেও বিটিচি এলেকাত এই দলবোৰৰ সংগঠন শক্তিশালী কৰা প্ৰতিটো কাম কুটনৈতিক ভাবে
মন্ঠৰ কৰা ।আগন্তুক সময় বিলাকতো এই স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব বিটিচিত ৰাষ্ট্ৰীয় দলৰ স্থিতি  আৰু বিপিএফৰ ভৱিষ্যত । আজিৰ এই সংকটৰ সময়ত অগপ কেনেকৈ পুনৰ  সৱল স্থিতি পাব পাৰিব ? কাল্পনিক পৰিবেশ এটাত কংগ্ৰেছ আৰু বিজেপিৰ কোনোবা এটা দল অসমৰ পৰা কাৰ্য্যত: নোহোৱা হ’ব লাগিব । যিটো অসম্ভৱ । তেন্তে ১২৬ টা বিধান সভা সমষ্টি আৰু ১৪ টা লোকসভা সমষ্টি কংগ্ৰেছ ,এআইইউডিএফ , বিজেপি ,অগপ , বিপিএফৰ মাজত বিতৰণ হ’ব লাগিব । বিটিচিৰ ভিতৰত থকা সমষ্টি কেইটাত  আৰু কমেও ১৫-২০ বছৰ বিপিএফ বা ইউপিপিৰ মাজত সীমাবদ্ধ হৈ থাকিব আৰু লোকসভা আসনখনত নৱ শৰণীয়াৰ প্ৰভাৱক আন দলে আঘাত কৰাটো কঠিন হ’ব । তেন্তে বাকী কেইটা সমষ্টিত অগপই নিজকে জীয়াই তুলিবলৈ কি পন্থা অৱলম্বন কৰিব সেয়া দলৰ নেতৃত্বই ল’ব ।কিন্তু এটা কথা অতি স্পষ্ট যে নাগৰিকত্ব বিধেয়ক , অসম চুক্তিৰ আবেগ , খিলঞ্জীয়াৰ ৰক্ষাকবচৰ আবেগ আদিৰে অগপই দলক শক্তিশালী কৰিব নোৱাৰে ।  কিন্তু একেসময়তে বড়ো , কাৰ্বি , ৰাভা আদি খিলঞ্জীয়া জনগোষ্ঠীবোৰে ৬ষ্ঠ অনুসূঁচী বা স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা সাংবিধানিক উপায়েৰে নিজৰ উন্নয়নৰ বাট মোকোলাই লৈছে ।
ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি অগপই কৰিব নোৱাৰে ; কাৰণ AIUDF আৰু BJP দলে সেই ঠাই ইতিমধ্যে দখল কৰিছে । অন্যহাতে তামিলনাডুৰ ডিএমকে ৰ দৰে উগ্ৰ  জাতিয়তাবাদী ৰাজনীতি অগপই কৰিব নোৱাৰে । কাৰণ তামিলনাডুত তামিল ভাষা কোৱা মানুহৰ তুলনাত অসমত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা তুলনা নহয় । গোটেই খিলঞ্জীয়াৰ এখন ঊমৈহতীয়া মঞ্চ হিচাপে যদি অগপই নিজকে প্ৰতিষ্ঠা কৰিব যায় তেন্তে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা সমুহে জানো অগপক বিশ্বাসত ল’ব ? বিশ্বাস যেনিবা থাকিলেই , তেন্তে এখন ঊমৈহতীয়া মঞ্চৰ দ্বাৰা সকলো জনগোষ্ঠীৰ আশা আকাঙ্খা জানো পুৰ্ণ হ’ব ? অসমৰ ৰাজনৈতিক পৰিবেশ বৰ্তমান এনেকুৱা এটা বিন্দুত মিলিত হৈছে এটা জনগোষ্ঠীৰ অধিকাৰৰ দাবী , আন এটা জনগোষ্ঠীৰ কাৰণে বঞ্চনাৰ দলিল । বড়ো সকল অসমৰ ভুমি পুত্ৰ , থিক একেদৰে কাৰ্বি সকলো অসমৰ ভুমি পুত্ৰ । কিন্তু কাৰ্বিআংলংত বাস কৰা বড়ো সকলে দাবী কৰি অহা জনজাতিৰ সুৰক্ষা কবচক কিন্তু কাৰ্বিসকলে বিৰোধিতা কৰিছে ।বৰ্তমান সময়ত ৬ টা জনগোষ্ঠীয়ে জনজাতিৰ দাবী কৰি আছে ; কিন্তু এইসকলক যদি জনজাতিৰ মৰ্য্যদা দিয়া হয় তেন্তে পুৰ্বৰে পৰা জনজাতিৰ মৰ্য্যদা পাই থকা সকলৰ অধিকাৰ বা সা -সুবিধা জানো  হ্ৰাস নাপাব ? অৰ্থাৎ অসমৰ ভুমি পুত্ৰ সকলে ৰাজনৈতিক স্বাৰ্থত এখন মঞ্চত স্থায়ীভাবে লগ লগাটো আজিৰ পৰিস্থিতিত কাল্পনিক।এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত অগপ আৰু এআইইউডিএফ বিফল হৈছে । অগপৰ বিফলতা আৰু  এআইইউডিএফ ৰ বিফলতাৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে । ভাষাবীদ জাতীয় বুদ্ধিজীৱী(সুবক্তা) এজনে আজি কিছু দিন আগতে কৈছে যে ২০১৬ বিধান সভা নিৰ্বাচনত অগপই পোৱা ভোটৰ তুলনাত এইবাৰ
পঞ্চায়ত নিৰ্বাচনত অগপই অধিক ভোট পাবলৈ সক্ষম হৈছে । নিউজ চেনেলত বহি কথা কোৱা এই ব্যক্তি জনে এই বৃদ্ধিৰ কাৰণ দেখুৱাইছে  নাগৰিকত্ব বিধেয়ক ২০১৬ । এনেকুৱা বুদ্ধিজীৱী জানো বিপদজনক নহয় ? কাৰণ ২০১৬ ত অগপই বিজেপি, বিপিএফৰ লগত মিত্ৰতা কৰি নিৰ্বাচন খেলিছিল সেয়ে নিৰ্বাচন খেলা সমষ্টিৰ সংখ্যা কম আছিল , এইবাৰ অকলে খেলিছে সেয়ে নিৰ্বাচনী এলেকা বৃদ্ধি পাইছে ।এৰ’ন ল’ভেষ্টাইনৰ ভাষাৰে “Statistics are like a bikini. What they reveal is suggestive, but what they conceal is vital.”  আজিৰ এই বিপদৰ সময়ৰ পৰা যদি অগপই পৰিত্ৰাণ পাব পাৰে , তেন্তে অসমৰ চাৰিটা কোণত চাৰিখন নাগৰিক বাৰ্তালাপ অনুষ্ঠিত কৰক । য’ত সাংবাদিক , বুদ্ধিজীৱী , জাতীয় সংগঠনৰ নেতা ,সাহিত্যৰ নামত দালালী কৰা সাহিত্য সভাৰ বিষয়বৱীয়া বা শিক্ষাবিদসকল উপস্থিত নাথাকিব ; উপস্থিত থাকিব সঁচা কৃষক ,পমুৱা মুছলমান  মাছমৰীয়া , আৰনাই বনায় ভাত খোৱা মহিলা , বজাৰৰ মাংস কটা মানুহজন , চৰকাৰী স্কুলত নিজৰ সন্তানক নামভৰ্তী কৰা অভিভাবক ,গুপ্তহত্যাত ভগ্নী হেৰুৱা ভাতৃ , ঘৰৰ পৰা চাকৰি বিচাৰি বাংগালোৰত কাম কৰি থকা কম্পিউটাৰ ইঞ্জিনিয়াৰজন , দিল্লীত চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰা ল’ৰাজন , ঘৰে ঘৰে কাম কৰি ঘৰ চলোৱা মহিলাজন , কৰিমজঞ্জত ৫০ বছৰ ধৰি বাস কৰি থকা ডি ভোটাৰ জন , কলগচিয়াৰ সেই অভিভাবকজন যাৰ সন্তানে মেঘালয়ৰ কইলা খনিত প্ৰাণ হেৰুৱাইছে , শিবসাগৰৰ চাহবাগানৰ কৰ্মীজন ,মানকাচৰত কাম কৰা নলবাৰীৰ মেধাবী টেট শিক্ষকজন যাৰ দৰমহাৰ আধা অফিচে খায় বিল বনোৱাৰ নামত । সময় থাকোতেই অসম গণ পৰিষদৰ নেতা – কৰ্মীসকলে জানিব লাগিব যে ৰাজনীতিত স্থায়ী শত্ৰু বা মিত্ৰ নাই । অগপ নিউজ চেনেলৰ টিআৰপি , কিন্তু টিআৰপি হ’ব লাগিব অসমৰ ৰাইজৰ কাৰণে । কন্টকময় পথ কিন্তু অসম্ভৱ নহয় ।