আমি  চাকৰি নাই নাই বুলি এনেই চিঞৰি ফুৰো

318
ড ০ সুশান্ত কুমাৰ কাশ্যপ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


১৯৯৬/৯৭ চন ৷ বিএছচি কমপ্লিট কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰি পঢ়ি থকাৰ সময়ৰ কথা ৷ চাকৰি কৰাৰ বিৰাট ইচ্ছা হল, কিমান আৰু ঘৰৰ খাম!  মুঠতে তামাম “চাকৰি কৰা” লাগিল মোৰ ৷ কি চাকৰি কৰিম এতিয়া? গুৱাহাটীৰ উজানবজাৰত এটা ভাড়া ঘৰ ললো লগৰ দুজনৰ সতে ৷ আবেলি সদাই হেন্দিক কলেজৰ কাষৰ নবীন চন্দ্ৰ বৰদলৈ পুথিভড়ালত এপাক মাৰো ৷ উদ্দেশ্য বাতৰি কাকত ঘাইকৈ এম্প্লইমেন্ট নিউজ,  আসাম ট্ৰিবিউন আদিত প্ৰকাশিত চাকৰিৰ বিজ্ঞাপন বোৰ চোৱা  আৰু এপ্লাই কৰা ৷
দুই এটা চাকৰি সংক্ৰান্তিয় পৰীক্ষা দি চাকৰি পোৱা কাৰবাৰটো যে যথেষ্ট টান সেয়া বুজিবলৈ বেছি সময় নালাগিল ৷ সেইসময়ত গুৱাহাটীত অসম জাতীয় বিদ্যালয়ৰ আৰম্ভণি হৈছিল ৷ তাত মেধা আৰু বৈদ্যায়তনিক অৰ্হতাৰ ভিত্তিত শিক্ষক নিযুক্তি দিছিল ৷ মেট্ৰিক, হায়াৰ চেকেণ্ডাৰীত প্ৰথম বিভাগ পাবই লাগিব আৰু স্নাতকত ৫০ নে ৫৫ শতাংশ  তেনেকুৱা নম্বৰ আৰু অসমীয়া মাধ্যমত শিক্ষাগ্ৰহণ – এনে ধৰণৰ চৰ্ত আছিল নিযুক্তিৰ ক্ষেত্ৰত ৷ আমাৰ লগৰ কেইজনমান তাত সোমাইছিল ৷ দৰমহা দুই হাজাৰ টকা আছিল ৷ সেই সময়ত সেয়া বহুত টকা ৷ মোকো কৈছিল এপ্লাই কৰিব ৷ কিন্তু মোৰ কৰা নহল ৷ তেনে সময়তে মেডিচিন কোম্পানী এটাই মেডিকেল ৰিপ্ৰেজেন্টেটিভ পদৰ বাবে বিজ্ঞাপন দিছিল, Walk in interview, হোটেল নন্দনত ৷ কোম্পানীটো খুউৱ সম্ভৱ Glaxo নে তেনেকুৱা ডাঙৰ কিবা এটা আছিল ৷ দিন, সময় ধৰি দিছিল ৷ শিক্ষাগত অৰ্হতা বিএছচি বিচাৰিছিল৷ ৷  নিৰ্দিষ্ট দিনত , যথা সময়ত গৈ উপস্হিত হৈছিলো নন্দন হোটেলত ৷ প্ৰায় চল্লিশজন মান লৰা গোট খাইছিল ৷ বেছিভাগেই বেলেগ কোম্পানীত চাকৰি কৰি থকা, কেইজনমানহে ফ্ৰেছ ৷ প্ৰথমে আমাৰ বায়’ডাটা বোৰ জমা ললে ৷ এঘন্টা/ডেৰঘন্টামান পিছত আমাৰ পোন্ধৰজনক বহিবলৈ দি বাকী সকলক বিদাই দিলে ৷  অপেক্ষাৰ সময়ত খোৱা বোৱা  মুঠতে সুন্দৰ আপ্যায়ন ৷ চাকৰি নাপালেও বেয়া নালাগিব,  ইমান সুন্দৰ খুৱাইছে- আমাৰ চবৰে কথা বতৰাত তেনেকুৱা ভাব ৷ ইন্টাৰভিউ আৰম্ভ হল ৷ প্ৰথমেই মোক মাতিলে ৷ অলপ ভয়ো লাগিল ৷ জীৱনৰ প্ৰথম  মুখামুখি  ইন্টাৰভিউ ৷ ইন্টাৰভিউ বোৰ্ডত চাৰিজন মানুহ, তাৰে এগৰাকী  মহিলা  ৷ এজনো   অসমীয়াভাষী নাই ৷ প্ৰথম প্ৰশ্নটো আছিল – Introduce yourself and why have you applied for the post?
উত্তৰ দিলোঁ। তাৰ পিছত সুধিলে, Physics, Chemistry নোহোৱাকৈ কেনেকৈ বিএছচি হলো মই, লগতে জনালে যে তেওঁলোক তেনেকুৱা বিএছচিহে বিচৰা বুলি। তেতিয়া মই বুজাই দিলোঁ Eco., Maths, Stats যিকোনো এটা বিষয়ত মেজৰ লৈ বাকী দুটা পাছ কৰ্চ ল’লে সেয়া বিএছচি হয় গুৱাহাটী বিশ্ববিদ্যালয়ত ।  যিহেতু বিজ্ঞাপনত কেনেকুৱা বিএছচি লাগিব উল্লেখ কৰা নাই, সেইবাবেই এপ্লাই কৰিছিলোঁ। তাৰ পিছত বহুত কথা পাতিলে “মাৰ্কেটিং ৰিলেটেড”, অৰ্থনীতি আদি বিষয়ক ।
দুদিনমান পিছত ফলাফল ওলাল । মই ছিলেক্ট হলো। ট্ৰেইনিংৰ বাবে বোম্বে যাব লাগে । দৰমহা মাহিলী ৩৫০০/-লগতে অন্যান্য বানছ । সেয়া সেইসময়ত লোভনীয় বুলিয়েই কব লাগিব, কাৰণ বহু চৰকাৰী চাকৰিত কৈ দৰমহা বেছি ।
কিন্তু মোৰ জইন কৰা নহ’ল । মোৰ লগতে একেলগে ইন্টাৰভিউ দিয়া আশীশ নামৰ  ল’ৰাজনে জইন কৰিলে।
আটাইতকৈ মনটোত বেয়া লাগিছিল যেতিয়া এম এছ চি পৰীক্ষা দি মই 500টকা দৰমহাত কলেজত পাৰ্টটাইম সোমাছিলো, এটা পূৰ্ণকালীন চাকৰিৰ বাবে সংগ্ৰাম আৰম্ভ কৰিছিলোঁ,  সি তেতিয়া মাৰুটিৰ আটাইতকৈ দামী মডেল  “মাৰুটি 1000” চলাইছিল। মোক বহুত কিবা কিবি গিফট্ দিছিল কোম্পানীৰ পৰা পোৱা ।‌ সি পিছলৈ বহুকেইটা কোম্পানী সলাইছিল । 2010চন মানত ভাৰতৰ বাহিৰৰ  মেডিচিন কোম্পানীত মেনেজাৰ হৈ গৈছিল । Export Import চাব লাগে বুলি  কৈছিল।  এতিয়াও কিজানি তেনেকুৱাতেই আছে ।
আমি  চাকৰি নাই নাই বুলি এনেই চিঞৰি ফুৰো । কষ্ট কৰিব নোখোজো। যোগ্যতা থাকিলে য’তে ত’তে উন্নতি কৰিব পাৰি । আচলতে আমি নিজৰ অৱস্হাৰ বাবে কম বেছি পৰিমাণে নিজেই জগৰীয়া।