ইউনুছ আৰু হাছিনা

47
  • ভাস্কৰ দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


১৯৭১ চনত পাকিস্তানৰ পৰা পৃথক হৈ এখন নতুন স্বাধীন ৰাষ্ট্ৰ বাংলাদেশৰ জন্ম হয়।সেই সময়ত দেশ খনৰ অৰ্থনৈতিক অৱস্থা একেবাৰে শোচনীয় আছিল।দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈ অশেষ কষ্ট কৰিব লগা হৈছিল দেশৰ সাধাৰণ জনসাধাৰণে।ইয়াকে দেখি চট্টগ্ৰাম বিশ্ববিদ্যালয়ৰ কৰ্মৰত অধ্যাপক ইউনুছে নিজৰ চাকৰি এৰি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি সাধাৰণ জনতাৰ মাজত ঘুৰিবলৈ ধৰে।এইদৰে ঘুৰি ফুৰোতে তেওঁ এদিন এগৰাকী মহিলাক দেখা পায়। মহিলা গৰাকীয়ে নিজৰ ভঙা পঁজাটিৰ বাহিৰত বহি বাঁহৰ মেজ বনাই আছিল। বাঁহৰ মেজ খন ইমানেই সুন্দৰ আৰু নিখুঁত আছিল যে ইউনুছে মহিলা গৰাকীৰ ওচৰলৈ গৈ বাঁহৰ মেজ খন কিনিব বিচাৰে । মহিলা গৰাকীৰ ওচৰলৈ গৈ তেওঁ বাঁহৰ মেজ খনৰ‌ দাম কিমান হ’ব সুধিলে। কিন্তু মহিলা গৰাকীয়ে মেজ খন ইউনুছক বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰে। আচলতে মহিলা গৰাকীয়ে এজন জমিদাৰ পৰা ৫০০ টকা ঋণ লৈছিল আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি এইদৰে বাঁহৰ মেজ বনাই দি আহিছিল আৰু জমিদাৰে সেই মেজ বজাৰত বিক্ৰী কৰি লাখ লাখ টকা আয় কৰিছিল।এইদৰে জমিদাৰে ৫০০ টকাৰ বিনিময়ত মহিলা গৰাকীক শোষণ কৰি আহিছিল। ইউনুছে দেশ খনৰ‌ দৰিদ্ৰতাৰ কাৰণ কি যেন বিচাৰি পালে। তেওঁ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিবলৈ ধৰিলে।ইউনুছে বুজি পাইছিল যে ঋণ আচলতে ক্ষুদ্ৰ ব্যৱসায়িক হে প্ৰয়োজন। কিন্তু তেওঁ লোকে বেঙ্কৰ পৰা কোনো ঋণ লাভ নকৰে,সেয়েহে তেওঁ নিজেই দৰিদ্ৰ ব্যক্তি সকলক ঋণ দিয়াৰ ব্যবস্থা কৰিব। ইউনুছে গাঁৱে গাঁৱে গৈ আৰ্তজনক জামিন অবিহনে টকা ধাৰলৈ আৰম্ভ কৰিল।লগতে সেই ব্যক্তিজনৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ সহায় কৰিবলৈ ধৰিলে।প্ৰথম ঋণ ৪২ গৰাকী মহিলাৰ এটা গোটক দিয়ে।অতি সোনকালে মহিলা সকলে এই ঋণ মাৰিবলৈ সক্ষম হয় আৰু এই দৰে এটা শৃংখলা আৰম্ভ হ’ল, যি পিছলৈ ‘মাইক্ৰো ফাইনেন্স ‘ বা ক্ষুদ্ৰ সঞ্চয় হিচাপে সকলোৰে বাবে পৰিচিত হৈ পৰে। এইদৰে ১৯৮৩ চনত বাংলাদেশত গ্ৰাম্য বেংক আৰম্ভ হয়।কেইবছৰমানৰ ভিতৰতে ইয়াৰ শাখা বাংলাদেশৰ প্ৰতিখন গাঁৱতে মুকলি হ’ল। এতিয়া মানুহৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বিত্তীয় সমস্যা নোহোৱা হ’ল। এই প্ৰক্ৰিয়াই বাংলাদেশৰ দৰিদ্ৰতা দূৰ কৰাত যথেষ্ট সহায় কৰিলে। ইয়াৰ খবৰ আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে আন দেশেও এই আৰ্হি গ্ৰহণ কৰিলে। অতি কম সময়ৰ ভিতৰতে বিশ্বৰ ১০০খনতকৈও অধিক দেশত ক্ষুদ্ৰ ঋণ ব্যৱস্থা আৰম্ভ হ’ল, আনকি আমেৰিকাৰ দৰে উন্নত দেশ সমূহেও ইয়াৰ আৰ্হি গ্ৰহণ কৰিলে।

বন্ধুসকল, ইয়াৰ পিছত অৰ্থাৎ ১৯৯৭ চনত ইউনুছে বাংলাদেশৰ প্ৰথমটো প্ৰিপেইড কোম্পানী গঠন কৰে যাৰ নাম ৰখা হয় গ্ৰামীণ ফোন কোম্পানী। আজি ই বাংলাদেশৰ আটাইতকৈ ডাঙৰ মোবাইল নেটৱৰ্ক, আৰু বজাৰৰ ৪৮% অংশীদাৰ আছে। ইয়াৰ ৮ কোটিতকৈ অধিক গ্ৰাহক আছে, আৰু ইয়াৰ উপৰিও ই বাংলাদেশৰ সৰ্বাধিক কৰ পৰিশোধ কৰা কোম্পানী।
এইদৰে ইউনুছে সৃষ্টি কৰা দুটা উদ্যোগ – গ্ৰামীণ বেংক আৰু টেলিকম কোম্পানী – অত্যন্ত সফল হ’ল। আগন্তুক ৪০ বছৰত তেওঁ ১ কোটি মানুহক ৪.৩ লাখ কোটিৰ টাকা ঋণ দিলে। মানুহে তেওঁক “দুখীয়াৰ বেংকাৰ” আৰু “দুখীয়াৰ বন্ধু” বুলি ক’বলৈ আৰম্ভ কৰিলে। এই মহান সাফল্যৰ বাবে তেওঁ ২০০৬ চনত নোবেল বঁটাও লাভ কৰে।

মহম্মদ ইউনুছ, আজি বাংলাদেশৰ শাসন ভাৰ সম্ভালি লৈছে। আজিৰ পৰা প্ৰায় ১৭ বছৰ আগত তেওঁ বাংলাদেশৰ শাসন ক্ষমতা ল’বলৈ সুযোগ পাইছিল।সেই সময়ত বাংলাদেশৰ‌ দুই মূখ্য নেতা শ্বেখ হাছিনা আৰু খালেদা জীয়াই কাৰাগাৰত বন্দী হৈ আছিল।বাংলাদেশত সেনাই শাসন চলাইছিল। প্ৰফেছাৰ ইউনুছে উপলব্ধি কৰিলে যে তেওঁ চৰকাৰৰ মুৰব্বী হ’লেও সাধাৰণ জনতাই তেওঁক সমৰ্থন নিদিয়ে।সেয়েহে তেওঁ সেই সুযোগ গ্ৰহণ নকৰিলে।অৱশ্যে এইবাৰ তেওঁক বাংলাদেশৰ ছাত্ৰ-ছাত্ৰীয়ে নিৰ্বাচিত কৰিছে।সেইসকল ছাত্ৰ, যাৰ বাবেই শ্বেখ হাছিনাক উৎখাত কৰা সম্ভৱ হৈছে।সেইসকল ছাত্ৰ-ছাত্ৰী, যিসকল এতিয়া বাংলাদেশ চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। সেইসকল ছাত্ৰ-ছাত্ৰী, যাৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে কেৱল পদত্যাগ কৰাই নহয় নিজৰ দেশ এৰি আতৰি যাবলৈ বাধ্য হৈছে।

এই সকলো আৰম্ভ হৈছিল
৫ জুনত লোৱা এটা সিদ্ধান্তৰ পৰা। ২০২১ চনত বাংলাদেশৰ স্বাধীনতা সংগ্ৰামীৰ ৭টা সন্তানে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি তেওঁলোকে চৰকাৰী চাকৰিত সংৰক্ষণৰ দাবী জনাইছিল। ৩ বছৰৰ পাছত আদালতে তেওঁলোকৰ বাবে চৰকাৰী চাকৰিৰ ২০ শতাংশ আসন সংৰক্ষণ কৰে বুলি ৰায় দান কৰে। ইয়াৰ ফলত সাধাৰণ শ্ৰেণীৰ অন্তৰ্গত বাংলাদেশৰ যুৱক- যুৱতীসকল ক্ষুব্ধ হৈ পৰে আৰু ১ জুলাইত স্কুল-কলেজ-বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে ওলাই আহি ৰাজপথত গণ প্ৰতিবাদ আৰম্ভ কৰে। চৰকাৰে তেওঁলোকক বাধা দিবলৈ বল প্ৰয়োগ কৰিবলগীয়া হয়। ফলত আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়, য’ত ছয়জন লোক নিহত হয়।ইয়াৰ পিছত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধে বিক্ষোভ ইমানেই বৃহৎ পৰ্যায়ত উপনীত হ’ল যে সেনাইও পৰিস্থিতি চম্ভালিব নোৱাৰা হ’ল, আনকি সান্ধ্য আইনো কামত নাহিল। বিষয়টো নিষ্পত্তি কৰিবলৈ ২১ জুলাইত উচ্চতম ন্যায়ালয়ে সংৰক্ষণ ২০ শতাংশৰ পৰা ৭ শতাংশলৈ হ্ৰাস কৰে। কিন্তু তেতিয়ালৈকে এই ছাত্ৰ-ছাত্ৰীসকলে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ বিচাৰি দাবী উত্থাপন কৰে ।সেয়েহে ৫ আগষ্টত ছাত্ৰ-ছাত্ৰী সকলে ঢাকা অভিমুখে দলে দলে পদযাত্ৰা কৰে। প্ৰতিবাদকাৰীয়ে শ্বেখ হাছিনাৰ ঘৰত প্ৰৱেশ কৰি তেওঁৰ সামগ্ৰী লুট কৰে। শ্বেখ হাছিনাই দেশ এৰি ভাৰতলৈ আহিব লগা পৰিস্থিতিৰ উৎপন্ন হয়।সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানে অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ ঘোষণা কৰে।কিন্তু এইখিনিতে মনলৈ প্ৰশ্ন আহে, বাংলাদেশক দৰিদ্ৰতাৰ পৰা উলিয়াই অনা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা কেনেকৈ নিজৰ মানুহৰ দৃষ্টিত ইমান অপ্ৰিয় হৈ পৰিল?বাংলাদেশত সংৰক্ষণ ইমান গুৰুত্বপূৰ্ণ বিষয় কিয়? ৰাজাকাৰ কোন, যাৰ তুলনা কৰোঁতে ছাত্ৰ-ছাত্ৰীসকলে ইমান প্ৰতিবাদ কৰিছে, যাৰ বাবে শ্বেখ হাছিনাৰ চৰকাৰ উফৰাই পেলোৱা হ’ল? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বাংলাদেশৰ ইতিহাসৰ গভীৰতাত লুকাই আছে, যাক জানিবলৈ আমি ইছলামবাদৰ যমজ চহৰ ৰাৱালপিণ্ডিৰ দিশে যাব লাগিব।

পাকিস্তানৰ ৰাজধানী দিল্লীৰ পৰা প্ৰায় ৭০০ কিলোমিটাৰ নিলগত পাকিস্তানৰ ৰাজধানী ইছলামবাদৰ সমীপত অৱস্থিত ৰাৱালপিণ্ডি চহৰ। একে ধৰণৰ ৰূপৰ বাবে এই দুখন চহৰক টুইন চিটি বুলি কোৱা হয়।কিন্তু অতি কম সংখ্যক লোকেহে গম পায় যে এনে এটা সময় আছিল যেতিয়া এই ৰাৱালপিণ্ডিত ভাৰতৰ মৌৰ্য সম্ৰাট সকলে শাসন কৰিছিল। ভাৰতৰ বিখ্যাত তক্ষশিলা বিশ্ববিদ্যালয়ো ৰজা ভৰতৰ পুত্ৰ তক্ষই নিৰ্মাণ কৰিছিল।অষ্টম শতিকাত, বাপ্পা ৰাৱাল মেৱাৰৰ ৰজা হয়। বাপ্পা ৰাৱাল ৰজা হৈ জানিব পাৰিলে যে আৰবৰ ডকাইতবোৰ মুলতান হৈ পশ্চিম ৰাজস্থানৰ দিশে আগবাঢ়িছে, আৰু তাৰ পৰাই মালৱাতো আক্ৰমণ কৰিব। মহম্মদ বিন কাছিমে মুলতানক ইতিমধ্যে দখল কৰি লৈছিল।এই কথা দেখি বাপ্পা ৰাৱালে আৰবৰ বিৰুদ্ধে প্ৰতিশোধ লবলৈ ওলোটাই আক্ৰমণ কৰি খেদি খেদি মুলতান পালেগৈ।ভয়ত কাছিমে পলাই যায়।কাছিম যাতে পুনৰ ঘূৰি নাহে তাৰ বাবে বাপ্পা ৰাৱালে তক্ষশিলাৰ ওচৰত চেকপোষ্ট নিৰ্মাণ কৰি বাপ্পা ৰাৱালৰ বহু সংখ্যক জোৱান চহৰখনৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰে। বন্ধুসকল এই চহৰখনৰ নাম বাপ্পা ৰাৱালৰ নামেৰে পাছলৈ ৰাৱালপিণ্ডি ৰখা হৈছিল। ৰাৱালপিণ্ডিত ২০০ বছৰ মোগলে, ১০০ বছৰ শিখ সকলৰ দ্বাৰা আৰু তাৰ পিছত ইংৰাজে শাসন কৰিছিল। পিছলৈ এই ৰাৱালপিণ্ডিত টিক্কা খানৰ জন্ম হৈছিল, ১৯১৫ চনত। যাক পাকিস্তানৰ ইতিহাসত “ৰাৱালপিণ্ডিৰ নায়ক” বুলিও কোৱা হয়। কোন এই টিক্কা খান? কাহিনীৰ লগত কি সম্বন্ধ?আহক আলোচনা কৰোঁ।

আৰম্ভণিৰে পৰা টিক্কা খানে সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিল, সেয়েহে তেওঁ ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমীত নামভৰ্তি কৰে আৰু তাৰ পিছত মধ্যপ্ৰদেশৰ আৰ্মী কেডেট কলেজত অধ্যয়ন কৰে।ইয়াৰ পিছত ১৯৩৫ চনত তেওঁ ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত যোগদান কৰে।সেই সময়ত যিহেতু দেশ বিভাজন হোৱা নাছিল,সেয়েহে তেওঁ ডেৰাডুন আৰু মধ্যপ্ৰদেশৰ শ্ৰেষ্ঠ সেনা বিদ্যালয়ত পঢ়ি পাছলৈ ব্ৰিটিছ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিছিল।দ্বিতীয় বিশ্বযুদ্ধত তেওঁ বাৰ্মা আৰু ইটালিৰ ফ্ৰণ্টতো যুদ্ধ কৰিছিল যদিও দেশ বিভাজনৰ পিছত ভাৰতৰ সলনি পাকিস্তানক বাছি লৈছিল। ১৯৬২ চনত পাকিস্তান সেনাই তেওঁক মেজৰ জেনেৰেল নিযুক্ত কৰে আৰু তাৰে তিনি বছৰৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হৈছিল।কোৱা হয় যে সেই সময়ত টিক্কা খান কাটচত পোষ্টিং আছিল , য’ত তেওঁ ভাৰতীয় সেনাবাহিনীক কঠিন প্ৰত্যাহ্বান জনাইছিল যাৰ কাৰণে তেওঁ পাকিস্তানত বিখ্যাত হৈ পৰিছিল। নিউয়ৰ্ক টাইমছৰ দৰে বাতৰি কাকতে তেওঁক প্ৰশংসা কৰি তেওঁৰ ওপৰত বাতৰি প্ৰচাৰ কৰি টিক্কা খানক “ৰাৱালপিণ্ডিৰ নায়ক” বুলি অভিহিত ক’ৰিছিল।কিন্তু কোনেও তেতিয়ালৈকে গম পোৱা নাছিল যে পাকিস্তানৰ এই নায়ক টিক্কা খান এদিন বাংলাদেশৰ কসাই হিচাপে খ্যাতি লাভ কৰিব।১৯৭১ চনত পূব পাকিস্তানত এক বৃহৎ বিদ্ৰোহৰ সুত্ৰপাত হয়। পূব পাকিস্তানৰ জনসাধাৰণে যিকোনো মূল্যৰ বিনিময়ত পশ্চিম পাকিস্তানৰ পৰা পৃথক হৈ নিজৰ সুকীয়া দেশ বাংলাদেশ সৃষ্টি কৰিব বিচাৰিছিল, সেইবাবেই তেওঁলোকে আন্দোলন আৰম্ভ কৰিছিল।এই আন্দোলন মষিমূৰ কৰিবলৈ পাকিস্তানে জেনেৰেল টিক্কা খানক পঠিয়াইছিল। ১৯৭১ চনৰ মাৰ্চ মাহত টিক্কা খান পূৱ পাকিস্তানত উপস্থিত হয়।
টিক্কা খানে ইয়াত প্ৰতিবাদ কৰা স্থানীয় সেনাবাহিনী, যাৰ নাম মুক্তি বাহিনী বুলি জনাজাত,তিনিও ফালৰ পৰা খেদিবলৈ পৰিকল্পনা কৰে। কোৱা হয় যে তেওঁ আল বদৰ, আল শ্বামছ আৰু ৰাজাকাৰ নামৰ তিনিটা ইউনিট গঠন কৰি জামাতৰ ইছলামী নেতা মৌলানা আব্দুল কালামক ৰাজাকাৰৰ মুৰব্বী হিচাপে নিযুক্তি কৰে।বন্ধুসকল, ৰাজাকাৰ আৰবী শব্দ, যাৰ অৰ্থ হৈছে ‘স্বেচ্ছাসেৱক’ বা ‘সমৰ্থক’। ইয়াৰে দেশ বিভাজনৰ সময়ত বিহাৰৰ পৰা পূব পাকিস্তানলৈ পলাই যোৱা সেই মুছলমান সকল আছিল।তেওঁলোকে উৰ্দু ভাষা ব্যৱহাৰ কৰিছিল। বাংলাভাষী লোকে যদি পূব পাকিস্তানক বাংলাদেশলৈ ৰূপান্তৰিত কৰে তেন্তে তেওঁলোকৰ কি হ’ব বুলি তেওঁ লোকে ভয় খাইছিল। এই ভয়ৰ সুযোগ লৈ জেনেৰেল টিক্কা খানে ৰাজাকাৰক নিজৰ ফালে যোগ দিয়ালে।২৫ মাৰ্চত টিক্কা খানে যেতিয়া আৱামী লীগৰ বিৰুদ্ধে প্ৰত্যক্ষ সামৰিক অভিযান “চাৰ্চ লাইট” আৰম্ভ কৰিছিল, তেতিয়া ৰাজাকাৰেও বাঙালী হত্যাকাণ্ড আৰম্ভ কৰিছিল। আৰম্ভণিতে মাত্ৰ ৯৬ জন ৰাজাকাৰ আছিল যদিও অতি সোনকালেই ৰাজাকাৰৰ সংখ্যা ৫০০ লৈ বৃদ্ধি পালে। এই ৰাজাকাৰ সকল দৰিদ্ৰ আৰু নিৰক্ষৰ আছিল। তেওঁলোকে অনুভৱ কৰিছিল যে তেওঁলোকে ইছলামৰ বাবে যুঁজিছে।ৰাজাকাৰ সকলে পাকিস্তানী সেনাৰ সৈতে মিলি ৮ মাহত ৩০ লাখ বাংলাদেশীক হত্যা কৰাৰ লগতে ৪ লাখ মহিলাক ধৰ্ষণ কৰে।২৪৪ দিনৰ সংগ্ৰামত বাংলাদেশত এনে এটা দিন নাছিল য’ত কোনো গণহত্যা বা ধৰ্ষণ হোৱা নাছিল। এই ঘটনাৰ পিছত জেনেৰেল টিক্কা খান “বংগৰ কসাই” নামেৰে পৰিচিত হ’ল।কিন্তু ৰাজাকাৰ শব্দটোৰ অৰ্থ কেনেকৈ “দেশদ্ৰোহী” হ’ল তাৰ আঁৰত এটা বেলেগ কাহিনী আছে। ১৮ ডিচেম্বৰৰ পুৱা ঢাকাৰ বাহিৰত একেলগে ১২৫টা মৃতদেহ উদ্ধাৰ হয়, য’ত তেওঁ লোকৰ হাত বান্ধি ইমানেই অত্যাচাৰ কৰি হত্যা কৰা চিন স্পষ্ট হৈ আছিল যে মৃতদেহ বোৰ চিনি পোৱাটো কঠিন হৈ পৰিছিল।তাতোকৈ আশ্চৰ্যজনক কথাটো হ’ল যে সকলো মৃতদেহ বাংলাদেশৰ বিখ্যাত ব্যক্তিৰ আছিল, যাক ৰাজাকৰে ভাৰতীয় সেনাৰ লগত আলোচনা কৰিব পৰাকৈ পনবন্দী কৰি ৰাখিছিল।কিন্তু পাকিস্তানে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি গম পোৱাৰ লগে লগে ঢাকাৰ বাহিৰৰ এটা কাৰখানাত এই লোকসকলক তেওঁলোকে হত্যা কৰাই নহয়, আনকি
আত্মীয়ৰ মৃতদেহ সংগ্ৰহ কৰিবলৈ অহা সকলৰ ওপৰতো গুলীচালনা কৰিছিল ।ভাৰতীয় সেনাই এই কথা জানিব পাৰি লগে লগে কাৰখানাটো ৰাজাকাৰৰ পৰা মুক্ত কৰে। এই সমগ্ৰ কাৰ্য্যত দুজন ৰাজাকাৰ মাত্ৰ জীয়াই থাকিল ,যিয়ে মানি লৈছিল
কেনেকৈ তেওঁলোকে ৩০০ৰো অধিক লোকক অত্যাচাৰ কৰি হত্যা কৰিছিল।এই ঘটনাৰ পিছত বাংলাদেশত ৰাজাকাৰৰ অৰ্থ বিশ্বাসঘাতক হ’বলৈ ধৰিলে, মানুহে ইয়াক অপমানজনক শব্দ বুলি গণ্য কৰিবলৈ ধৰিলে আৰু এই শব্দ ব্যৱহাৰ কৰা কাৰণে শ্বেখ হাছিনাক উৎখাত কৰা হ’ল।নৱগঠিত বাংলাদেশত চৰকাৰ গঠন হোৱাত চৰকাৰী চাকৰিৰ ৮০% আসন সংৰক্ষিত হ’ব বুলি সিদ্ধান্ত লোৱা হৈছিল। বাংলাদেশৰ ‘দ্য ডেইলী ষ্টাৰ’ কাকত অনুসৰি ১০% আসন মহিলাৰ বাবে, ৪০% আসন পিছপৰা জিলাৰ বাবে, আৰু ৩০% আসন আৰূ বাংলাদেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ সদস্যৰ বাবে ৰখা হৈছিল।অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ বাবে মাত্ৰ ২০% আসনহে বাকী আছিল।প্ৰথম অৱস্থাত কোনেও এই সিদ্ধান্তৰ বিৰোধিতা কৰা নাছিল যদিও ১৯৭৬ চনৰ পৰা সাধাৰণ শ্ৰেণীৰ লোকসকলে এই সিদ্ধান্তক সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে।তেওঁলোকক সন্তুষ্ট কৰিবলৈ চৰকাৰে পিছপৰা জিলাৰ সংৰক্ষণ ২০% হ্ৰাস কৰি সাধাৰণ শ্ৰেণীত ৪০% আসন সংৰক্ষণৰ ব্যৱস্থা কৰে।১৯৮৫ চনত সংখ্যালঘুৰ বাবে ৫% কোটাও সংযোজন কৰা হয়, আৰু সাধাৰণ শ্ৰেণীত ৪৫% আসন সংৰক্ষিত কৰা হয়। অৱশ্যে তেতিয়াও ফ্ৰিডম ফাইটাৰৰ সন্তানে নিজৰ কোটাৰ সুবিধা পাবলৈ আৰম্ভ কৰিলে।সাধাৰণ শ্ৰেণীৰ লোকসকল এই কথাত অসন্তুষ্ট হোৱা নাছিল কাৰণ খালী হৈ থকা আসন সমূহত কেৱল সাধাৰণ শ্ৰেণীৰ লোকসকলহে নিৰ্বাচিত হৈছিল। কিন্তু সময়ৰ লগে লগে পৰিস্থিতি সলনি হ’ল। বাংলাদেশৰ যুৱক-যুৱতী সকলৰ মাজত চৰকাৰী চাকৰিৰ প্ৰতি আগ্ৰহ বাঢ়িব ধৰিলে।কিন্তু পৰিস্থিতি বিষম হৈ পৰে যেতিয়া ২০০৯ চনত এই স্বাধীনতা সংগ্ৰামী সকলৰ নাতি- নাতিনী অৰ্থাৎ আত্মীয় -স্বজনেও সংৰক্ষণৰ সুবিধা লাভ কৰিবলৈ আৰম্ভ কৰিলে।ইয়াৰ ওপৰিও ২০১২ চনত ১% আসন বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত কৰা হ’ল। ২০১৩ চনলৈকে পৰিস্থিতি এনেকুৱা হৈ পৰিল যে বাংলাদেশৰ চৰকাৰী চাকৰিৰ ৫৬% আসন সংৰক্ষিত হৈ সাধাৰণ শ্ৰেণীৰ বাবে মাত্ৰ ৪৪% আসনহে বাকী থাকিল, যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ বাঢ়ি গ’ল।২০১৮ চনত বাংলাদেশত প্ৰায় চাৰি মাহ ধৰি বিক্ষোভ অব্যাহত আছিল।অৱশেষত হাছিনা চৰকাৰে কোটা ব্যৱস্থা অন্ত পেলাবলৈ বাধ্য হ’ল আৰু এতিয়া মানুহক যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিবলৈ ধৰিলে।হাছিনাৰ এই সিদ্ধান্তত ছাত্ৰ-ছাত্ৰী সকল সুখী হৈছিল আৰু হাছিনাইও এক বৃহৎ সকাহ পাইছিল।সময় বাগৰাৰ লগে লগে ২০২৪ চনৰ জানুৱাৰী মাহত পুনৰবাৰ নিৰ্বাচন অনুষ্ঠিত হয়। কিন্তু এই নিৰ্বাচনত বিৰোধীয়ে অংশ নোলোৱাত ৰাইজৰ সন্মুখত একমাত্ৰ বিকল্প আছিল শ্বেইখ হাছিনা।তথাপিও নিৰ্বাচন অনুষ্ঠিত হৈ হাছিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী হয়। মে’ মাহলৈকে সকলো ঠিকেই চলি আছিল যদিও ৫ জুনত উচ্চ ন্যায়ালয়ৰ ৰায়দানত চৰকাৰক চৰকাৰী চাকৰিৰ কোটা ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হয়।যদিও হাছিনা চৰকাৰেও উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল, কিন্তু তেতিয়ালৈকে সাধাৰণ শ্ৰেণীৰ লোকৰ মাজত আশংকা বিয়পিবলৈ ধৰিলে।

বন্ধুসকল, সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতৰ দৰে বাংলাদেশৰ যুৱক-যুৱতীসকলৰ চৰকাৰী চাকৰিৰ প্ৰতি যথেষ্ট উৎসাহ আছে।ভাৰতৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ অৰ্থাৎ ইউ পি এছ চিৰ দৰে প্ৰতি বছৰে ৪ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে বাংলাদেশ লোকসেৱা আয়োগ অৰ্থাৎ বি পি এছ চিৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।২০১৮ চনত কোটা ব্যৱস্থা বিলুপ্ত হোৱাৰ পিছত মেৰিটৰ ভিত্তিত চৰকাৰী চাকৰি দিবলৈ আৰম্ভ কৰিছৈ যদিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে অনুভৱ কৰিবলৈ ধৰিলে যে আধাতকৈ অধিক আসন কোটা ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে তেওঁলোকে হেৰুৱাব।এই কথাত ক্ষুব্ধ হৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰিব ধৰে। ছাত্ৰ -ছাত্ৰী সকলৰ মতে হ’ল যে স্বাধীনতা সংগ্ৰামীৰ আত্মীয়ক সংৰক্ষণ দি লাভ নাই। এনে কৰিলে চৰকাৰে সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত অন্যায় কৰা হব।আনহাতে ছাত্ৰ-ছাত্ৰীসকলে আৰু পাঁচটা দাবী চৰকাৰৰ সন্মুখত উত্থাপন কৰে যদিও চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াত, ১ জুলাইৰ দিনা ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত চৰকাৰৰ বিৰুদ্ধে শ্লোগান উত্থাপন হ’বলৈ ধৰিলে।১৩ দিন এই বিক্ষোভ অব্যাহত থাকিল যদিও চৰকাৰে বিষয়টোৰ প্ৰতি কোনো কান নিদিয়াত পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰিল।১৪ জুলাইত হাছিনাই এটা টিভি চেনেলত সাক্ষাৎকাৰ দিছিল। সাক্ষাৎকাৰত তেওঁক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ আৰু সংৰক্ষণ সম্পৰ্কে প্ৰশ্ন কৰা হৈছিল। প্ৰত্যুত্তৰত তেওঁ ক’লে যে যদি স্বাধীনতা সংগ্ৰামীৰ পুত্ৰ-নাতিসকলে সংৰক্ষণ নাপায়, তেন্তে ৰাজাকাৰৰ নাতি-নাতিনীয়ে সংৰক্ষণ পাব নেকি?

হাছিনাৰ এই ধৰণৰ বক্তব্যত ছাত্ৰ-ছাত্ৰীসকল অধিক ক্ষুব্ধ হৈ পৰিল। তেওঁৰ আন মন্ত্ৰীসকলেও একেধৰণৰ বক্তব্য প্ৰদান কৰিলে। ৰাজাকাৰৰ সৈতে কৰা তুলনাই ছাত্ৰ-ছাত্ৰীক ক্ষুব্ধ কৰি তুলিছিল, আৰু ঢাকা বিশ্ববিদ্যালয়ত “তুমি কে আমি কে ৰাজাকাৰ” আদি শ্লোগান উত্থাপন হ’বলৈ আৰম্ভ কৰিলে।ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে বাংলাদেশৰ চৰকাৰী চেনেল বিটিভিৰ কাৰ্যালয়ত জুই লগাই দিয়ে, তাৰ পিছত চৰকাৰেও ব্যৱস্থা ল’ব লগা হ’ল। পৰিস্থিতি শান্ত কৰিবলৈ বাংলাদেশত স্কুল- কলেজ বন্ধ ঘোষণা কৰা হ’ল।মোবাইল ইণ্টাৰনেট আৰু ৰেল সেৱাও বন্ধ কৰি দিয়া হয়। আৰক্ষী আৰু সেনাই ছাত্ৰ-ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথলৈ ওলাই আহিল, আৰু তেওঁলোকৰ এই কাৰ্য্যত ছয়জন ছাত্ৰই প্ৰাণ হেৰুৱালে। ইয়াৰ পিছতে ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে হাছিনাৰ পদত্যাগ দাবী কৰিবলৈ আৰম্ভ কৰে। বিষয়টো শান্ত কৰিবলৈ শ্বেখ হাছিনাই ছাত্ৰ-ছাত্ৰীসকলক আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায় আৰু দোষীক শাস্তি দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে যদিও ছাত্ৰ- ছাত্ৰীসকলে হাছিনাৰ পদত্যাগ বিচাৰে ।২১ জুলাইত উচ্চতম ন্যায়ালয়ে সংৰক্ষণ হ্ৰাস কৰিছিল যদিও ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক ক্ষান্ত নহ’ল। একে সময়তে বাংলাদেশৰ বিৰোধী দল আৰু মৌলবাদী নেতাসকলেও ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত সমৰ্থন জনায়। মুঠৰ ওপৰত সমগ্ৰ দেশতে শ্বেখ হাছিনাৰ বিৰুদ্ধে এক পৰিৱেশৰ সৃষ্টি হ’ল। ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰে যে হাছিনাৰ আৰক্ষীয়ে তেওঁলোকক ভয় খুৱাই প্ৰতিবাদৰ অন্ত পেলাব বিচাৰিছে।অভিযোগ উত্থাপন হ’ল যে যোৱা ২০ জুলাইত ছাত্ৰ নেতা নাহিদ ইছলামক ডিটেক্টিভ ব্ৰাঞ্চে তুলি লৈ পথত বেয়াকৈ প্ৰহাৰ কৰিছিল। আন এজন ছাত্ৰ নেতা আছিফ মেহমুদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অচেতন হবলৈ বেজী দিয়াৰ লগতে প্ৰতিবাদ বন্ধ কৰিবলৈ অস্বীকাৰ কৰাত তীব্ৰ প্ৰহাৰ কৰিছিল। একে সময়তে নাগৰিক অধিকাৰ আৰু মানৱ অধিকাৰৰ বাবে কাম কৰা ছাত্ৰ আবু বকৰ মজুমদাৰক যোৱা ১৯ জুলাইৰ সন্ধিয়া ধনমণ্ডী অঞ্চলৰ পৰা উঠাই আনি মাৰপিট কৰি এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল। এই ছাত্ৰ নেতাসকলৰ আহত মুখখন যেতিয়া পোহৰলৈ আহিল, তেতিয়া ছাত্ৰ- ছাত্ৰীসকলে আৰু অধিক প্ৰতিবাদ সাব্যস্ত কৰে। ৪ আগষ্টলৈকে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণহীন হৈ পৰে।

ঠিক পিছদিনা ছাত্ৰ-ছাত্ৰীসকলে ঢাকা অভিমুখে মাৰ্চ কৰিব বুলি আলটিমেটাম দিয়ে যদিও হাছিনাই যিকোনো প্ৰকাৰে এই প্ৰতিবাদ বন্ধ কৰিব বিচাৰিছিল। কিন্তু কিয় দেশ এৰি যাব লগা হ’ল তাৰ আঁৰত এটা বেলেগ কাহিনী আছে।

৫ আগষ্ট ২০২৪, স্থান হিন্দুস্তান। ঢাকাৰ পৰা প্ৰায় ১৮০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ভাৰতৰ ৰাজধানী দিল্লীলৈ দুখন আবেদন প্ৰেৰণ কৰা হয়। প্ৰথম আবেদনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক কিছু সময়ৰ বাবে ভাৰত ভ্ৰমণৰ অনুমতি দিবলৈ আহ্বান জনোৱা হৈছিল। দ্বিতীয় আবেদনত বাংলাদেশৰ চৰকাৰী সামৰিক বিমান ভাৰতত প্ৰৱেশৰ বাবে ক্লিয়াৰেন্স বিচৰা হৈছিল।অনুমতি লোৱাৰ পিছতে শ্বেখ হাছিনাৰ বিমান সন্ধিয়া দিল্লীত অৱতৰণ কৰে। কোৱা হয় যে হাছিনাই কোনো মূল্যৰ বিনিময়ত বাংলাদেশ এৰি যাব বিচৰা নাছিল যদিও বাধ্য হৈছিল।

৫ আগষ্টৰ পুৱা ৪ লাখৰো অধিক প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ ৰাজপথত সমবেত হৈ পি এম হাউছৰ ফালে সমদল আৰম্ভ কৰে। তেতিয়া বাংলাদেশৰ তিনি সেনাৰ মুৰব্বী আৰু আৰক্ষী অধীক্ষকে শ্বেখ হাছিনাক লগ কৰিবলৈ আহিল। হাছিনাৰ ভনীয়েক ৰিহানাও সেই সময়ত ঘৰত আছিল। হাছিনাই সেনা প্ৰধানক প্ৰতিবাদকাৰীক বাধা দিবলৈ কয়। তেতিয়া সেনা প্ৰধান ৱাকাৰ উজ জামানে তেওঁক ক’লে যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ঢাকাত উপস্থিত হৈছে আৰু তেওঁলোক পি এম হাউছৰ অতি ওচৰত। যদি হাছিনাক বচাবলগীয়া হয় তেন্তে মানুহৰ ওপৰত গুলীচালনা কৰিব লাগিব, যাৰ ফলত বহুত লোক হতাহত হ’ব পাৰে, আৰু তেতিয়াও প্ৰতিবাদ নিয়ন্ত্ৰণৰ কোনো নিশ্চয়তা নাই।

এই কথা শুনি হাছিনাৰ ভনীয়েক ৰিহানাই হাছিনাক অকলে লৈ গৈ ২০ মিনিট ধৰি বুজাই থাকিল, কিন্তু হাছিনাই মান্তি নহ’ল। তেতিয়া সেনা প্ৰধান ৱাকাৰ উজ জামানে আমেৰিকাত বহি থকা হাছিনাৰ পুত্ৰ ৱাজেদ জয়ক ফোন কৰি হাছিনাক কথাবোৰ বুজাবলৈ অনুৰোধ কৰিলে। হাছিনাই জয়ৰ লগত কথা পাতি তাৰ পিছত দেশ এৰি যাবলৈ মান্তি হ’ল।
কোৱা হয় যে বাংলাদেশ এৰি যাবলৈ তেওঁলোকৰ হাতত মাত্ৰ এঘণ্টা সময় আছিল। দুপৰীয়া ১:০০ বজাত ভনীয়েক ৰিহানাক লৈ হাতত এখন ডাঙৰ ফটো ফ্ৰেম লৈ নামি আহি গাড়ীত উঠি পি এম হাউচৰ ফালে আগবাঢ়িল। হাছিনাৰ কনভয়ত প্ৰায় ১২খন বাহন আছিল যদিও ৰাইজে ইতিমধ্যে প্ৰধান মন্ত্ৰী আবাস ঘেৰি ধৰিছিল । ইয়াৰ পিছত সেনা বাহিনীৰ সহায়ত কেনেবাকৈ সেই অৱস্থাৰ পৰা হাছিনাক উদ্ধাৰ কৰি উলিয়াই অনা হ’ল।

তাৰ পৰা হাছিনাক পোনে পোনে হেলিপেডলৈ লৈ অহা হয় আৰু দুয়োগৰাকী ভগ্নীয়ে হেলিকপ্টাৰত উঠি বিমানবন্দৰলৈ আহে। তাৰ পিছত সামৰিক বিমানেৰে পোন প্ৰথমে ত্ৰিপুৰালৈ আহে আৰু তাৰ পৰা দিল্লী পালেহি। সন্ধিয়া ৬:০০ বজাত হাছিনাৰ বিমান গাজিয়াবাদৰ হিন্দন বিমান ঘাটিত অৱতৰণ কৰে, য’ত তেওঁক এন এছ এ অজিত ডোভালে ৰিচিভ কৰে।

একে সময়তে বাংলাদেশৰ সেনা প্ৰধানে বিৰোধী দলসমূহৰ সৈতে জৰুৰী বৈঠকত মিলিত হয় আৰু শ্বেখ হাছিনাই পদত্যাগ কৰা বুলি ঘোষণা কৰে। তেওঁ কয়, “আমি এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিম। আমি এতিয়াই দেশৰ শাসন নিজৰ আয়ত্বত লৈছোঁ। আন্দোলনৰ সময়ত যিসকলক হত্যা কৰা হৈছে তেওঁলোকক ন্যায় বিচাৰ কৰা হ’ব।”

কিন্তু তেতিয়ালৈকে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে হাছিনাৰ ঘৰৰ সামগ্ৰী কেনেদৰে লুটপাত কৰিছে তাৰ ছবি সংবাদ মাধ্যমত প্ৰকাশ পাবলৈ আৰম্ভ কৰিছিল।কোনোবাই কুকুৰা চুৰি কৰিছিল আৰু কোনোবাই শাড়ী চুৰি কৰিছিল। আশ্চৰ্যজনক কথাটো হ’ল এইসকল লোকে আনকি বাংলাদেশৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ ফটো আৰু প্ৰতিমূৰ্তি ভাঙি পেলাইছিল।

ইতিমধ্যে ছাত্ৰ নেতাৰ লগত সেনা আৰু বিৰোধীয়ে নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ বাবে বৈঠক অনুষ্ঠিত কৰে। ইয়াৰ মুখ্য পদৰ বাবে সকলোৱে মাত্ৰ এটা নামত একমত হৈছিল আৰু এই নামটো আছিল মহম্মদ ইউনুছ। কিন্তু এতিয়া প্ৰশ্ন উঠিছে যে কেৱল মহম্মদ ইউনুছে কিয়? খালেদা জিয়া কিয় মুৰব্বী কৰা নহ’ল?

হাছিনা আৰু ইউনুছৰ শত্ৰুতাৰ প্ৰকৃত কাৰণ বুজিবলৈ আমি অলপ পিছুৱাই যাব লাগিব।
এই ঘটনা ১৯৯৭ চনৰ, যেতিয়া মহম্মদ ইউনুছ আৰু শ্বেখ হাছিনাৰ মাজত বন্ধুত্ব আছিল। সেই সময়ত ইউনুছে আমেৰিকাত এটা অনুষ্ঠানৰ আয়োজন কৰিছিল, য’ত শ্বেখ হাছিনা সহ-সভাপতি আছিল। এই অনুষ্ঠানত হাছিনাই ইউনুছক বহুত প্ৰশংসা কৰিছিল আৰু তেওঁক দৰিদ্ৰতা নিৰাময়কাৰী বুলি অভিহিত কৰিছিল। ইউনুছ শ্বেখ মুজিবুৰ ৰহমানৰ কঠোৰ সমৰ্থক আছিল, আনকি বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে এখন বাতৰি কাকতো আৰম্ভ কৰিছিল। দৰিদ্ৰতা নিৰ্মূলৰ বাবে ইউনুছে শান্তিৰ নোবেল বঁটা লাভ নকৰালৈকে দুয়োৰে মাজত বন্ধুত্ব অব্যাহত আছিল।

কিন্তু ২০০৭ চনত তেওঁলোকৰ বন্ধুত্ব ভাঙন ধৰে । ২০০৭ চনৰ ১৮ ফেব্ৰুৱাৰীত ইউনুছে “নাগৰিক শক্তি” নামৰ এটা ৰাজনৈতিক দল গঠন কৰে। তেওঁ বিচাৰিছিল যে বাংলাদেশৰ জনসাধাৰণে শ্বেখ হাছিনা আৰু খালেদা জিয়াৰ বাহিৰে তৃতীয় বিকল্প লাভ কৰক।এইদৰে ৰাজনীতিত প্ৰৱেশ কৰাৰ পিছত শ্বেখ হাছিনাৰ প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বী হৈ পৰে। হাচিনাই ইউনুছৰ ৰাজনীতিত প্ৰৱেশৰ কাৰণ বুজি পোৱা নাছিল আৰু ইয়াৰ পৰাই আৰম্ভ হৈছিল দুয়োৰে মাজত শত্ৰুতা।ৰাজনীতিৰ প্ৰবেশৰ পথ ইউনুছৰ বাবেও সূগম নাছিল, যদিও তেওঁৰ দলত শিক্ষিত লোক আছিল, কিন্তু তেওঁলোক অভিজ্ঞ নেতা নাছিল। ইয়াৰ বাবেই তেওঁ জন সমৰ্থন লাভ নকৰিলে। তদুপৰি ইউনুছ গ্ৰামীন বেংকৰ সঞ্চালক হৈয়েই থাকিল, যাৰ বাবে আন নেতাৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিৰ মাজতে বাংলাদেশ সেনাই ক্ষমতা দখল কৰি শ্বেখ হাছিনা আৰু খালেদা জিয়া দুয়োকে জেলত ভৰাই থৈছিল আৰু ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল।

অৱশ্যে ইউনুছে সেই প্ৰস্তাৱ নাকচ কৰিলেও হাছিনাৰ লগত তেওঁৰ শত্ৰুতা আৰু গভীৰ হৈ পৰিল। হাছিনাই মুকলিকৈ কৈছিল যে ৰাজনীতিত নতুন মানুহবোৰ প্ৰায়ে বিপদজনক আৰু সন্দেহৰ দৃষ্টিৰে চোৱা উচিত। গ্ৰামীণ বেংকৰ পৰা পদত্যাগ কৰিবলৈ ইউনুছৰ ওপৰত হেঁচা ক্ৰমান্বয়ে বাঢ়ি অহাত অৱশেষত ৭৬ দিনৰ ভিতৰতে তেওঁ নিজৰ দল এৰিবলগীয়া হ’ল।২০০৮ চনত যেতিয়া হাছিনাই পুনৰ ক্ষমতা দখল কৰে তেতিয়া তেওঁ ইউনুছৰ বিৰুদ্ধে তদন্তকাৰী সংস্থা সক্ৰিয় কৰে। বিদেশৰ পৰা ভুলকৈ ধন লোৱা আৰু টেলিকম আইন ভংগ কৰাৰ অভিযোগ উত্থাপন হৈছিল ইউনুছৰ বিৰুদ্ধে। অৱশেষত ২০১১ চনত তেওঁ সৃষ্টি কৰা গ্ৰামীণ বেংকৰ পৰা ইউনুছক বৰ্খাস্ত কৰা হয়।২০২২ চনত পদ্মা নদীৰ দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সময়ত হাচিনাই ইউনুছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কৈছিল যে তেওঁক পদ্মা নদীত উটুৱাই দিব লাগে। এইদৰে হাছিনা আৰু ইউনুছৰ শত্ৰুতা বাঢ়ি গৈ থাকিল। ২০২৪ চনৰ জানুৱাৰী মাহলৈকে ইউনুছে ১০০ টাতকৈও অধিক গোচৰৰ সন্মুখীন হৈছিল আৰু দুৰ্নীতিৰ গোচৰত ৬ মাহৰ কাৰাদণ্ড লাভ কৰিছিল।

কিন্তু বাংলাদেশত অভ্যুত্থান ঘটাৰ ফলত হাছিনাই দেশ এৰি যাবলগীয়া হোৱাত ইউনুছক অৱশেষত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হ’বলৈ আমন্ত্ৰণ জনোৱা হয়।