- নয়ন বৰ্মন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
দিলীপ শইকীয়া বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত পুনৰ এবাৰ উজনি-নামনিৰ প্ৰভূত্বকলৈ বিতৰ্ক আৰম্ভ হৈছে। ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ আগলৈকে অসমৰ ৰাজনীতিত উজনি অসমৰ ব্যাপক প্ৰভাৱ আছিল। হিতেশ্বৰ শইকীয়া,প্ৰফুল্ল মহন্ত, তৰুণ গগৈ তথা সৰ্বানন্দ সোণোৱাল সকলো আছিল উজনি তথা মধ্য অসমৰ। ২০২১ৰ পৰা অসমৰ ৰাজনীতিত নামনি অসমে অগ্ৰাধিকাৰ পাইছে। মুখ্যমন্ত্রী, বিজেপিৰ সভাপতি, বিধানসভাৰ অধ্যক্ষ সকলোকেইজন নামনি অসমৰ। আনকি ড° শৰ্মাৰ ঘনিষ্ঠ মন্ত্রী জয়ন্ত মল্ল বৰুৱাও নামনি অসমৰ। উজনি অসমৰ পৰা কেইবাজনো মন্ত্রী যেনে অজন্তা নেওগ, বিমল বৰা, অতুল বৰা আদি আছে যদিও তেওলোকে বৰ বেছি লাইম লাইটত আহিব পৰা নাই। ফলত কিছুমান মানুহৰ মনত এনেকুৱা এটা ধাৰণা হৈছে যে অসমখন নামনি অসমৰ মানুহে চলাই আছে। অৱশ্যে কেন্দ্ৰত থকা দুয়োজন মন্ত্রী উজনি অসমৰ। তথাপি অসমৰ মুখ্যমন্ত্রীয়ে যিদৰে টিআৰপি লাভ কৰে তেওঁলোক দুজন তাৰ ওচৰ চাপিব পৰা নাই।
দিলীপ শইকীয়া কেনেকৈ সভাপতি হ’ল?
এটা কথা ঠিক যে ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ নোলোৱাকৈ কেন্দ্ৰীয় নেতৃত্বই অসমৰ ৰাজ্যিক সভাপতিজন নিৰ্বাচন নকৰে। যোৰহাটত পৰাজিত হোৱাৰ পিছত বহুতে অনুমান কৰিছিল যে সভাপতিজন উজনিৰ পৰা হ’ব। কিন্তু তাকে নকৰি ড° শৰ্মাই নলবাৰীৰ দিলীপ শইকীয়াক নিৰ্বাচন কৰিলে। ইয়াৰ কাৰণ হ’ল দিলীপ শইকীয়াৰ লগত তেখেতৰ সমীকৰণ ভাল। ড° শৰ্মাৰ নিৰ্দেশ শইকীয়াই বুজি পায় আৰু সেইমতে কাম কৰে। দ্বিতীয়তে কিছুমান পুৰণি কৰ্মীৰ অসন্ত্তষ্টি। দিলীপ শইকীয়া খুৱ সাধাৰণভাবে কথা বতৰা পাতে। বিজেপিয়ে এটা বাৰ্তা দিব বিচাৰে যে দলত নিষ্ঠা সহকাৰে কাম কৰিলে সাধাৰণ যেন লগা কৰ্মী এজনেও সৰ্বোচ্ছ পদ লাভ কৰিব পাৰে।