‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ
উপ নিৰ্বাচনত সকলো সময়ত শাসকীয় দল জয়ী হয় বুলি ইতিহাসে নকয়। ২০০১ চনত তৰুণ গগৈ মুখ্যমন্ত্রী হোৱাৰ পিছত খুমটাইৰ উপ নিৰ্বাচনত দলটো পৰাজিত হৈছিল। ঝাৰখণ্ডৰ মুখ্যমন্ত্রী শিবু সোৰেনে উপ নিৰ্বাচনত পৰাজিত হৈ পদ ত্যাগ কৰিব লগীয়া হৈছিল। ২০১৪ আৰু ২০১৯ নিৰ্বাচনত মোদীয়ে চুনামি আনিছিল। কিন্তু ২০১৪ আৰু ২০১৯ৰ মাজৰ সময়ত হোৱা লোকসভাৰ উপ নিৰ্বাচনত বিজেপি ধাৰাবাহিক ভাবে পৰাজিত হৈছিল। আনকি যোগী আদিত্যনাথৰ গোৰখপুৰ আসনখনো বিজেপিৰ হাতৰ পৰা বিৰোধীয়ে কাঢ়ি নিছিল। পশ্চিমবংগ , ওড়িচ্ছা আদিত অবশ্যে সদায় ৰাজ্যৰ শাসনত থকা দলে উপ নিৰ্বাচনত জয়ী হয়। বহু ক্ষেত্রত দেখা যায় উপ নিৰ্বাচনত ভোটদানৰ হাৰ কম হয়। শাসনত থকা দলৰ সমৰ্থক সকল ভোট দিবলৈ উদাসীন হয়। কিন্তু চৰকাৰক বেয়াপোৱা সকলে ভোটকেন্দ্ৰত শাৰী পাতে। ৰাজ্যত যদি জনপ্ৰিয় চৰকাৰ এখন থাকে তেন্তে কম ভোটদানেৰেও চৰকাৰী দলটো সহজে জয়ী হৈ আহে।
২০২১ চনৰ উপ নিৰ্বাচন বহু কেইটা দিশৰ পৰা গুৰুত্বপূৰ্ণ। ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী ৰূপে এয়া তেখেতৰ প্ৰথম নিৰ্বাচন। ইমান দিনে সেনাপতি হৈ যুঁজ দিয়া মানুহজন আজি ৰজাৰ আসনত। সেয়েহে নিৰ্বাচনী প্ৰচাৰত কোনো কৃপণালি কৰা নাই। ৯ দিনত কৰিছে ৩৫ খন জনসভা। সচা কথা কবলৈ গ’লে তেখেতৰ বাহিৰে বিজেপিয়ে আনৰ সভাত ভিৰ গোটাবও নোৱাৰে। দেখা গ’ল যে ৫ মাহত চৰকাৰে কৰা কাম আৰু নিজৰ বাকপতুতাৰ বলত আকৌ এবাৰ ড° শৰ্মাই বিৰোধীক বাজিমাৎ দিলে। হিমন্ত বিশ্ব শৰ্মাৰ ৰণকৌশলৰ সন্মুখত প্ৰায় নিস্তেজ হৈ পৰিছে বিৰোধী। এতিয়া আহো ফলাফললৈ। তামুলপুৰত কোনো প্ৰতিদ্বন্দ্বিতাই নাই। ইউ.পি.পি.এলৰ জলেন দৈমাৰীয়ে কংগ্ৰেছৰ ভাস্কৰ দাহালক বিপুল ভোটৰ ব্যবধানত পৰাজিত কৰিব। বি.পিএফে প্ৰাৰ্থী নিদিয়া বাবে কংগ্ৰেছে দুই নম্বৰ স্থান পোৱাৰ সুযোগ পাইছে যদিও বিজয়ী প্ৰাৰ্থীতকৈ ভোটৰ ব্যবধান বহুত হ’ব। মৰিয়নিত ৰূপজ্যোতি কুৰ্মী সুৰক্ষিত। দ্বিতীয় স্থানৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে কংগ্ৰেছৰ লোহিত কোঁৱৰ আৰু ৰাইজৰ দলৰ সঞ্জীৱ গগৈৰ মাজত। আমি পোৱা খৱৰ অনুসৰি ৰাইজৰ দল দ্বিতীয় স্থানত থকাৰ সম্ভাবনাই বেছি। থাওৰাত মুল যুঁজ খন বিজেপিৰ সুশান্ত বঢ়গোঁহাই আৰু ধৈৰ্য্য কোঁৱৰৰ মাজত সীমাবদ্ধ আছে। ইয়াত কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ তিনি নম্বৰ স্থানত থকাটো প্ৰায় খাটাং । গোসাঁইগাওঁত প্ৰতিদ্বন্দ্বিতা চাৰিকোণীয়া হৈছে। ইউ.পি.পি.এলৰ জীৰন বসুমটাৰী, এ.আই.ইউ.দি.এফৰ খাইৰুল খণ্ডকাৰ, কংগ্ৰেছৰ জোৱেল তুডুক আৰু বিপিএফৰ ধ্ৰুব নাৰ্জাৰীৰ মাজত যুঁজ সীমাবদ্ধ থাকিব। এই সমষ্টিত বুজন সংখ্যক মুছলমান লোক আছে। তেওঁলোকৰ বেছিভাগে এ.আই.ইউ.দি.এফৰ সপক্ষে ভোট দিছে। বড়োৰ ভোট বিপিএফ আৰু ইউপিপিএলৰ মাজত ভাগ হৈছে। বঙালী হিন্দু, আদিবাসী আৰু অসমীয়াৰ বেছিভাগ ভোটে লাভ কৰিছে প্ৰমোদ বড়োৰ দলে। কংগ্ৰেছে এজন আদিবাসী প্ৰাৰ্থী জোৱেল তুডুক টিকট দিলেও সম্প্ৰদায়টোৰ ভোট আদায়ত সক্ষম হোৱা নাই। এই সমষ্টিৰ পৰা ইউপিপিএলে শেষ হাঁহি মাৰিব বুলি জনা গৈছে।
সকলোতকৈ আকৰ্ষনীয় যুঁজ খন হৈছে ভবানীপুৰত যত হিন্দু মুছলমান ৬০% বনাম ৪০% । একেৰাহে তিনিবাৰ এ.আই.ইউ.দি.এফ জয়ী হোৱা সমষ্টিটোত বিজেপিৰ ফণী তালুকদাৰ তীব্ৰ প্ৰত্যহ্বানৰ সন্মুখীন হৈছে। বাৰে বাৰে মুখ্যমন্ত্রীক মাতি আনি প্ৰচাৰ চলাব লগীয়া হৈছে ফণীয়ে। তেওঁ আশা কৰিছে যে অন্ততঃ ৫০০০ মান মুছলমানে তেওঁক ভোট দিলে তেওঁ সুৰক্ষিত। কিন্তু আমি পোৱা খৱৰ অনুসৰি মুছলমানৰ পৰা কোনো ভোট পোৱা সম্ভাবনা নাই ফণী তালুকদাৰে। মুছলমানৰ ভোট একচেটিয়াকৈ লাভ কৰিছে আজমলৰ দলৰ জব্বৰ আলিয়ে। কংগ্ৰেছৰ প্ৰাৰ্থীজন ইয়াত বহু কম ভোট পাই তৃতীয় স্থানত থাকিব। বিপিএফে সমৰ্থন কৰাৰ বাবে ফণী তালুকদাৰে বড়ো ভোট সমূলি লাভ কৰিব। লগতে অসমীয়া, বঙালী হিন্দু ভোট খিনি আছেই। সকলো মিলি কষ্ট কৰি হ’লেও ৫ৰ পৰা ১০ হাজাৰ ভোটৰ ব্যবধানত ফণী তালুকদাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাবনা আছে।
বিজেপি মিত্রজোঁটে ৫ খনৰ ভিতৰত ৫ খন আসনেই দখল কৰিব আৰু ইয়াৰ কৃতিত্ব পাব একমাত্র মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। আমি পোৱা তথ্য যদি সঠিক হয় আৰু ৰাইজৰ দলে যদি মৰিয়নি আৰু থাওৰাত দ্বিতীয় স্থান দখল কৰে তেন্তে ই কংগ্ৰেছৰ বাবে হ’ব যথেষ্ট উদ্যেগজনক। নামনিত এ.আই.ইউ.দি.এফে কংগ্ৰেছৰ ভোট বেংকত আঘাত সানিছে। উজনিৰ বিশেষকৈ আহোম ভোটো যদি কংগ্ৰেছৰ পৰিবৰ্তে ৰাইজৰ দললৈ যায় তেন্তে কংগ্ৰেছে নিজৰ ৰণকৌশল নতুনকৈ চিন্তা কৰিব লাগিব। থাওৰা আৰু মৰিয়ানিত কংগ্ৰেছৰ কোনো এজন জ্যেষ্ঠ নেতাই নিৰ্বাচন খেলিবলৈ সাহস নকৰি দুৰ্বল প্ৰাৰ্থী দিয়াৰ পৰিণাম দলটোৱে ভোগ কৰিব। কংগ্ৰেছক সমৰ্থন কৰা লুৰিণজ্যোতি গগৈৰ ভবিষ্যত ৰাজনৈতিক কাৰ্য্যপন্থা কি হ’ব তাকলৈও ৰাইজৰ চকু থাকিব।