- প্ৰফুল্ল কলিতা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰতিটো দলে প্ৰতি বছৰ বহু সময় ধৰি ব্যস্ত থাকিব লগীয়া হোৱাত নিজ সমষ্টি বা নিজ ৰাজ্যৰ উন্নয়নৰ কাম কাজত অতি কম সময় দিব লগীয়াত পৰে । ফলস্বৰূপে উন্নয়নৰ কাম অতি লেহেমীয়া হৈ পৰে । দলীয় কাম কাজত ব্যস্ত থাকতে তেওঁলোকৰ কাৰ্যকাল কেতিয়া শেষ হয় জনপ্ৰতিনিধিয়ে ভুকে নাপায় । কিন্তু দেশৰ সৰ্বস্তৰৰ নিৰ্বাচন একেলগে সম্পন্ন হ’লে কমেও ৪ বছৰ কামত আত্মনিয়োগ কৰিব পাৰিব জনপ্ৰতিনিধিসকলে । জনসাধাৰণৰ সুখ দুখৰ খবৰ লোৱাত সময়ৰ নাটনি নহ’ব । নিজ ৰাজ্য বা সমষ্টি এৰি আন ৰাজ্যৰ নিৰ্বাচনত ভাগ ল’বলৈ সময় নাপাব । সঘনাই নিৰ্বাচনী দলীয় পুজিৰ বাবে অৰ্থ সংগ্ৰহত মত্ত থকাৰ পৰা পৰিত্ৰাণ পাব সাংসদ, মন্ত্ৰী , বিধায়ক সকলে । নিৰ্বাচনত নিয়োজিত নিৰাপত্তাবাহিনীৰো সঠিক প্ৰয়োগ হ’ব তেওলোকৰ সেৱা আৰু নিয়োগৰ ক্ষেত্ৰত । অৱশ্যে দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত হ’লে বিশাল নিৰাপত্তা বাহিনীৰ প্ৰয়োজন হ’ব । প্ৰয়োজন হ’ব দীঘলীয়া কৰ্মসূচীৰ । অন্যহাতে একেলগে নিৰ্বাচন অনুষ্ঠিত হ’লে চৰকাৰ এখনৰ পতন ঘটোৱাৰ যি ক্ষমতা বিধান মণ্ডলৰ থাকে সেই ক্ষমতা কৰ্তন কৰিব লাগিব। আনকি একেলগে নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰা এচামে আশংকা প্ৰকাশ কৰিছে যে এনেদৰে একেলগে সকলো নিৰ্বাচন অনুষ্ঠিত কৰিলে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়া ৰাষ্ট্ৰপতি শৈলীৰ চৰকাৰৰ নিৰ্বাচনী প্ৰচাৰৰ দৰে হৈ পৰাৰ সম্ভাৱনাই বেছি । যি প্ৰক্ৰিয়াই অধিস্থানবিৰোধী ঢৌ প্ৰতিৰোধৰ সুবিধা প্ৰদান কৰিব । এনেকুৱা অসংখ্য অসুবিধাৰ মাজতো এটা কথা ঠিক যদিহে নিৰ্বাচন আয়োগে ভবাৰ দৰে একেলগে একেসময়তে সমগ্ৰ দেশতে নিৰ্বাচন অনুষ্ঠিত কৰা হয় , তেন্ত নিশ্চিতভাবে ৰাজনৈতিক দলৰ ব্যয় হ্ৰাস পাব । লগতে ৰাজনৈতিক দলবোৰে আশ্ৰয়লোৱা দুৰ্নীতি তথা ক’লাধন ব্যৱহাৰৰ পৰিমাণ হ্ৰাস হ’ব । চৰকাৰ, অৰ্থাত নিৰ্বাচন আয়োগৰ দ্বাৰা সঘনাই হোৱা ব্যয়ো কমি যাব । গুৰুত্বপূৰ্ণ বিষয়টো হৈছে- সঘনাই হোৱা ( বছৰে বছৰে ) নিৰ্বাচনৰ ফলত দেশৰ শিক্ষা ক্ষেত্ৰত সৃষ্টিহোৱা বাধা বা অস্থিৰতা, একেসময়তে অৰ্থাত ৫ বছৰৰ মুৰে মুৰে হোৱা নিৰ্বাচনে ৰাষ্ট্ৰ আৰু ৰাজ্যৰ শিক্ষা জগতলৈ কম- বেছি পৰিমানে হ’লেও সুস্থিৰতা আনিব । যি কাৰ্য ভৱিষ্যৎ প্ৰজন্মৰ (শিক্ষক , শিক্ষাৰ্থীৰ) বাবে অতি আৱশ্যক । লাভদায়ক । ■■ ■■ ■■