এগৰাকী ডাক্তৰৰ আত্মহত্যা.

825
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


এইমাহৰ এটা দেওবাৰে টেলিভিছনত দেখুওৱা এটা খৱৰে মনৰ ভিতৰতে বহু চিন্তাৰ উদ্ৰেক কৰালে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই নিজৰ ঘৰতে চিপজৰী লগাই আত্মহত্যা কৰিলে। ডাক্তৰক ভগবানৰ লগত তুলনা কৰা হয়। ডাক্তৰে মানুহৰ জীৱন ৰক্ষা কৰে। আমি বিভিন্ন ৰোগ হ’লে ডাক্তৰৰ তালৈ যাও।মানসিক অবসাদৰ চিকিৎসা কৰিবলৈও ডাক্তৰ আছে। তেনে ক্ষেত্রত এগৰাকী ডাক্তৰে নিজেই আত্মহত্যা কৰা ঘটনা খুৱ বিৰল। এই ঘটনাই আৰু এটা কথা প্ৰমাণ কৰিলে যে উচ্চ শিক্ষা, সমাজত প্ৰতিষ্ঠা লাভ তথা টকা পইছাই মানুহৰ বাবে যঠেষ্ট নহয়। এই সকলোবোৰৰ প্ৰয়োজন আছে কিন্তু এইবোৰে এটা পৰ্য্যায়লৈহে মানুহক সহায় কৰে। মানুহ এজন সামাজিক হোৱাটো খুৱেই প্ৰয়োজন। সকলোকে কিছুমান ভাল বন্ধুৰ প্ৰয়োজন যাৰ লগত নিজৰ সমস্যাৰ কথা আলোচনা কৰিব পাৰে। এখন ভাল সমাজ আৰু কিছুমান ভাল বন্ধু পোৱাটো একেদিনাই সম্ভব নহয়। তাৰবাবে সকলোৱে নিজৰ সময় invest কৰিব লাগিব। নিজৰ সন্তানক পঢ়াৰ লগতে এজন ভাল মানুহ হ’বলৈ শিকাব লাগিব। নিজৰ সমনীয়াৰ লগত খেলিব লাগিব, চিনেমা চাব লাগিব আৰু পিকনিকটো যাব লাগিব। সৰুৰ স্কুলৰ বন্ধুসকল হয় নিস্বাৰ্থ। এই বন্ধুসকলৰ লগত সম্বন্ধ বজাই ৰাখিব লাগে। এওঁলোকৰ লগতে মনৰ সকলো কথা খুলি ক’ব পৰা যায়। আজিৰ দিনত সকলো মানুহ নিজৰ কৰ্ম, পৰিয়ালক লৈ ব্যস্ত। তাৰ মাজতে বন্ধু সকলৰ লগত কৰা এই সময়ৰ investment এ এটা সময়ত আশাকৰাতকৈ বহুগুণে বেছি return দিয়ে। নিজৰ সন্তানক আনৰ দুখত দুখী হ’বলৈ শিকোৱাটোও খুৱ প্ৰয়োজন। বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমত নিজৰ সন্তানক নিয়মিত ভাবে লৈ যোৱাতো ভাল বুলি ভাবো। তেওঁলোকৰ লগত জন্মদিন পালন কৰক , দিনটো অতিবাহিত কৰক। সৰুকালতে যদি লৰা-ছোৱালীক সুনাগৰিক হ’বলৈ গঢ় দিয়া হয় তেতিয়া তেওঁলোকে কেতিয়াও আত্মহত্যা নকৰে। সমস্যা সকলোৰে আছে।কোনোবাই দুবেলা দুমুঠি খাব পৰা নাই, বহুতৰে ডেকা কালতে স্বামী হেৰুৱাইছে। বহু মাতৃয়ে নিজৰ সন্তানক শেষ বিদায় জনাইছে। আমি বুজিব লাগিব যে আমাতকৈও বহু দুখী মানুহ এই পৃথিবীত আছে।