এচাম কূম্ভীলকৰ “বাপ কা মাল “নহয় অসম সাহিত্য সভা

228
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱ‍া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


“আমি সংস্কৃতি মানি চলোঁ-দুটা বস্তু বিচাৰ কৰিবলৈ শাস্ত্ৰত কৈছে৷ এক হল অন্ন, বাকী হ’ল যোনি৷ এই দুটা সদায় বিচাৰ কৰি চলিব লাগে৷”শেহতীয়াকৈ অসম সাহিত্য সভাৰ শিৱসাগৰ কাৰ্যনিৰ্বাহকত বৰাহ ভক্ষণ বিতৰ্কৰ মাজতে প্ৰবীণ শৰ্মা বোলা কাৰ্যনিৰ্বাহক সদস্যজনে যিষাৰ বাক্য ক’লে দকৈ গমি চালে সেইয়া বেছি ভয়ংকৰ চিন্তন।আজি অল্প মস্তিষ্কৰ অত্যুৎসাহত খাদ্য তালিকাত কিবা ওলাল-সোমাল সেয়া ক্ষন্তেকীয়া কিন্তু অন্ন মুঠিত প্ৰভেদ আৰু যোনীৰ বিভাজন সাতামপুৰুষীয়া মাতব্বৰী চিন্তাৰ নিদৰ্শন।আচলতেই এনে চিন্তাৰ ব্যক্তি যেতিয়া সাহিত্যসভাৰ কাৰ্যনিৰ্বাহক হয় তাতেই প্ৰমাণিত হয় অনুষ্ঠানটোৰ গাম্ভীৰ্য কিমান বৰ্তি আছে?

এয়া মনত ৰখা ভাল যে,অসম সাহিত্য সভা” এদিনতে গঢ় লৈ উঠা কোনো অনুষ্ঠান নহয় । বহু বৰেণ্য অসমীয়াৰ কষ্ট সাধ্য প্রয়াসৰ ফচল স্বৰূপ এই জাতীয় অনুষ্ঠানটিৰ অসমৰ জাতীয় জীৱনলৈ কেবা দশকজোৰা বৰঙনি অনস্বীকার্য।অসমৰ মানুহে ভাল পায় সাহিত্য সভাক,আদৰ কৰে বহু মহীৰুহৰ কৃচ্ছ্ব সাধনৰ থলী সাহিত্য সভাক। সেই হেতুকেই ক্ষুব্ধ অসমবাসী সাহিত্য সভাৰ শেহতীয়া স্খলনত।সমান্তৰাল ভাৱে ব্যথিত,সকলোৱে বিচাৰিছে সাহিত্য সভাৰ পূর্ব গৰিমা উদ্ধাৰ হওক।
“সাহিত্য সভাৰ সুকীৰ্তি-কুকীৰ্তি” অথবা “অৱদান-অত্যাচাৰৰ” অনেক কাহিনী সময়ে সময়ে চৰ্চিত।এইবিষয়ত কাৰোবাৰ দ্বাৰা তথ্যগধুৰ গ্ৰন্থ ওলালেও অস্বাভাৱিকতা একো নাই।তাৰপূৰ্বেই প্ৰকৃততেই সাহিত্যপ্ৰেমীসকলক গুৰুভাৰ গতাই দিয়াই সৰ্বমংগল।সাহিত্য সভাৰ বিষয় ববীয়াৰ মইমতালি আৰু কিমানলৈ?অসম সাহিত্য সভাৰ পৰিশোধন আৰু নিষ্কাষণ জৰুৰী হৈ পৰিছে।কাৰ্যক্ষম যুৱ প্ৰজন্মৰ প্ৰতিনিধি নিৰ্বাচনৰ নিৰ্দেশ জৰুৰী।যিকোনো ধুৰন্ধৰ লবীৰ প্ৰভাৱ তচনচ কৰি জাতীয় অনুষ্ঠানটি নিকা কৰিব লাগে বুলি আমি তাহানিৰ পৰাই আঙুলিয়াই আহিছো।বিজ্ঞ জ্যোষ্ঠ সকলে সাহিত্য সভা নিষ্কাষণৰ কঠোৰ পন্থা লওক।

অন্য দিশ একাষে ৰাখি নিৰপেক্ষভাৱে চাই মুখ্যমন্ত্ৰী গৰাকীৰ মাতৃ হিচাপে নহয় অশীতপৰ সম্ভ্ৰান্ত মহিলা এগৰাকী যি সাহিত্য সভাৰ জ্যোষ্ঠ পদাধিকাৰী,তেখেত শেহতীয়াকৈ শিৱসাগৰৰ কাৰ্যনিৰ্বাহক বৈঠকত অপমানিত হোৱা কথাটোত অন্তৰেৰে দুখ পাইছো।
শেহতীয়া বৰাহ ভোজন আখ্যানে যদুকুল ধ্বংসৰ আগজাননী দিছে।এটা জাতীয় অনুষ্ঠানৰ কাৰ্যনিৰ্বাহক সভাত খাদ্য নিৰ্বাচনতেই অথন্তৰ আশ্চৰ্যসূচক।তেওঁলোকে আকৌ সাহিত্য সভাৰ বিষয়ববীয়া নিৰ্বাচনত যে অথন্তৰ নকৰিব তাৰ কোনো গ্যাৰান্টি আছে জানো?সাহিত্য সভাত ভিতৰুৱা ৰাজনীতি আছে তাহানিৰেপৰাই।নহ’লেনো সভাপতিৰ আসনত বহিব পৰা কিমান স্বনামধন্য বঞ্চিত হ’লহেতেননে? মাজতে প্ৰৱল ধনকেন্দ্ৰিক খোৱাকামোৰা আৰু লবীবাজীৰ নেপথ্যত থকাসকলক অসমে ঠিকেই চিনি থৈছে।আজিও-তাহানিও সাহিত্যসভাৰ মিটিংবোৰত নামমাত্ৰহে অভ্যাগত।এনে বহু কলা কলা ভৰলুৰ পানীতকৈও কলা অধ্যায় সময়ে খুলি যাব।৬৬৮ টা শাখাৰ ১৬৮ টাই ভুৱা বুলি প্ৰতীয়মান হৈছে।কাৰ নাকৰ আগেদি কোনে কি স্বাৰ্থত এই ভুৱা শাখাবোৰ খুলিছিল?সাহিত্য সভাই জাতীয় অনুষ্ঠানৰ মৰ্যাদা ধৰি ৰাখিব পাৰিছেনে?শিৱসাগৰত সাহিত্যৰ সভাত শতবাৰ্ষিকী বছৰত সাহিত্যসভাৰ তদানীন্তন এজন উচ্চ পদাধিকাৰী শাৰিৰীকভাৱে অপদস্থ হোৱাটো আছিল চৰম প্ৰশ্নবোধক!

১৯১৭ চনৰ পৰা শতবৰ্ষ গৰকা দিনলৈ অসম সাহিত্য সভাই সাহিত্যৰ দিশত কিছু উন্নয়নমূলক কাম কৰি আহিছে সেয়া অনস্বীকাৰ্য।কিছুসংখ্যক লেখকক উপযুক্ততাৰ ভিত্তিত বঁটা আদি প্ৰদান কৰি সন্মান প্ৰদৰ্শন কৰাৰ ইতিহাস আছে সাহিত্য সভাৰ। সংস্কৃতিৰ সৰ্বাংগীন উন্নতিৰ কাৰণেও কিছু পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে। ১৯৩৩ চনত সভাই এলানি গ্ৰন্থ প্ৰণয়ন সম্পৰ্কীয় কাৰ্যসূচী গ্ৰহণ কৰিছিল । সেই কাৰ্যসূচীৰ ফচল স্বৰূপ আছিল প্ৰকাশন গোটৰ পৰা ‘ চন্দ্ৰকান্ত অভিধান’ নামেৰে এখন বৃহৎ কলেৱৰৰ অভিধান। পৰৱৰ্তী সময়ত অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতি সম্বন্ধীয় প্ৰায় আঢ়ৈশখন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ‘শিশু বিশ্বকোষ’ পাঁচটা খণ্ডত প্ৰকাশ কৰি উলিয়ায় অসমৰ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাত অৱধাৰিতভাৱে অৱদান আছে সাহিত্যসভাৰ। প্ৰতিটো কাৰ্যকালৰ অন্তৰত সভাই মুখপত্ৰ ছপা কৰি আহিছে য’ত সমসাময়িক কালৰ বহু তথ্য সংৰক্ষণ কৰা হৈছে। আনহাতে ২০০১ চনৰ পৰা অসম সাহিত্য সভাই অসমীয়া বিষয়ত বিশ্বকোষ প্ৰকাশৰ এক অভিলাষী আচঁনি গ্ৰহণ কৰিছিল । সেই অনুসৰি সভাই বৰ্তমানলৈকে বিজ্ঞান, সাহিত্য, ইতিহাস , সমাজ আৰু সংস্কৃতিৰ বিষয়ক ৯ খন বিশ্বকোষ প্ৰকাশ কৰি উলিয়াইছে।তদুপৰি সুকুমাৰ কলা,চিকিৎসা বিজ্ঞান , সংগীত আদি বিভিন্ন বিষয়ত বিশ্বকোষ প্ৰকাশৰ কাম চলি আছে বুলি জানিব পৰা গৈছে।বহু সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰি সমাজত মহৎ সৃষ্টিৰাজিৰ স্বীকৃতি দিয়াটো নিশ্চয়কৈ শুভবাৰ্তা। সাহিত্যৰ সৈতে সংপৃক্ত হৈ থকা তথা আধাৰস্বৰূপ পৰিৱেশৰ প্রতি অসমৰ জাতীয় অনুষ্ঠানসমূহে গুৰুত্ব দিলে ইয়াৰ সংৰক্ষণ চেতনাৰ প্রসাৰ হোৱাটো প্রায় নিশ্চিত। সম্প্রতি বিভিন্ন কাৰণত প্রায়ে বিতর্কৰ মাজত থকা অসম সাহিত্য সভাই কৰা কিছুমান ভাল কামৰ ভিতৰত অন্যতম কাম হ’ল সেউজ যাত্রা প্রকল্প।২০১৮ বর্ষত সাহিত্য সভাৰ ইতিহাসত প্রথমবাৰৰ বাবে আৰম্ভ কৰা এই যাত্রাই পৰিৱেশ সংৰক্ষণ চেতনাক গণমুখী কৰিবলৈ যত্ন কৰি থকা দেখা গৈছে।তদুপৰি কুলধৰ শইকীয়া চাৰৰ সভাপতিত্বত কভিড’কালত অনলাইন যোগে কিছু ইতিবাচক পদক্ষেপ দেখা গৈছিল।তৎসত্বেও যেন অসমবাসীৰ আপোন জাতীয় অনুষ্ঠানটোৰ স্থিতি ক’ৰবাত সোলোক ঢোলক পৰিলক্ষিত হৈছে।
বিশেষকৈ “২০০০ বৰ্ষ”ৰ পাছৰ পৰা অসম সাহিত্য সভাৰ ভাৱমূৰ্তিত কিছু হ’লেও কালিমা পৰিছে। ১৯১৭ চনত যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত জন্ম লাভ কৰা জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ অসম সাহিত্য সভাৰ স্বাভিমান আৰু মৰ্যাদা হ্ৰাস পাইছে।এয়া চিন্তাৰ বিষয়।বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ভূমি এইখন অসমত বড়ো,ৰাভা,তিৱা,কাৰ্বি,সোণোৱাল কছাৰী,আহোম,কোচ আটাইবোৰ জাতি জনগোষ্ঠীক লৈ জন্ম হৈছিল অসম সাহিত্য সভা। কিন্ত বৰ্তমান বড়ো সকলে পৃথক কৈ বড়ো সাহিত্য সভা, তিৱা সকলে তিৱা সাহিত্য সভা ৰাভা সকলে ৰাভা সাহিত্য সভা ইত্যাদি গঠন কৰি কিহৰ তাড়নাত সুকীয়া জনগোষ্ঠীয় পৰিচয়ৰ প্ৰয়োজন অনুভৱ কৰিবলগীয়া হ’ল? অসম সাহিত্য সভাই কিয় এই আটাইবোৰ জাতি জনগোষ্ঠীক লৈ আগবাঢ়িব নোৱাৰিলে কিয়? ?শতবৰ্ষ গৰকা এই অনুষ্ঠানটি আজি বিতৰ্কৰ আৱৰ্তত সোমাই পৰাটো জাতীয় জীৱনৰ দুৰ্ভাগ্য।এই ব্যৰ্থতা স্বীকাৰ কৰাৰ নৈতিক দায়িত্ব অসম সাহিত্য সভাৰ নহয়নে?
অসমীয়া ভাষা বাধ্যতামূলক হ’লনে?শেহতীয়াকৈ অসম সাহিত্য সভাই ৰাজ্যৰ ১০ খন বিশ্ববিদ্যালয় আৰু কেইবাখনো মহাবিদ্যালয়লৈ চৰকাৰী ভাষাৰূপে অসমীয়া ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা সন্দৰ্ভত নিৰ্দেশ জাৰী কৰিছে । ইয়াৰ পূৰ্বেও অসম সাহিত্য সভাই এনেধৰণৰ জাননী প্ৰকাশ কৰি আহিছে।কিন্তু কাৰ্যতঃ সকলো যেন বুমেৰাং হৈছে। বিশ্ববিদ্যালয় সমুহত অসমীয়া ভাষা আৰু সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে অসম সাহিত্য সভাই ছাত্ৰ-ছাত্ৰীৰ মনত আস্থা আৰু বিশ্বাসৰ বাতাৱৰণ সৃষ্টি কৰাত গুৰুত্ব দিব লাগিব।সেই দিশত সময়োপোযোগী পদক্ষেপ লৈছেনে অসম সাহিত্য সভাই।
খবৰ অনুসৰি বিগত কেবামাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছিল অসম সাহিত্য সভাৰ কৰ্মচাৰীসকল। অৱশেষত প্ৰতিবাদত বহিবলৈ বাধ্য হোৱা দেখা গ’ল তেওঁলোকক। সভাৰ যোৰহাটত থকা কেন্দ্ৰীয় কাৰ্যালয়ৰ লগতে ৰাজ্যত থকা সাহিত্য সভাৰ আন কাৰ্যালয়সমূহৰ চৌহদত ক্ষুব্ধ কৰ্মচাৰীসকলে পৰা প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল। গুৱাহাটীত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ বাকৰিত সাহিত্য সভাৰ বিপণীত তলা ওলমাই গ্ৰন্থ বিপণীখন বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰিছিল ক্ষুব্ধ কৰ্মচাৰীসকলে। এয়া অতি দুৰ্ভাগ্যজনকেই নহয় অতি পৰিতাপৰ বিষয়। এনে দিশবোৰত সাহিত্যসভাৰ অধিক চিন্তা চৰ্চা আৰু আত্মবিশ্লেষণৰ প্ৰয়োজন আছে।ৰাইজে বিচাৰে গাহৰিৰ নেজত ধৰি লটকণৰ দৰে ঘূৰি ঘূৰি অন্ন আৰু যোনীৰ গুণগত পাৰ্থক্যৰ আধাৰ নিৰ্ধাৰণতকৈ সাহিত্য চৰ্চাৰ উৎকৃষ্ট প্লেটফৰ্ম ৰূপে সাহিত্য সভা অৱতীৰ্ণ হওক অসম সাহিত্য সভা।

জাত পাতৰ উচ্চাত্মিকাবোধ অহংকাৰত লাগি সাহিত্যসভাই অতীজৰে পৰাই মানুহবোৰ ভাগে ভাগে আঁতৰালে বুলি বহু জ্যোষ্ঠই আজিও দুখ প্ৰকাশ কৰে।এইসকল কিন্তু সাহিত্য সভাৰ শুভাকাঙ্খীয়েই আছিল। আজি কোনোবা বড়ো, কোনোবা মিচিং, কোনোবা দেউৰী, কোনোবা কোঁচ, কোনোবা আহোম, কোনোবা ৰাভা৷ কোনো অসমীয়া হৈ ৰব নোখোজে – কিয়?অসমীয়া ভাষা-অসমীয়াক একত্ৰিত কৰি সাহিত্যৰ মান বৃদ্ধিৰ প্ৰাথমিক চৰ্ততেই উজুটি খাইছে অসম সাহিত্য সভা।সাহিত্যৰ সংগঠকৰ নামত সাহিত্য সভাত বিষয়বাব খামুচি বহি থাকি সাহিত্য সভাখন ডালশলীয়াৰ দৰে কুটাতো দৃষ্টিগোচৰ হোৱা বাবেই হয়তো কাৰ্যত: ভদ্ৰ মানুহ কুল শইকীয়া চাৰেও একপ্ৰকাৰে উষ্মাৰে একেখিনি মানুহেই কিয় বিষয়বাব খামুচি থাকে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হ’ল।
এচাম লোকৰ বাবে সাহিত্য সভা সংস্থাপন আৰু লুণ্ঠনৰ মাধ্যম হৈ পৰিছে।একাংশই আনকি ৰাজনৈতিক ভৃত্যৰ ভূমিকাৰে তোষামোদী চৰিত্ৰত আত্মনিমগ্ন হোৱাটো দৃষ্টিকটুভাৱে পৰিলক্ষিত হৈছে।
কাৰ্যত:শিৱসাগৰৰ কাৰ্যনিৰ্বাহক সভাৰ গাহৰিটোৰ নেগুৰত ধৰি সাহিত্য সভাৰ সভাপতি ৰূপে ইতিমধ্যে প্ৰায় ৪৫লাখ ধন আত্মসাৎ ৰ অভিযোগ থকা জনৈক পাটগিৰী আৰু প্ৰধান সম্পাদকৰূপে পুনৰবাৰ যাদৱ শৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰাত সন্মতি আদায়ৰ পৰিবেশ এটা ৰচনা কৰাৰ আখৰা চলিছিল বুলি তীক্ষ্ণধী সকলে আগবঢ়োৱা চিন্তাশীল মত নুই কৰিব নোৱাৰি।উল্লেখযোগ্য যে,যাদৱ শৰ্মাৰ বিৰুদ্ধেও লক্ষ লক্ষ ধনৰ নীতিবহিৰ্ভূত খৰচৰ অভিযোগ শুনা যায়।শেহতীয়াকৈ সাহিত্যসভাৰ পৰা কিছু নিলগত থাকিও সাহিত্যসভাক নিয়ন্ত্ৰণত ৰাখিব খোজা পৰমানন্দ ৰাজবংশীয়ে সভাপতি পদ প্ৰত্যাশী জগদীশ পাটগিৰীৰ বিপৰীত দিশত অৱস্থান কৰা বিষয়টোৱে সাহিত্য সভাৰ ৰাজনীতিক আমোদজনক দিশলৈ লৈ যোৱা পৰিলক্ষিত হৈছে।এয়া নিত্যান্তই এটা জাতীয় অনুষ্ঠানৰ দৃষ্টিৰে গভীৰ স্খলন।

আশ্চৰ্যজনক সত্যটো হৈছে সাহিত্য সভাৰ সম্প্ৰতি সংবিধানখনো অচল হৈ আছে অথচ সাহিত্যসভাৰ ভিতৰচৰাত বলিছে নিৰ্বাচনৰ গৰম বতাহ।শেহতীয়াকৈ পাঠশালা অধিৱেশনত সংবিধান সংশোধন কৰি নতুন সংবিধান গ্ৰহণৰ অনুমোদন জনাইছিল প্ৰতিনিধি সভাই।গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সংবিধান সংশোধনী সমিতিয়ে প্ৰদান কৰা সংশোধিত সংবিধান প্ৰকাশৰ প্ৰস্তাৱ লোৱা হৈছিল। কিন্তু ৰহস্যজনক ভাৱে এই সংবিধান প্ৰকাশ কৰা নহ’ল।সম্ভৱতঃ এই সংবিধান সংশোধনী হ’লে এক ব্যক্তিয়ে পদ খামুচি ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহিলহেতেন।

পদ্মনাথ গোহাঞিবৰুৱা, শৰৎ চন্দ্ৰ গোস্বামী, লক্ষ্ণীনাথ বেজবৰুৱা আদি বৰেণ্য ব্যক্তিসকলে যি মহৎ উদ্দেশ্যৰে অসম সাহিত্য সভাৰ জন্ম দিছিল সেয়া যেন আজি লক্ষভ্ৰষ্ট।”কাহানিবাই অসম সাহিত্য সভা সাহিত্যৰ ৰস-জীৱহীন ৰাজনৈতিক পুতলাত পৰিণত হৈছে ঠিক তেজ-মাংসবিহীন ৰবটৰ লেখীয়া।”অসম প্ৰকাশন পৰিষদে সাহিত্য চৰ্চাক উৎসাহিত কৰাত বিগত কেটামান বছৰত কোনো সমালোচনাৰ অৱকাশ নৰখাকৈ যিখিনি গঠনাত্মক কাম কৰিছে বিয়াগোম সাহিত্যসভাই বিশেষকৈ বিগত দশকসমূহত তুলনাত্মকভাৱে সাহিত্যৰ প্ৰকাশ-প্ৰসাৰ আৰু প্ৰেৰণাৰ দিশত বিশেষ একো কৰিব পৰা নাই।বৰঞ্চ ছপা মাধ্যমৰ প্ৰতি প্ৰতিবন্ধকতাহে কঢ়িয়াইছে।সাহিত্যসভাৰ বিষয়ববীয়াই সাহিত্যসভাৰ জৰিয়তে গুণগত পুথি প্ৰকাশৰ দিহাৰ সলনি স্বয়ম্ভূ ৰূপত অন্য কিছু দিশতহে মনোনিৱেশ কৰিছে।সাহিত্যসেৱা-সংগঠনৰ সলনি সাহিত্যসভা প্ৰাইভেট লিমিটেড কোম্পানীৰ দিশে বিৱৰ্তনমুখী নেকি বুলিও সময়ে সময়ে প্ৰশ্ন উঠাটো দুৰ্ভাগ্যজনক।বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়া চাৰ ভাল-উদ্যমী মানুহ।ল’ক ডাউনত তেখেতে অনলাইনযোগে কিছু চেষ্টা কৰিছিল।কিন্তু উইহাফলুৰ মাজত বহি কলাৰ সাধনা বাতুলতাসদৃশহে।
ঠিকেই-A right person in right position yet surrounded by wrong company.Alas!
অসম সাহিত্য সভা প্ৰায়ে বিতৰ্কৰ আৱৰ্তত সোমাই পৰাটো অতি দুৰ্ভাগ্যজনক।সাহিত্য সভাৰ কৰণীয় কি অথবা কৰিছে কি?দুবছৰীয়া অধিবেশনত এখন সুসজ্জিত বাহনত সভাপতি গৰাকীক বহুৱাই বাৰেৰহনীয়া জাতীয় সংস্কৃতিৰ মনোমোহা শোভা যাত্ৰাতোতেই যেন সাহিত্য সভাৰ কাম শেষ।পদ্মনাথ গোহাই দেৱৰ পৰা যিসকল পুৰোধা ব্যক্তিয়ে সভাপতিৰ আসন অলংকৃত কৰি গৈছিল তেওঁ লোকৰ স্মৃতি ৰক্ষাৰ বাবে কিবা পদক্ষেপ লোৱাটো সম্ভৱ হ’লনে?ককা নিলমনি ফুকনৰ যোৰহাটৰ নিউভিল ৰোডত থকা ৱাসভৱনতো অনা অসমীয়া এচাম লোকে বে-দখল কৰি ললে। সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱা দেৱৰ ৰৰৈয়াত থকা নিজৰ ম্যাদি পট্টাৰ সমাধিতো বায়ুসেনা বাহিনীয়ে ল’লে, টীয়কত থকা বকুল বনৰ কবি বিনন্দ চন্দ্ৰ বৰুৱা দেৱৰ বাসগৃহটো জৰাজীৰ্ণপ্ৰায়। সংৰক্ষণৰ দিহা কৰিব পাৰিলেনে অথবা সাহিত্যসভাই ন্যুনতম কিবা ভূমিকা ল’লেনে?এনে উদাহৰণ অলেখ আছে।এসময়ত কলাগুৰু বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ক্ষেত্ৰতো পক্ষপাতিত্বৰ কথা ৰোমন্থন কৰে বহু জ্যোষ্ঠজনে।বহু যুঁজৰ ফলতহে গণশিল্পী দুগৰাকীৰ ৰচনাই মান্যতা পাইছিল৷

অসম সাহিত্য সভা অসমৰ জাতীয় জীৱনৰ পুৰোধা অনুষ্ঠান।প্ৰতিজন সচেতন অসমীয়াই অসম সাহিত্য সভাৰ দ্বাৰা অসমৰ ভাষা-সংস্কৃতিৰ বিনিময় আৰু বিতৰণ ব্যৱস্থাটোৰ প্ৰচাৰ আৰু প্ৰসাৰ সম্পৰ্কে যথাযথ ভূমিকা আশা কৰে।এটা সময় আহি পৰিছিল আন বহুজনৰ দৰেই আমিও প্ৰশ্ন উত্থাপন কৰিছিলো-দেৱালত চুণ তেল সানিলেই ভাষাটোৰ শ্ৰীবৃদ্ধি সম্ভৱনে?প্ৰশ্ন আছিল বিভিন্ন জনগোষ্ঠীয় ভাষাৰ সু সমন্বয়,গৱেষণা গ্ৰন্থ প্ৰকাশ আদি ক্ষেত্ৰত মহিৰূহ অনুষ্ঠানটোৰ ভূমিকা সন্দৰ্ভত।বহু মৰমৰ দাবী আছিল।আছিল আবেগিক আবদাৰ।অসম সাহিত্য সভা অসমৰ জনতাৰ হিয়াৰ আমঠু।তাহানিও আছিল আৰু আগলৈও থাকিব।অৱশ্যে ই সত্য নেতিবাচক লবী ৰাজনীতিৰ ফলত সাহিত্য সভাৰ মঞ্চৰ পৰা বহু যোগ্য জনলৈ সদস্যৰূপে কাহানিও আমন্ত্ৰণ দিয়া হোৱা নাই।পিতৃ পদাংক অনুসৰি শাখা সাহিত্য সভা সমূহৰো অধিকাংশৰ একে স্বৰূপ দেখি বহুতে পদত্যাগো কৰিছে।আমি ক’ম সাহিত্য সভা অসমীয়া ভাষা-সাহিত্যৰ বিকাশৰ বাবে প্ৰয়োজনীয় জাতীয় অনুষ্ঠান।এচাম কূম্ভীলকৰ “বাপ কা মাল “নহয় এই অনুষ্ঠান।যোগ্য আৰু সেৱাৰ মনোভাৱ থকাসকল আতৰি নাহিব বৰঞ্চ নতুনৰ অন্তৰ্ভূক্ত কৰণেৰে অভ্যন্তৰত শক্তিশালী আৰু ন্যাৰ্য প্ৰতিৰোধ সহ ওফৰাই পেলাওক একনায়কত্ববাদ আৰু মইমতালি॥অসমে বিচাৰে সাহিত্যসভাই চলিত বিশৃংখলতাৰ কলীয়া ডাৱৰ আতৰাই স্বকীয় স্বচ্ছতাৰে পুনৰ থন ধৰি উঠক আৰু জাতিটোৰ স্বাৰ্থত নি:স্বাৰ্থভাৱে সকলোকে সামৰি আগবাঢ়ি যাওক।কৈশোৰৰে পৰাই আমাৰ দৰে বহুতক সাহিত্যসাধনাৰ সুযোগ প্ৰদান কৰা এই অনুষ্ঠানটো জাতীয় জীৱনৰ লাইখুটা স্বৰূপ যাৰ শ্ৰীবৃদ্ধিয়ে অসমৰ ভাষা-সংস্কৃতিৰ বৃহত্তৰ স্বাৰ্থত অক্সিজেনৰ ভূমিকা পালন কৰিব।

✍️প্ৰিয়ংকু নাৰায়ণ বৰুৱা,৮৬৩৮৫৫৪৬৫৩,
বিদ্যাপুৰ,নলবাৰী।