এটা সফল অধ্যায়ৰ সমাপ্তি

649
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ভাৰতৰ দৰে এখন ৰাষ্ট্ৰৰ ক্ষমতাত থকা এটা জনপ্ৰিয় ৰাজনৈতিক দলৰ মূৰব্বীৰ দায়িত্ব যে হঠাৎ মূৰ পাতি ল’ব লাগিব সেই কথা হয়তো তেওঁ কাহানিও কল্পনাও কৰা নাছিল।

ইটালীত জন্মগ্ৰহণ কৰা এইগৰাকী ৰাজনৈতিক নেত্ৰীয়ে ভাৰতলৈ বিয়া হৈ অহাৰ পূৰ্বে হয়তো ৰাজনীতিৰ পথাৰত খোজ পেলোৱাৰ কথা সপোনতো ভবা নাছিল। অৱশ্যে সকলো সময়তে যে এটা ৰাজনৈতি আৱেষ্টনিৰ মাজত থাকিব লাগিব সেই কথা বুজি পাইছিল।

লৌহ নাৰী ইন্দিৰী গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধী কেমব্ৰিজ ইউনিভাৰ্চিটিৰ ট্ৰিনিটি কলেজত ইঞ্জিনিয়াৰিং অধ্যয়নৰ বাবে যোৱাৰ সময়তে তেওঁৰ সংস্পৰ্শলৈ আহিছিল। সেই সময়ত তেওঁ এখন ৰেষ্টোৰাত অংশকালীন ৱে’ট্ৰেচ হিচাপে কৰ্মৰত আছিল। সেয়া আছিল তেওঁৰ ভাৰত আগমণৰ বাট মুকলি হোৱাৰ মুহূৰ্ত।

১৯৬৮ ত হিন্দু নিয়মেৰে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ ইটালী এৰি ভাৰত পাইছিলহি তেওঁ। তাৰ পিছত তেওঁ হৈ পৰিল ভাৰতৰ, সামাজিক, ৰাজনৈতিক আদি ক্ষেত্ৰৰ অভিন্ন অংগ। স্বাধীনোত্তৰ ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ বিষয়ে যেতিয়াই চৰ্চা হ’ব তেওঁক বাদ দি আধৰুৱা হৈ ৰ’ব।

ৰায়পুৰত অনুষ্ঠিত হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশন। ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ আজি দ্বিতীয় দিন। এই দ্বিতীয়টো দিনত কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীয়ে তেওঁৰ বক্তব্য ৰাখিলে। এই বক্তব্যৰ মাজতে দিলে তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ ইংগিত।

ভাৰতীয় ৰাজনীতিত যিসকল মহিলাই অভূতপূৰ্ব সফলতা লাভ কৰাই নহয়, সৰ্বকাললৈ নিজৰ অস্তিত্ব জীয়াই ৰাখিবলৈ সক্ষম হৈছে তাৰ ভিতৰত নিশ্চিত ভাৱে আহিব ছোনিয়া গান্ধীৰ নাম। ৰাজনীতিৰ সৈতে সম্পৰ্ক নথকা এইগৰাকী মহিলাই নাটকীয় ভাৱেই আহিছিল ৰাজনীতিৰ মজিয়ালৈ।

১৯৬৮ চনত ৰাজীৱ গান্ধীৰে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত ছোনিয়া গান্ধীয়ে গ্ৰহণ কৰিছিল ভাৰতীয় নাগৰিকত্ব। প্ৰধানমন্ত্ৰীৰ পুত্ৰৰ বোৱাৰী হোৱা স্বত্বেও তেওঁ ৰাজনীতিৰ পৰা বহু দূৰত অৱস্থান গ্ৰহণ কৰিছিল। কংগ্ৰেছৰ কোনো সভা, বৈঠকত কোনেও দেখা পোৱা নাছিল তেওঁক।

১৯৮৪ ৰ ৩১ অক্টোবৰত নিজৰেই দেহৰক্ষীয়ে যেতিয়া ইন্দিৰাগান্ধীক হত্যা কৰিছিল তাৰ পিছতেই সলনি হৈছিল দেশৰ ৰাজনৈতিক পৰিৱেশ। ইন্দিৰাৰ পুত্ৰ ৰাজীৱ গান্ধীৰ কান্ধত পৰিছিল প্ৰধানমন্ত্ৰীৰ দায়িত্ব।

মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি ৰাজীৱ গান্ধীয়ে ভাৰতৰ আটাইতকৈ কণিষ্ঠতম প্ৰধানমন্ত্ৰী হোৱাৰ লগতে তেওঁৰ আধুনিক চিন্তা চেতনাৰ বৰ্হিপ্ৰকাশ ঘটাই ভাৰতীয় ৰাজনৈতিক, সামাজিক পৰিৱেশলৈ আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল। এইগৰাকী ৰাজীৱ গান্ধীকেই ১৯৯১ ৰ ২১ মে’ত চেন্নাইত হত্যা কৰা হ’ল।

আৰু তাৰ পিছতেই কংগ্ৰেছত আত্মপ্ৰকাশ ঘটিল ছোনিয়া গান্ধীৰ। অনিচ্ছা স্বত্বেও ৰাজনীতিৰ পথাৰত ভৰি দিছিল ছোনিয়া গান্ধীয়ে। ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত ছোনিয়াক কংগ্ৰেছৰ নেতৃত্ব গ্ৰহণ কৰিবলৈ দলে আমন্ত্ৰণ জনাইছিল যদিও ৰাজনীতিত যোগদান কৰাৰ ইচ্ছা নথকাৰ বাবেই ১৯৯১ ৰ পৰা ১৯৯৭ চনলৈ তেওঁ দলটোত যোগদান কৰাৰ পৰা বিৰত আছিল।

অৱশেষত তেওঁ ১৯৯৭ ত কংগ্ৰেছলৈ আহে আৰু দলটোৰ সভানেত্ৰীৰ পদ গ্ৰহণ কৰে। ইয়াৰ পিছৰখিনি ইতিহাস। ছোনিয়া গান্ধীৰ নেতৃত্বতে কংগ্ৰেছে ২০০৪ ৰ সাধাৰণ নিৰ্বাচনত ছোনিয়া গান্ধীৰ নেতৃত্বে কংগ্ৰেছে দখল কৰিলে ক্ষমতা। ২০০৯ চনতো একেই ফলাফল।

কংগ্ৰেছৰ অধ্যক্ষ হোৱাৰ পিছতো ছোনিয়া গান্ধীয়ে অৱশ্যে গ্ৰহণ নকৰিলে প্ৰধানমন্ত্ৰীৰ আসন। দলীয় নেতাৰ আহ্বানক নেওচি তেওঁ প্ৰধানমন্ত্ৰী হিচাপে নিক্ষেপ কৰিলে বিখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙক।

১৯৯৭ চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰা ছোনিয়া গান্ধীয়ে কংগ্ৰেছ দলত গঢ়িলে কেইবাটাও ইতিহাস। কংগ্ৰেছৰ দীৰ্ঘকালৰ অধ্যক্ষ হিচাপে চিহ্নিত হ’ল ছোনিয়া গান্ধী।

তেওঁৰ অধ্যক্ষ হৈ থকাৰ সময়তে কংগ্ৰেছে দেখিছে বহু উত্থান, পতন। ২০০৪, ২০০৯ ৰ লোকসভাৰ নিৰ্বাচনত যিদৰে সফলতা অৰ্জন কৰিছে, ঠিক তেনেদৰে মুখামুখি হৈছে পৰাজয়ৰ। তেওঁ দেখিছে দলৰ বিপদত কিদৰে দলটোক বিশ্বাসঘাটকতা কৰিছে এজনৰ পিছত আন এজন কংগ্ৰেছীয়ে।

দলীয় বিসম্বাদৰ জৰ্জৰিত দলটোক তেওঁ কৌশলেৰে এতিয়াও ধৰি ৰাখিছে। দুৰ্বল হৈ পৰা দলটোক তেওঁ বাহিৰৰ পৰাই এনেকৈ ধৰি ৰাখিছে যে, শাসনাধিস্ত বিজেপিৰ হাজাৰ চেষ্টাৰ পিছতো অপ্ৰাসংগিক হৈ যাবলৈ দিয়া নাই।
ৰায়পুৰত এইগৰাকী কংগ্ৰেছ নেত্ৰীয়ে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ ইংগিত দিলে। ক’লে, মোৰা যাত্ৰা শেষ হোৱাৰ দিশে। নিজৰ ভাষণ প্ৰসংগত তেওঁ শেহতীয়াকৈ অন্ত পৰা ভাৰত জোড়ো যাত্ৰাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ ক’লে- ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে মোৰ যাত্ৰা শেষ হ’ব পাৰে। ইয়েই মোক অত্যন্ত সন্তুষ্টি দিছে।

প্ৰায় ১৫ হাজাৰ কংগ্ৰেছ প্ৰতিনিধিক সম্বোধন কৰি ছোনিয়া গান্ধীয়ে ৰাজহুৱাকৈ প্ৰশংসা কৰিলে ৰাহুল গান্ধীক। ভাৰত জোড়ো যাত্ৰাৰ বিষয়ক কেন্দ্ৰ কৰি ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যি যাত্ৰা কৰিলে সেই যাত্ৰাৰ সফল সামৰণিৰ বাবে তেওঁ পুত্ৰ ৰাহুলক প্ৰশংসা কৰি ক’লে- ‘ভাৰত জোড়ো যাত্ৰা দলটোৰ বাবে এক মাইলৰ খুঁটি। এই যাত্ৰাই প্ৰমাণ কৰিলে ভাৰতৰ জনসাধাৰণে সম্প্ৰীতি, সহনশীলতা আৰু সমতা বিচাৰে।”

সম্ভৱত জীৱনৰ অন্তিমখন কংগ্ৰেছৰ পূৰ্ণ অধিৱেশন সম্বোধন কৰা ছোনিয়া গান্ধীয়ে তেওঁৰ ভাষণত শাসনাধিস্ত বিজেপিকো সমালোচনা কৰিবলৈ নেৰিলে। বিজেপি নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি তেওঁ ক’লে বিজেপিয়ে সংখ্যালঘু, দলিত, জনজাতীয়, মহিলাৰ বিৰুদ্ধে ঘৃণা বিয়পোৱাত নামিছে।

বয়সৰ জোখাৰে ছোনিয়া গান্ধীয়ে ৭৭ টা বসন্ত গৰকিলে। এতিয়াও তেওঁ অসুস্থ। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ মাজতো তেওঁ হৈ পৰিছিল অসুস্থ। তেওঁ হয়তো বুজি পাইছে এতিয়া তেওঁক জিৰণীৰ প্ৰয়োজন। সেয়ে তেওঁ হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীক সন্মুখত লৈ অৱসৰৰ ইংগিত দি গ’ল।
এয়াও স্বাভাৱিক কথা। কিন্তু তেওঁৰ ভাৰতীয় ৰাজনীতিত যি দক্ষতা আৰু তেওঁৰ বুদ্ধিমত্তাক এৰাই চলিব পৰা বিধৰ নহয়। যদি ইংগিত দিয়াৰ দৰেই ছোনিয়া গান্ধীয়ে অৱসৰ লয় তেন্তে বিদেশী মুলৰ ব্যক্তিয়ে আৰম্ভ কৰা কংগ্ৰেছ দলটোক নেতৃত্ব দিয়া শেষৰজন বিদেশী মুলৰ ব্যক্তি ।