- তাৰক দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
কম দিনত ধনী হোৱাৰ স্বপ্ন দেখাই পুনৰ ঠগ খালে কিছু মানুহে। দীপাংকৰ বৰ্মনে ৪০০০ কৌটি টকা লুট কৰি পলায়ন কৰিলে। এনে ঘটনা অসমত আগতেও সংঘতিত হৈছে। ২০১১ চন মানত এনে এটা সংস্থাই এনেকৈ বহু টকা লুটিলে। তাৰ পিছত সাৰদা। দুইবছৰ মান আগতে কিতাপক পিদিএফ বনোৱাৰ ঠিকা দিয়াৰ নামতো জনতাৰ পৰা লুটা হ’ল বহু টকা। এইবাৰ আহিল দিপাংকৰ বৰ্মন। যি সময়ত বেংকত ফিক্স ডিপোজিট কৰিলে ৮%তকৈ বেছি সুত নিদিয়ে, মিউচউল ফাণ্ডত থলেও ১৫% মানহে সুত পোৱা যায় তেনে ক্ষেত্রত দীপাংকৰ বৰ্মনৰ এনে কি আলাদিনৰ চাকি আছিল যাৰ বাবে তেওঁ ১২০% সুত দিব পাৰে?ধনী হোৱা ইমান সহজ হ’লে ভাৰতবৰ্ষত ইমান দুখীয়া মানুহে নাথাকিলহেতেন। ধনী হ’বলৈ কষ্ট কৰিব লাগিব। পঢ়িব লাগিব,কপালৰ ঘাম মাতিত পেলাব লাগিব, জীৱনত ষ্ট্ৰাগল কৰিব লাগিব। ইয়ে মানুহৰ সফলতাৰ ৰাস্তা মুকলি কৰে। তাকে নকৰি মাটি বিক্ৰী কৰি দীপাংকৰ বৰ্মনৰ নিচিনা মানুহ বিচাৰি ফুৰিলে হ’ব যানো? কেনেকৈ দিব পাৰিব তেওঁ এক বছৰত দুগুন ধন? অৰ্থনীতিৰ সামান্য জ্ঞান থকা মানুহেও এই কথা ক’ব। বাৰে বাৰে ঠগ খাই থকাৰ পিছতো কিন্তু মানুহ বিলাকৰ চকু মুকলি হোৱা নাই। কেইদিনমান পিছত আৰু কোনোবা দীপাংকৰ বৰ্মন আহিব, মানুহবিলাকে ঠগ খাব আৰু কান্দিব। এইটো চলি থাকিব। এইটো ৰোধ কৰিবলৈ হ’লে মানুহবিলাক সচেতন হ’ব লাগিব। এবছৰত ধন দুগুন কৰাৰ সপোন দেখুওৱা কোনো মানুহ পালেই তাক চৰিয়াব আৰু পুলিছক খৱৰ দিব। চৰকাৰেও চকু মুদা কুলি হৈ বহি থাকিলে নহ’ব। এনেকুৱা প্ৰৱঞ্চকৰ বিৰূদ্ধে ৰাজ্যবাসীক সজাগ আৰু সচেতন কৰা চৰকাৰৰ দায়িত্ব। এনেকুৱা প্ৰৱঞ্চকৰ বিৰূদ্ধে কঠোৰ আইন প্ৰযোজ্য হ’ব লাগে। মৃত্যুদণ্ড বা আজীবন কাৰাদণ্ড এওঁলোকৰ প্ৰাপ্য।







