- ৰিতু তালুকদাৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
এটা বয়সৰ পিছত মানুহৰ শাৰীৰিক আৰু মানসিক শক্তি অবনমিত হয়। ফলত তেওঁ কাম কৰি উপাৰ্জন কৰাৰ বাবে যোগ্য বুলি বিবেচনা কৰা নহয়। চৰকাৰে এই বয়স ধৰি দিছে ৬০ বছৰ। চৰকাৰী কৰ্মচাৰী সকলক ৬০ বছৰত অৱসৰ দিয়া হয়। অবসৰৰ পিছত তেওঁলোকে মাহিলী এটা ভাল পেঞ্চন লাভ কৰে। কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ তেওঁলোকে চলিব পাৰে। এই পেঞ্চনৰ পৰিমান কাৰোবাৰ ক্ষেত্রত এক লাখ পৰ্য্যন্ত হৈছে। যি সময়ত অৰুনোদয়ৰ ১২৫০ টকাৰ বাবে মানুহে হাহাকাৰ কৰিবলগীয়া হৈছে তেনে ক্ষেত্রত ১ লাখ টকাৰ পেঞ্চন কিমান সমৰ্থনযোগ্য? এতিয়া ওপিএছ, এনপিএছৰ বিতৰ্ক চলি আছে। এইখিনিতে আমাৰ মনত প্ৰশ্ন হৈছে যে ৬০ বছৰ পূৰ্ণ হোৱা ব্যক্তিসকলৰ মাজত ভেদভাব কৰা কিমান সমৰ্থনযোগ্য? চৰকাৰী কৰ্মচাৰী হোৱাৰ সুবাদত এজনে অৱসৰ গ্ৰহণ কৰি মোটা পেঞ্চন পাই থাকিল আনফালে আন বহুতে ১২৫০ টকাতে সন্তুষ্ট হবলগীয়া হ’ল। কিন্তু ৬০ বছৰ হ’লে চৰকাৰী কৰ্মচাৰী এজনো বুঢ়া হয় আনসকলো হয়। সেয়েহে সকলো ৬০ বছৰৰ উৰ্দ্ধৰ ব্যক্তি সকলৰ বাবে সমান পেঞ্চনৰ ব্যৱস্থা কৰিব পৰা নাযায় নে? ৬০ বছৰৰ তলৰ ব্যক্তিসকলৰ বাবে বিনামূলীয়া চাউল তথা আন চৰকাৰী সুবিধা নহ’লেও চলি যায়। দেহত শক্তি থাকিলে কষ্ট কৰি উপাৰ্জন কৰিব পৰা যায়। সেয়েহে চৰকাৰী সুবিধা কেবল ৬০ বছৰৰ ওপৰৰ সকলো ব্যক্তি তথা বিকলাংগ সকলৰ বাবে থাকিব লাগে। ৬০ বছৰৰ ওপৰৰ সকলো ব্যক্তিয়ে যদি মাহিলী অন্ততঃ ৫ হেজাৰ টকা লাভ কৰে তেন্তে ইয়ে তেওঁলোকক বহুত সকাহ দিব?