কংগ্ৰেছ-বিজেপিৰ মাজত আদান-প্ৰদান

263
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০২৪ লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে ১১ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। তাৰ ভিতৰত প্ৰদান বৰুৱা, সুৰেশ বৰা, কৃপানাথ মাল্লা কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা। আনফালে কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ আৰু উদয় শংকৰ হাজৰিকা আছিল প্ৰাক্তন বিজেপি। এটা সময়ত তৰুণ গগৈক বিৰোধিতা কৰি ড° হিমন্ত বিশ্ব শৰ্মাৰ লগত বহুত কংগ্ৰেছী বিজেপিলৈ গুছি আহিছিল। সেই সোঁত এতিয়াও বৈ আছে। জয়ন্ত মল্ল, পিযুষ, সুশান্ত ,ৰূপজ্যোতি আদি কৰি বহু বিজেপি বিধায়ক কংগ্ৰেছৰ পৰা অহা। ২০২৬ৰ বিধানসভা নিৰ্বাচনত আৰু বহুত প্ৰাক্তন কংগ্ৰেছীয়ে টিকট লাভ কৰাৰ সম্ভাবনা আছে। তাৰ ভিতৰত আছে বিস্মিতা গগৈ,ৰাণা গোস্বামী, প্ৰাঞ্জল ঘাটোৱাৰ, মানস বৰা ইত্যাদি। এইসকল ন-বিজেপিৰ বাবে বহু পুৰণি বিজেপি কৰ্মীয়ে অস্তিত্বৰ সংকটত ভুগিছে। নিজৰ ৰাজনৈতিক অস্তিত্ব ৰক্ষা কৰিবলৈ বহু পুৰণি বিজেপিয়ে অনাগত দিনত কংগ্ৰেছলৈ ধাবমান হ’ব বুলি গম পোৱা গৈছে। মৃণাল শইকীয়া,ৰাজেন গোহাঁই , অশোক শৰ্মা আৰু জয়ন্ত দাসৰ লগত কংগ্ৰেছৰ যোগাযোগ চলি আছে। তালিকাত আছে সিদ্ধাৰ্থ ভট্টাচাৰ্য্য , হিতেন্দ্ৰ নাথ গোস্বামীকে ধৰি আন বহুতৰে নাম। গৌৰৱ গগৈৰ জয়ত নতুন প্ৰাণ পোৱা কংগ্ৰেছৰ লগত নতুন ইনিংছ খেলিবলৈ সাজু হৈছে বহু বিজেপি নেতা। যদি সচাকৈয়ে এই সকলো নেতা কংগ্ৰেছত যোগদান কৰে তেন্তে দলদুটাৰ চৰিত্রৰ সাংঘাতিক পৰিবৰ্তন হ’ব। ২০১০ জনত বিজেপিৰ হৈ টক শ্বোত ভাগ লোৱা মীৰা বৰঠাকুৰ,আৰপি শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আদিয়ে বক্তব্য ৰাখিব কংগ্ৰেছ দলৰহৈ। আনফালে সেইসময়ত কংগ্ৰেছৰ ওকালতি কৰা মানস বৰাহতে ব্যাখ্যা কৰিব হিন্দুত্বৰ প্ৰয়োজনীয়তাৰ কথা। ২০১০ৰ কংগ্ৰেছ হৈ পৰিব ২০২৬ৰ বিজেপি আৰু ২০১০ৰ বিজেপি হ’ব ২০২৬ৰ কংগ্ৰেছ। কংগ্ৰেছ যদি ২০২৬ত ক্ষমতালৈ আহে তেতিয়া পুনৰ এটা নতুন বিৰ্তকৰ সুচনা হ’ব নেকি? ন-কংগ্ৰেছী বুলি পুৰণি বিজেপিক আক্ৰমণ কৰা হ’ব নেকি?