গান্ধীজীৰ শেষ দিনটো

1222
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনাখন নাথুৰাম বিনায়ক গডচে নামৰ ব্যক্তিজনে মোহনদাস কৰমচাদ গান্ধীক  শুন্য দুৰত্বৰ পৰা গুলীয়াইছিল আৰু মহাত্মা গান্ধীৰ মৃত্য হৈছিল । দহ দিন আগত ২০ জানুৱাৰীত গান্ধীজীক প্ৰথম হত্যাৰ চেষ্টা কৰাৰ পিছত পৰৱৰ্তী দহ দিনৰ বাবে তেওঁ তেওঁৰ কথোপকথন, পত্ৰ আৰু প্ৰাৰ্থনাৰ ভাষণত কমেও ১৪ বাৰ তেওঁৰ মৃত্যুৰ আশংকাৰ কথা উল্লেখ কৰিছিল।
২১ জানুৱাৰীত তেওঁ কৈছিল, “যদি কোনোবাই অতি নিকট পৰিসৰৰ পৰা মোৰ ওপৰত গুলী চালনা কৰে আৰু মই হাঁহি থাকোতে সেই গুলীবোৰৰ সন্মুখীন হওঁ,  হৃদয়ত ৰাম নামটো লৈ  মই  তেওঁক অভিনন্দন জনাম।”
 তেওঁ কৈছিল, “মোৰ সৈতে এনে হ’লে মোৰ সৌভাগ্য হ’ব।”
১৯৪৮ চনৰ ২৯ জানুৱাৰীৰ সন্ধিয়া ইন্দিৰা গান্ধী, নেহৰুৰ ভগ্নী কৃষ্ণ হাতী সিং, নয়নতৰা পণ্ডিত আৰু পদ্মজা নাইডু গান্ধীজীক লগ কৰিবলৈ বিৰলা হাউচলৈ গৈছিল।
কেথেৰিন ফ্ৰেঙ্কে ইন্দিৰা গান্ধীৰ জীৱনীত লিখিছে, “ঘৰৰ পৰা ওলাই যোৱাৰ আগতে, ইন্দিৰা গান্ধীক বাগিছাৰ মালী জনে তেওঁৰ চুলিত পিন্ধিবলৈ  জেচমিন ফুলৰ থোপা এটা দিছিল। ইন্দিৰাই সিদ্ধান্ত লৈছিল যে তেওঁ এইটো গান্ধীজীক দিব। বিৰলা হাউচত, তেওঁলোকে লনত বহি আছিল য’ত গান্ধীজীয়ে চকী এখনত বহি ৰ’দ পুৱাই  আছিল।”
তেওঁ লিখিছে, “চাৰি বছৰীয়া ৰাজীৱে কিছু সময়ৰ বাবে পখিলাবোৰৰ পিছে পিছে দৌৰিছিল, কিন্তু তাৰ পিছত গান্ধীৰ ভৰিৰ ওচৰলৈ আহি বহি পৰিছিল আৰু ইন্দিৰাই গান্ধীজীৰ ভৰিৰ আঙুলিৰ ফাঁকত  জেচমিন ফুলবোৰ সোমোৱাই দি আছিল ।গান্ধীজীয়ে হাঁহি তেওঁলোকক কৈছিল যে মৃত মানুহৰ ভৰিত হে ফুল দিয়ে ।
১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ দিনাখন গান্ধীজীয়ে প্ৰতিদিনৰ দৰে পুৱা ৩.৩০ বজাত সাৰ পাইছিল। তেওঁ ৰাতিপুৱা প্ৰাৰ্থনাত উপস্থিত আছিল । ইয়াৰ পিছত, তেওঁ মৌ আৰু নেমুৰ ৰসেৰে তৈয়াৰ কৰা পানীয় খাইছিল আৰু পুনৰ শুবলৈ গৈছিল। কিছু সময় শোৱাৰ পিছত আকৌ উঠিলে আৰু সহযোগী  ব্ৰজকৃষ্ণৰ পৰা  মালিচ লৈ বাতৰি কাকতবোৰ পঢ়িলে। ইয়াৰ পিছত তেওঁ কংগ্ৰেছৰ ভৱিষ্যত সম্পৰ্কে লিখা তেওঁৰ টোকাত সামান্য পৰিৱৰ্তন কৰিছিল আৰু সদায়ৰ দৰে আভাৰ পৰা বাংলা শিকিবলৈ তেওঁৰ প্ৰয়াস  অব্যাহত ৰাখিছিল। ৰাতিপুৱাৰ আহাৰত তেওঁ পাচলি, ছাগলীৰ গাখীৰ, মূলা, বিলাহী আৰু কমলা ৰস খালে । অন্যফালে দিল্লী চহৰৰ অন্য এটা কোণত ৰাতিপুৱা সাৰ পাইছিল নাথুৰাম গডচে । নাৰায়ণ আপ্তে আৰু বিষ্ণু কাৰকাৰে চহৰৰ আনটো কোণত পুৱা  ৭ বজাত পুৰণি দিল্লী ৰেল ষ্টেচনৰ ছয় নম্বৰ প্ৰতীক্ষা গৃহত উপস্থিত হৈছিল । নাথুৰাম গডছে ইতিমধ্যেই সাৰ পাই আছিল।
বোৰ্খা পিন্ধাৰ পৰীক্ষা বিফল হৈছিল !!
ডমিনিক লাপিয়েৰ আৰু লেৰী কলিন্সে তেওঁলোকৰ ‘ফ্ৰীদম এট মিডনাইট’ নামৰ কিতাপখনত লিখিছে__কোনোবাই পৰামৰ্শ দিছিল যে নাথুৰামে বোৰ্খা পিন্ধি গান্ধীজীৰ প্ৰাৰ্থনা সভালৈ যাব। বজাৰৰ পৰা এটা ডাঙৰ বোৰ্খাও ক্ৰয় কৰা হৈছিল। নাথুৰামে বোৰ্খা পিন্ধি চালে । তেওঁ অনুভৱ কৰিলে যে বোৰ্খাৰে কাম নহ’ব । তেওঁৰ হাত বোৰ্খাৰ তলত সোমাই গৈছিল ।
আপ্তেৰ মতে  নাথুৰামক সামৰিক শৈলীৰ পোছাকে সহজ কৰিব । তেওঁলোকে বজাৰলৈ গৈ নাথুৰামৰ বাবে কাপোৰ কিনিছিল।সৈনিকৰ দৰে পোছাকজোৰ পিন্ধি  নাথুৰাম গডছে তেওঁৰ বেৰেটা পিষ্টলটো উলিয়াইছিল আৰু সাতটা গুলী ভৰাইছিল।
শেষ দিনটোত চৰ্দাৰ পেটেলো আহিছিল:
আনহাতে, মহাত্মা গান্ধীৰ পুৰণি সংগী ৰুস্তম সোৰাবজীৰ পৰিয়ালে তেওঁক লগ কৰিবলৈ আহিছিল। তাৰ পিছত দিল্লীৰ মুছলমান নেতা মৌলানা হিফজুৰ ৰহমান আৰু আহমেদ ছাইদে লগ কৰিছিল। গান্ধীজীয়ে তেওঁলোকক আশ্বাস দিছিল যে তেওঁলোকে সেই লোকসকলৰ সন্মতি অবিহনে ৱাৰ্ধালৈ নাযাব। আবেলি, কিছুমান শৰণাৰ্থী, কংগ্ৰেছ নেতা আৰু এজন শ্ৰীলংকাৰ কূটনীতিবিদে গান্ধীক লগ কৰিবলৈ তেওঁৰ জীয়েকৰ সৈতে আহিছিল। সেই দিনাখন বুৰঞ্জীবিদ ৰাধা কুমুদ মুখাৰ্জীও আছিল বিৰলা ভৱনত গান্ধীক লগ কৰিবলৈ । গান্ধীক লগ কৰিবলৈ অহা সকলৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল চৰ্দাৰ পেটেল , তেওঁ আবেলি ৪.৩০ বজাত তাত উপস্থিত হৈছিল।
আনহাতে, গডছে আৰু তেওঁৰ সঙ্গীসকলে সময় কটাবলৈ ৰেল ষ্টেচনৰ  প্ৰতীক্ষা কোঠালৈ গৈছিল।
চৰ্দাৰ পেটেল গান্ধীজীৰ কাষত বহি থকা সময়তে দিল্লীৰ আনটো কোনত থকা  গডচেৰ ভজা বাদাম খোৱাৰ ইচ্ছা গৈছিল । আপ্তে কিনিবলৈ গৈছিল। অলপ সময়ৰ পিছত তেওঁ ঘূৰি আহি ক’লে যে সমগ্ৰ ষ্টেচনৰ আশে পাশে বাদাম উপলব্ধ নহয়, কাজু বা অলমন্দ বাদামে হ’লে হব নে ?” নাথুৰামে কৈছিল- মই কেৱল মুমফলি বাদাম বিচাৰো। আপ্তে আকৌ এবাৰ মুমফলি বাদামৰ সন্ধানত বাহিৰলৈ গৈছিল। অলপ সময়ৰ পিছত তেওঁ এটা ডাঙৰ মোনাত বাদাম লৈ আনিলে।
গান্ধীজীৰ সন্ধিয়াৰ প্ৰাৰ্থনালৈ কিছু সময় বাকী আছে । বিৰলা হাউচলৈ যোৱাৰ আগতে গডচে আৰু তেওঁ সকলো সংগী বিৰলা মন্দিৰলৈ গৈছিল । এইটো সিদ্ধান্ত লোৱা হৈছিল যে গডছে আৰু তেওঁৰ সহযোগীসকলে প্ৰথমে বিৰলা মন্দিৰলৈ যাব। কাৰকাৰে আৰু আপ্তে তাত পুজা  আৰু প্ৰাৰ্থনা কৰিব । গডছে এনে ধৰণৰ কামৰ প্ৰতি আগ্ৰহী নাছিল।
“কাৰকাৰেৰ মুখেৰে ওলোৱা প্ৰতিটো শব্দই কঁপি উঠিছিল, তেওঁৰ কণ্ঠ শুকাই গৈছিল। আপ্তে তেওঁক সংযত হৈ থাকিবলৈ পৰামৰ্শ দিয়ে।  মন্দিৰৰ পিছফালে থকা বাগিচালৈ গডচে গৈছিল । যেতিয়া আপ্তে আৰু কাৰকাৰে মন্দিৰ দৰ্শন কৰি  ওলাই আহিছিল, তেতিয়া নাথুৰাম গডছে শিৱাজীৰ মূৰ্তিৰ ওচৰত থিয় হৈ আছিল।
বিৰলা হাউচৰ প্ৰবেশ দুৱাৰত  গডছেক পৰীক্ষা কৰা হোৱা নাছিল !!
পুৰণি দিল্লী ষ্টেচনৰ পৰা  নাথুৰাম গডছে বিৰলা হাউচৰ লৈ  এখন  টাংগাত গ’ল । নাথুৰাম যোৱাৰ পাঁচ মিনিট পিছত আপ্তে আৰু কাৰকাৰেও পৃথকে পৃথকে  টাংগাত গৈ বিৰলা হাউচত উপস্থিত হৈছিল।
কাৰকাৰে নিজৰ অভিমত  ডমিনিক লাপিয়েৰ আৰু লেৰী কলিন্সক দিছিল যেতিয়া কাৰাদণ্ড শেষ কৰি ওলাই আহিছিল ।  তেওঁ কৈছিল , “যেতিয়া আমি বিৰলা হাউচৰ গেটত কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিলো তেতিয়া আমি স্বস্তিৰ নিশ্বাস পেলাইছিলো । আগত কৈ মানে ২০ জানুৱাৰীতকৈ সিদিনা  অধিক আৰক্ষী মোতায়ন কৰা হৈছিল ,  কিন্তু ভিতৰলৈ যোৱা সকলক কোনেও তালাচী কৰা নাছিল।
আনহাতে, গান্ধীজী আৰু পেটেলৰ মাজত ৰুদ্ধধ্বাৰ আলোচনা চলি আছে । পেটেল আৰু নেহৰুৰ মাজত চলা বিভেদে চুড়ান্ত পৰ্য্যায় পাইছিল । আলোচনা  ইমান গভীৰ আৰু গুৰুত্বপূৰ্ণ আছিল যে গান্ধীজীয়ে তেওঁৰ প্ৰাৰ্থনা সভা আৰম্ভ কৰোতে বহু পলম হৈছিল । প্ৰায় এঘন্টা ধৰি চলা আলোচনা সমাপ্ত কৰি পেটেলে বিদায় ল’লে । গান্ধীজীয়ে তেওঁৰ ভতিজী আভা আৰু মনুৰ কান্ধত হাত থৈ খোজ ল’লে । শুন্য দুৰত্বৰ পৰা গুলী চলিল আৰু মহাত্মা গান্ধীৰ দৰে এজন অহিংসা নীতিত বিশ্বাসী  সিদ্ধ পুৰুষ নিহত হ’ল ।  গান্ধীজীৰ ঘড়ীটো ৫ বাজি ১৭ মিনিটত বন্ধ হৈ গৈছিল । সন্ধিয়া ছয় বজাত ৰেডিঅত বাতৰি প্ৰচাৰ হ’ল __গান্ধীৰ ওপৰত গুলী চলোৱা হৈছে আৰু গান্ধীজী নিহত হৈছে । গুলী চলোৱা জন হিন্দু । ৰেডিঅত বাৰম্বাৰ কৈ থকা হৈছিল যে গুলী কৰা ব্যক্তিজন হিন্দু । কাৰণ সেই সময়ছোৱাত বিভাজনে হিন্দু – মুছলমান উভয়কে ক্ষতি কৰিছিল । ভাৰতত থাকি যোৱা মুছলমান সকলেও ভাবিছিল যে গান্ধীজীয়ে বিভাজন ৰোধ কৰিব পাৰিলেহেতেঁন আৰু হিন্দু সকলেও একেই ভাবিছিল । ৰেডিঅত হিন্দু বুলি বহুল প্ৰচাৰ কৰাৰ কৰাৰ কাৰণ আছিল এটাই __যাতে সাম্প্ৰদায়িক সংঘৰ্ষৰ লক্ষ্য মুছলমান নহয় ।  গান্ধীজীৰ অহিংস নীতিত বিশ্বাসী সমৰ্থক সকলে মহাৰাষ্ট্ৰৰ পুনে , নাচিক আৰু মুম্বাইত তাণ্ডৱ চলাই বহু হাজাৰ মাৰাঠী ব্ৰাহ্মণ পৰিয়ালৰ ওপৰত নৰসংহাৰ চলায় ।  নাথুৰামে গান্ধীজীক হত্যা কৰাৰ পিছত চৰ্দাৰ পেটেল নেহৰুৰ সন্মুখত দুৰ্বল হৈ পৰে , আৰ এছ এছ ৰ দৰে সংগঠন নেহৰু চৰকাৰে নিষিদ্ধ কৰিবলৈ সুযোগ পায় । যিজন গান্ধীজীয়ে স্বাধীনতাৰ পিছত কংগ্ৰেছ দলক ভংগ কৰিবলৈ পৰামৰ্শ দিছিল সেইজন গান্ধী নোহোৱা হৈ থাকিল ।
সন্দৰ্ভ গ্ৰন্থ :

Freedom at Midnight  by Larry Collins and Dominique Lapierre :The Men Who Killed Gandhi by Manohar Malgonkar ; Gandhi ,  Ramachandra Guha