গৌৰৱ গগৈৰ কৰ্ণাটক প্ৰেম!

93
  • প্ৰিয়াংকু নাৰায়ন বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অসমত ঔদ্যোগীকৰণৰ এক নৱ দুৱাৰ মুকলি কৰি টাটা গ্ৰুপে ২৭০০০ কোটি টকাৰ বৃহৎ বিনিয়োগেৰে মৰিগাওঁত ছেমিকণ্ডাক্টৰ উদ্যোগ গঢ়াৰ সিদ্ধান্ত লৈছে। এই উদ্যোগে সমগ্ৰ বিশ্বত অসমক এক সুকীয়া পৰিচয় প্ৰদান কৰিব। দেশ তথা ৰাজ্যখনৰ অৰ্থনৈতিক পৰিকাঠামো সবল কৰাৰ ক্ষেত্ৰটো এই প্ৰকল্পই অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। দেশৰ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাই কৈছে যে অসমত আধাৰশিলা স্থাপন হোৱা অৰ্ধপৰিবাহী (ছেমিকণ্ডাক্টৰ) উদ্যোগে ৰাজ্যখনক বিশ্বৰ মানচিত্ৰত স্থান দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ জাগীৰোডত ২৭ হাজাৰ কোটি টকা বিনিয়োগেৰে স্থাপন হ’বলগীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছে।

ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সদায়েই এক্ট ইষ্ট নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে আৰু এই ইউনিটটো নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে-লগে আজি অসমত এক অতিশয় গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন হয়।এই প্ৰকল্পটোত ২০২৪ৰ ২৯ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল।
অৰ্ধপৰিবাহী উদ্যোগটো এক ভিত্তিগত উদ্যোগ। ইয়াৰ জৰিয়তে ভিন্ন আপষ্ট্ৰিম আৰু ডাউনষ্ট্ৰিম উদ্যোগত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।
এই ইউনিটৰ প্ৰস্তাৱিত ক্ষমতা প্ৰতিদিনে ৪.৮৩ কোটি অৰ্ধপৰিবাহী চিপ উৎপাদন। এই ইউনিটটোৱেই হ’ব ৱায়াৰ বণ্ড, ফ্লিপ চিপ আৰু আই-এছআইপি (ইন্টিগ্ৰেটেড চিষ্টেম ইন পেকেজ) প্ৰযুক্তিকে প্ৰমুখ্য কৰি থলুৱা উন্নত অৰ্ধপৰিবাহী পেকেজিং প্ৰযুক্তিৰ বিকাশৰ স্থান আৰু এই প্ৰকল্পটোত প্ৰয়োগ হ’বলগীয়া এই তিনিওটা প্ৰধান প্ৰযুক্তি ভাৰততে বিকশিত কৰা হৈছে। এই প্ৰযুক্তিসমূহ মূল এপ্লিকেচন যেনেঃ অট’ম’টিভ (বিশেষকৈ বৈদ্যুতিক বাহন), যোগাযোগ, নেটৱৰ্ক আন্তঃগাঁথনি আৰু আন-আনসমূহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ।

এসময়ত পশ্চিমবংগৰ পৰা কাৰ্যতঃ নিজৰ উদ্যোগ বন্ধ কৰি আতৰি যাবলৈ বাধ্য হোৱা টাটা গোষ্ঠীয়ে পুনৰ অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে৷এয়া অতি গুৰুত্বপূৰ্ণ বিষয় য’ত নেকি অৰ্থনৈতিক বিকাশত ৰাজ্যৰ সামগ্ৰিক বিকাশৰ সম্ভাৱনাও লক্ষণীয়।

পশ্চিমবংগৰ দাতিকাষৰীয়া ৰাজ্য অসমৰ প্ৰতি টাটা গোষ্ঠীৰ এই আকৰ্ষণে ইতিমধ্যে দেশৰ উদ্যোগিক জগতত আলোড়নৰ সৃষ্টি কৰিছে৷

কেইবছৰমান আগতে দেশৰ অন্যতম বৃহৎ উদ্যোগপতি ৰতন টাটাৰ হেনো এটা সপোন আছিল। সেই সপোনটো আছিল থলুৱা ছেমিকণ্ডাক্টৰ চিপৰ। যাতে চীনৰ পৰা ভাৰতকে ধৰি বিশ্বৰ আন দেশ নিৰ্ভৰশীলতা হ্ৰাস হয়।সম্ভৱত: এতিয়া সেই সপোন সোনকালেই পূৰণ হোৱা দেখা যাব। ইতিমধ্যে অসমৰ ভিতৰত দেশৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। প্ৰায় ২৭ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ হৈ থকা এই প্ৰকল্পটোত প্ৰায় পচিশ হাজাৰ লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে চাকৰি পাব বুলি আশা কৰা হৈছে। আনহাতে দেশত দৈনিক কোটি কোটি ছেমিকণ্ডাক্টৰ চিপ উৎপাদন কৰা হ’ব। ইয়াৰ অৰ্থ হৈছে যে ভাৰতৰ নিৰ্ভৰশীলতা চীন আৰু বিশ্বৰ নিৰ্বাচিত দেশসমূহৰ পৰা সমাপ্ত হ’ব যাৰ অৰ্ধপৰিবাহী চিপ নিৰ্মাণত একচেটিয়া অধিকাৰ আছে। ইয়াৰ লগে লগে কেইবছৰমানৰ ভিতৰত ভাৰতক ছেমিকণ্ডাক্টৰ ৰপ্তানিকৰ্তা হোৱাৰ পথত দেখা যাব।অসমত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোৱে কেৱল দেশত চিপছৰ অভাৱ পূৰণ নকৰে, লগতে দেশৰ চাকৰিৰ সমস্যাসমাধানৰ চেষ্টাও কৰিব। যিটো বৰ্তমান সময়ত দেশৰ যুৱসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ।
১৫ হাজাৰতকৈও অধিক পোনপটীয়া চাকৰি সৃষ্টি হ’ব আৰু পৰোক্ষভাৱে ১২ হাজাৰৰো অধিক চাকৰি সৃষ্টি হ’ব। ২০২৫ চনৰ ভিতৰত এই প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব আৰু ইয়াৰ কাৰ্যকলাপও আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই এয়া অসমৰ সোণালী দিন বুলি অভিহিত কৰি কৈছে যে-“ধৰ্ণা-আন্দোলন জৰ্জৰ সময়ৰ পৰা বৃহৎ বিনিয়োগৰ প্ৰাণকেন্দ্ৰলৈ আজি অসমে সম্ভাৱনাৰ বহু দুৱাৰ মুকলি কৰিছে৷”ইয়াৰ পাছত এই প্ৰকল্পত খিলঞ্জীয়া নিযুক্তি সন্দৰ্ভত তেওঁ উল্লেখ কৰিছে এইদৰে-“টাটা ছেমিকণ্ডাক্টৰৰ কথা প্ৰথম ওলাওঁতে অসমৰ বহু মানুহে আমাৰ খিলঞ্জীয়া যুৱক-যুৱতীয়ে নিযুক্তি পাবনে নাই, তাক লৈ সন্দিহান হৈছিল৷ কিন্তু টাটা ইলেক্ট্ৰনিকছৰ সদিচ্ছাৰ ফলত ১০০০ যুৱতীক অসমৰ বাহিৰত প্ৰশিক্ষণ দি থকা হৈছে যাতে আমাৰ ইয়াত এই প্ৰকল্প আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰে৷”

ইয়াৰ বিপৰীতে কংগ্ৰেছ দল তথা কংগ্ৰেছৰ নেতাসকল যে সদায় অসম বিৰোধী সেয়া তেওঁলোকে ভিন্ন সময়ত তেওঁলোকৰ কৰ্ম তথা মন্তব্যৰ জৰিয়তে প্ৰমাণ দি আহিছে।
কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গে অসমত নিৰ্মাণ হৈ থকা চেমিকণ্ডাক্টৰৰ বিৰোধিতা কৰি অসমত দক্ষতা, গৱেষণা আৰু বৈজ্ঞানিক পৰিবেশৰ অভাৱ আছে বুলি কৈ অসমত এই বৃহৎ উদ্যোগ হ’ব নালাগে বুলি কৰা চূড়ান্ত অসমবিৰোধী মন্তব্য অত্যন্ত দূৰ্ভাগ্যজনক।

কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খৰ্গে অসম আৰু অসমীয়াৰ সামৰ্থক যি তুচ্ছ তাচ্ছিল্য কৰিলে, অসমৰ যুৱক-যুৱতীৰ কোনো সামৰ্থ নাই, প্ৰতিভা নাই, গৱেষণা নাই বুলি যি ঠাট্টা কৰিলে তাৰ বিৰোধিতা কৰিবলৈ অসম কংগ্ৰেছৰ নেতাসকলে তুষ্টিকৰণৰ স্বভাৱ এৰি আই অসমী তথা অসমৰ যুৱ প্ৰজন্মৰ হকে মাত দিবলৈ সাহস নহ’ল। কাৰণ কংগ্ৰেছৰ হাইকমাণ্ডক নিৰাশ কৰাৰ নুন্যতম সাহসকণো বৰ্তমান অসম কংগ্ৰেছৰ নাই। এইগৰাকী কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেই সুধাকন্ঠ ড: ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদানৰ ক্ষেত্ৰতো প্ৰশ্ন উত্থাপন কৰিছিল।

আনহাতে সম্প্ৰতি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভণিৰ পৰাই “এক্ট ইষ্ট”নীতিৰে অসম তথা উত্তৰ-পূবৰ উন্নয়ণৰ দিশত যথেষ্ট প্ৰয়াস অব্যাহত ৰাখিছে। বিপৰীতে অসমৰ প্ৰতি সদায়েই আবেগ শূণ্য কংগ্ৰেছ।দুটা মান পুৰণি কথাৰ আত ধৰি চালে কংগ্ৰেছৰ অসমৰ প্ৰতি ধাৰণা সম্পৰ্কে অনুমান কৰিব পাৰি।

অসম আন্দোলনৰ ভৰপক সময় তেতিয়া।১৯৮০ চনৰ ৬ ডিচেম্বৰত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে আনোৱাৰা টাইমূৰে।কঠোৰ হাতেৰে অসম আন্দোলন দমন কৰিব বিচৰা টাইমূৰ চৰকাৰক অসমৰ বিদেশী অনুপ্ৰৱেশৰ সমস্যাটোৰ প্ৰতি উদাসীন দেখা গৈছিল।

চৈয়দা আনোৱাৰা টাইমূৰে দায়িত্ব লোৱাৰ সময়ত, অসমত বিদেশী বহিষ্কৰণ আন্দোলন চলি আছিল। অসমত অবৈধভাৱে অনুপ্ৰৱেশ কৰি, অসমৰ মাটিত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা হাজাৰ হাজাৰ বাংলাদেশী লোকক অসমৰ মাটিৰ পৰা বহিষ্কৰণ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে অসমত তীব্ৰ এক আন্দোলন গঢ়ি উঠিছিল। অসমত এই আন্দোলন এক জাতীয় আন্দোলন ৰূপে গঢ়ি উঠিছিল। টাইমূৰ চৰকাৰে এই সমস্যাটো আলোচনাৰ মাজেৰে সমাধান নকৰি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। তেওঁ পুলিচৰ হাতত অধিক ক্ষমতা প্ৰদান কৰি, এই আন্দোলন চি. আৰ. পি.ৰ হতুৱাই মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত অসমৰ বাতৰি কাকত সমূহে অসম আন্দোলনক পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। সেয়ে টাইমূৰ চৰকাৰে অসমৰ বাতৰি কাকত আৰু আলোচনীসমূহত চেন্সৰ আদেশ জাৰী কৰে। বিশেষকৈ দৈনিক অসম, অগ্ৰদূত, জনমভূমি আদি কাকতৰ ওপৰত চৰকাৰে চোকা নজৰ ৰাখিছিল।

অসম চুক্তিৰ পৰৱৰ্তী সময়ত বিগত ৩৯বছৰে বহু কচৰৎ হ’ল-বহু কথাৰ মহলা বাঢ়িল-ৰাইজে দেখিলে কেবাখনো চৰকাৰৰ এই সংবেদনশীল বিষয়টোক লৈ তথাকথিত নাটৰ আখৰা। আনফালে অসমত অবাধ হাৰত অনুপ্ৰৱেশৰ সমস্যা চলিয়েই থাকিল। অৱশেষত যেন অসমৰ ৰাইজে আজি সামান্য উশাহ ল’বলৈ সক্ষম হৈছে।হয়তো সেউজ সম্ভাৱনাৰ সূৰ্যোদয়ী প্ৰভাতৰ এছাটি কিৰণ জিলিকিছে।
অসম চুক্তিৰ ছয় নং দফা সম্পৰ্কত বিৰোধৰ বাবেই বিৰোধীৰ বিৰোধিতা কিয়?

ৰাজনৈতিক সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত ছটফটনি কিয়!অসমৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানৰ দিশত চূড়ান্ত ব্যৰ্থ সকলে বাৰে বাৰে প্ৰতিবন্ধক ৰূপে থিয় দিয়ে কিয়!লোকৰ পিঠাৰে বিহু পতাৰ সিদ্ধহস্ত কংগ্ৰেছ দলে ৰাজনৈতিক শিখণ্ডীৰূপে ব্যৱহাৰ কৰিছে অজিৎ কুমাৰ ভূঞা আৰু লুৰিণজ্যোতি গগৈক।সৰ্বস্তৰৰ সাধাৰণ ৰাইজে ক’বলৈ আৰম্ভ কৰিছে।কিয় কংগ্ৰেছে অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণৰ বিষয়টোক লৈও বিতৰ্ক সৃষ্টিৰ অহৰহ প্ৰয়াস কৰিছে?

উল্লেখযোগ্য যে,বিজেপি চৰকাৰৰ শাসনত বড়ো শান্তি চুক্তি হ’ল।আলফাৰ সৈতে শান্তি চুক্তি হ’ল।অসমৰ ভূমি বেদখলমুক্ত কৰাৰ চেষ্টা কৰিছে(এই বিষয়ে বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদনটো উল্লেখ আছে)
ইয়াৰ বিপৰীতে সকলো ইতিবাচক ক্ষেত্ৰতে ৰাজ্যৰ বিৰোধী দল সমূহে বিৰোধৰ বাবেই বিৰোধিতা কৰি আহিছে।কিয়!!দশক দশক জোৰা স্থবিৰতা অতিক্ৰমি আৰম্ভ হোৱা জাতিৰ স্বাৰ্থ জড়িত বিষয়ত বিধি পথালি দিছে কোনে! ষড়যন্ত্ৰ কাৰ?

অসমত আনোৱাৰা টাইমূৰে ৰুই যোৱা গছপুলিটো আজি গোজেই গজালি মেলি বটবৃক্ষৰ ৰূপ লৈ খিলঞ্জীয়াৰ মূৰৰ কামোৰণি হৈ পৰিছে। নেহেৰু-লিয়াকৎ চুক্তিৰো কুফল ভুগিছে ভাৰতীয়ই।”The Immigrants[Expulsion From Assam,1950]act—-এইখন ভালুকৰ সাঙী হৈ পৰিছিল কাৰ শাসনকালত!এই দিশবোৰ মাত্ৰ কেইটামান উদাহৰণহে।এনে বহু পটভূমি আছে যিবোৰ বিশ্লেষণ কৰিলে দেখা যাব যে চাচা নেহেৰুৱে দেখাই দিয়া সেই পথটো-“Good Bye Assam,My heart Goes to You”বুলি ক’বলৈ সদায়েই প্ৰস্তুত কংগ্ৰেছ।

কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ অসমৰ স্বাভিমানৰ প্ৰতি উদাসীনতা বহু পুৰণি।আমাৰ মত পাৰ্থক্য থাকিলেও এটা কথা ঠিক আনকি সততে বিজেপি বিৰোধী স্থিতিত থকা ৰাজ্যৰ অগ্ৰজ বুদ্ধিজীৱী ড: হীৰেণ গোহাঁই চাৰেও এই সত্য সমৰ্থন কৰি কৈছে যে- অসমৰ বাহিৰৰ পৰা প্ৰাৰ্থী আনি ৰাজ্যখনৰ প্ৰতিনিধি কৰাটো তেওঁলোকৰ বাবে নতুন কথা নহয়।এইটো বহুদিনৰ পৰাই কংগ্ৰেছে কৰি আহিছে।
ড: মনমোহন সিঙৰ কথা নকলোৱেই যেনিবা সঞ্জয় সিং আদিৰ দৰে ব্যক্তি কংগ্ৰেছৰ টিকটত ৰাজ্যসভাৰ সাংসদ হৈছিল।সেই সকলে অসমৰ কাৰণে কাৰ্যকালত কি কৰিছিল।এক শতাংশ খতিয়ান আছেনে ??সেইকাৰণেই অসমত ছেমিকণ্ডাক্টৰ প্ৰাসংগিক নহয় বুলি কংগ্ৰেছী নেতাৰ ধাৰণা।এয়াও একপ্ৰকাৰ স্বাভাৱিক কাৰণ তেওঁলোকৰ অসমৰ প্ৰতি কোনো আবেগ নাই।

গৌৰৱ গগৈৰ মাজত কিছু স্বাভিমান আছে বুলি আমি ভাবিছিলো লগতে কিছু বুদ্ধিমত্তাও-সম্ভৱত সেয়া ভুল প্ৰমাণিত হ’বলৈ গৈ আছে…
কাৰণ অসমৰ স্বাৰ্থত মাত মাতিব পৰা গোপীনাথ বৰদলৈ বা হেম বৰুৱাৰ দৃষ্টিভংগী তেওৰ নাই সেয়া দৃষ্টিগোচৰ হৈছে।
বিপৰীতে যোৰহাটৰ-মাজুলী সংলগ্ন ব্ৰহ্মপুত্ৰৰ ওপৰৰ নিৰ্মীয়মান দলংখন ডিচেম্বৰ-২০২৫ৰ ভিতৰত শেষ হ’বই লাগিব-স্থবিৰতা কিয় বুলি বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰী তথা দেশৰ শক্তিশালী বিজেপি নেতা নীতিন গাডকাৰীক প্ৰশ্ন কৰাৰ সাহস ৰখা অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগী সাহসিক বুলি অসমবাসীয়ে অনুভৱ কৰিছে।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গেৰ অসমত ২৭০০০কৌটি টকীয়া ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ বিৰোধিতা কৰাৰ পিছত সুৰত সুৰ মিলাই কৰ্ণাটকতহে ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ দৰকাৰ বুলি কোৱা গৌৰৱ গগৈ ডাঙৰীয়াৰ অদ্ভূত যুক্তি অসমৰ ল’ৰা কৰ্ণাটকত পঢ়িবলৈ যায়!! আমাৰ কথা-অসমৰ ল’ৰা কৰ্ণাটকত পঢ়িবলৈও যায়-চাকৰি কৰিবলৈও যায় সেইবুলি ৩০হাজাৰ নিয়োগৰ সম্ভাৱনা আৰু সৰ্বাধিক বিনিয়োগৰ প্ৰকল্পটো অসমত স্থাপন হোৱা অনুচিত বুলি প্ৰিয়াংক খাৰ্গেৰ দৰে গৌৰৱ গগৈয়ে ও ভাবে নেকি?

গৌৰৱ গগৈ ডাঙৰীয়াই সাংবাদিকে প্ৰশ্ন সোধাত কৈছে যে- প্ৰিয়াংক খাৰ্গেই অসমত ছেমি কণ্ডাক্টৰ হ’ব নালাগে কোৱা নাই কিন্তু সংলগ্ন X হেণ্ডেলৰ এই কথাখিনি ৰাইজে কি বুজিব-

“প্ৰিয়াংক খাৰ্গেই X হেণ্ডেলত উল্লেখ কৰে,“পাঁচটা ছেমিকন মেনুফেকচাৰিং ইউনিট, তাৰে চাৰিটা গুজৰাটত আৰু এটা অসমত, কিন্তু তাত তেওঁলোকৰ দক্ষতাৰ ইক’চিষ্টেম নাই । তাত তেওঁলোকৰ গৱেষণাৰ পৰিৱেশ তন্ত্ৰ নাই । তেঁওলোকৰ স্ফুটনৰ পৰিৱেশ তন্ত্ৰ নাই। তেওঁলোকৰ উদ্ভাৱনৰ পৰিৱেশ তন্ত্ৰৰ ব্যৱস্থা নাই… ৭০% চিপ ডিজাইনিং প্ৰতিভা কৰ্ণাটকত থকা অৱস্থাত, চৰকাৰে ৰাজনৈতিক প্ৰভাৱ ব্যৱহাৰ কৰি কিয় আন এখন ৰাজ্যলৈ ঠেলি দিব বিচাৰে সেয়া মই বুজি নাপাওঁ। সেয়া অন্যায় ।”

আনহাতে গৌৰৱ গগৈ ডাঙৰীয়াই কৰ্ণাটকৰ হ’ব লাগে যে ক’লে, অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্পটোলৈ শুভেচ্ছা জনাই এষাৰো নকয় যে-কাৰণ বিজেপিৰ দ্বাৰা এই মহৎ কাম হ’ল বাবে ক’ব নোৱাৰি -নহয়নে?

গৌৰৱ গগৈয়ে সজোৰে নকয় কিয় ছেমিকণ্ডাক্টৰ অসমৰ প্ৰাপ্য-সেয়ে পাইছে।
Do you have the kind of guts rather staying in “Yes boss”attitude…

শেষত ক’ব পাৰি,কংগ্ৰেছৰ দূৰ্বলতা-হয় হজুৰ মানসিকতা।এয়া ৰাইজে বুজি পাইছে। সম্ভৱতঃ গৌৰৱ গগৈও ব্যতিক্ৰম নহয়।

🌗🌗প্ৰিয়ংকু নাৰায়ণ বৰুৱা,৮৬৩৮৫৫৪৬৫৩