গৰু,গৰুৰ পাল পৰা আৰু তাহানিৰ অসমীয়া সমাজ

152
  • প্ৰদীপ কুমাৰ পাটোৱাৰী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


আমি সৰু থাকোঁতে , মানে পঞ্চাছ ষাঠি দশকত, নামনি অসমৰ আমাৰ সকলো কৃষি প্ৰধান গাঁও বোৰত প্ৰতি পৰিয়ালৰে গৰু আৰু গোহালি অবিচ্ছেদ্য সম্বল আছিল। গোহালিত সুস্বাস্থ্যৰ ওখ বলদ গৰু এহাল আৰু চৈ দিয়া গৰুগাড়ী এখন ধনী মানি চহা পৰিয়ালৰ প্ৰমাণপত্ৰ আছিল। তাতে আকৌ গাই গৰু নাথাকিলে ঘৰৰ চাহ জলপান কন কেনেকৈ যোগাৰ হব- বাৰ মাহে খীৰঁতী গাই লাগিবই । গতিকে গাওঁৰ প্ৰতি ঘৰতে কমেও তিনি চাৰিজনী মান গাই গৰু থাকিবই ; কোনোবা জনী বহাগত খীৰঁতী হ’লে, যাতে আনজনী আঘোন মাহত খীৰঁতীলৈ আহে। মুঠতে বছৰৰ বাৰ মাহতে পৰিয়ালত গাখীৰ থাকিবই লাগিব। গাখীৰ অবিহনে কৃষি কাৰ্যত লাগিথকা হালোৱা , দাৱনি, ৰোৱণীক, পথাৰত চাহ পিঠা আৰু চিৰা সান্দহৰ জলপান কেনেকৈ যোগাৰ ধৰিব? গতিকে গৰু ঘৰে ঘৰে আপুৰুগীয়া সম্পদ আছিল। সেয়েহে কাতি আঘোণ মাহত নামনি অসমত গৰু ছাগলী ঘৰচীয়া পশু আদিৰ মঙ্গলৰ কৰণে আৰু চবকা বা বসন্ত আদি বেমাৰৰ পৰা ৰক্ষা পাবলৈ ঠায়ে ঠায়ে গো-পূজাৰ আয়োজন কৰিছিল। চবকা বেমাৰ হ’লে গৰুক পানীত বান্ধি থৈছিল- মাখিয়ে গৰুৰ ভৰিৰ ঘা বোৰত অনিষ্ট কৰিব নোৱাৰাকৈ। গাই গৰু থাকিলে পৰিয়ালত লক্ষী থাকে জ্ঞান কৰি  ছোৱালী বিয়া দিওঁতে কইনাৰ লগত গাই গৰু এজনী উচৰ্গা কৰাৰ প্ৰথাও আছিল ।
           আমাৰ গ্ৰামাঞ্চলত গৰুৰ ডাক্তৰৰ অভাৱত গাওঁৰে বহু কামত অভিজ্ঞ জালী জেঠাই গাওঁৰ মানুহৰ গাই গৰুৰ প্ৰসৱৰ সময়ত সহায়ৰ হাত আগবঢ়াইছিল আৰু ফেঁহু খীৰাই দিছিল , দামুৰীৰ প্ৰথম যতন কৰাইছিল।  গাঁৱৰ মানুহে গৰু ছাগলীক বেমাৰৰ পৰা ৰক্ষা কৰিবলৈ বাঁহ কাঠ আৰু তামোলৰ তক্তাৰে তৈয়াৰি  চাংঘৰৰ দৰে গোহালি ঘৰ বনাই সুব্যৱস্থা কৰি লৈছিল। গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰি গোহালি বছৰেকত এবাৰ ভালদৰে চাফচিকুন মেৰামতি কৰি লৈ তাত গৰু উঠোৱাৰ আগতে গোপাল শ্ৰীকৃষ্ণ গোহাঁইৰ নামত পকা কল, খীৰ , গোপাল-ভোগ আৰু প্ৰসাদৰ ঠগি আগবঢ়াই সৰু ল’ৰা-ছোৱালীক মাতি আনি নাম কিৰ্ত্তন কৰি ভোগাই খুৱাইছিল।  গোহালিত  গধূলী গোহালিৰ তলত ম’হ , কীট পতঙ্গ আদিৰ পৰা গৰু ছাগলীক ৰক্ষা কৰিবলৈ খেৰ ,বন , ধানৰ তুঁহ আদিৰে সজোৱা থূপা দি জুই জ্বলাই ধোঁৱাৰ ব্যৱস্থা কৰিছিল। থূপাৰ জুইত আলু, বেঙেনা, কচু, কঠালৰ গুটি আদিও পুৰি খাইছিল। বহুতৰে আকৌ ঘৰত দিয়াচলাই নাথাকিলে গোহালিৰ তলৰ থূপাৰ পৰা জুই ইঘৰৰ পৰা সিঘৰলৈ ৰাতিপুৱা নাইবা সন্ধিয়া ধাৰলৈ নিয়াৰ  ব্যৱস্থা আছিল। ৰাতি পুৱাতে ধান খেৰৰ জুমুঠিত জুই জ্বলাই ইঘৰৰ পৰা সিঘৰলৈ জুই খুজি নিয়া দৃশ্য গাঁৱত সহজলভ্য আছিল। গোহালিৰ তলৰ ধূপাৰ ছাইৰ দ’মত  জমা হৈ থকা গো-মূত্ৰৰ পৰা বহুতে যৱক্ষাৰ / গোটা-খাৰ ( কামৰূপত য’খাৰ বুলিছিল ) তৈয়াৰ কৰি লৈছিল আৰু ছাই বোৰ খেতি পথাৰত পোক পৰুৱাৰ উপদ্ৰৱ কমাবলৈ ছটিয়াই দিছিল। সেই গোটা-খাৰ আঞ্জাত দিয়াৰ ওপৰিও গৃহস্থৰ বহু বেমাৰত কামত আহিছিল।
           গৰুৱে যাতে খেতি বাতি খাই তহিলং নকৰে তাৰ বাবে গাওঁৰ ৰাইজে উমৈহতীয়াকৈ পাল পাতি গৰু বোৰ পথাৰত চৰোৱাবলৈ নিয়াৰ নিয়ম কৰি লৈছিল আৰু তাৰ বাবে কটকটীয়া নিয়ম-কানুন বনাই লৈছিল। খেতি পথাৰৰ পৰা আহি দুপৰীয়া সকলোৱে নিজৰ নিজৰ গৰু বোৰ গাঁৱৰ সোমাজৰ পঢ়া-শালীৰ খেলপথাৰত একত্ৰিত কৰি তাৰ পৰা এজন বা দুজনে গৰখীয়া হৈ দূৰৰ চৰকাৰী চৰণীয়া পথাৰলৈ গৰু বোৰ ঘাঁহ খুৱাবলৈ বা চৰোৱাবলৈ লৈ গৈছিল । ইয়াকে গৰুৰ পাল পৰা বুলি কৈছিল। গৰুৰ পাল এনেকৈ মাহত এবাৰ মান সকলো পৰিয়ালৰে পৰিছিল- সময়ত গৰখীয়া আহি নাপালে গঞাঁ ৰাইজৰ  তীব্ৰ বাক্য বানৰ সন্মুখীন ও হব লাগিছিল। গৰখীয়া ওলাই নাহিলে গৰু বোৰ যেনি তেনি যাব ধৰিব , সেয়েহে সমাজত গৰুৰ পাল পৰা দিনটো ঘৰখনৰ এটা উল্লেখনীয় আৰু দুদিন মান আগৰ পৰাই মনত ৰাখিবলগীৱা দিন আছিল। নিজৰ অসুবিধা হ’লে আগতীয়াকৈ আনক কৈ থব লাগিব সিদিনাখনৰ বাবে । যি ঘৰৰ গৰুৰ পাল পৰে, তেওঁলোকে গৰখীয়া জনক আগতীয়াকৈ খুউৱা-ধুউৱা কৰাই দুপৰীয়া গৰু চৰাবলৈ যাবলৈ সাজু কৰি ৰাখিব লাগিব। গৰখীয়াই ও গৰু চৰাবলৈ বাহ  বেতৰ লৰু ; ছাতি, জাপি, আৰু ম’হ খেদা গামোচা আদি লৈ আগতীয়াকৈ সাজু হৈ থাকিব লাগিব। কিছুমান গৰখীয়াই বাঁহৰ বাঁহী , কাৱৈ-লাঙী জাল , জোক গুচাবলৈ চূণৰ চুঙা আদি লগত লৈ গৈছিল। সেই সময়ত পথাৰলৈ পানী লৈ যোৱাৰ ব্যৱস্থা হোৱা নাছিল বা জনা নাছিল – গৰু চাৰি থাকোঁতে পানীৰ পিয়াহ লাগিলে পথাৰৰ জানৰ সোতৰ ফটফটীয়া পানীকেই  ভেঁট  ফুলৰ (কামৰূপত মৌকা ও বুলিছিল) ঠাৰিৰে পি খাইছিল। পানীত নামিলে কেতিয়াবা ডাঙৰ ডাঙৰ জোক ভৰিত লাগি আহিছিল, আৰু পিছল জোক দেহৰ পৰা টানি পেলাই দিবলৈ বৰ কষ্ট হৈছিল কিয়নো জোকে মানুহৰ দেহত বৰ জোৰেৰে কামুৰি ধৰি থাকে। গৰুকো জোকে খাই তেজ বিয়পাই দিয়ে। কিছুমান গৰখীয়াই লগত তামোল-পাণ চূন, বিড়ি আদি খাবলৈ লৈ গৈছিল। জোক আঁতৰাবলৈও চূনৰ পানী ব্যৱহাৰ কৰিছিল। এদিন আমাৰ ঘৰৰপৰা গৰখীয়া যোৱাৰ পাল আছিল- আমাৰ হালোৱা জন যোৱাৰ কথা আছিল। পিছে হঠাৎ তেওঁৰ গা অসুখ হ’ল- পথাৰতে জ্বৰ উঠি অৱশ হৈ আহিছিল। গৰখীয়া ওলাই নোযোৱাত দুপৰীয়া গঞা ৰাইজৰ মাজত হুল-স্থূল্ লাগিল।  ৰাইজৰ মাজৰ পৰা লগে লগে হাগো কাকা , যুজো কাকা আৰু হদ্লা জেঠা আহি আমাৰ পদূলিৰ পৰাই চিঞৰ বাখৰ কৰি আমাৰ পিতাক কিবা কিবি কবলৈ ধৰিলে। আয়ে মোৰ পিনে চালে – মই কথাটো গম পালো , পিচে কেতিয়াও গৰু চৰাবলৈ যোৱা নাই , বয়স ও বেছি হোৱা নাছিল । তেতিয়া আন মানুহ বিচাৰি যোৱাৰ সময়ো নাই । মইও অবাক- কি কৰো , ভাত পানী খোৱাই নাই , ৰ’দ বৰষুণত ৫ বা ৬ ঘন্টাৰ সময় গৰুৰ লগত কটাব লাগিব। আইক কলো – মোক যি আছে খাবলৈ দিয়া মইয়েই যাওঁ। দৌৰা দৌৰি কৈ কিবা অলপ পেটত সুমুৱায় গাঁৱৰ গৰুৰ পালৰ গৰখীয়া হ’লো গৈ সিদিনাখনৰ বাবে। তিনি কিলোমিটাৰ মান আঁতৰৰ চৰনিয়া পথাৰ । গৰু বোৰ দূৰ দূৰলৈ যায়- ভাল পছন্দৰ ঘাহ বিচাৰি, কিছুমান গৰু দলনিত সোমালে সিহঁতক নেদেখা হৈ যায়- মাথো সিহঁতৰ গলত আৰি দিয়া কিঙ্কিণী বা ঘুগুৰাৰ শব্দৰ পৰা হে গৰুৰ গতিবিধি লক্ষ্য কৰিব পাৰি। আমাৰ লগতে বেলেগ বেলেগ চুবুৰীৰ পৰা অহা গৰখীয়া বোৰে চৰণীয়া পথাৰৰ মাজত থকা গছৰ তলত ছাঁত বহি- মাজে-সময়ে জিৰণি লৈছিলোঁ । কোনোবাই বাঁহি বজাইছিল ; কোনোবাই আইনাম, কামৰূপীয়া বিয়া নাম , লোক গীত আদি চৰ্চা কৰিছিল । মইয়েই সকলোতকৈ বেছি সৰু আছিলো। সময় কটাবলৈ  যিয়ে যি ইচ্ছা কৰে গাবলৈ চেষ্টা কৰিছিল , মাজে মাজে গৰু বোৰ চাই আহিছিল আৰু ওচৰলৈ খেদি আনি একগোট কৰিছিল। কেতিয়াবা কিছুমান গৰখীয়াই চৰনীয়া পথাৰৰ ওচৰৰ ভয়েৰা , হাউগ্ৰাঘুল নামৰ বিল,  জলাশয়ত নামি মাছ মাৰিবলৈ লৈছিল – পানীত ওপঙি থকা মেটেকা পাৰলৈ টানি আনিলে মেটেকাৰ শিপাত লুকাই থকা কাৱৈ , খলিহনা আদি মাছ পাইছিল। বিলৰ পানীত কেতিয়াবা গৰুক পানী খুৱাবলৈ খেদি আনে। সন্ধিয়া গৰু বোৰ পথাৰৰ পৰা বিচাৰি খেদি আনি গাঁওলৈ বোকা , ধুলিৰ ৰাস্তাৰে ওভতাই লৈ আহিব লাগে। কাৱৈলাঙি জাল পানীত পাতিলে মাছেৰে সৈতে ঘূৰাই আনিব লাগে । গাঁৱৰ মানুহে সন্ধিয়া নিজৰ নিজৰ গৰু নিবলৈ গাওঁৰ মূৰলৈ আহিছিল আৰু গৰুৰ গাত জোক লাগি থকা দেখিলে এৰাই দিছিল।
               সেইসময়ৰ গৰখীয়াৰ মুখত হাঁহি ধেমালিৰে গোৱা এটি কামৰূপীয়া বিয়া নাম এনে ধৰণৰ আছিল–
* শিংৰা মাছৰ তিন্ ডাল  কাঁটা,
  বৌগ্ লাই নাখোয় জানি;
  আমাৰ আইদেউৰ বিয়া পাত্ চু-
  লোগোত যাবো কুনি?
  লোগোত যাবো হাতী ঘোৰা ,
  আৰু যাবো দোলা;
 দোলাৰ উপ্ ৰে নাচি যাবো
 গেন্ধে ফুলৰ মালা *
              আৰু জালি জেঠাই প্ৰথমা পত্নী ঢুকোৱাত , দ্বিতীয় এজনী চপাই লোৱাত গাওঁৰ নৰম পেহীৰ লগত অমায়া পেহী, মধুৰ মাক , হালধী বৌ আৰু আন আন জীৱৰী বোৱাৰীয়ে মুখৰোচক গীত পদ এনেকুৱাকৈ গাই জালি জেঠাক খিচা গীতেৰে জোকোইছিল– যিবোৰ গীত গৰখীয়াই ও পথাৰত উচ্চ স্বৰত গাই হাঁহি ধেমালি কৰি সময় পাৰ কৰিছিল–
** আম ফুলিছে গছত
    জাম ফুলিছে ডালত
    কদম ফুলিছে পথাৰত
    জালি জেঠাই ধেম্ নী আন্ ছি
    মনৰ বিকাৰত। **
( বৌগ্ লা- বগলী , ধেম্ নী – ধেমনী ,
  গেন্ধে ফুল – নাৰ্জী ফুল)
( প্ৰদীপ কুমাৰ পাটোৱাৰী,
  জয়ানগৰ, গুৱাহাটী-২২,
  ১৫/০৮/২০২)