চাহিনবাগ , লতাশিলৰ তাঁৰডাল এইবাৰ কৃষকৰ মাজতো সোমাই পৰিব..

110

 


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


হাৰিয়ানা আৰু পঞ্জাৱৰ ‘কৃষক’ সকলে ৰাজধানী দিল্লীত ধৰ্ণা দিছে ৷ বৰ্তমান এই সকলক সমৰ্থন জনাইছে কংগ্ৰেছ  দল আৰু বাওপন্থী দল বিলাকে৷ লগত দেশৰ বিভিন্ন বিৰোধী ৰাজনৈতিক দল আনকি কানাডাৰ প্ৰধান মন্ত্ৰীয়েও তীব্ৰ সমৰ্থন কৰিছে ৷
কিছুদিন আগতে গৃহিত  হোৱা কৃষি বিল মুঠ তিনিখন:
১) The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020:
এই বিল মতে এজন কৃষকে নিজৰ উৎপাদনৰ সামগ্ৰী APMC
(Agricultural Produce Market Committee) ৰ বাহিৰতো নিজৰ ইচ্ছা অনুযায়ী বিক্ৰী কৰিব পাৰে৷ মনত ৰাখিব, APMC ৰ বাহিৰেও ,মানে APMC বাহাল থাকিব৷ গতিকে কৃষকৰ স্ব ইচ্ছাই নীতি হ’ব৷  (The APMCs are government-controlled marketing yards or mandis.) কৃষকে মাণ্ডিত গৈ কোনোবা মধ্যভোগীক নেবেচি চিধাই বাহিৰত নিজৰ খুচি মতে বিক্ৰি কৰাৰ অনুমতি দিয়া হৈছে৷ বিশেষজ্ঞ সকলৰ মতে এই  APMC বোৰ একোটা পৌৰানিক মেকানিজিম  য’ত দুখীয়া কৃষক সকলক শোষণ কৰা হয়৷ তাত মধ্যভোগী দালালবোৰে ট্ৰেড লাইচেন্স লৈ কাম কৰে । এই ব্যৱস্থা ভাঙিবলৈ কৃষকক আৰু এটা নতুন ৰাস্তা দিয়া হৈছে৷ বাহিৰত পিয়াজৰ কেজি ১০০ টকাত কিনিলেও মণ্ডিত  ১০/১২ টকাত বেচিবলৈ তেওঁলোক বাধ্য আছিল৷
গতিকে প্ৰথম বিলখনৰ বাবে প্ৰচুৰ আপত্তি আহিছে মধ্যভোগী দালাল বোৰৰ পৰা, যিয়ে পঞ্জাব ,হাৰিয়ানাৰ বজাৰ সমূহ দখল কৰি ৰাখিছে৷ সাধাৰণ কৃষকে মণ্ডিৰ বাহিৰত বেচিবলৈ সুযোগ  পোৱা বাবে মণ্ডিত পোৱা চৰকাৰী টেক্স অকল পঞ্জাৱতে প্ৰায় ৩৫০০ কোটি কমিব পাৰে  বুলি পঞ্জাব ৰাজ্য চৰকাৰেও প্ৰচুৰ আপত্তি কৰিছে৷ কিছু শস্যৰ বাবে মণ্ডি বিলাকত MSP (minimum selling price) বুলিও এটা নিৰিখ ধাৰ্য্য কৰা হয়৷ চৰকাৰে আগতে FCI গুডামবোৰত বহু পৰিমানৰ ধান এই MSP ৰ জৰিয়তে কিনি ৰাখে৷ যিটো চৰকাৰী অযত্নৰ ফলত বহু পৰিমানে ক্ষয়ক্ষতি হৈ নষ্ট হোৱা বুলি সদায় বাতৰিত পাই থাকো৷ চৰকাৰে লাহে লাহে এই দুৰ্নীতিযুক্ত চিষ্টেমটোক ফ্ৰী-মাৰ্কেট ইক’নমিলৈ পৰিবৰ্তন কৰাৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷
এইবাৰ আহো দ্বিতীয় বিলখনলৈ৷
২) The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020:
নামটোতে বিলখনৰ পৰিচয় লুকাই আছে৷ এইখনৰ জৰিয়তে contract farming ব্যৱস্থাৰ প্ৰচলন কৰাৰ কথা কোৱা হৈছে৷ এই বিল মতে এজন কৃষকে খেতি আৰম্ভ কৰাৰ আগতেই কোনো ব্যৱসায়ী বা ব্যক্তিগত প্ৰতিস্থানৰ লগত mutually agreed price, quality ত দুয়োপক্ষৰ ইচ্ছাত চুক্তি মতে খেতি কৰিব পাৰে৷ অৰ্থাৎ আপুনি যদি দুবিঘা মাটিত সৰিয়হৰ খেতি কৰিম বুলি ভাবিছে, ক্ৰেতা ব্যৱসায়ীৰ লগত কি দামত বিক্ৰী কৰিব  আৰু কিমান খিনি বিক্ৰী কৰিব  এগ্ৰীমেন্ট কৰি লব পাৰে৷
এইবাৰ আহিছো তৃতীয় বিলখনলৈ:
৩) The Essential Commodities (Amendment) Bill 2020:
এইখন বহু পুৰনি বিল৷ ১৯৫৫ চনতে বনোৱা আইন৷৷ ইয়াত essential commodity সমূহ দেশৰ প্ৰয়োজন অনুসৰি মাজে মাজে অন্তৰ্ভূক্ত কৰা হয়, মাজে মাজে উলিয়াই অনা হয়৷ এই দ্ৰব্য সমূহত নিত্ত ব্যৱহাৰ্য্য সামগ্ৰী যেনে আলু, পিয়াজ, চাউল, ঔষধ আদি ৰখা হয়৷ উদাহৰণ স্বৰুপে যোৱা মাৰ্চ মাহত হেণ্ড চেনিটাইজাৰ আৰু মাস্ক এচেনচিয়েল কমোডিটি লিষ্টত অনা হৈছিল বৰ্তমান পুনৰ বাহিৰ কৰি দিয়া হৈছে৷
এইবাৰৰ এমেণ্ডমেন্ট মতে আলু, পিয়াজ, ডাইল, তেল আদি কিছু আইটেম ইয়াৰ আওতাৰ পৰা বাহিৰ কৰি অনা হৈছে৷ ইয়াত perishable আৰু non perishable দুই ধৰনৰ আইটেম অনুযায়ী চৰকাৰী হস্তক্ষেপৰ নিয়ম ধাৰ্য্য কৰা হৈছে৷ সোনকালে নষ্ট নোহোৱা আইটেম যেনে দাইল ,তেল আদি ৫০% দামৰ বৃদ্ধি হ’লেহে চৰকাৰে হস্তক্ষেপ কৰিব৷ একেধৰৰনে perishable item যেনে আলু ,পিয়াজ আদিৰ ১০০% দাম বৃদ্ধি হলেহে চৰকাৰে হস্তক্ষেপ কৰিব৷ ইয়াৰ ওপৰিও যুদ্ধ, দুৰ্ভিক্ষ বা প্ৰাকৃতিক দুৰ্যোগ আদিৰ সময়ত চৰকাৰে এই “নন এচেনচিয়েল” বুলি কোৱা আইটেমৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে৷ দেখ দেখকৈ এই তৃতীয় বিলখনে মূল্যবৃদ্ধিৰ কাৰক হ’ব আৰুসাধাৰণ মধ্যবিত্ত সকল প্ৰভাবান্বিত হ’ব, কাৰণ বজাৰত hoarding, black marketing বৃদ্ধি পাব, কিন্তু কৃষক সকল লাভত থাকিব৷
কিন্তু আচৰিত ধৰণে এই তৃতীয় বিলখনৰ বিৰোধ এঁওলোকে কৰা নাই৷ মূখ্য বিৰোধ প্ৰথম দুখন বিলক লৈহে৷
কৃষিত এতিয়া বৃহৎ পৰিমাণৰ পুঁজিৰ বিনিয়োগৰ প্ৰয়োজন।ইয়াৰ বাবে নিয়ন্ত্ৰণ শিথিল কৰি মুক্ত বজাৰ অৰ্থনীতিক উৎসাহিত কৰিব খোজা হৈছে। কিন্তু চৰকাৰী নুন্যতম সমৰ্থন মুল্য ব্যবস্থাৰ অবসান হ’লে বৃহৎ বনিক ধনীকগোষ্ঠীৰ ওচৰত অসহায় হৈ পৰিব পাৰে।এই আশংকাতে দেশৰ বিভিন্ন অংশত কৃষক আন্দোলনৰ সৃষ্টি হৈছে ।কিন্তু নিয়ন্ত্ৰিত বজাৰ ব্যবস্থাৰ মাজতো এতিয়া বৃহৎ মধ্যভোগীৰ ছিণ্ডিকেট গঢ় লৈ উঠিছে।দেশৰ বহুত শক্তিমান ৰাজনৈতিক পৰিয়াল তথা মহলো এইবোৰৰ লগত জড়িত বুলি অভিযোগ উত্থাপিত হৈছে। এতিয়া কৃষি পণ্যৰ মুক্ত বজাৰৰ সুবিধা কৃষকে লাভ কৰাৰ লগতে বৃহৎ পুজিপতি সকলেও কৃষিজ পণ্য ক্ৰয়ৰ বাবে প্ৰতক্ষ্যভাবে উৎপাদক কৃষকৰ লগত সংযোগ কৰিব পাৰিলে এনেকুৱা মধ্যভোগী ছিণ্ডিকেটৰ  ৰাজনৈতিক চৰ্দাৰ সকল ক্ষতিগ্ৰস্ত হব।গতিকে তেওঁলোকে স্বাভাবিকতে এতিয়াৰ কৃষক বিদ্ৰোহত উচটনি দিছে।  এতিয়া দেশত যি আন্দোলন প্ৰতিবাদবিলাকৰ ঢৌ উঠা দেখা গৈছে সেইবোৰৰ অন্তৰালত অৰ্থনৈতিক বিচাৰ বিবেচনা বা ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ সলনি ৰাজনৈতিক বিচাৰ বিবেচনা তথা সকলোতে।সংকীৰ্ণ দলগত।স্বাৰ্থচিন্তাইহে প্ৰাধান্য পোৱা দেখা গৈছে।ফলত এইবোৰে ৰাইজক প্ৰগতিৰ এটা নতুন পথৰ সন্ধান দিয়াৰ সলনি দেশত এক অস্থিৰ নৈৰাজ্যময় পৰিস্থিতিৰহ সৃষ্টি কৰিছে। দিল্লীৰ কৃষক আন্দোলন আৰু গুৱাগহাটীৰ ৰাজপথত ছাত্ৰ সংগঠনৰ দ্বাৰা কেব আন্দোলনৰ চিত্ৰখনত বিশেষ পাৰ্থক্য নাই । লতাশিলত জুবিনে গান গাইছিল দিল্লীটো পঞ্জাবী পপ ষ্টাৰে গান গাইছে । চিত্ৰকৰ , সাহিত্যিক সকল লতাশিলতো আহিছিল দিল্লীটো গৈছে । আৰু কিছুদিন পিছত শংকৰদেৱ কলাক্ষেত্ৰ মৌলবাদীয়ে ভঙাৰ দৰে দিল্লীটো মৌলবাদীয়ে কৃষক আন্দোলনৰ সন্মুখত অৱস্থান ল’ব । মুঠৰ ওপৰত চাহিনবাগ , লতাশিলৰ তাঁৰডাল এইবাৰ কৃষকৰ মাজতো সোমাই পৰিব।