চিলেটৰ বিভাজন কেনেকৈ হৈছিল?

96
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


চিলেট ___স্বাধীনতাৰ আগমুহুৰ্তলৈ অসমৰ এখন জিলা আছিল ; কামৰূপ ,শিবসাগৰ বা নগাঁৱৰ দৰে । দেশ বিভাজনৰ প্ৰাকমুহুৰ্তত অসমৰ চিলেটত গণভোটৰ সিদ্ধান্ত লোৱা হৈছিল । চিলেট অঞ্চলটোৰ জনগাঁঠনি কি আছিল ? বা একেলগে ভাৰতৰ স্বাধীনতা যুদ্ধত অংশ লোৱা মানুহখিনিৰ মাজত ভোটৰ জড়িয়তে ভৱিষ্যত নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াটোক কিয় বাস্তবিত কৰা হ’ল সেইয়া এতিয়া ইতিহাস ।  উত্তৰ চিলেট ( ৬৭% মুছলমান ),দক্ষিণ চিলেট(৩৯%মুছলমান ),চুনামগঞ্জ(৫৫%মুছলমান ),কৰিমগঞ্জ(৪৭% মুছলমান) । এনেকুৱা এটা জনগাঁঠনিৰ অঞ্চল চিলেটক পাকিস্তানত অন্তৰ্ভুক্ত কৰাত মহম্মদ আলি জিন্নাৰ অকণো অসুবিধা হোৱা নাছিল । ভোটদান হৈছিল দুটা দিনত । ১৯৪৭ চন ,জুলাইৰ ৬ তাৰিখ আৰু ৭ তাৰিখ আছিল ভোটগ্ৰহণৰ দিন । ব্যৱহাৰ হোৱা বেলটত দুটা চিহ্ন আছিল । ঘৰৰ ছবিয়ে ভাৰতত থকাৰ পক্ষক বুজাইছিল আৰু কুঠাৰৰ চিহ্নই পাকিস্তানৰ পক্ষক প্ৰতিনিধিত্ব কৰিছিল । জাতীয় কংগ্ৰেছৰ ভাৰতৰ সপক্ষে প্ৰচাৰ আৰু মুছলীম লীগৰ পাকিস্তানত অন্তৰ্ভুক্ত  কৰাৰ পক্ষত প্ৰচাৰে সমাজক লেতেৰা কৰাৰ আগতেই জিন্নাই মুছলমান মানুহৰ মনত ধৰ্মীয় ৰাজনৈতিক চেতনা জগাই তুলিছিল । জিন্নাই নিজৰ এজেণ্ডা চলাই নিয়াত সফল হয় আৰু ভাৰতৰ পক্ষত প্ৰচাৰ চলোৱা কংগ্ৰেছ দল পৰাজিত হয় । কংগ্ৰেছৰ পক্ষত থাকি জমিয়ত উলেমা ই  হিন্দৰ নেতাসকলে মুছলীম লীগক বিৰোধ কৰিছিল । কিন্তু ৰাজনৈতিক ভাবে বিচক্ষণ মুছলমান সমাজে জমিয়তক গুৰুত্ব দিয়া নাছিল।জমিয়তৰ ধৰ্মীয় নেতাৰ বিধৰ্মী ৰাজনীতিক মুছলমান সমাজে প্ৰত্যাখ্যান কৰিছিল আৰু জিন্নাৰ ধাৰ্মিক ৰাজনীতিক সমৰ্থন কৰি পাকিস্তানৰ পক্ষত ভোট দিছিল ।  বৃটিছে ছিলেট দখল কৰাৰ পিছত বিভিন্ন সময়ত ছিলেটৰ মুছলমান জনতাই অসমৰ লগত থকাৰ কাৰণে আগ্ৰহ ব্যক্ত  কৰিছিল  , আনহাতে ছিলেটৰ হিন্দু খিনিয়ে বংগৰ লগত থকাৰ আগ্ৰহ কৰিছিল । ছিলেটৰ মুছলমানৰ অধিকাংশই নিৰক্ষৰ আছিল যদিও ৰাজনৈতিক বিচক্ষণতা বহু প্ৰখৰ আছিল । ছিলেটৰ হিন্দু সকলে বঙালী ভাষী হিচাপে মুছলমান মানুহখিনিৰ লগত ভাষীক আবেগেৰে বান্ধ খাই আছিল । তৎস্বত্তেও ছিলেটীয়া মুছলমান মানুহখিনিয়ে অসমৰ অসমীয়া ভাষী আৰু জনজাতি মানুহৰ সংখ্যাগৰিষ্ঠ অসমত থকাৰ যুক্তিত অটল আছিল । অসমৰ লগত থকাৰ বিষয়টো অসমীয়া প্ৰেম নাছিল , ই আছিল এটা কেলকুলেতদ সিদ্ধান্ত , কাৰণ তেওঁলোকে জানিছিল যে অসমত তেওঁলোকৰ সংখ্যাৰ অনুপাত হিন্দুৰ তুলনাত সামান্যহে কম । সেয়ে মুছলমান আধিপত্য অসমত বেছি প্ৰাসংগিক হব বংগতকৈ । গণভোটৰ ১৫ দিন পিছত আকাশবানী( ৰেডিঅ) ত গণভোটৰ ফলাফল ঘোষণা হয় । ঘোষণাৰ পিছতেই  ছিলেটৰ পৰিবেশ সলনি হৈ যায় । দুই দিন আগলৈ বন্দে মাতৰম ধ্বনি মুখৰিত হৈ থকা কৰিমগঞ্জ , হবিগঞ্জ , খুলনাৰ ৰাস্তাবোৰত নাৰা ই টকবিৰ শ্লোগান শুণা গ’ল । বঙালী ভদ্ৰ লোক পৰিয়ালসকলে মহিলা আৰু শিশুক গুৱাহাটী আৰু শ্বিলংলৈ লৈ আহে । প্ৰথমতে ভাবিছিল যে পৰিস্থিতি শান্ত হলে নিজৰ নিজৰ ঘৰলৈ ঘুৰি যাব আকৌ । কিন্তু পৰিস্থিতি শান্ত কোনোদিনেই নহ’ল । বৰ্তমান  অসমৰ বৰাক উপত্যকাৰ ৰাতাবাৰী , কৰিমগঞ্জ , পাথাৰকান্দি আদি অঞ্চলত পাকিস্তানী পতাকা ঘৰে ঘৰে উৰুৱা হ’ল । ২১ জুলাইৰ  ফলাফল ঘোষণাৰ দিনটোত অধিকাংশ মানুহৰ বাবে ভৱিষ্যত পৰিস্থিতি কি হব ধাৰণা নাছিল ।  হিন্দুৰ পলায়ন আৰম্ভ হৈ গ’ল । মহিলাৰ ওপৰত অত্যাচাৰ , ঘৰ বাৰী দখল কৰা পৰিবেশ হিন্দু পৰিয়ালে দেখিছিল আৰু  সাম্প্ৰদায়িক সম্প্ৰীতিৰ মৰিচিকা উপলব্ধি কৰিছিল ।
মাউন্ট বেটেন আৰু কংগ্ৰেছৰ মাজত হোৱা আলোচনাত ১৫ আগষ্টৰ দিনটোক ক্ষমতা হস্তান্তৰ দিন হিচাপে বাচি লোৱা হৈছিল আৰু সেই মৰ্মে বৃটিছ বিষয়া ৰেদক্লিফে ভাৰতৰ  মানচিত্ৰ খন বনাই আছিল । ১৩ আগষ্টৰ দিনটোত পুনৰ চৰকাৰে ঘোষণা কৰে যে কৰিমগঞ্জ  ভাৰতৰ লগত থাকিব । কৰিমগঞ্জৰ পৰিবেশ পুনৰ সলনি হ’ল । পাকিস্তানৰ পতাকা গুছাই ভাৰতৰ পতাকা আঁৰি দিয়া হ’ল । আৰু তেতিয়াৰ পৰাই গণভোটত পাকিস্তানৰ পক্ষত ভোট দিয়া মুছলমান মানুহখিনিও ভাৰততে থাকি গ’ল ।