ডাঃ ধনীৰাম বৰুৱাৰ দোষ : ডাঃ শুভ্ৰ কিংকৰ গোস্বামী

5091
  • ডাঃ শুভ্ৰ কিংকৰ গোস্বামী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


যোৱা ২৫ চেপ্তেম্বৰ তাৰিখে আমেৰিকাৰ নিউ ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ ট্ৰেঞ্চপ্লেন্ট  ইঞ্চটিটিউটৰ মূৰব্বী Robert Montomery ৰ নেতৃত্বত এটা দলে  ,গাহৰিৰ বৃক্ক এগৰাকী ভেন্টিলেটৰৰ সহায়ত জীয়াই থকা লোকৰ শৰীৰত সংৰোপন কৰে ৷ ৰোগী গৰাকী দুদিন পিচতেই মৃত্যুমুখত পৰিল ৷ এনেদৰে বিভিন্ন জন্তুৰ দেহৰ গুৰুত্বপূৰ্ণ অংগ মানৱ দেহত সংৰোপিত কৰাৰ প্ৰচেষ্টা বহু দিনৰ পৰাই অব্যাহত আছে ৷ কিন্তু আজিলৈকে সফল হোৱা নাই ৷
১৯৫৪ চনতেই  আমেৰিকাৰ ডাঃ যোচেফ মাৰীৰ নেতৃত্বত এটা চিকিৎসকৰ দলে প্ৰথমটো বৃক্ক সংৰোপন সফলতাৰে সম্পন্ন কৰে ৷ মানৱ দেহত মানৱৰ বৃক্ক সংৰোপনৰ সেয়া আছিল সবাটোকৈ সফল অপাৰেচন ৷সেই গৰাকী ৰোগী আঠ বছৰ জীয়াই আছিল ৷ সেই গবেষণাৰ কাৰণে ডাঃ যোচেফ মাৰীক ১৯৯০ চনতহে নোবেল বটাৰ কাৰণে বিবেচনা কৰা হৈছিল ৷
পৃথিৱীৰ যুগান্তৰকাৰী বহুতো গৱেষণাৰ স্বীকৃতি লগে লগেই নাহে ৷ তাৰ কাৰণে যিকোনো অনুমোদিত এথিকেল কমিটিৰ পৰা অনুমোদন লৈহে এনে গৱেষণাত আগবাঢ়িব পাৰি ৷ তাৰ উপৰি এই গবেষণাৰ ফলসমূহ Peer reviewed journal ত প্ৰকাশ হৈ তাৰ ওপৰত বিস্তৃত আলোচনাৰ পিচতহে ই সফল গবেষণা ৰূপে স্বীকৃতি পায় ৷
ডাঃ ধনীৰাম বৰুৱা এগৰাকী বিশিষ্ট হৃদৰোগৰ চাৰ্জন হিচাবে বৃষ্টলত কৰ্মৰত আছিল ৷ তেতিয়াই তেখেতে উদ্ভাৱন কৰা “বৰুৱাজ ভাল্ব“ মানৱ শৰীৰত মাইট্ৰেল ভাল্ব সংস্থাপনৰ বাটকটীয়া আছিল আৰু সমগ্ৰ বিশ্বতেই ই জনপ্ৰিয় হৈছিল ৷ তাৰ পিচত তেখেতে অসমলৈ আহি হৃদৰোগৰ চিকিৎসা আৰু গৱেষণাৰ কামত নিয়োজিত হবলৈ ইচ্ছা কৰাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে সোনাপুৰত তেখেতক এটা পাহাৰেই আবন্তন দি দিছিল ৷ তাতেই তেওঁ আৰম্ভ কৰিছিল বৰুৱা হাৰ্ট চিটি নামৰ এক অনুস্থান ৷
সেইখিনিলৈকে থিকেই আছিল ৷
যেতিয়াই কোনো এথিকেল কমিটিৰ অনুমোদন নলৈ ,কোনো আন্তঃগাঠনি নোহোৱাকৈ গাহৰিৰ হৃদপিণ্ড মানৱ শৰীৰত সংস্থাপন কৰিলে আৰু ৰোগী গৰাকীৰ মৃত্যু ঘটিল তেতিয়াই হাহাকাৰ লাগিল ৷
আজি ইমান বছৰৰ পিচত অসমীয়াই আকৌ মনত পেলাইছে ডাঃ ধনীৰাম বৰুৱাক ৷
ভাল কথা ৷
কিন্তু জনা সকলে জানে যে মানৱ শৰীৰৰ ওপৰত যিকোনো পৰীক্ষা নিৰীক্ষা কিছুমান কঠোৰ নিয়ম নীতিৰ মাজেৰেহে চলিব পাৰে ৷ ডাঃ বৰুৱাই সেই নীতি নিয়মবোৰ মনা নাছিল ৷ গতিকে সেই কাৰণেই সেই সময়তো চিকিৎসক সমাজে এই কথাবোৰ চকু মুদি সমৰ্থন কৰা নাছিল ৷ চৰকাৰেও সেই কাৰণেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল ৷
এই ক্ষেত্ৰত  কেঁকোৰা জাতি ,আমি মৰ্যদা দিব নাজানো আদি কথাবোৰ প্ৰাসংগিক নহয় ৷
মানৱ দেহত অন্য জন্তুৰ অংগ সংৰোপন এয়াই প্ৰথম  উদাহৰণ নহয় ৷যোৱা দুটা শতিকাত এই ধৰনৰ বিভিন্ন অংগৰ সংৰোপনৰ পৰীক্ষা নিৰীক্ষা চলিয়েই আছে ৷ আজিৰ তাৰিখত সফল নহলেও অদূৰ ভবিষ্যতে হয়তো সেই সফলতা আহিব ৷তেতিয়া বিভিন্ন সময়ত এই পৰীক্ষা নিৰীক্ষাৰ সৈতে জড়িত সকলো বৈজ্ঞানিকৰ নামো আহিব  যিসকলে নিৰ্দিষ্ট পৰিক্ৰমাৰ মাজেৰে গবেষণা কৰিছিল ৷ কিন্তু সেই তালিকাত ডাঃ ধনীৰাম বৰুৱাৰ নাম নাহে ৷ আমি হাজাৰ চিঞৰিলেও কোনো বৈজ্ঞানিক অনুস্থানে তেখেতৰ নাম লিপিবদ্ধ নকৰে ৷ কাৰণ তেওঁৰ সেই প্ৰচেষ্টা বিজ্ঞানসন্মত নাছিল  আৰু কোনো গৱেষণা প্ৰতিস্থানৰ অনুমোদিত নাছিল৷ গতিকে তেখেত  এই দিশত বাটকটীয়া শব্দটো সত্যৰ অপলাপৰ বাহিৰে অন্য একো নহয় ৷
মই নিজেই মোৰ উৎসুকতা দূৰ কৰিবলৈকে এবাৰ বৰুৱা হাৰ্ট চিটি চাবলৈ গৈছিলো ৷  তৰ্জাৰ বেৰ দিয়া কিছুমান ঘৰতেই “গৱেষনা“ৰ। কামবোৰো কৰা হৈছিল ৷ আনকি তেনেকুৱা এটা তৰ্জাৰ বেৰ দিয়া ঘৰতেই সেই বিখ্যাত হৃদযন্ত্ৰৰ অপাৰেচনো সম্পন্ন কৰা হৈছিল ৷ তেখেতে বিশ্বাসযোগ্য ভাবে কোৱা কথাবোৰ মই হ’লে বিশ্বাস কৰিব পৰা নাছিলো ৷ তাৰ পিচতো এবাৰ দিল্লী বিমান বন্দৰত তেখেতৰ সৈতে বহু সময় কথা পতাৰ পিচত মই অনুভৱ কৰিছিলো যে তেখেতৰ নতুন কিবা কৰিবলৈ সদায় মনত এটা হাবিয়াস আছিল ৷ বিদেশত বহুদিন সন্মানজনক ভাৱে থকাৰ পিচতো অসমক ভাল পোৱা কাৰণেই অসমলৈ উভটি আহিছিল আৰু ইয়াৰ ৰাইজক সেৱা কৰিবলৈ ইচ্ছা কৰিছিল ৷
তেখেত এগৰাকী তীক্ষ্ণবুদ্ধিৰ ব্যক্তি ৷ কিন্তু তেখেতৰ চিন্তা আৰু কৰ্মপদ্ধতিৰ বহুত বিক্ষিপ্ততা আছে ৷ তেখেতৰ গাহৰিৰ হৃদপিণ্ড কান্ডৰ পিচত তেখেতে নিজেই আবিষ্কাৰ কৰা হৃদৰোগৰ চিকিৎসা ফলপ্ৰসূ নহয় বুুলি মুকলি ভাবে ক’লে ৷ নিজে হৃদৰোগ বিশেষজ্ঞ হৈ তেওঁ এইবাৰ আৰম্ভ কৰিলে জীন থেৰাপী ৷ জীন থেৰাপীৰে সকলো ৰোগ ভাল কৰিব পৰা থিয়ৰীও তেওঁ আৰম্ভ কৰিছিল৷ আনকি এইডছ ,কেঞ্চাৰৰ চিকিৎসাও এই জীন থেৰাপীৰে কৰিব পাৰি বুলি তেওঁ দাবী কৰিছিল ৷কিন্তু সেই দাবীৰ সমৰ্থনত কোনো বিজ্ঞানসন্মত তথ্য দিব পৰা নাছিল ৷ আজিৰ বিজ্ঞানৰ এই evidence based study ৰ বিপৰীতে অবৈজ্ঞানিক ভাবে কৰা যিকোনো বৈজ্ঞানিক দাবী ক্ষন্তেকীয়া হবই ৷
তেখেত এগৰাকী ব্যতিক্ৰমী ব্যক্তি৷
স্বাভাবিকতেই ব্যতিক্ৰমী ব্যক্তিৰ কামকাজ সমূহে বিতৰ্কৰ আমন্ত্ৰণ কৰে ৷ বিজ্ঞানসন্মত যুক্তিৰেহে সেইবোৰ নোহোৱা কৰিব পাৰি ৷
আমাৰেই দুৰ্ভাগ্য যে আমি তেখেতৰ দৰে এগৰাকী ব্যতিক্ৰমী ব্যক্তিৰ গৱেষণাৰ সুফল লবলৈ সক্ষম নহলো  !!
তাৰ কাৰণে  অসমবাসী ,চৰকাৰ নতুবা “চকু চৰহা“ চিকিৎসক সমাজ দোষী নহয়
 ৷ সেই দোষৰ ভাগী তেখেত নিজেই  !!!