ড° শৰ্মাৰ প্ৰথম পৰাজয়

135
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


১৯৯৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত ড° হিমন্ত বিশ্ব শৰ্মা ভৃগু কুমাৰ ফুকনৰ হাতত পৰাজিত হৈছিল। তাৰ পিছত ২০০১ৰ পৰা ড° শৰ্মা একেৰাহে ৫ বাৰ জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচনত বিজয়ী হৈ বিধানসভাৰ আসন শুৱনি কৰে। ২০১৫ত বিজেপিত যোগদান কৰাৰ পিছত ড° শৰ্মাই কেন্দ্ৰীয় নেতৃত্বৰ পৰা বহুতো গুৰুদায়িত্ব লাভ কৰে। ইয়াৰ ভিতৰত আছিল ২০১৬ আৰু ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচন, ২০১৯ আৰু ২০২৪ৰ অসমৰ সমষ্টি সমূহৰ লোকসভা নিৰ্বাচন, মণিপুৰ আৰু ত্রিপুৰাৰ বিধানসভা নিৰ্বাচন ইত্যাদি। এই সকলোবোৰ নিৰ্বাচনতে ড° শৰ্মাই নিজৰ ৰাজনৈতিক বিচক্ষণতা দেখুৱাই বিজেপিক জয়ী কৰাবলৈ সক্ষম হয়। কেন্দ্ৰীয় নেতৃত্বই সেয়েহে তেখেতক প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ ৰাজ্য ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ দায়িত্ব দিয়ে। নিৰ্বাচনী ফলাফলত দেখা যায় যে ঝাৰখণ্ডত বিজেপিৰ শোচনীয় পৰাজয় হয়। বিজেপিত যোগদানৰ পিছত ড° শৰ্মাৰ এইটো প্ৰথম পৰাজয়। ঝাৰখণ্ডত বিজেপি পৰাজিত হোৱাৰ ৩ টা কাৰণ আমি তলত উল্লেখ কৰিছো।

হেমন্ত চোৰেনৰ জেলঃ ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনক ইডিয়ে জেলৰ পঠোৱাৰ পিছত তেখেতৰ প্ৰতি ৰাইজৰ মনত সহানুভূতিৰ জন্ম হয়। ঝাৰখণ্ড মুক্তি মোৰ্চাই ইয়াক আদিবাসী বনাম অ-আদিবাসীৰ চোলা পিন্ধাবলৈ সক্ষম হয়।

কল্পনা চোৰেনঃ হেমন্ত চোৰেন জেলত যোৱাৰ পিছত তেখেতৰ পত্নী কল্পনা চোৰেনে দলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজনৈতিক নেতা ৰূপে এই সময়ত কল্পনাৰ মেধাৰ উমান পোৱা যায়। কল্পনাই মহিলা ভোটাৰক নিজৰ সপক্ষে আকৰ্ষিত কৰিবলৈ সক্ষম হয়।

স্থানীয় নেতাৰ অভাবঃ ঝাৰখণ্ড বিজেপিত স্থানীয় নেতাৰ অভাৱ দেখা যায়। বিজেপিৰ দুই মুখ্য নেতা দলবাগৰাৰ বাবে জনাজাত। প্ৰাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডী বিজেপি এৰি অন্য দলত যোগদান কৰি পুনৰ বিজেপিলৈ ঘূৰি আহিছে। আনজন নেতা চম্পাই চোৰেনে নিৰ্বাচনৰ কিছুদিন ‍আগতে বিজেপিত যোগদান কৰিছে। সেয়েহে ৰাজ্যত কেন্দ্ৰীয় নেতৃত্বই ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত অধিক ভৰসা কৰিছিল। ড° শৰ্ম‍া তাত এমাহ বাহৰ পাতি আছিল। নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে ঝাৰখণ্ডৰ বাতৰি কাকতৰ শিৰোনামা দখল কৰিছিল। এটা সময়ত ড° হিমন্ত বিশ্ব শৰ্মাক বহুতে ঝাৰখণ্ডৰ মুখ্যমন্ত্রী বুলি ভাবিবলৈ ধৰিছিল। স্থানীয় নেতাৰ অভাৱ ঝাৰখণ্ডত বিজেপিৰ পৰাজয়ৰ অন্যতম কাৰণ।