ড° হীৰেন গোহাঁইৰ জাতিপ্ৰেম

153
  • ড° হিমন্ত বিশ্ব শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


জনসংখ্যা হ্রাসেই আমাৰ একমাত্ৰ সমস্যা নহয়। জীয়াই থকাৰ যোগ্যতা হ্রাস তাতকৈও ভয়ানক সমস্যা। হিন্দু-মুছলমানক লৈ হুলস্থূল লগাই,বা ‘অসমীয়াৰ আধিপত্য’ৰ কথা কৈ সেই কথা আৰু তল পেলাব নোৱাৰি।

যোগ্যতা অর্জন নকৰাজনে কেনেকৈ ‘আধিপত্য’ বিস্তাৰ কৰিব?”… এই বক্তব্য বর্ষীয়ান বুদ্ধিজীৱী ড° হীৰেন গোহাঁইৰ (আমাৰ অসম, ৩ জুলাই, ২০১৮
সংখ্যা)। অসমৰ বিদেশী সমস্যা আৰু বাংলাদেশীৰ অনুপ্ৰৱেশ সন্দৰ্ভত আশ্বাদ মাদানীৰ ৰাজনৈতিক সহযোগীৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ সময়ৰে পৰা ড° গোহাঁয়ে তথ্য বিকৃতিৰে চৰম বৌদ্ধিক ব্যভিচাৰত লিপ্ত হৈছে। কিন্তু এইবাৰ
সকলো সীমা অতিক্রমি অসমীয়া জাতিৰ স্বয়ম্ভু অভিভাৱকৰ ভূমিকাত অৱতীৰ্ণ হৈ ড° গোহাঁয়ে ঘোষণা কৰিছে যে অসমীয়া জাতিয়ে জীয়াই থকাৰ যোগ্যতা
হেৰুৱাই পেলাইছে আৰু সেয়ে ‘অসমীয়াৰ আধিপত্য’ৰ প্ৰশ্নটোৱেই অবান্তৰ ! অসমীয়া জাতিক যোগ্যতাহীন ঘোষণা কৰি, অসমত অসমীয়াৰ আধিপত্যৰ প্রাসংগিকতাক নস্যাৎ কৰি ড° গোহাঁয়ে কি প্রতিপন্ন কৰিব বিচাৰিছে?
লোকপিয়লৰ তথ্যই অসমৰ জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ভয়ংকৰ ছবিখন প্ৰকট ৰূপত উদঙাই দিয়াৰ পিছতো ড° গোহাঁয়ে ভিত্তিহীন কথাৰে জনগাঁথনিৰ এই পৰিৱৰ্তনক ন্যায্যতা দিব বিচৰা কাৰ্যই কি সূচায়?
ৰহস্যৰ বিষয় এইটোৱেই যে বিগত সময়ত বাংলাদেশীৰ অনুপ্ৰৱেশৰ সমস্যা আৰু অসম আন্দোলনকে ধৰি অসমৰ জাতীয় জীৱনৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত জাতীয় স্বার্থবিৰোধী স্থিতি লৈ অহা ড° হীৰেন গোহাঁয়ে
এইবাৰ হঠাৎ অসমীয়া জাতীয়তাবাদৰ প্ৰবক্তাৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ প্ৰয়াস কৰিছে। পোনতে অসম আন্দোলনৰ চাৰিটা দশকৰ পিছত বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশে অসমীয়া ভাষা-সংস্কৃতিলৈ কঢ়িয়াই অনা বিপদ সম্পর্কে
পলমকৈ হ’লেও ড° গোহাঁয়ে উপলব্ধি কৰা বুলিয়েই ভবা হৈছিল যদিও অচিৰেই তেওঁৰ বৌদ্ধিক ব্যভিচাৰৰ ছবিখন প্ৰকট হৈ পৰিল । মানুহে বিচুর্তি খালে তেতিয়াই,
যেতিয়া অসমত ১০ শতাংশ হিন্দু জনসংখ্যা বৃদ্ধিত লাখ লাখ হিন্দু বাংলাদেশীৰ ভিৰ দেখা পোৱা ড° গোহাঁয়ে ইয়াৰ তিনিশ শতাংশ অধিক হাৰত ঘটা অসমৰ মুছলিম জনসংখ্যা বৃদ্ধিত এজনো মুছলিম বাংলাদেশীৰ অস্তিত্ব বিচাৰি নাপালে। অৱশ্যে শেহতীয়াকৈ আল-জাজিৰাত প্ৰকাশিত এক সাক্ষাৎকাৰত ড° হীৰেন গোহাঁয়ে আগ বঢ়োৱা চৰম প্ৰতিক্ৰিয়াশীল বক্তব্যৰ পিছত তেওঁৰ সৈতে আৰু কোনোধৰণৰ বৌদ্ধিক বিতৰ্কৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। কাৰণ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সতি-সন্ততিক ভূমিপুত্ৰ সজাব বিচৰা ড° গোহাঁইৰ স্থিতিয়ে অসমীয়া জাতিৰ ভৱিষ্যতলৈ কেনে ভয়ংকৰ বিপৰ্যয় নমাই
আনিব পাৰে, সেয়া সকলোৱে অনুভৱ কৰিছে।
আলোচনাৰ আৰম্ভণিতে স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসমৰ সমাজ জীৱনলৈ অসমীয়া মুছলমানসকলৰ বিশাল বৰঙণিক আমি সদায়েই স্বীকাৰ কৰি আহিছোঁ। সেয়ে বাংলাদেশীৰ অনুপ্ৰৱেশ বা জনগাঁথনিৰ পৰিৱৰ্তনৰ কথা
কওঁতে ধর্মীয় পৰিসংখ্যাত সোমাই পৰা অসমীয়া মুছলমানসকলক আমি এই আলোচনাৰ পৰা নিলগাই ৰাখিছোঁ। একে সময়তে বিগত দশককেইটাত ধৰ্মীয়
উন্মাদনাৰ বলি হৈ ভাৰত তথা অসমলৈ কিছুসংখ্যক বাংলাদেশী হিন্দুৰ প্ৰব্ৰজনৰ বাস্তৱতাকো আমি অস্বীকাৰ নকৰোঁ। কিন্তু এই বিষয়টোৰ ওপৰত ভেজা দিয়েই শেহতীয়াকৈ ড° হীৰেন গোহাঁই যি ভয়ংকৰ অপপ্ৰচাৰ আৰু তথ্য জালিয়াতিত লিপ্ত হৈছে, সেয়া নিশ্চিতভাৱে জাতিটো তথা ৰাজ্যখনৰ ভৱিষ্যতৰ পক্ষে অত্যন্ত বিপজ্জনক।