দক্ষিণ ভাৰতৰ কিছু কথা

92
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


২০০০ চনৰ মে মাহত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্ট্ৰেচনত বাংগালোৰ ( নতুন নাম বেংগালুৰু) অভিমুখী ৰেলত উঠো। ৰবিবাৰে ৰাতিপুৱা ৬ বজাত গুৱাহাটীত আৰম্ভ হোৱা এই যাত্রা কলিকতা,ভুৱনেশ্বৰ, বিচাখাপট্টনম, চেন্নাই হৈ প্ৰায় ৬১ ঘন্টা পিছত মঙলবাৰ সন্ধিয়া ৭ বজাত বাংগালোৰ চেন্ট্ৰেল ষ্টেচনত সমাপ্ত হয়। যি সময়ত অসমত প্ৰচণ্ড গৰম আছিল সেই একে সময়তে বাংগালোৰৰ বতৰ আছিল সুখকৰ। সেই সময়লৈকে মই দক্ষিণ ভাৰতৰ গোটেইকেইখন ৰাজ্যৰ খান-পান, বতৰ, সংস্কৃতি সকলো একে বুলি ভাবিছিলো। কিন্তু কিছু বছৰ তাত থকাৰ পিছত বুজিলো যে দক্ষিণ ভাৰতৰ চাৰিখন ৰাজ্য কৰ্ণাটক,কেৰেলা, তামিলনাডু আৰু অবিভক্ত অন্ধ্ৰপ্ৰদেশ এখনতকৈ আনখন বহু ক্ষেত্রত পৃথক। ৰাজ্য চাৰিখনৰ মাজত কিছু সাদৃশ্যও নথকা নহয়, উদাহৰণ স্বৰূপে তাৰ মানুহবিলাকে সাধাৰণ ভাবে জীৱন যাপন কৰি ভাল পায়। মানুহবিলাক বৰ বেছি উগ্ৰ নহয়। পঢ়া-শুনা, উদ্যোগ আদি ক্ষেত্রত ৰাজ্যকেইখন যথেষ্ট আগবঢ়া। গোটেইকেইখন ৰাজ্য সমৃদ্ধিশালী আৰু ইয়াৰ জি.ডি.পি ৰাষ্ট্ৰীয় গড় জিডিপিতকৈ বেছি। ইয়াত বহুতো হিন্দু ৰজাৰ শাসন চলিছিল বাবে মঠ মন্দিৰৰ সংখ্যা বেছি। যোৱা কেইটামান দশকত অৱশ্যে ইয়াৰ কিছুমান অঞ্চলত ব্যাপক ধৰ্মান্তৰকৰণ হৈছে। অনুসুচিত জাতিৰ বহুলোকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈও কিন্তু নিজৰ হিন্দু নাম সলনি কৰা নাই। ‍আনুষ্ঠানিকভাবে ভাবে অনুসুচিত জাতিৰ পৰা গৈ খ্ৰীষ্টান ধৰ্মত দিক্ষিত হ’লে চৰকাৰী সুবিধা হেৰুওৱাৰ ভয়ত মানুহে এই পন্থা বাচি লয়। গণেশ, কাৰ্তিক, শিৱা আদি নামৰ কিছুমান মানুহো তাত আচলতে খ্ৰীষ্টান। কেৰেলাৰ বহু জিলাৰ লগতে, কৰ্ণাটকৰ মাংগালোৰ, তামুলনাডুৰ ঠোথুকুৰি, অন্ধ্ৰৰ গোদাৱৰীত ব্যাপক হাৰত ধৰ্মান্তৰকৰণ হৈছে। মই বাংগালোৰত প্ৰায় ১৫ বছৰ আছিলো। পঢ়া আৰু চাকৰি কৰা সময়ত এই গোটেইকেইখন ৰাজ্যৰ বহু যুৱকৰ লগত বন্ধুত্ব হৈছিল। তেওঁলোকৰ পৰা ৰাজ্যকেইখনৰ বহু নজনা কথা জানিবলৈ সক্ষম হ’লো। মই নিজে গোটেইকেইখন ৰাজ্য ভ্ৰমণ কৰাৰো সুযোগ লাভ কৰিলো। এই নিবন্ধটোত দক্ষিণ ভাৰতৰ ৰাজ্য কেইখনৰ কিছু তথ্য ডাঙি ধৰিবলৈ প্ৰয়াস কৰিলো।

কৰ্ণাটকঃ কৰ্ণাটকৰ অৰ্থ হ’ল ‘Land of black soil’, কলা মাটিৰ দেশ। ১ নৱেম্বৰ ১৯৫৬ত কৰ্ণাটক ৰাজ্যৰ জন্ম হয়। ইয়াৰ নাম প্ৰথমতে মহিশুৰ( মাইছোৰ) আছিল। ১৯৭৩ চনত ইয়াক কৰ্ণাটক নাম দিয়া হয়।প্ৰত্যেক বছৰে ১ নৱেম্বৰৰ দিনা ‘কৰ্ণাটক ৰাজ্য উৎসৱ’ ধুম ধামেৰে পালন কৰা হয়। কৰ্ণাটক ৰাজ্যৰ এখন নিজা পতাকা আছে। হালধীয়া আৰু ৰঙা ৰঙৰ পতাকাখন ৰাজ্যবাসীৰ গৌৰৱৰ প্ৰতীক। ইয়াৰ মুল ভাষা কানাড়‍া।ভাৰত এখন কৃষি প্ৰধান ৰাজ্য যদিও কৰ্ণাটকৰ কথা ‍অলপ সুকীয়া। ইয়াৰ মানুহৰ আয়ৰ মুল উৎস চাকৰি। জিডিপিত ৬৬% চাকৰিৰ আৰু ১২% কৃষিৰ অবদান আছে।
কৰ্ণাটকৰ ৰাজধানী বাংগালোৰ অকল ভাৰতৰে নহয়, গোটেই বিশ্বৰে এখন লেখত লবলগীয়া চহৰ। ইয়াত গোটেই ভাৰতবৰ্ষৰ পৰা লাখ লাখ মানুহ আহি কৰ্ম সংস্থান লাভ কৰিছে। Silicon Valley নামে খ্যাত চহৰখনত ৱিপ্ৰো, ইনফোছিছ,বায়োকোন ফ্লিপকাৰ্টৰ দৰে বহুতো কোম্পানীৰ মুখ্য কাৰ্য্যালয় আছে। কিছু বছৰ আগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই আমেৰিকাৰ এখন স্কুলৰ ছাত্র-ছাত্রীক সকিয়াই দি কৈছিল “Work harder to beat the Bangalore challenge”

বাংগালোৰ এখন আধুনিক চহৰ। ইয়াত প্ৰচুৰ পৰিমাণে চপিঙ মল,পাব আদি আছে। পৰ্য্যটকৰ প্ৰধান আকৰ্ষন হৈছে বাংগালোৰৰ পৰা প্ৰায় ৩ ঘন্টা দুৰত অৱস্থিত মহিশুৰ চহৰ। ইয়াৰ মহিশুৰ পেলেছত তাজমহলৰ পিছত সকলোতকৈ বেছি পৰ্য্যটক ‍আহে। মহিশুৰৰ নিচেই কাষতে থকা টিপু চুলতানৰ সমাধিস্থল আৰু বৃন্দাৱন গাৰ্ডেনটো পৰ্য্যটকৰ ভিৰ দেখা যায়। মহিশুৰৰ উপৰিও সাগৰ তীৰত থকা মাংগালোৰ আৰু ঐতিহাসিক হাম্পি চহৰ খুৱ জনপ্ৰিয়।
আজি কিছু বছৰ আগলৈকে তামিল, তেলেগু আদিৰ তুলনাত কানাড়া ছবি বহুত পিছ পৰি আছিল। সদ্যহতে কানাড়া ছবি KGF চিনেমাখনে গোটেই ভাৰততে সমাদৰ লাভ কৰিছে। তেওঁলোকৰ সকলোতকৈ জনপ্ৰিয় নায়ক হ’ল প্ৰয়াত ড° ৰাজকুমাৰ। তেখেত দাদা চাহেব ফাল্কে বটাৰে সন্মানিত আৰু তেখেতক কানাড়া মানুহে ভগবানৰ দৰে পূজা কৰে। তামিল বনদস্যু বিৰাপ্পানে ৰাজকুমাৰক অপহৰণ কৰাৰ পিছত তাত কানাড়া আৰু তামিল লোকৰ মাজত সংঘাত হৈছিল। কাবেৰী নদীৰ পানীক লৈও ৰাজ্য দুখনৰ মানুহৰ মাজত বৈৰী ভাব ‍আছে। বাংগালোৰ চহৰত কানাড়া ভাষী লোকৰ সংখ্যা মাত্র ৪৪%। ইয়াত তামিল,তেলগু, মালায়ালম আদি প্ৰায়বোৰ ভাৰতীয় ভাষাৰ কথাছবি প্ৰদৰ্শিত হয়। অসমৰ পিছতে অসমীয়া ছবিৰ সৰ্ব বৃহৎ বজাৰখন বাংগালোৰত আছে। ৰত্নাকৰ,কাঞ্চনজংঘা,বিদুৰভাই আদি কেইবাখনো ছবি বাংগালোৰৰ ছবিঘৰ বিলাকত সফলতাৰে প্ৰদৰ্শিত হৈছে। কৰ্ণাটকত জন্ম লোৱা বহুতো অভিনেতা অভিনেত্রী যেনে ঐশ্বৰ্য্য ৰায় বচ্চন,শিল্পা চেট্টী, দিপিকা পাডুকোনে, গিৰিশ কান্নাড আদিয়ে হিন্দী ছবিত জনপ্ৰিয়তা অৰ্জন কৰিছে। ইয়াত হিন্দী ভাষাৰ প্ৰতি বিদ্বেষ তামিলনাডুৰ দৰে উগ্ৰ নহয়। কৰ্ণাটকৰ বহুতো মানুহে হিন্দী ক’ব পাৰে।
কৰ্ণাটকত প্ৰায় ৮৪% হিন্দু ‍আৰু ১৩% মুছলমান মানুহ বাস কৰে। দক্ষিণৰ এইখন ৰাজ্যক বিজেপিৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়। হিন্দুসকলৰ মুল জাতি দুটা হ’ল লিংগায়ট আৰু ভোক্কালিগা। ৰাজ্যখনত থকা ১৭% লিংগায়টৰ ম‍াজত বিজেপিৰ জনপ্ৰিয়তা বেছি। বিজেপিৰ তিনিজন মুখ্যমন্ত্রী য়েদুৰাপ্পা, জগদীশ শেট্টাৰ আৰু বাসৱৰাজ বোম্মাই লিংগায়ট সম্প্ৰদায়ৰ। ১৫% ভোক্কালিগাৰ মাজত জনতা দল(চেকুলাৰ ) জনপ্ৰিয়। দেৱেগৌড়াৰ পৰিয়াল আৰু কংগ্ৰেছৰ উপ মুখ্যমন্ত্রী ডিকে শিৱকুমাৰ ভোক্কালিগা সম্প্ৰদায়ৰ। কৰ্ণাটকত অনুসুচিত জাতি প্ৰায় ১৭% আৰু ব্ৰাহ্মণ প্ৰায় ৭%। বিজেপি নেতা প্ৰয়াত ‍অনন্ত কুমাৰ ‍আৰু তেজস্বী সুৰ্য্যা ব্ৰাহ্মণ সম্প্ৰদায়ৰ পৰা অহা। লিংগায়ট আৰু ব্ৰাহ্মণৰ ভোট বিজেপিয়ে, ভোক্কালিগাৰ জনতা দলে আৰু মুছলমানৰ ভোট কংগ্ৰেছে লাভ কৰে। অনুসুচিত জাতি আৰু অন্যান্যৰৰ ভোট কংগ্ৰেছ আৰু বিজেপিৰ মাজত ভাগ হয়। সেয়েহে কৰ্ণাটকৰ নিৰ্বাচনত সদায় ত্রিকোণীয় যুঁজ দেখা যায়।

কেৰালা: দক্ষিণ ভাৰতত কৰ্ণাটকৰ পিছতে মোৰ প্ৰিয় ৰাজ্যখন হ’ল কেৰেলা। কেৰেলাৰ অৰ্থ হ’ল ‘ Land of coconut’ নাৰিকলৰ দেশ। কেৰেলাৰ ৫৮০ কিমি ভূমি সাগৰ তীৰত অৱস্থিত সেয়েহে ইয়াত প্ৰচুৰ পৰিমানে নাৰিকল আৰু মাছ পোৱা যায়। ইয়াৰ ৰাজ্যিক ভাষা মাল‍ায়ালম। ফুটবল আৰু মচালাৰ বাবেও কেৰেলা বিখ্যাত। ইয়াত চাৰিটা বিমান বন্দৰ ‍আছে। এই গোটেইকেইটা আন্তৰ্জাতিক বিমান বন্দৰ। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ইয়াৰ বুজন সংখ্যক লোক ভাৰতৰ বাহিৰত থাকে। ইয়াৰ কিছু লোকে ডেকা বয়সত আৰৱ দেশ যেনে ডুবাই, কাটাৰ আদি দেশত মজদুৰ,ড্ৰাইভাৰ আদিৰ চাকৰি কৰি প্ৰচুৰ ধন উপাৰ্জন কৰি বৃদ্ধ কালত কেৰেলালৈ ঘুৰি আহে। কেৰেলাত ঘুৰা ফুৰা কৰিলে দেখা যায় যে ইয়াত যুৱকৰ সংখ্যা কম, বেছি ভাগেই বৃদ্ধ আৰু শিশু। কিছুমান যুৱক যুৱতীয়ে ইউৰোপ বা আমেৰিকালৈ গৈ নাৰ্চৰ চাকৰিও কৰে। এইখন প্ৰদেশত শিক্ষিত লোকৰ হাৰ ৯৬% আৰু ৯৯% লোকৰ থাকিবলৈ নিজা ঘৰ অ‍াছে। ইয়াৰ প্ৰতিখন গাওঁত স্কুল আৰু হাস্পতাল আছে। প্ৰতিখন হাস্পতাল আধুনিক সা সুবিধাৰে সমৃদ্ধ। তেওঁলোকে আয়ুৰবেদক খুব বিশ্বাস কৰে। ইয়াত শিশুৰ মৃত্যুৰ হাৰ গোটেই ভাৰতৰ ভিতৰতে কম তথা ইয়াৰ মানুহৰ গড় আয়ুস ৭৫ বছৰ। ইয়াৰ মানুহে হাতীক খুব ভাল পায়।গোটেই ভাৰতৰ ভিতৰত কেৰেলাত সুৰাৰ বিক্ৰী সৰ্বাধিক হয়।
কেৰেলা পৰ্য্যটকৰ বাবে সদায় ‍আকৰ্ষনৰ কেন্দ্ৰ। ইয়াত বহুতো সাগৰ তীৰৰ উপৰিও ৪৪ খন নদী আছে। মুনাৰ, এলেপী আদি ঠাইত অবসৰ বিনোদন কৰিবলৈ গোটেই পৃথিৱীৰ পৰা মানুহ ইয়ালৈ আহে। কেইবাখনো অসমীয়া বোলছবিৰো দৃশ্যগ্ৰহণ ইয়াত হৈছে। মালায়লম চিনেমাৰ এটা সুকীয়া নাম আছে । তামিল,তেলেগু আদি ভাষাৰ চিনেমাবোৰ ব্যৱসায়িক হয়। আনহাটে মালায়ালম চিনেমাবোৰে মনোৰঞ্জনৰ লগতে দৰ্শকক চিন্তাৰ খোৰাক যোগায়। মালায়লম ছবি দৃশ্যমক হিন্দীৰ লগতে আন কেইবাটাও ভাষাত পুনৰ নিৰ্মান কৰা হৈছে। মামুতী আৰু মোহনলাল হৈছে সকলোতকৈ জনপ্ৰিয় মালায়ালম চুপাৰষ্টাৰ। মালায়ালম ছবি দৃশ্যমত মোহনলালে অভিনয় কৰা চৰিত্রটো হিন্দী ছবি দৃশ্যমত অজয় দেবগনে অভিনয় কৰিছে।

কেৰেলাক Gods own country বুলিও জনা যায়। ইয়াত সকলো ধৰ্মৰে কিছুমান পবিত্র উপাসনা স্থল আছে। হিন্দুসকলৰ বাবে চবৰিমালা আৰু পদ্মনাভ মন্দিৰৰ মহত্ব আছে। ভাৰতৰ প্ৰথম মছজিদ ‘চেৰামান জুমা মছজিদ’ কেৰেলাতে স্থাপন কৰা হৈছিল। ভাৰতৰ প্ৰথম গীৰ্জাঘৰ হ’ল চেইন্ট থমাছ চাৰ্ছ। ইয়াৰো প্ৰতিস্থা হয় কেৰেলাত। কেৰেলাৰ মুঠ জনসংখ্যাৰ ৫৫% হিন্দু, ২৬% মুছলমান আৰু ১৮% খ্ৰীষ্টান। কেৰেলাৰ উত্তৰভাগ যেনে কাছাৰগড, মল্লাপুৰম, ৱাইনাৰ্ড ‍আদিত মুছলমানৰ জনসংখ্যা বেছি। এৰনাকুলম আৰু কোটায়াম জিলাত প্ৰচুৰ পৰিমানে খ্ৰীষ্টান লোক বাস কৰে। আলাপুঝা জিলাত সকলোতকৈ বেছি ৬৮.৯% হিন্দু লোক আছে। কেৰেলাৰ নিৰ্বাচনত বহু বছৰৰ পৰা ইউদিএফ আৰু এলদিএফৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈ আহিছে। মুছলমান আৰু খ্ৰীষ্টান সকলৰ মাজত কংগ্ৰেছৰ মিত্রজোঁট ইউ.দি.এফৰ জনপ্ৰিয়তা বেছি। আনফালে বাওঁদলৰ এল.দি.এফক বেছিকৈ হিন্দুসকলে ভোট দিয়ে। এনদিএ কেৰেলাত ২০১১ত ৪.৩% , ২০১৬ত ১৪.৬% আৰু ২০২১ত ১২.৫% ভোট লাভ কৰে। ২০২৪ চনৰ লোকসভাত দলটোৰ প্ৰদৰ্শন কিছু উন্নত হয়। বিজেপিয়ে অকলে ১৬.৬৮% আৰু এনদিএ ১৯.২৪% ভোট লাভ কৰি প্ৰথমবাৰৰ বাবে ত্রিছুৰ লোকসভা আসনখন দখল কৰিবলৈ সক্ষম হয়। কেৰেলাৰ হিন্দু যুৱক সকলৰ মাজত বিজেপিৰ জনপ্ৰিয়তা বাঢ়িছে। বহু ঘৰৰ মাক-দেউতাকে বাওঁদলক ভোট দিয়ে যদিও সন্তানসকলে বিজেপিক ভোট দিয়ে।

তামিলনাডুঃ কিছু বছৰ আগৰ কথা। বাংগালোৰত এটা ষ্টেণ্ড আপ কমেডি শ্বোলৈ গৈছো। কমেডিয়ানজন আছিল তামিলিয়ান। তেওঁ প্ৰথমতে নিজৰ চিনাকি দিলে।
~ মোৰ ঘৰ তামিলনাডুত। তাৰ মানে মই এজন ইঞ্জিনিয়াৰ। আমাৰ ঘৰত তিনিজন ইঞ্জিনিয়াৰ আছে। ইয়াৰ কাৰণ হ’ল মোৰ মা-দেউতাৰ মাত্র তিনিটা সন্তান আছে।

তামিলনাডুত এক হাজাৰতকৈও অধিক ইঞ্জিনিয়াৰিং কলেজ আছে। ভাৰতবৰ্ষত প্ৰত্যেক বছৰে ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰা ছাত্রৰ ১৭% তামিলনাডু ৰাজ্যৰ। ডিগ্ৰী লাভ কৰাৰ পিছত বেছিভাগেই আমেৰিকালৈ গৈ চাকৰি কৰাৰ প্ৰচেষ্টা চলায়। তামিলনাডুত এটা মন্দিৰত প্ৰাৰ্থনা কৰিলে আমেৰিকাৰ ভিছা লাভ কৰে বুলি প্ৰবাদ আছে। সেই মন্দিৰটোক ভিছা মন্দিৰ বুলি জনা যায়। তামিলিয়ান সকলৰ অতিজৰে পৰা বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ প্ৰতি আগ্ৰহ আছে। চি.ভি ৰমণ, ৰামানুজন,এপিজে কালামকে ধৰি বহু তামিলিয়ানে ভাৰতক সেৱা আগবঢ়াইছে। গুগলৰ CEO সুন্দৰ পিটছাই, টাটা গ্ৰুপৰ চেয়াৰমেন এন. চন্দ্ৰছেখৰনো তামিলিয়ান।

তামিলনাডুৰ ৰাজধানী হ’ল চেন্নাই। বাংগালোৰৰ পৰা চেন্নাইৰ দুৰত্ব মাত্র ৩৬২ কিলো মিটাৰ। কিন্ত চহৰ দুখনৰ মাজত বতৰৰ সাংঘাতিক পাৰ্থক্য আছে। চেন্নাইত আৰ্দ্ৰতা খুব বেছি। চেন্নাইৰ উঞ্চতা বাংগালোৰতকৈ ৫ পৰা ১০ ডিগ্ৰী অধিক হয়। প্ৰায় সকলোবোৰ চফটৱেৰ কোম্পানীৰ কাৰ্য্যালয় চেন্নাইত আছে। বিশ্ব বেংকেও নিজৰ এটা কাৰ্য্যালয় চেন্নাইন স্থাপন কৰিছে। চেন্নাইৰ মাৰিনা সমুদ্ৰ তীৰ বিশ্বৰ ভিতৰতে দ্বিতীয় সকলোতকৈ দীঘল সমুদ্ৰ তীৰ। চেন্নাইৰ পিছতে ইয়াৰ দ্বিতীয় বৃহত্তম চহৰ হ’ল কোয়ম্বটোৰ। চেন্নাইৰ বেছিভাগ ঠাইতে বতৰ গৰম যদিও কোয়ম্বটোৰত কিছু সকাহ পোৱা যায়। কোয়ম্বটোৰৰ পৰা ৮৫ কিমি দুৰত বিখ্যাত হিল ষ্টেচন উটি অৱস্থিত। আন্দাজ আপনা আপনা, ইস্ক, কুছ কুছ হোতা হ্যে, মেইনে প্যাৰ কিয়া, দিল চে, বৰফি আদি বহুতো জনপ্ৰিয় হিন্দী বোলছবিৰ দৃশ্যগ্ৰহণ ইয়াত হৈছে।

তামিলনাডুক জনা যায় অট’মবাইল হাব ৰূপে। ইয়াক Detroit of India বুলি কোৱা হয়। প্ৰায় প্ৰতিটো কোম্পানীয়ে ইয়াত গাড়ী নিৰ্মান কৰে। ইয়াৰ মানুহে কল খাই খুৱ ভাল পায়। আনকি বহুতে চাহৰ লগতো কল খায়। তামিলনাডুত মন্দিৰৰ সংখ্যা অধিক। ৰামেশ্বৰম আৰু মিনাক্ষী মন্দিৰ ইয়াৰ ভিতৰত অন্যতম। কণ্যাকুমাৰীত তিনিটা সাগৰৰ সংগম হৈছে। ই ত্রিৱেণী নামেৰে জনাজাত। তামুলনাডুৰ এআৰ ৰহমান, প্ৰভু দেৱা, কামাল হাছান,ৰজনীকান্ত আদি বলিউদটো খুৱ জনপ্ৰিয়।

ভাৰতৰ ৰাজনীতিত তামিলনাডুৰ গুৰুত্ব আছে। ৩৯ খন লোকসভাৰ আসন থকা তামিলনাডুত ৰাষ্ট্ৰীয় দল বিলাক শক্তিহীন। ইয়াত হিন্দু প্ৰায় ৮৭%, খ্ৰীষ্টান ৬% আৰু মুছলমান ৬%। কন্যাকুমাৰী আৰু ঠোথুকুৰিৰ মাছমৰীয়া সকলৰ মাজত ব্যাপক ধৰ্মান্তৰকৰণ হৈছে। আনুষ্ঠানিক ভাবে তেওঁলোকৰ বহুতে এতিয়াও অনুসুচিত জাতিৰ হিন্দু। তাত ৬৮% ওবিছি আৰু ২০% অনুসুচিত জাতিৰ লোক বসবাস কৰে। জয়ললিতাৰ মৃত্যুৰ আগত ১১% উচ্চ বৰ্ণ আৰু কিছু অবিছিৰ ভোট এআইএডিএমকে লাভ কৰিছিল। জয়ললিতাৰ মৃত্যুৰ পিছত ডিমকে শক্তিশালী হৈছে। যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে গোটেইকেইখন ‍আসন লাভ কৰিবলৈ সক্ষম হৈছিল। বিজেপিয়ে আসন জিকিব নোৱাৰিলেও ১১.২৪% ভোট আৰু এনদিএ ১৮.২৮% ভোট লাভ কৰে। অনাগত দিনত তামিলনাডুৰ ৰাজনীতিয়ে কি দিশত গতি কৰে সেয়া লক্ষণীয় হ’ব।

অন্ধ্ৰ প্ৰদেশ: পোট্টি শ্ৰীৰামুলুক অন্ধ্ৰ প্ৰদেশত অমৰাজিৱী (অমৰ) বুলি জনা যায়। তেখেতে অন্ধ্ৰ প্ৰদেশ ৰাজ্য গঠনৰ বাবে ৫৬ দিন অনশন কৰি মৃত্যু বৰণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে এই আন্দোলনৰ ওচৰত সেও মানি ১৯৫৬ চনৰ ১ নবেম্বৰত অন্ধ্ৰ প্ৰদেশ ৰাজ্য গঠন কৰে। ৰাজ্যখনক ভৌগলিক আৰু সাংস্কৃতিক ভাবে প্ৰধানকৈ তিনিটা অঞ্চলত বিভক্ত কৰা হয়। তেলেংগানা, ৰয়েল সীমা আৰু কোষ্টেল অন্ধ্ৰ। প্ৰতিটো অঞ্চলৰ খাদ্যভাস আৰু ৰীতি নীতি কিছু পৃথক। সমুদ্ৰৰ পাৰৰ জিলা যেনে বিশাখাপট্টনম, পূৱ গোদাবৰী, পশ্চিম গোদাবৰী আদি কোষ্টেল অন্ধ্ৰৰ অন্তৰ্ভুক্ত। ইয়াৰ মাটি সাৰুৱা তথা সাগৰীয় খাদ্য খাই মানুহে জীৱন নিৰ্বাহ কৰে। চিত্তুৰ, অনন্তপুৰ আদি জিলা ৰয়েলসীমাৰ ভিতৰত পৰে। এই অঞ্চলবিলাক কিছু শুকান হয়। ইয়াৰ মানুহে ডাইল জাতীয় খাদ্য খোৱা পচন্দ কৰে। ৰয়েল সীমাৰ মানুহবিলাকক অলপ উগ্ৰ বুলি জনা যায়। চিমা চিমহান (ৰয়েল সীমাৰ বাঘ) আদি তেলেগু চিনেম‍াত এই অঞ্চলৰ নায়কৰ বীৰত্ব দেখুওৱা হৈছে। ঐতিহাসিক ভাবে তেলেংগানা এক পৃথক অঞ্চল বুলি দাবী কৰি কে চন্ধ্ৰশেখৰ ৰাওে ২০০১ চনত তেলেংগানা ৰাষ্ট্ৰীয় সমিতি গঠন কৰে। ২০১৪ চনৰ ২ জুন তাৰিখে এক দীঘলীয়া ‍অন্দোলনৰ পিছত অন্ধ্ৰ প্ৰদেশক বিভক্ত কৰা হয়। তেলেংগানাই ভাৰতৰ ২৯তম ৰাজ্যৰ স্বীকৃতি লাভ কৰে। ভাৰতৰ এক উল্লেখযোগ্য চহৰ হায়দৰাবাদ তেলেংগানাত অন্তৰ্ভুক্ত হৈছে। অমৰাবতীক অন্ধ্ৰৰ ৰাজধানী হিচাপে গঢ়াৰ প্ৰস্তুতি চলি আছে।
অবিভক্ত অন্ধ্ৰ প্ৰদেশত বহুতো মঠ মন্দিৰ আছে। ইয়াৰ তিৰুপতি মন্দিৰ দৰ্শন কৰি অভিভূত হৈছিলো। ভক্তৰ ইমান ভিৰ থকাৰ পিছতো সুন্দৰ ব্যৱস্থাৰ বাবে দৰ্শনাৰ্থীয়ে কষ্ট পোৱা নাছিল। হায়দৰাবাদ চহৰত নিজামৰ সংস্কৃতি দেখিবলৈ পোৱা যায়। চাৰমিনাৰ চাবলৈ মানুহে ভিৰ কৰে। গোটেই চহৰৰ ৰেষ্টুৰেন্ট বিলাকত বিৰিয়াণী আৰু হালিমৰ বেনাৰ তৰা আছে। আমি এবাৰ ইয়াত নিৰামিষ ভোজন বিচাৰি হাবাথুৰি খাইছিলো। তেলেগু ছবি ভাৰতৰ সকলো ভাষাৰ বোলছবিৰ ভিতৰত সকলোতকৈ বেছি সমৃদ্ধ। আনকি তামিল আৰু হিন্দী ভাষাৰ বোলছবিতকৈও তেলেগু বোলছবিৰ অভিনেতাই বেছি ম‍াননী লাভ কৰে বুলি জনা যায়। ইয়াত বোলছবিৰ তাৰকাক ভগবানৰ দৰে পূজা কৰা হয়। নাগাৰ্জুন, ভেনকটেছ, চিৰঞ্জীবী, পৱন কল্যান, প্ৰভাছ,আলু অৰ্জুন, মহেশ বাবু , ব্ৰহ্মানন্দ আদিক গোটেই ভাৰতৰ মানুহে চিনি পায়। বাহুবলী, ওৱান্তেদ,পুস্পা, কবিৰ সিং,জুৰৱা আদি বহু হিট ছবি তেলেগুৰ পৰা হিন্দী ভাষাত পুনৰ নিৰ্মান কৰা হৈছে। ১০০০ তকৈ বেছি ছবিত অভিনয় কৰি তেলেগু অভিনেতা ব্ৰহ্মানন্দে বিশ্ব ৰেকৰ্ড গঢ়িছে।

অবিভক্ত অন্ধ্ৰত ৪২ খন লোকসভা আসন আছে। ইয়াত এটা সময়ত এন.টি.ৰামা ৰাওৰ তেলেগু দেশম দল আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছিল। পিছত তেলেগু দেশম দল বিভক্ত হ’ল আৰু দলৰ বাঘজৰী ৰামা ৰাওৰ জোৱাঁই চন্দ্ৰবাবু নাইডুৱে লাভ কৰিলে। আনফালে তেলেংগানা গঠনৰ পিছত চন্দ্ৰশেখৰ ৰাও তাৰ নায়ক হৈ পৰিল। কংগ্ৰেছ হাইকামাণ্ডৰ লগত মতবিৰোধ হোৱাৰ পিছত জগন মোহন ৰেদ্দীয়ে নতুন দল গঠন কৰিলে। বৰ্তমান তেলেংগানাত কংগ্ৰেছ চৰকাৰ আছে। বিজেপি দল দ্বিতীয় শক্তিশালী দল। চন্দ্ৰশেখৰ ৰাওৰ বিআৰএছৰ জনপ্ৰিয়তা বহুখিনি হ্ৰাস পাইছে। অন্ধ্ৰ প্ৰদেশত এনদিএৰ চৰকাৰ আছে। তাত জগনৰ YSRCP প্ৰধান বিৰোধী দল। দুয়োখন ৰাজ্যতে বিজেপিৰ শক্তি বৃদ্ধি পাইছে যদিও এতিয়াও বিশ্বাসযোগ্য কোনো চেহেৰা নাই। যোৱা কেইবছৰ মানত অন্ধ্ৰ প্ৰদেশত ব্যাপক ধৰ্মান্তৰকৰণ হৈছে। আনকি অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্রী জগন মোহন ৰেদ্দী আৰু তেওঁৰ পৰিয়ালেও খ্ৰীষ্টান ধৰ্মক বিশ্বাস কৰে।

চৰকাৰী ৰেকৰ্ডত অন্ধ্ৰ আৰু তেলেংগানা দুয়োখন ৰাজ্যত খ্ৰীষ্টান জনসংখ্যা ২%তকৈও কম। কিন্তু তাৰ বহু মানুহে দাবী কৰে কৰে যে আচলতে এই সংখ্যা ২০%ৰ কম নহয়।