দিল্লীত পুনৰ কেজৰীৱাল

136
  • ৰুপেশ কুমাৰ সিং

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


দিল্লী বিধানসভাত মুঠ আসনৰ সংখ্যা ৭০ । আম আদমী পাৰ্টীয়ে ২০১৫ চনত ৬৭ খন লাভ কৰি ইতিহাস ৰচনা কৰিছিল। ২০২০টো দলে লাভ কৰিছিল ৬২খন আসন। যোৱা ৫ বছৰত বহুতো ঘটনা পৰিঘটনাই দিল্লীৰ ৰাজনীতি গৰম কৰি ৰাখে। সত্যেন্দ্ৰ সিং, মনিষ চিচোদিয়া, সঞ্জয় সিং জেলত যোৱাৰ পিছত কেজৰিৱাল নিজেও কাৰাবাস খাটিবলগীয়া হয়। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ সংঘাত চুড়ান্ত পৰ্য্যায়লৈ গতি কৰে। এতিয়া সকলো কেইজন মুক্ত আকাশৰ তলত আৰু অহামাহত হবলগীয়া নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত। ২৫ বছৰ শাসনৰ পৰা আতৰত থকা নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়েও পূৰ্ণোদ্দমে নিৰ্বাচনী ৰণত জপিয়াই পৰিছে। দেৰিকৈ হ’লেও কংগ্ৰেছেও কিছু জোৰ দিছে।

নিৰ্বাচনত কোন জয়ী হ’ব

কেজৰীৱাল চৰকাৰে যোৱা ৫ বছৰত বহুকেইটা লাভাৰ্থী আচনি সফলভাবে ৰূপায়ণ কৰিছে। বিজেপি দলেও ৰাইজক অনুৰূপ আশা দিছে। কিন্তু ৰাইজে বিজেপিৰ আশাবোৰ গ্ৰহণ কৰাতকৈ ইতিমধ্যে পাই থকা আচনিবোৰত সন্তুষ্ট যেন লাগিছে। বেছিভাগ অ’পিনিয়ন প’লে দিল্লীত পুনৰ বিজেপিৰ চৰকাৰ গঠন হ’ব বুলি ভবিষ্যতবাণী কৰিছে। ফালোদী জুৱাৰ বজাৰৰ মতে আম আদমী দলে ৩৯ৰ পৰা ৪১খন আসন পোৱাৰ সম্ভাবনা আছে। যদি কেজৰীৱাল তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আহে তেন্তে এইটো হ’ব মোদী-শ্বাহৰ বাবে মোক্ষম আঘাত।