- ক্ষীতিশ চন্দ্ৰ মিশ্ৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
পৃথিৱীৰ প্ৰতিটো বিশ্বাস-তন্ত্ৰৰেই বিশ্বাসী সকল সময়ে সময়ে নিজৰ বিশ্বাসৰ বাবেই হিংস্ৰ হৈ নিজৰ বিশ্বাস আনৰ ওপৰত জোৰকৈ জাপি দিব বিচৰাৰ লগতে তেওঁলোক নিজেও সেই বিশ্বাসৰ ওপৰতেই জীৱন ধাৰণৰ বাবে একান্ত নিৰ্ভৰশীল হৈ পৰা দেখা যায় । তেওঁলোকৰ দৃষ্টিভংগীও পৰিচালিত হয় এই বিশ্বাসতন্ত্ৰৰ দ্বাৰাই ।
সেয়ে প্ৰশ্ন হয়, ধৰ্ম্মীয় মৌলবাদ মানে আমি কি বুজোঁ ? কোনো এক ধৰ্ম্মগ্ৰন্থক বা সেই গ্ৰন্থ বৰ্ণিত ধৰ্ম্মীয় শিকনি বা পাঠ্যক নাইবা সেই ধৰ্ম্মৰ গুৰু বা আৰাধ্য ভগৱানক কোনো এক ব্যক্তি বা গোষ্ঠীয়ে নিৰ্ভুল, পৰম সত্য তথা একমাত্ৰ কতৃত্ত্ব বুলি বিশ্বাস কৰাটোকেই সাধাৰণ অৰ্থত ধৰ্ম্মীয় মৌলবাদ বুলি কব পাৰি । এই মৌলবাদী সকলে বিশ্বাস কৰে যে তেওঁলোকৰ ধৰ্ম্মটো সকলো সমালোচনাৰ উৰ্দ্ধত আৰু সেয়ে সকলোৰে ওপৰত ইয়াক বলপূৰ্বকভাবে জাপি দিবও পাৰি । এই ধৰণৰ বিশ্বাসত কোনো যৌক্তিক ব্যাখ্যা তথা কোনো বিজ্ঞান সন্মত সাক্ষ্যৰ অকণো স্থান নাই । মৌলবাদী সকলৰ মতে ধৰ্ম্ম সকলোৰে উৰ্দ্ধত আৰু ইয়েই মানুহৰ দৈনন্দিন জীৱন নিয়ন্ত্ৰণ কৰে। ধৰ্ম্মক মৌলবাদী সকলে জীৱন ধাৰণৰ উপায় তথা প্ৰণালী হিচাপে গ্ৰহণ কৰা হেতুকে তেওঁলোকে হিংসা আৰু বলপ্ৰয়োগৰ জৰিয়তে হলেও সমগ্ৰ সমাজখনকে তেওঁলোকৰ বিশ্বাস তন্ত্ৰত চামিল কৰিবলৈ বিচাৰে ।
বিশ্বৰ বেছিভাগ ধৰ্ম্মতে কম বেছি পৰিমাণে মৌলবাদী সকলক প্ৰত্যক্ষ কৰা যায়। বাইবেলখনক চৰম সত্য বুলি ভবা খৃষ্টীয়ান মৌলবাদী যেনেকৈ খৃষ্টীয়ান দেশ সমূহত দেখা পোৱা যায় তেনেকৈয়ে কোৰাণখনকে বিশ্বৰ একমাত্ৰ শুদ্ধ আৰু সত্য গ্ৰন্থ বুলি বিশ্বাস কৰা মুচলীম মৌলবাদীও ইচলামিক ৰাষ্ট্ৰ সমূহত দেখা যায় । বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব্ব বিকাশৰ ফলশ্ৰুতিত এসময়ত খৃষ্টীয়ান মৌলবাদীয়ে দপদপাই থকা পশ্চিমীয়া দেশ সমূহত খৃষ্টীয়ান ধৰ্ম্মৰ যথেষ্ট সংস্কাৰ সাধন হয় । ধৰ্ম্ম আৰু ৰাষ্ট্ৰৰ মাজত ব্যৱধান বৃদ্ধি পায় তথা পশ্চিমীয়া দেশসমূহত চেকুলাৰিজিম নামৰ ধাৰণা এটা গা কৰি উঠে, ৰাষ্ট্ৰৰ পৰিচালনাত ধৰ্ম্মীয় মৌলবাদৰ চোক কমি আহে আৰু ধৰ্ম্মৰ প্ৰত্যক্ষ হস্তক্ষেপ নোহোৱা হৈ পৰে । ইয়াৰ বিপৰীতে মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত ইচলাম ধৰ্ম্মৰ ৱাহাৱীজিম বা চালাফিজিমৰ পুনৰুত্থান ঘটে আৰু ইচলামিক মৌলবাদী সকল পূৰ্ব্বতকৈও অধিক সক্ৰিয় হৈ বিশ্ব পৰ্য্যায়ত সংগঠিত হৈ পৰে। এই পুনৰুত্থিত ইচলামিক মৌলবাদী সকলে কোৰাণ আৰু হাদিচক আক্ষৰিক অৰ্থত গ্ৰহন কৰি ইচলামিক দেশবোৰৰ প্ৰতিটো ক্ষেত্ৰতে চৰিয়া আইন প্ৰয়োগ কৰিবলৈ বিচৰাৰ উপৰিও সমগ্ৰ বিশ্বকে “দাৰ উল ইচলাম”ত পৰিণত কৰিব খোজে ।
আল-কায়দা, বকো-হাৰাম, আইএচআইএচ ( al-Qaeda, Boko Haram, ISIS) ইত্যাদি সন্ত্ৰাসবাদী সংগঠনে বিশ্বৰ সকলো সভ্যতাকে, বিশেষকৈ পশ্চিমীয়া ধৰ্ম্মনিৰপেক্ষ সভ্যতা আৰু তাৰ প্ৰতিটো প্ৰতীককে ইচলামৰ বিৰুদ্ধে ( Un-Islamic) বুলি অভিযোগ কৰি সমুলঞ্চে ধ্বংস কৰিব খোজে। এই সংগঠন সমূহে অকল নিজৰ ভূখন্ডতে সীমাবদ্ধ হৈ নাথাকি সিহঁতৰ বিশ্বস্ত প্ৰতিনিধি সংগঠনৰ জৰিয়তে আজি অকল ইউৰোপ-আমেৰিকাতে নহয় সমগ্ৰ বিশ্বতে ইচলামিক বিচাৰধাৰা আৰু হিংসাশ্ৰয়ী জিহাদী কাৰ্য্য কলাপ বিয়পাই আহিছে ।
সকলোতকৈ ভয়ংকৰ সত্যটো হৈছে, আমাৰ ভাৰতবৰ্ষ, ইয়াৰ সমাজ-সভ্যতা-সংস্কৃতি আৰু জনসাধাৰণ ইতিমধ্যেই এই নৃশংস ইচলামিক সন্ত্ৰাসবাদী সংগঠন সমূহৰ সহজ লক্ষ্য হৈ পৰিছে । ভাৰতৰ মাটিত ইতিপূৰ্বে ভালেমান ইচলামিক সন্ত্ৰাসবাদী আক্ৰমণৰ ভয়ংকৰ ঘটনাও সংঘটিত হৈ গৈছে । প্ৰায় প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৃষ্ঠপোষকতাত পাকিস্তান আৰু কট্টৰ ইচলামিক সন্ত্ৰাসবাদী শক্তি সমূহ জড়িত হৈ থকা কথাটো আজি দিনৰ পোহৰৰ দৰেই সত্য। প্ৰতিটো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থকাৰ দৰে ভাৰততো এই সঘন ইচলামিক মৌলবাদী/ সন্ত্ৰাসবাদীহঁতৰ আক্ৰমণৰ স্বাভাৱিক প্ৰতিক্ৰিয়া হিচাপে সংখ্যাগৰিষ্ঠ হিন্দু জনসাধাৰণৰ এচামৰ মাজতো ধৰ্ম্মীয় চিন্তা চেতনা , হিংসাশ্ৰয়ী কাৰ্য্যকলাপৰ মনোভাৱ গা কৰি উঠিছে ।
এইখিনিতে উল্লেখযোগ্য যে, ভাৰতৰ অতি প্ৰাচীন সনাতন ধৰ্ম্মত ( খৃষ্টীয়ান, ইহুদী, ইচলামৰ দৰে ) আব্ৰাহামিক ধৰ্ম্ম সমূহত থকাৰ দৰে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কোনো মৌলবাদী, সন্ত্ৰাসবাদী শক্তি দেখিবলৈ নাই । আব্ৰাহামিক ধৰ্ম্মীয় মৌলবাদী শক্তিৰ উত্থান বিশেষকৈ ইচলামিক মৌলবাদৰ প্ৰতিক্ৰিয়া স্বৰূপে স্বাধীনতাৰ পূৰ্ব্বৰ পৰা সাম্প্ৰতিক কাললৈ ভাৰতৰ মাটিত একাংশ হিন্দুৰ মন-মানসিকতাত বিক্ষিপ্তভাবে হিংসাশ্ৰয়ী কাৰ্য্যকলাপৰ মনোভাৱ সৃষ্টি হ’লেও ভাৰতৰ গৰিষ্ঠ সংখ্যক হিন্দুৱেই কিন্তু কোনো ধৰণৰ ধৰ্ম্মীয় মৌলবাদক সচেতনভাবে পৃষ্ঠপোষকতা মুঠেও নকৰে।
ইয়াৰ মূল কাৰণ হ’ল– সনাতন ধৰ্ম্ম বিশ্বৰ অতি পুৰণি ধৰ্ম্ম-সংস্কৃতি হ’লেও এই ধৰ্ম্ম- সংস্কৃতিৰ মূল আধাৰ হ’ল- উদাৰতা , গণতান্ত্ৰিকতা আৰু সকলো ধৰ্ম্ম মতৰ প্ৰতি সহনশীলতা। এই সনাতনী ধৰ্ম্ম- সংস্কৃতিত ( কোৰাণ, বাইবেলৰ দৰে) কোনো এখন নিৰ্দিষ্ট ধৰ্ম্ম গ্ৰন্থও নাই বা কোনো নিৰ্দিষ্ট এক ধৰ্ম্মগুৰু নাইবা কোনো এক বিশেষ সৰ্ব্ব-আৰাধ্য, সৰ্ব্ব-পূজ্য ভগৱানো নাই । বেদ, ভগৱৎ গীতা, উপনিষদ, ব্ৰাহ্মণ ইত্যাদি দৰে অসংখ্য পবিত্ৰ গ্ৰন্থই প্ৰচাৰ কৰা অসংখ্য বিশ্বাসৰ সমষ্টিয়েই হ’ল সনাতন ধৰ্ম্ম-সংস্কৃতি, যাক পশ্চিমীয়া দৃষ্টিভংগীৰে হিন্দুধৰ্ম্ম বুলি আখ্যায়িত কৰা হয় । এই ধৰ্ম্ম সংস্কৃতিৰ মূল উপজীৱ্যই হ’ল– – “বহুজন হিতায় বহুজন সুখায়” –সকলোৰে সুখ-সমৃদ্ধি কামনাৰে সকলোকে মান্যতা প্ৰদান কৰা । ঠিক এই দাৰ্শনিক অৱস্থানৰ বাবেই সনাতন ধৰ্ম্ম-সংস্কৃতিত মৌলবাদী বা সন্ত্ৰাসবাদী চিন্তা চেতনাৰ কোনো অৱকাশ নাই । পশ্চিমীয়া আব্ৰাহামিক ধৰ্ম্ম আৰু সনাতন ধৰ্ম্ম সংস্কৃতিৰ মাজত মৌলিক প্ৰাৰ্থক্যও এইটোৱেই ।
কিন্তু সনাতনী ধৰ্ম্মৰ আধাৰ আৰু পৰিচয় সহনশীলতা, গণতান্ত্ৰিকতা হ’ল বুলিয়েই কোনো সনাতনী ভাৰতীয়ই উগ্ৰ ধৰ্ম্মীয় মৌলবাদৰ প্ৰতি চকুমুদা কুলিৰ দৰে থাকিব নোৱাৰে । কিয়ণো আজিৰ বিশ্বত ধৰ্ম্মীয় মৌলবাদ বিশেষকৈ ইচলামিক মৌলবাদ মানৱতাৰ এক ভয়ংকৰ সৰ্ব্বনাশী শত্ৰুৰ ৰূপত মূৰ দাঙি উঠিছে। এই ধৰ্ম্মীয় মৌলবাদৰ বাবেই বিশ্বত আজি অসংখ্য মানুহৰ জীৱন জীৱিকা বিপন্নতো হৈছেই মানুহৰ বহু যুগৰ সাধনা তথা বহু মূল্যৰ বিনিময়ত কষ্টোপাৰ্জিত সভ্যতা সংস্কৃতিও ধ্বংসৰ মুখত পতিত হৈছে । আজি বিশ্বৰ যিবোৰ সমাজে আব্ৰাহামিক ধৰ্ম্মীয় মৌলবাদক প্ৰশ্ৰয় দিছে সেইবোৰ সমাজে মানুহৰ সুকুমাৰ প্ৰবৃত্তিক ধ্বংস কৰি অসহিষ্ণু আগ্ৰাসী মনোবৃত্তিৰো জন্ম দিছে। বিভিন্ন মানৱ সমাজৰ আদান প্ৰদান, সমিল-মিলৰ জৰিয়তে উপলব্ধ আধুনিক বিজ্ঞান প্ৰযুক্তি, কলা-সংস্কৃতিৰ বিকাশক এই মৌলবাদে কেৱল অস্বীকাৰ কৰাই নহয় তাক ধ্বংস কৰি সমগ্ৰ বিশ্বকে এক মান্ধাতাযুগীয় অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি পঠিয়াইছে । সনাতনী ধৰ্ম্ম সংস্কৃতিৰে জীপাল ভাৰতৰ মাটিতো তথাকথিত চেকুলাৰিজিমৰ আঁৰ লৈ খৃষ্টীয়ান আৰু ইচলামিক মৌলবাদে ভয়ংকৰৰূপত গা কৰি উঠিছে । সনাতনী হিন্দু ধৰ্ম্মৰ সহিষ্ণুতা, উদাৰতাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি দীৰ্ঘম্যাদী আঁচনিৰে ধৰ্ম্মান্তৰিত কৰণ আজি আৰু নতুন কথা নহয় । ইচলামিক, পৰ্তুগীজ আৰু বৃটিছ সাম্ৰাজ্যবাদৰ আগ্ৰাসনৰ সময়ৰে পৰা ছলে বলে কৌশলেৰে এয়া চলি আহিছে । ইয়াৰ সৈতে যোগ হৈছে পৰিকল্পিত জনসংখ্যা বৃদ্ধিৰ গোপন/ মুক্ত আঁচনি ।
সেয়ে আজি প্ৰতিজন বিবেকবান শুভবুদ্ধি সম্পন্ন গণতান্ত্ৰিক মানুহে সাধাৰণভাৱে সকলো প্ৰকাৰৰ ধৰ্ম্মীয় মৌলবাদ আৰু বিশেষভাৱে ইচলামিক মৌলবাদৰ বিৰুদ্ধে সচেতন-সক্ৰিয় বিৰোধ কৰাটো বৰ্তমান যুগৰ এক প্ৰধান কৰ্ত্তব্য বুলিও গ্ৰহণ কৰা উচিত।