৩০ জানুৱাৰী , ১৯৪৮: বিভীষিকাৰ এটা দিন

9736
  • পাৰ্থ প্ৰতীম লহকৰ

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


বিজেপি দলৰ  প্ৰজ্ঞা ঠাকুৰে নাথুৰাম গডচেক দেশভক্ত আখ্যা দি দেশৰ ৰাজনীতিত খলকনি তুলিছিল। যি সময়ত প্ৰধানমন্ত্রী মোদীয়ে জাতিৰ পিতা মহাত্মা  গান্ধীক আদৰ্শ হিচাপে লৈ স্বচ্ছ ভাৰতৰ নিচিনা আচঁনি আৰম্ভ কৰিছে তেনেস্হলত তেখেতৰ দলৰে এজন নেতৃয়ে কৰা এনে মন্তব্য  দুৰ্ভাগ্যজনক। বিজেপিয়ে কৈছিল যে প্ৰজ্ঞা সিং ঠাকুৰক কাৰণ দৰ্শোৱা জাননী দিয়া হৈছে আৰু তাৰ বাবে ১০ দিন সময় দিয়া হৈছে। ১০ দিন সময় ইতিমধ্যে পাৰ হ’ল আৰু প্ৰজ্ঞা সিং ঠাকুৰ সংসদলৈ নিৰ্বাচিত হ’ল ।

‌এই ঘটনাবিলাকৰ পিছত নাথুৰাম গডচেৰ প্ৰতি  কৌতুহল বৃদ্ধি পাল । তিনিখন কিতাপৰ পৰা পোৱা কিছুমান তথ্য আপোনালোকৰ বাবে আগবঢ়ালো। কিতাপ তিনিখন হ’লঃ

১/  ‘ Freedom at Midnight ‘ লেখক Larry Collins আৰু   Dominique Lapierre
২/  ‘ INDIA : from Curzon to Nehru and after ‘  লেখক Durga Das
৩/  ‘ Indian Summer ‘লেখক Alex von Tunzelmann

মহাৰাষ্ট্ৰৰ বোম্বে ( বৰ্তমানৰ মু্ম্বাই) ৰ পৰা ১১৯ কি:মি: দুৰত থকা পুণা চহৰ , য’ত হিন্দু বীৰ শিৱাজীয়ে মোগলক পৰাস্ত কৰিছিল ।জন্ম হৈছিল হিন্দু দেশপ্ৰেমৰ ভাব । এই পুণাৰ ৰাজপথত বাল গংগাধৰ তিলকৰ দৰে স্বাধীনতা সংগ্ৰামীয়ে উগ্ৰপন্থাৰে স্বাধীনতাৰ সপোন দেখিছিল ।  মহাৰাষ্ট্ৰত গণেশ পুজাক স্বাধীনতা যুজৰ সম্বল কৰি লৈছিল এইজন তিলকেই । নাথুৰাম গডচে ,পুণা( বৰ্তমান পুনে )ৰ এটা ব্ৰাহ্মণ পৰিয়ালৰ সন্তান । দেউতাক আছিল ডাকোৱাল । ৰাজনীতি আছিল নিচা । স্বাধীনতা আন্দোলনত সক্ৰিয় ভাবে অংশগ্ৰহণ কৰি জীৱনত প্ৰথমবাৰ জেল খাব লগা হৈছিল এজন ব্যক্তিৰ আহ্বানত ; যিজনক তেওঁ ১১ বছৰ পিছত হত্যা কৰিছিল । গান্ধীজীৰ অসযোগত আন্দোলনত ১৯৩৭ চনত প্ৰথমবাৰ কাৰাবাস খাটিছিল নাথুৰাম গডচেই । গান্ধীৰ তীব্ৰ সমৰ্থক গডচে লাহে লাহে নিজৰ পচন্দ সলনি কৰে । নতুন আইড’ল হিচাপে বাচি লয় মহাৰাষ্ট্ৰৰ আন এজন স্বাধীনতা সংগ্ৰামী বিনায়ক দামোদৰ সাৱাৰকাৰক । সাৱাৰকাৰ , জিন্না আৰু গান্ধীৰ দৰে লণ্ডনত ওকালতি কৰা আন এজন ব্যক্তি ।

১৯৩৭ ৰ পৰা ১৯৪২ লৈ গডচে নিজকে সলনি কৰে । শৈশবৰ এই ধাৰ্মীক ডেকাই মঠ -মন্দিৰ , ব্ৰহ্মা , বিষ্ণু সকলো ত্যাগ কৰি ব্যক্তি পুজাৰ পুজাৰী হৈ পৰে । মোগল আৰু বৃটিছক প্ৰতিহত কৰা শিৱাজী আৰু সাৱাৰকাৰ হৈ পৰে তেওঁৰ হিৰো । যিজন নাৰায়ন আপটেক তেওঁ এসময়ত পুণাৰ কোনোবা এটা মন্দিৰত লগ পাইছিল , সেইজন আপটে ১৯৪৭ ত নাথুৰামৰ সংগী হৈ পৰে বাতৰি কাকত হিন্দু ৰাষ্ট্ৰৰ । দুয়োজনৰ ভুমিকা আছিল ব্যক্তিগত সম্পৰ্কৰ  দৰে । আপটে আছিল ব্যৱাসায়ী আৰু বিজ্ঞানৰ স্নাতক । তেওঁৰ কাকতৰ সমুহ পৰিকল্পনা ৰচনা কৰিছিল আৰু গডচে আছিল কাকতৰ সম্পাদক । সহজ ভাষাত আপটেৰ মষ্টিস্ক আৰু নাথুৰামৰ কলম ।  সেই সময়ছোৱাত নাথুৰামৰ হিন্দুৰ ওপৰত ক্ষোভ জন্ম হৈছিল । মন্দিৰ দৰ্শন তেওঁ এৰি দিছিল । কিন্তু সাৱাৰকাৰক লগ পোৱাৰ পিছত লাহে লাহে মানুহজন অলপ সলনি হ’বলৈ ধৰিলে । হিন্দুক উদ্ধাৰৰ কাৰণে যদিও তেওঁ উগ্ৰপন্থাক সমৰ্থন কৰিছিল , তথাপি তেওঁ তেজ দেখিলে মুৰ ঘুৰোৱা অভ্যাসটোৰ পৰা সকাহ পোৱা নাছিল ।

নৱেম্বৰ, ১৯৪৭ : পুনা 

গেৰুৱা বেশ আৰু দীঘল দাড়ীৰে এজন সাধু । দীগম্বৰ ৱাগদে , পুণা চহৰত বোমা আৰু হস্ত নিৰ্মিত গ্ৰেণেড বনোৱা এটা কাৰখানাৰ মালিক । ৩৭ বাৰ পুলিচ হাতত গ্ৰেপ্তাৰ হোৱা ৱাগদে প্ৰমাণৰ অভাবত সাৰি গৈছিল । মাত্ৰ এবাৰ ১ মাহৰ বাবে জেললৈ যাব লগা হৈছিল, যেতিয়া গান্ধীজীৰ অসহযোগ আন্দোলন চলি আছিল । বিভিন্ন ভেশচন ধৰি ৱাগদে পুণা চহৰত ঘুৰি ফুৰিছিল । নিজৰ এখন কাপোৰ চিলোৱা দোকান আছিল আৰু দোকানৰ পিছফালে গোপনে বোমা বনোৱা কাৰখানাটো চলাই আছিল । ১৯৪৭ চনৰ জুন মাহত নাৰায়ণ আপটেয়ে হিন্দু ৰাষ্ট্ৰৰ হৈ ৩০০০ হাজাৰ টকাৰ বোমা আৰু গ্ৰেণেড কিনে । উদ্দেশ্য জীন্নাক হত্যা কৰিব লাগে আৰু বিভাজন ৰোধ কৰিব লাগে । এটা সময়ত জীন্না হত্যা কৰিবলৈ জেনেভা যাবলৈও পৰিকল্পনা কৰিছিল । কিন্তু অসুখীয়া জীন্নাই সোভাগ্য বশত পাকিস্তান এৰি নগ’ল আৰু আপটেৰ পৰিকল্পনা থমকি ৰ’ল । আপটেৰ নতুন পৰিকল্পনা আছিল হাইদাৰবাদৰ নিজামক হত্যা কৰা আৰু তাৰ বাবে সাজু হোৱা ।
” মই এটা ডাঙৰ কাম হাতত লৈছো । গ্ৰেনেড , বোমা আৰু পিষ্টল বহুত লাগিব ” , ৱাগদেক কয় । তেতিয়া অৱশ্যে ৱাগদেৰ ওচৰত ইমান বাৰুড জমা নাছিল ; কিন্তু লাভৰ আশাত ৱাগদে পিছুৱাই আহিবলৈ টান পালে ।

” ডিচেম্বৰত দিব পাৰিম , তাৰ আগত নহব ” ___ৱাগদেৰ সিধা কথা । প্ৰথম অৱস্থাত নাৰায়ন আপটে ৰাজী হোৱা নাছিল । তথাপি উপায় নোহোৱাত ডিচেম্বৰলৈ অপেক্ষা কৰিব বুলি ক’লে ।

অক্টোবৰ-নৱম্বৰ মাহ , কৰাচী ১৯৪৭ :

জীন্নাৰ দেহত ৰোগৰ অন্তিম প্ৰহাৰ । ডাক্তৰসকলে সকলো আশা এৰি দিছে । বিভাজনৰ আগৰ জীন্না আৰু  এতিয়াৰ জীন্নাৰ আকাশ পাতাল পাৰ্থক্য । নিজৰ অফিচত বহিবলৈ প্ৰায় এৰি দিছে । সংকটত নিজৰ জীৱন আনফালে নিজে বনোৱা পাকিস্তান । তীব্ৰ আৰ্থিক সংকট পাকিস্তানত । কিন্তু ইয়াৰ বাহিৰেও বেছিকৈ চিন্তাত পেলাইছিল চৰ্দাৰ পেটেল আৰু তেওঁৰ পুৰণি কংগ্ৰেছী বন্ধুসকলৰ অভিপ্ৰায়কলৈ । তেওঁ বুজিছিল যে যিকোনো সময়তে ভাৰতে আক্ৰমণ কৰিব পাৰে আৰু দেশ বিভাজনক অসাৰ কৰি তুলিব পাৰে । জীন্নাৰ ওপৰত আঘাত হানে ভাৰতে যেতিয়া পাকিস্তানে ভাৰতৰ পৰা পাব বুলি ভাবি থকা ৫৫০ মিলিয়ন টকা ভাৰতৰ কেবিনেটে নিদিয়াৰ সিদ্ধান্ত লয় ।

আহমদাবাদ ,১৯৪৭ নৱম্বৰ মাহ :

পাকিস্তানৰ সীমান্তৰ গুজৰাটৰ আহমদাবাদত পাকিস্তানৰ পৰা পলায় আহি আশ্ৰয় লোৱা ১০০০০ মানুহক আশ্ৰয় আৰু খাদ্য যোগান ধৰাৰ বিনিময়ত মদনলাল পাহৱা ( এজন হিন্দু শৰণাৰ্থী) আৰু ব্যৱসায়ী বিষ্ণু কাৰকাৰে (হিন্দু সংগঠনৰ কৰ্মী) লগ লাগে । তেওঁলোকে আহমাদাবাদৰ মুছলমান ব্যৱসায়ীৰ পৰা টেক্স উঠায় । সেই পইচাৰে খাদ্য যোগান ধৰে আৰু হাইদৰাবাদৰ নিজামৰ ওপৰত প্ৰতিশোধ ল’বলৈ অস্ত্ৰ সংগ্ৰহ কৰে । কিন্তু ১৯৪৮ চনৰ প্ৰথম জানুৱাৰীৰ দিনাখনেই আহমদাবাদ পুলিচে কাৰকাৰেক বিচাৰি তেওঁৰ হোটেল পায় আৰু হোটেলত উপস্থিত হৈ অস্ত্ৰ ভাণ্ডাৰ  উদ্ধাৰ কৰে । কিন্তু সকলো কথাৰ উমান পায় কাৰকাৰে আৰু মদনলাল পাহৱাই আহমদাবাদ ত্যাগ কৰি , ৬০ কি:মি: নিলগৰ পুণা চহৰত উপস্থিত  হয়।

১৯৪৮ জানুৱাৰী মাহ :

গান্ধীজীৰ জীৱনৰ শেষ অনশন । কোনেও কল্পনা কৰিব পৰা নাছিল । ১৩ জানুৱাৰী ১৯৪৮ দিনৰ ১১ বাজি ৫৫ মিনিট । প্ৰায় ১ ঘন্টা আগত গান্ধীয়ে আহাৰ গ্ৰহণ কৰে । দুখন পাতল ৰুটী , এটা আপেল , অলপ ছাগলীৰ গাখীৰ আৰু  এটা মৌচম্বি টেঙাৰ তিনি টুকুৰা । দিল্লী বিখ্যাত বিৰালা হাউচত গান্ধীজীৰ অনশন । লগত মনু আৰু আভা । গান্ধীজীক পৰিচৰ্যা কৰা ডাক্তৰ সুশিলা নায়াৰ আৰু অজস্ৰ গুণমুগ্ধ । ‍১৯৪৭ ৰ ১৫ আগষ্টৰ দিনটোত গান্ধী ব্যস্ত আছিল কলিকতাত । সাম্প্ৰদায়িক হিংসাত বংগ জ্বলি আছিল । কিন্তু আজিৰ অনশন দিল্লীত । দিল্লীৰ পৰিবেশৰ লগত সম্পুৰ্ণ অমিল আছিল কলিকতাৰ পৰিবেশ । দিনে দিনে হাজাৰ হাজাৰ হিন্দু ,শিখ শৰণাৰ্থী পাকিস্তানৰ পৰা আহি দিল্লীত প্ৰবেশ কৰিছে । ঘৰ বাৰী এৰি আহিছে , হেৰুৱাই নিজৰ আত্মীয় । শীতৰ কোবত ভগনিয়া মানুহখিনিয়ে শৰণাৰ্থী কেম্পবোৰত দুৰ্যোগ ভুগিছিল আৰু বাচি লৈছিল মুছলমান মানুহৰ ঘৰ , বিল্ডিং , মছজিদ । পাকিস্তানত মুছলমানৰ হাতত সকলো হেৰুৱাই অহাসকলে  গম পালে তেওঁলোকৰ মহাত্মাই ৫৫০ মিলিয়ন টকা পাকিস্তানক দিয়াৰ কাৰণে অনশন  কৰিছে , স্বাভাবিক ভাবে তেওঁলোকৰ মনত ক্ষোভ জাগি উঠিছিল । একেখিনি সময়তে দিল্লীৰ পৰা ৭০০-৭৫০ মাইল দুৰৰ পুণা চহৰত হিন্দু ৰাষ্ট্ৰ কাকত খনৰ নতুন অফিচ মুকলি হয় । নতুন টেলিটাইপ মেচিন ,নতুন আচবাব । এটা টেলিটাইপ মেচিনে সলনি কৰে সকলো জল্পনা কল্পনা । খবৰ প্ৰচাৰিত হ’ল গান্ধীজীয়ে আমৰণ অনশন আৰম্ভ কৰিছে । উদ্দেশ্য পাকিস্তানক ৫৫০ মিলিয়ন টকা দিব লাগে , কিন্তু এই দাবী নেহেৰু চৰকাৰৰ কেবিনেটে সমৰ্থন দিয়া নাই । এফালে পেটেল , নেহেৰু আৰু আনফালে গান্ধী ।
কাহ পৰি জীন গ’ল ।  ক্ৰমাত শেতা হৈ গৈছে আপটে আৰু নাথুৰামৰ মুখমণ্ডল । আজিৰ পৰা ১১ বছৰ আগত যিজন গান্ধীৰ আন্দোলনৰ আহ্বান শুনি গডচে জেল যাব লগা হৈছিল আৰু আজি সেইজন গান্ধীয়ে চৰকাৰক পাকিস্তানীৰ হাতত আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছে ।
” এইটো ৰাজনৈতিক ব্লেকমেইল ” , নাথুৰাম চিঞৰি উঠিল ।
নাথুৰামে আপটেৰ পিনে ঘুৰি চালে । হাইদৰাবাদত গৰিলা আক্ৰমণেৰে নিজামক হত্যা কৰি হাইদৰাবাদক ভাৰতৰ অধীন কৰা আৰু জিন্নাক হত্যা কৰিবলৈ  গ্ৰেণেড , হস্তনিৰ্মিত বোমাৰ মজুত আছিল আপটেৰ নিয়ন্ত্ৰণত । গডচেৰ দৃঢ় কন্ঠস্বৰত শুণা গ’ল , ” আমি গান্ধীক হত্যা কৰিম । ”
‘হিন্দু ৰাষ্ট্ৰ ‘ ৰ অফিচত চাৰিজন ব্যক্তি নাথুৰাম গডচে , নাৰায়ন আপটে , বিষ্ণু কাৰকাৰে আহমদাবাদৰ ব্যৱসায়ী আৰু পাকিস্তানৰ পৰা বিতাৰিত পঞ্জাবী  শৰণাৰ্থী মদনলাল পাহৱা । ইতিমধ্যে চিআইডি নিৰিক্ষণৰ পৰাও মুক্ত হৈছিল হিন্দু ৰাষ্ট্ৰৰ অফিচ । বাকী কেইজনক দেশৰ ৰাজনৈতিক ঘটনাক্ৰম বুজাই দিলে নাথুৰামে । ” গান্ধীক আমি বাধা দিব লাগিব ” , গডচে । তেতিয়াও আপটে মৌণ হৈ আছিল । নাথুৰামে কোৱাৰ লগে লগে মদনলাল পাহৱাই তৎক্ষনাত সন্মত হয় । কাৰকাৰেও সন্মতি প্ৰদান কৰে ।

চাৰিওজন অফিচৰ পৰা একেলগে ওলায় আহে । লক্ষ্যস্থান অস্ত্ৰ ডিলাৰ দিগম্বৰ ৱাগডেৰ  দোকান । বোমা , গ্ৰেণেড সকলো পালে ৱাগদেৰ ওচৰত , কিন্তু আটাইতকৈ দৰকাৰী বস্তু বিধেই নাছিল __অ’টোমেটিক পিস্তল ।
” অহকালি , বুধবাৰ ; আমি সকলোৱে লগ লাগিম সন্ধিয়া দাদৰত । ”  ইয়াৰ পিছতে সকলোৱে এজন এজনকৈ আতৰি  যায় । নিজৰ জন্ম চহৰ পুণাত নাথুৰামৰ দিন চমু চাপি আহিছে ।  নিজে অনুভৱ কৰিব পাৰিছিল যে তেওঁৰ জীৱনত কিমান দিন বাকী আছে ।  যিজন মানুহক হত্যা কৰিব বিচাৰিছিল  সেইজন গান্ধীও ফকিৰ আছিল আৰু যিজনে হত্যা কৰিব বিচাৰিছিল সেইজনো ফকিৰ আছিল । দুখন কাগজ হাতত লৈ  পুণাৰ অৰিয়েন্টল লাইফ ইনচুৰেন্সৰ অফিচ পায় নাথুৰাম ।  প’লিচি নম্বৰ ১১৬৬১০১ আৰু  ১১৬৬১০২ ,  মুল্য  ক্ৰমে ৩ হাজাৰ আৰু ২ হাজাৰ । প্ৰথমখন প’লিচি এচাইন কৰে নিজৰ ভাই বোৱাৰীৰ নামত  ( গোপাল গডচেৰ  পত্নী ) আৰু আনখন প’লিচি এচাইন কৰে নাৰায়ন আপটেৰ পত্নীৰ নামত ।  গোপাল গডচে , হৈছে  নাথুৰাম গডচেৰ ভায়েক __তেওঁ পুণাৰ পৰা পোনে পোনে দিল্লীলৈ  যাব ।
আনফালে দিল্লীত গান্ধীজীৰ অনশনত বিভিন্ন ঠাইৰ মানুহৰ সমাগম হৈ আছে । সকলোৰে এটাই মত গান্ধীজীয়ে অনশন ভংগ কৰিব লাগে । বৃদ্ধ মানুহজনৰ শৰীৰে আৰু এটা অনশন সহ্য কৰিব নোৱাৰে । গান্ধীজীৰ লগত থকা ডাক্তৰ সুশীলা নায়াৰে ইতিমধ্যে বুজি উঠিছে গান্ধীৰ শাৰীৰিক দুৰ্বলতাৰ বিষয়টো । তথাপি নিজৰ  জীৱনক তুচ্চ্য জ্ঞান কৰি গান্ধীজী অটল ।  চৰকাৰৰ কেবিনেট বৈঠক বহে বিৰালা হাউচৰ গান্ধীজীৰ চৌপাশত । নেহেৰু , পেটেল , গোপলাচাৰী সকলো নেতাৰ বৈঠক _ এটাই আলোচনা যাতে গান্ধীয়ে অনশন ভংগ কৰে । পাকিস্তানক ৫৫০ মিলিয়ন টকা দিবলৈ কোনো এজন কেবিনেট সদস্য মান্টি নহয় ।
” তুমি মোৰ আগৰ চৰ্দাৰজন হৈ থকা নাই ” , গান্ধীয়ে পেটেলৰ হাতত হাত ৰাখি ক’লে ।

বোম্বে , ১৪ জানুৱাৰী ১৯৪৮ :  

আপটে , নাথুৰাম গডচে আৰু ৱাগদে তিনিওজন উপস্থিত হয় বিখ্যাত কেলুচকাৰ ৰোডত থকা এটা বিল্ডিংত । ‘ সাৱাৰকাৰ সদন ‘ মাৰাঠীত লিখা আছে । দুমহলীয়া ঘৰটোৰ তলৰ মহলত ৱাগদে বহে আৰু বাকী দুজন ওপৰ মহল লৈ উঠি যায় ।  সেইদিনাখনেই সাৱাৰকাৰক দেখা কৰে আনদুজন ব্যক্তি মদনলাল পাহৱা আৰু বিষ্ণু কাৰকাৰে ।
সাৱাৰকাৰক লগ কৰাৰ পিছত আপটে আৰু গডচে থাকে ‘ চি গ্ৰীন হোটেল ‘ ত আৰু ৱাগদে থাকে হিন্দু মহাসভাৰ ধৰ্মশালাত ।

বোম্বে , ১৫ জানুৱাৰী ১৯৪৮ :  

১৫ জানুৱাৰী ৰাতিপুৱা ৭ বাজি ২০ মিনিট । এয়াৰ ইণ্ডিয়া অফিচ ।
‘১৭ জানুৱাৰিৰ ‘দুটা টিকট দিয়ক দিল্লীলৈ ” , আপটে ।
” কি নামত বনাম ? ” , বুকিং থকা ব্যক্তিজনৰ প্ৰশ্ন ।
” ডিএন কাৰমাৰকাৰ আৰু এচ মাৰাঠে ” ____
” ৩০৮ টকা হৈছে , ৰিটাৰ্ণ টিকট দিম নেকি”____
মিচিকিয়া হাঁহিৰে আপটে নেলাগে বুলি ক’লে । আপটে বুজিছিল এই যাত্ৰাৰ ওভতনি নাই ।
গান্ধীজীৰ অনশন তৃতীয় দিনত ভৰি দিলে । দেহৰ অৱস্থা ক্ৰমাত শোচনীয় হৈ গৈ আছে । জৱাহৰলাল নেহেৰুৱে পুনৰ বাৰ লালকিল্লাত ভাষণ দিছে । ১০০০০ হাজাৰ মানুহ গোট খাইছে । ভাষণত নেহেৰুৱে ক’লে , ” গান্ধীক আমি হেৰুৱাব নোৱাৰো , গান্ধীজী গোটেই দেশৰ আত্মা । ” মাউন্টবেটেনে তেওঁৰ সকলো কাৰ্য্যসূচী ৰদ কৰিলে । পাকিস্তানৰ লাহোৰৰ পৰা টেলিগ্ৰাম আহিল _’পাকিস্তানৰ মানুহো যে গান্ধীৰ ৰুগ্নদেহক লৈ চিন্তিত ।’ পিছদিনাখন গোটেই কাগজে পত্ৰই পাকিস্তানৰ পৰা অহা বাৰ্তাটো প্ৰকাশ পালে ।  একেসময়তে সেইদিনাখনেই ভাৰত চৰকাৰে ঘোষণা কৰিলে , ‘ পাকিস্তান ৫৫০ মিলিয়ন টকা দিয়া হ’ব । ‘ ১৫ জানুৱাৰী বোম্বে , ৱাগদে এজন তবলা বাদৰ সাজসজ্জাত আপটে আৰু গডচেক লগ ধৰে । এটা তবলাৰ ভিতৰত বোমা , গ্ৰেণেড আদি ভৰাই থোৱা আছিল । নাৰায়ন আপটেই বস্তুখিনি পৰীক্ষা কৰিলে । সকলো আছিল তাত কিন্তু নাছিল পিষ্টল এটা । আপটে বুজি পাইছিল এটা পিষ্টল পোৱা কিমান কঠিন ,কিন্তু ৱাগদেৰ যিহেতু বোমা বনোৱা জ্ঞান আছে সেয়েহে তেওঁকো দিল্লীলৈ নিয়াই ভাল হ’ব ।
” তুমি আমাৰ লগত দিল্লী ব’লা । তোমাক আৰু বেছি পইছা দিমা দিল্লীত । ”
গোটেই বোমাখিনি মদনলাল পাহৱাৰ বেডিংত ভৰাই দিয়া হ’ল । বোম্বেৰ ভিক্টৰিয়া টাৰ্মিনচ ( ছত্ৰপতি শিবাজী ৰেল ষ্টেচন )ৰ পৰা সেইদিনাখন ৰাতিৰ ট্ৰেইনত কাৰকাৰে আৰু পাহৱাই দিল্লীলৈ ৰাওঁনা হ’ব । ইয়াৰে ঠিক দুইদিন পিছত গোপাল গডচে আৰু ৱাগদে অন্য এখন ট্ৰেইনত দিল্লী যাব । কিন্তু গোটেই কেইজন দিল্লীত লগ লাগিব বিৰলা মন্দিৰৰ গাতে লাগি থকা হিন্দু মহাসভাৰ ধৰ্মশালাত ।

১৭ জানুৱাৰী ১৯৪৮

পুণা ৰেলৱে ষ্টেচন ___ দিল্লীলৈ যাব লগিয়া বোম্বে মেইল পুণা ষ্টেচনত ৰৈ আছে । তৃতীয় শ্ৰেণীৰ ডবাৰ ভিতৰত সোমাই গৈছে এজনী মহিলা । নিজৰ মানুহ এজন বিচাৰি ফুৰিছে , কোলাত ৪ মহীয়া কেচুৱালৈ । নিজৰ স্বামীক দেখা পালে ভিৰৰ মাজত । নিজৰ স্বামীক দেখা মাত্ৰকে জোৰেৰে ওচৰলৈ টানি আনিলে ।
” যিয়েই নহওঁক , চিন্তা নকৰিব । মই আৰু আমাৰ এই ছোৱালীজনীক ডাঙৰ কৰিব পাৰিম । ” দেউতাকৰ কোলাত ছোৱালীজনীক অলপ সময়ৰ কাৰণে দি ক’লে ।
নিজ হাতেৰে বনোৱা এটা ৰুটীৰ টোপোলা দি মহিলাজনীয়ে হাতত ৪ মহীয়া কেচুৱাটো লৈ নামি আহিল । ট্ৰেইন পুনৰ চলিব ধৰিলে । নিজৰ স্বামীক চকুৱে যিমান দুৰলৈ পাৰে  সিমান দুৰলৈ চাই থাকিল আৰু প্লেটফৰ্মৰ পৰা তাই হাত দাঙি বিদায় দিলে । নাথুৰাম গডচেৰ ভাতৃ গোপালে পুণাৰ আৰ্মী ষ্টোৰৰ পৰা ২০০ টকা দি এটা .৩২ কলিব’ৰ পিষ্টল কিনিছিল । নিজৰ ককায়েকৰ নিৰ্দেশ মানি বেদিংত পিষ্টলটো ভৰাই দিল্লী পালে । ইফালে দিল্লীৰ পৰিবেশ ক্ৰমাত সলনি হৈ গৈ আছে । গান্ধীজীৰ দুৰ্বল দেহত পানীৰ পৰিমাণ কমি গৈছে । ডাক্তৰ নায়াৰ চিন্তাত বিভোৰ । দিনক দিনে গান্ধীজীৰ  ওজন কমি আহিছে । সমদল , প্ৰাৰ্থনাই দিল্লীৰ আকাশ বতাহ কপাঁই তুলিছে । এতিয়া হিন্দু, মুছলমান, শিখ সকলোৱে বিচাৰিছে গান্ধীজীয়ে অনশন ত্যাগ কৰক বিনিময়ত পাকিস্তানক পইচা দিয়া অতি সামান্য কথা । বোম্বেৰ পৰা কাৰকাৰে আৰু পাহৱা দিল্লীত উপস্থিত হ’ল । গ্ৰেণেড , টাইম বোমা আৰু ৱাগদেই যোগাৰ কৰা এটা  হস্তনিৰ্মিত পিষ্টল লগত লৈ কাৰকাৰে আৰু মদনলাল পাহৱা সাজু । দ্বিতীয়টো পিষ্টল গোপল গডচেই  আনি আছে ; নাথুৰাম আৰু আপটে এয়াৰ ইণ্ডিয়াৰ ডি চি ৩ প্লেইনত দিল্লী আহি আছে ।  বোম্বে এয়াৰ পোৰ্টত যোৱাৰ আগতে আপটে আৰু গডচে সৱাৰকাৰ সদন পালে । এইবাৰ কিন্তু আগৰ দৰে বেছি সময়ৰ কথা বতৰা নাছিল  । দুয়োজনকে সাৱাৰকাৰে বিদায় দিবলৈ তেওঁৰ কোঠাৰ পৰা নামি আহিছিল ।
ইফালে দিল্লীৰ বিৰলা হাউচত হাজাৰ হাজৰ মানুহ গোট খাইছে । যিকোনো উপায়ে গান্ধীজীৰ অনশন ভংগ কৰিব লাগে । চৰকাৰৰ মন্ত্ৰীসকল পৰোক্ষভাবে চাপ সৃষ্টি কৰিলে । নেহেৰু ,পেটেলকে আদি কৰি সকলো গান্ধীজীৰ ওচৰত । নেহেৰুৱে মাইকটো হাতত লৈ জনতাক উদ্দেশ্য কৰি ভাষণ দিবলৈ আৰম্ভ কৰিলে । ” গান্ধীজী দেশৰ  প্ৰাণ , দেশ মাতৃয়ে জন্ম দিয়া এনেকুৱা সন্তানক আমি হেৰুৱাব  নোৱাৰো । যিকোনো মুল্যৰ বিনিময়ত গান্ধীজীৰ অনশণ ভংগ হ’ব লাগিব ‘ , নেহেৰুৱে ঘোষণা কৰিলে । গান্ধীজীৰ ৭ দফীয়া দাবী সকলোৱে মানি ল’ব বুলি গান্ধীজীক জনোৱা হ’ল । ” একামত্ৰ  হিন্দু মহাসভা আৰু আৰ এছ এছ ৰ পৰা সন্মতি পত্ৰখনত চহী হ’বলৈ বাকী আছে আৰু অতি কম সময়ত তেওঁলোক মান্তি হ’ব বুলি জনাইছে  ” , পিয়াৰেলাল গান্ধীৰ ব্যক্তিগত সহযোগী জনে ক’লে । ১৭ জানুৱাৰী , দুপৰীয়া ১২ বাজি ৪৫ মিনিটত গান্ধীজীয়ে তেওঁৰ ১২১ ঘন্টা ৩০ মিনিটৰ অনশণ ভংগ কৰে যেতিয়া হিন্দু মহাসভা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৰ্মীসকলে গান্ধীজীৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ দাবীসমুহ মানি লয় । গান্ধীৰ লগত ছাঁৰ দৰে থকা মনুৱে এগিলাচ কমলা সৰবত আনি নেহেৰুৰ হাতত তুলি দিয়ে । পিছত মৌলানা আজাদ আৰু নেহেৰুৱে গিলাচটো একেলগে ধৰি গান্ধীজীৰ ওঠত লগাই দিয়ে । গান্ধীজীৰ অনশণ স্থলীৰ ওচৰৰ বিৰলা মন্দিৰত ৬ জন যুবক লগ হৈছিল যাৰ লক্ষ্যস্থান বিৰলা হাউচ । শীতৰ প্ৰকোপ দিল্লীত । গোপলা গডচেয়ে নিজৰ জেকেটৰ তলৰ  পৰা ২০০ টকাত পুণাৰ পৰা কিনা .৩২ পিষ্টলটো আপটেৰ হাতত তুলি দিয়ে । আপটেই পিষ্টলটো পৰীক্ষা কৰে । এডাল গছক লক্ষ্য কৰি পিষ্টলটো চলোৱাৰ চেষ্টা কৰে । গুলী ভৰ্তী পিষ্টলটোৰ ট্ৰিগাৰ টিপি দিয়াত গুলী ওলোৱা নাছিল। এইবাৰ আপটেই ৱাগদেৰ লগত থকা পিষ্টলটো বিচাৰে । ৱাগদেৰ পিষ্টলটোৰে গুলি ওলাল কিন্তু লক্ষ্য ভেদিব  পৰা বিধৰ নহয় । নিৰৱ হৈ গ’ল গোটেই কেইজন । দুটাই পিষ্টল ; এটাৰে গুলী নোলাল আৰু আনটোৰে লক্ষ্যভেদ নহয় ।

গোপাল গডচে , নাথুৰাম আৰু নাৰায়ন আপটে __ তিনিওজন বিৰলা হাউচত প্ৰবেশ কৰিলে । প্ৰাৰ্থনা চলি থকা ঠাইত গান্ধীজী আছিল । তিনিওজনৰ এজনেও প্ৰাৰ্থনাৰ পিনে নগৈ গোটেই বিৰলা হাউচৰ পৰিবেশ অধ্যয়ন কৰিলে । প্ৰায় ৪৫ মিনিট তাত থকাৰ পিছত তিনিওজন এজন এজনকৈ ওলায় আহে । দিল্লীৰ ক’নাত চাৰ্কলত থকা মেৰিনা হোটেলৰ ৪০ নম্বৰ কোঠাত এজন এজনৈ প্ৰবেশ কৰে । আপটে আৰু কাৰকাৰেই ৱিচকি অৰ্ডাৰ কৰে ।

নিশা , মিৰিণা হোটেলৰ ৪০ নম্বৰ কোঠা : আমাৰ সময় আহি গৈছে । অহাকালি ২০ জানুৱাৰী সন্ধিয়া ৫ বজাত আমি আমাৰ কাম কৰিম ” , দৃঢ় কণ্ঠস্বৰত আপটেই সিদ্ধান্ত শুনালে ।

২০ জানুৱাৰী , ১৯৪৮ :

আপটে সকলো দিশ পৰীক্ষা কৰি সিদ্ধান্ত ল’লে । গান্ধীজীৰ বহা স্থানৰ পিছফালে থকা বিল্ডিংৰ পৰা আক্ৰমণ কৰিব । বিল্ডিংৰ এখন খিৰিকি আছিল গান্ধীজীৰ প্ৰাৰ্থনা স্থলৰ পৰা মাত্ৰ ১০ ফুট ওপৰত । ১০ ফুট দুৰত্বৰ পৰা ৱাগৱাৰ পিষ্টলেও কাম কৰিব আৰু খিৰিকিৰ পৰা গ্ৰেণেড দলিয়াবও পৰা যাব । গোপাল গডচেৰ হাতত গ্ৰেণেড থাকিব আৰু ৱাগৱাৰ হাতত পিষ্টল । অন্যফালে মদনলাল পাহৱাই বিৰলা হাউচৰ ভিতৰত থকা জনশুন্য এডোখৰ ঠাইত বোমা ফুটাই মানুহখিনিৰ মাজত হাহাকাৰ সৃষ্টি কৰিব ।  কাৰকাৰেৰ হাতত এটা গ্ৰেণেড থাকিব আৰু তেওঁ গান্ধীৰ থিক সন্মুখতে থাকিব । মদনলালে টাইমবোমা ফুটুৱাৰ লগে লগে কাৰকাৰে গ্ৰেণেড দলিয়াব । এই গোটেই কামখিনি তদাৰক কৰিব নাথুৰামে আৰু নাথুৰামে আপটেক চিগনেল দি থাকিব । নাথুৰামৰ পৰা সকলো চিগনেল চাই থাকি দুৰত থকা মদনলাল পাহৱাক আপটেই নিৰ্দেশ দিব ।

দুপৰীয়া কোঠা নম্বৰ ৪০ ৰ পৰা গোটেই কেইজন বেলেগে বেলেগে বিৰলা হাউচলৈ যাত্ৰা কৰিলে । সকলোতকৈ পলম কৈ ওলাল নাৰায়ন আপটেই । গোটেই কেইজন বিৰলা হাউচ পালে । কাৰকাৰে আৰু আপটে দেখা দেখি হ’ল । পৰিকল্পণা অনুসৰী দিগম্বৰ ৱাগদে বিল্ডিংৰ সেই ১০ ফুট ওখত খিৰিকিখন থকা ৰুমটোলৈ যাব । কিন্তু খেলি মেলি এটা লাগি গ’ল । গোটেই কামখিনি তদাৰক কৰি থকা আপটেৰ ওচৰলৈ ৱাগদে আহিল ।

” মই নোৱাৰো ওপৰত যাব । মই নোৱাৰো এই কাম কৰিব ” , ৱাগদে । সেইখিনি যুক্তি তৰ্ক বাদ দি আপটেই লগে লগে গোপলা গডচেক নিৰ্দেশ দিলে আৰু ৱাগদেক গান্ধীৰ সন্মুখত অৱস্থান ল’ব ক’লে । গোপাল গডচে অকলে উঠি গ’ল । কোঠাত একেবাৰে এন্ধাৰ । খিৰিকিৰ ফাকেৰে আহি থকা সামান্য পোহৰক আশ্ৰয় কৰি তেওঁ আগবাঢ়িল । খিৰিকিখনৰ ওচৰ পায় কথা বিষম দেখিলে । খিৰিকিখনৰ পৰা গান্ধীজীৰ বহা স্থানলৈ গ্ৰেণেড দলিয়াব পৰা উপায় নাই । খিৰিকিৰ লোহাৰ চিকবোৰেৰে হাতখন সোমাই দিবলৈও অসুবিধা । সেয়ে অবশেষত গোপাল গোডচে গ্ৰেণেড দলিওৱা সিদ্ধান্ত পৰিহাৰ কৰে ।গোপাল গডচেই নিজৰ এই সিদ্ধান্তৰ বিষয়ে বাকী সকলক জনোৱাৰ আগতেই পৰিকল্পনা অনুসৰি মদনলাল পাহৱাই জনশুন্য ঠাইত টাইম বোমা ফুটাই দিলে । হাহাকাৰ লাগি গ’ল । গোপাল গডচেই একো উপায় নেদেখি ৰুমটোৰ পৰা বাহিৰলৈ ওলাল । গান্ধীজীৰ ওচৰতেই থকা কাৰকাৰেক অন্য মানুহৰ দৰেই পুলিচে দুৰলৈ খেদি দিলে । টাইম বোমা ফুটুৱা মদন লাল পাহৱাক পুলিচে ধৰিলে । আপটে , নাথুৰাম আৰু গোপাল গডচে একেলগে বিৰালা হাউচৰ পৰা ওলায় । কাৰকাৰে তেতিয়াও ভিতৰতেই আছিল । মাইকত ঘোষণা হ’ল , ” পাঞ্জাবী চেহেৰাৰ যুবক এজনক পুলিচে ধৰিছে । ”
প্ৰাৰ্থনাস্থলীৰ পৰা গান্ধীজীয়ে ঘোষণা কৰিলে , ” মোৰ পাকিস্তান যোৱাৰ সময় আহি গৈছে ।”
মদনলাল পুলিচৰ হাতত ধৰা পৰিল । নাথুৰামে নিজৰ ভায়েক গোপাল গডচেক পুণালৈ ঘুৰি যাবলৈ নিৰ্দেশ দিয়ে । গোপাল গডচে আৰু কাৰকাৰে সেইদিনাখন ভুৱা নামত পুৰণা দিল্লীৰ এখন হোটেলত ৰুম লয় আৰু ৱাগদে সেইদিনাখনেই ট্ৰেইনত উঠি পুণালৈ ঘুৰি যায় । মদনলালৰ পৰা পুলিচে অতি গুৰুত্বপুৰ্ণ তথ্য লাভ কৰে। কিন্তু মদনলালে তথ্যবিলাক দিওঁতে ইমানেই পলম কৰিলে যে তেওঁৰ সংগীসকলে নিৰাপদ স্থান পালে।

নাথুৰাম আৰু আপটে বোম্বেৰ ওচৰৰ তেতিয়াৰ  সৰু ষ্টেচন  এটাত অবস্থান কৰে __ থানে ষ্টেচন । তাতেই গোপাল গডচে , নাথুৰাম, আপটে আৰু বিষ্ণু কাৰকাৰে লগ লাগে । ” আমাক বিচাৰি পুলিচ ঘুৰি ফুৰিছে , ইতিমধ্যে হয়তো পুলিচ পুণা পালেই । আমাক পুলিচে ধৰাৰ আগতেই আমি গান্ধীক হত্যা কৰিম ” , নাথুৰামে ক’লে ।

” আগৰবাৰৰ দৰে এইবাৰ একেই ভুল নকৰো । মই নিজেই  কামটো কৰিম । মাত্ৰ কাৰকাৰে আৰু আপটে মোৰ লগত দিল্লীলৈ যাব ।” সেইমৰ্মে নাথুৰাম আৰু নাৰায়ন আপটেই বোম্বেৰ কিছু চিনাকী মানুহৰ পৰা পইচা বিচাৰে । অশেষ চেষ্টা  কৰি ১০০০০ টকা গোটাই । পইচাখিনি লৈ দ্বিতীয়বাৰৰ বাবে এৰোপ্লেনত দিল্লী ৰাওঁনা হয় । আটাইতকৈ ডাঙৰ কামটো আছিল পিষ্টল এটা যোগাৰ কৰা ।  দিল্লীৰ পৰা  ট্ৰেইনত দুয়ো গোৱালিয়ৰ যায় । দিল্লীৰ পৰা ১৯৪ মাইল দুৰত থকা গোৱালিয়ৰ পায় ২৮ তাৰিখ পুৱা ৰাতি সময়   । সেই সময়ত চোৰাং বন্দুক আৰু পিষ্টলৰ বাবে গোৱালিয়ৰ বিখ্যাত আছিল । দত্তাট্ৰেয় পাৰচুৰে , পেছাত ডাক্তৰ আৰু হিন্দু মহাসভাৰ এজন সদস্য । প্ৰথম অবস্থাত পিষ্টল দিবলৈ অমান্তি হৈছিল যদিও পিছত তেওঁ  এজন চিনাকী ব্যক্তি গংগাধৰ দন্দাভাটেক লগ কৰি দিয়ে । ৫০০ টকাত কলা ৰঙৰ বেৰাটা পিষ্টল এটা কিনি লয় । আজিৰ প্ৰায় ৯ এম এম পিষ্টলৰ দৰেই । ২৮ তাৰিখ ৰাতি ১০ বজাত গোৱালিয়ৰৰ পৰা পুনৰ দিল্লী অহা ট্ৰেইনত উঠে দুয়ো ।

২৯ জানুৱাৰী , ১৯৪৮ :  

২৯ জানুৱাৰী , ১৯৪৮ ।  নাথুৰাম সিদিনা অতি স্ফুৰ্তীত আছিল । ” আহা আজি আমি একেলগে খাওঁ ,  আজিৰ পিছত হয়তো এইদৰে খোৱা জীৱনত নহব ” , নাথুৰামে আপটে আৰু বিষ্ণু কাৰকাৰেক কয় । পুৰণি দিল্লী ষ্টেচনৰ কাষত ৰেষ্টুৰেন্টত খোৱাৰ বাবে তিনিওজন একেলগে খোজকাঢ়ি গৈছে । খাদ্য শেষ কৰি তিনিও ষ্টেচনৰ ৰেষ্ট ৰুম পালে । নাথুৰামে অকলে শুব সিদিনা আৰু বাকী দুজন বেলেগকৈ । দুখন ডিটেকটিভ ইংৰাজী কিতাপত চকু ফুৰাইছে । বাকী আপটে আৰু কাৰকাৰে নিশা চিনেমা চাবলৈ গ’ল । চিনেমা চাই ঘুৰি আহি দেখে নাথুৰাম গডচে শুই গৈছে । হাতৰ মাজত পঢ়ি থকা কিতাপখন তেতিয়াও  লাগি আছিল ।

৩০ জানুৱাৰী , ১৯৪৮ :

এইবাৰ কোনো পৰিকল্পনা নাছিল । ৰাতিপুৱা ভাবিলে যে এজন ফটোগ্ৰাফাৰ হৈ প্ৰাৰ্থনা সভাত প্ৰবেশ কৰিব । কিন্তু সেয়াও সম্ভৱ নহ’ল । কাৰকাৰে ভাবিলে বুৰ্কা পিন্ধা মুছলমান মহিলাৰ বেশত প্ৰবেশ কৰিব নাথুৰাম । সেইমৰ্মে বুৰ্কা কিনি আনিলে । নাথুৰাম গডচে বুৰ্কাযোৰ পিন্ধি চিঞঁৰি দিলে । ” উশাহ বন্ধ হৈ মই নিজেই মৰিম ” , নাথুৰাম । শেষত আপটেৰ পৰামৰ্শ মতে মিলিটাৰি ষ্টাইলৰ পোচাক এযোৰ পিন্ধাৰ সিদ্ধান্ত হ’ল । সকলো থিক থাক কৰি তিনিওজন ষ্টেচনৰ ৰেষ্ট ৰুমলৈ উভতিল । তাত কিছুসময় থকাৰ পিছত নাথুৰামে বাদাম খাব খুজিলে । কাৰকাৰে আৰু আপটেই বহু বিচাৰি গৈ বাদাম আনে । আপটে আৰু কাৰকাৰে বিৰলা মন্দিৰত প্ৰবেশ কৰিলোঁ ।  মন্দিৰৰ পৰা ওলায় আহি দেখিছে নাথুৰাম মন্দিৰৰ বাহিৰৰ পাৰ্কত মহাবীৰ শিবাজীৰ মুৰ্তী এটাৰ তলত থিয় হৈ আছে । পাৰ্কত কিছুসময় কটোৱাৰ পিছত নাথুৰামে আপটেৰ হাত ঘড়ীটোৰ পিনে চাই ক’লে , ” সময় আহি গ’ল । আমি নেজানো আকৌ এনেকৈ লগ হম নে নহ’ম । নমস্কাৰ । ”

গান্ধীজীৰ প্ৰাৰ্থনা আৰম্ভ হোৱা নাই । সিদিনা কিছুসময় পলম হৈছিল । মানু আৰু আভাক দুয়োকাষে লৈ গান্ধীজী আগবাঢ়ি আহিছে । কাৰকাৰে আৰু আপটে নাথুৰামৰ পিছত আছে । গান্ধীজী তিনিখোজ মান দুৰত । নাথুৰাম আগুৱাই গৈছে । মুৰ তল কৰি ক’লে , ” গান্ধীজী নমস্তে । ” মানুৱে ভাবিছিল যে মানুহজনে গান্ধীক সেৱা জনাৱ । ” ভাতৃ , বাপুৰ আজি ১০ মিনিট দেৰি হৈছে ” , মানুৱে ক’লে । লগে লগে নাথুৰামে বাওঁহাতেৰে মানুক ঠেলি পঠিয়াই আৰু সোঁ হাতেৰে গান্ধীজীক গুলিয়াই ।  তেতিয়া সন্ধিয়া ৫ বাজি ২০ মিনিট । প্ৰায়  ৬ বজাত ৰেডিঅত ঘোষণা হয় ।

নাথুৰাম গডচেক পুলিচে আটক কৰে পিষ্টলৰ সৈতে ।  প্ৰায় এমাহৰ ভিতৰত কাৰকাৰে ,ৱাগদে, ৱাগদেৰ ঘৰুৱা সহযোগী , আপটে ,কাৰকাৰে ,পাৰছুৰে, গোপাল গডচে , সাৱাৰকাৰ সকলোকে আটক কৰে । ২৭ মে’ ১৯৪৮ ৰ পৰা শুনানী আৰম্ভ হয় লাল কিল্লাত থকা উচ্চতম ন্যায়ালয়ৰ কোঠাত । দিগম্বৰ ৱাগদে ৰাজসাক্ষী হয় আৰু ৱাগদেৰ  ষ্টেটমেন্টৰ পৰাই আপটে আৰু নাথুৰাম গডচেৰ মৃত্যুদণ্ডৰ হুকুম জাৰি হয় । বাকী গোপাল গডচে আৰু বিষ্ণু কাৰকাৰেক আজীৱন কাৰাদণ্ড দিয়া হয় । সাৱাৰকাৰ , পাৰছুৰে ,  ৱাগদেৰ ঘৰুৱা সহায়ক এই তিনিজন দোষী সাব্যস্ত নহ’ল ।

মহাত্মা গান্ধীৰ দৰে ব্যক্তি এজনক মাত্ৰ এটা মাহৰ ভিতৰতেই দুবাৰ আক্ৰমণ কিয় কৰিব পাৰিলে সেয়া ৰহস্য হৈ থাকিল । বিৰলা হাউচৰ গেটত কিয় পুলিচ নিৰীক্ষণ কেন্দ্ৰ স্থাপন নহ’ল , পুণাৰ দুজন ব্যক্তি জড়িত থকা বুলি জানিও কিয় সেইদুজনৰ ফটো দিল্লীলৈ প্ৰেৰণ নহ’ল আদি সকলোবিলাক এতিয়া উত্তৰ নোহোৱা প্ৰশ্ন । কিন্তু সত্যটো হ’ল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিশেষ ব্যক্তিজনকেই দেশে হেৰুৱালে আৰু সেইসময়ৰ চৰকাৰে গান্ধীজীক সুৰক্ষা দিব নোৱাৰিলে ।