নামনিৰ লোক ভাষাক মান্যতা নিদি অসমীয়া ভাষাক কেনেকৈ ৰক্ষা কৰিব?

479
  • বিশ্বজিত নাথ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


অসমত জাতীয়তাবাদী আৰু ৰাষ্ট্ৰীয়তাবাদী ঢৌ যিমানেই বিঢৌত হৈ নাথাকক কিয় অসমত এতিয়াও উজনি-নামনিৰ নামত এক সংকুচিত বা সংকীৰ্ণ মনোভাৱ ভিতৰি-ভিতৰি তীব্ৰ ভাবে গা কৰি আছে। ই এক অপ্ৰিয় সত্য। এই সংকীৰ্ণতা অতি স্পষ্ট ৰূপত দেখা পোৱা যায় বিভিন্ন সময়ত প্ৰকাশিত অসমীয়া ভাষাৰ অভিধান সমূহত। নামনি অসমত নিমখক “নুন” বুলি কোৱা হয়। উৰুলিক “জকাৰ” আৰু জলকীয়াক “ভুজলুক”। এনেকুৱা হাজাৰ হাজাৰ শব্দ নামনি অসমত মান্য ভাষা বা লোকভাষাৰ ৰূপত যুগ-যুগ ধৰি প্ৰচলিত হৈ আহিছে। তৎস্বতেও আমাৰ অসমীয়া বিশিষ্ট অভিধান প্ৰণেতাসকলে আজি কোপতি এই সমূহ শব্দ চয়নক অভিধানত অন্তৰ্ভুক্ত নকৰিলে। ইয়াৰ কাৰণ কি? এইসমূহ শব্দ নহয়নে অথবা ইয়াৰ অৰ্থই নাই? কাৰণ এইটো নহয়। এই অভিধান প্ৰণেতা সকলে ইচ্ছাকৃতভাৱে(Intentionally) এই সমূহ শব্দক অন্তৰ্ভূক্ত কৰাৰ পৰা বিৰত আছে। কিজানি নামনি অসমৰ লোকভাষা বা মান্যভাষাই আনুষ্ঠানিকতা লাভ কৰে আৰু লিখিত শব্দৰ ৰূপত স্বীকৃতি লাভ কৰে! তাতে আপত্তি কিহৰ? এনেকৈ যদি উজনি অসমৰ লোকভাষাই কেৱল লিখিত ভাষা বুলি অভিধানত অন্তৰ্ভুক্ত হয় তেন্তে নামনি অসমৰ লোকভাষাক ইচ্ছাকৃতভাৱে অৱজ্ঞা কৰা নহলনে? ইয়াৰ পিছতো অসমীয়া ভাষা ৰক্ষাৰ ভীমৰ ভাও লোৱাটো কিমান যুক্তিকৰ?

   অসমীয়া নোকোৱা বা নিলিখা মানুহখিনিক অনা-অসমীয়া বুলি প্ৰতিষ্ঠা কৰিবলৈ যোৱা মানসিকতাৰ বাবেই আজি বড়োসকল অসমীয়া জাতিৰ পৰা আতৰি গল। তেওঁলোকৰ লোকভাষাই আজি সাংবিধানিক স্বীকৃতি লাভ কৰিলে। আজি বড়ো ভাষাৰ লেখকক সাহিত্য একাডেমী দিয়া হয়। এই বলপূৰ্বক ভাষা এটা জাপি দিয়াৰ মানসিকতাৰ বাবেই ৰাজ্যৰ অধিকাংশ জনজাতীয় লোকে নিজকে অসমীয়া বুলি পৰিচয় দাঙি নধৰে। সকলোৰে নিজা-নিজা লোকভাষা আছে। আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুষ্টিমেয় লোকেহে অসমীয়া ভাষাৰ চৰ্চা কৰে।  আনহাতে এতিয়াও ব্ৰহ্মপুত্ৰ উপত্যকাত উজনি-নামনি বুলি এটা পাৰ্থক্য বা প্ৰাচীৰ থিয় কৰাই আহিছে বিশিষ্ট অভিধান প্ৰণেতা সকলে। ভাষা ৰক্ষাৰ যুজঁ খন কৰাৰ আগতে এই বিষয়বোৰৰো গভীৰ বিশ্লেষণ হোৱাটো উচিত।