পণ্ডিত : নেহৰু নে আম্বেদকাৰ ?

207
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


জৱাহৰলাল নেহৰুৰ বৌদ্ধিক শ্ৰেষ্ঠতাৰ তুলনাত আম্বেদকাৰৰ ৰাজনৈতিক আৰু সামাজিক জ্ঞান বুদ্ধি অভিজ্ঞতা  অধিক প্ৰখৰ আছিল । নেহেৰুৱে তেওঁৰ  তুলনাত অভিজ্ঞ নেতা  সকলৰ প্ৰতি অৱজ্ঞা আছিল। নেহৰুৱে ভীমৰাও ৰামজী আম্বেদকাৰক ইতিহাসৰ অন্ধকাৰ কোঠালিলৈ ঠেলি দিবলৈ যথেষ্ট চেষ্টা কৰিছিল, কিন্তু আম্বেদকাৰ উভতি আহিছিল কাৰণ ভাৰতক তেওঁৰ অধিক প্ৰয়োজন আছিল, নেহৰুৰ নহয়। আমি পাঁচটা কাৰণৰ প্ৰাসংগিকতা দিছোঁ, যি কেইটা প্ৰসংগই ওপৰোক্ত ধাৰণাক স্পষ্ট ৰূপ প্ৰমাণ কৰিব ।
নেহৰুৰ বাবে, আম্বেদকাৰ স্বাধীনতা সংগ্ৰামৰ একেবাৰে গুৰুত্বপূৰ্ণ ব্যক্তি নাছিল। ১৯৪২-৪৫ চনৰ শেষৰ ফালে, যেতিয়া নেহৰুৱে তেওঁৰ DISCOVERY OF INDIA গ্ৰন্থ খন লিখি উলিয়াইছিল    তেতিয়া তেওঁ এবাৰো আম্বেদকাৰৰ কথা কিতাপখনত  উল্লেখ কৰা নাছিল।  যদি স্বাধীনতা সংগ্ৰামৰ সময়ত নেহৰুৰ দৰে এজন গুৰুত্বপূৰ্ণ নেতাই আম্বেদকাৰৰ সৈতে জড়িত নহয়, ইয়াৰ সাধাৰণ অৰ্থ হৈছে নেহৰুৰ বাবে জাতি ভেদ সমাপ্ত কৰণ আৰু সামাজিক নিৰপত্তা বিষয়বোৰ গুৰুত্বপুৰ্ণ নাছিল । এইয়াও সত্য যে এই কিতাপখনৰ নামৰ লগত কিতাপ খনৰ বিষয়বস্তু অকনো সংগতি নাই । কিতাপখন তেনেই এখন সাধাৰণ গ্ৰন্থ ।
বুৰঞ্জী অধ্যয়ন কৰা সকলৰ বাবে জ্ঞাত যে আম্বেদকাৰৰ লগত আলোচনাত মিলিত হৈছিল মহাত্মা গান্ধী নিজে । যিকোনো বিষয়ৰ ওপৰত হোৱা আলোচনাত আম্বেদকাৰ আৰু নেহেৰু কেতিয়াও বহা নাছিল । নেহেৰুৰ দৰে এজন নেতাই কিয় আম্বেদকাৰৰ পৰা আতৰি আছিল ? বিভিন্নজন ইতিহাসবিদৰ মতে নেহেৰুৱে আম্বেদকাৰৰ লগত বহিবলৈ হিনমান্যতাত ভুগিছিল । ভাৰতৰ স্বাধীনতা যিদৰে ঐতিহাসিক সুখৰ ঘটনা সেই একে সময়তে ভাৰত বিভাজন তাতোকৈ দুগুণ দুখৰ ঘটনা ।  ভাৰত বিভাজনৰ আঁৰৰ চক্ৰান্ত , সাম্ভাব্য বিভাজনৰ ফলাফল , বিভাজনৰ প্ৰাদুৰ্ভাব নিৰ্মুলকৰণৰ ওপৰত আম্বেদকাৰৰ দৃষ্টিভংগী আছিল সম্পুৰ্ণ স্পষ্ট । ভাৰত বিভাজনৰ কাৰণে জিন্নাক একমাত্ৰ ভিলেইন বনোৱা সকলে আম্বেদকাৰে কৈ যোৱা আৰু লিখি যোৱা কথা বিলাকৰ তথ্য লোৱা উচিত । বিভাজনক বাস্তৱ ৰূপ দিয়া সময়ত জিন্নাৰ প্ৰভাব বিশেষ নাছিল কাৰণ জিন্নাই ৰাজনীতিত প্ৰবেশ কৰাৰ বহু বছৰ আগতেই মুছলমান নেতা সকলে পাকিস্তান শব্দক জন্ম দিছিল আৰু প্ৰচাৰ কৰিছিল । ইছলাম ধৰ্মৰ ৰাজনৈতিক দৃষ্টিকোণৰ বিষয়ে আম্বেদকাৰে কৈ কোৱা যোৱা কথা বিলাক এতিয়া অধিক প্ৰাসংগিক হবলৈ ধৰিছে । জিন্নাৰ অবৰ্তমানত ওৱেচি আহিছে বা প্ৰাক্তন উপৰাষ্ট্ৰপতি হামিদ আনচাৰীৰ দৰে ব্যক্তিয়ে ভাৰতীয় সমাজক পুনৰ খণ্ডিত কৰাৰ পৰিবেশ ৰচনা কৰি আছে ।
ধৰ্মৰ ভিত্তিত ভাৰতক খণ্ডিত  কৰা সময়ছোৱাত আম্বেদকাৰে কি কৈছিল নতুন প্ৰজন্মই জনা দৰকাৰ ।
দেশৰ  প্ৰতি নহয়, কোৰানৰ প্ৰতিহে  দায়বদ্ধ হয় প্ৰকৃত ইছলাম পন্থী মুছলমান লোক এজন ।
আম্বেদকাৰে কেইবা দশকৰ আগতেই মানি লৈছিল যে, ভাৰত কেতিয়াও হিন্দু আৰু মুছলমানৰ সমঅধিকাৰৰ দেশ হ’ব নোৱাৰে৷ মুছলমানৰ আস্থা কেৱল কোৰানৰ ওপৰত নিৰ্ভৰ কৰিব৷ কিন্তু এই বাস্তৱ সত্যটোক কংগ্ৰেছত থকা  হিন্দুৱে উপলব্ধি কৰিব নোৱাৰে আৰু সেইবাবেই ভাৰত বিভাজনৰ বিকল্প চিন্তা কৰি আছিল ।
আম্বেদকাৰে ইছলামক লৈ কি কৈছিল, সেইটো জনাৰ দৰকাৰ ৷ আম্বেদকাৰে এই বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কৈছিল যে -“মানুহে ভাৱে হিন্দু ধৰ্মই জাতপাতৰ বিভাজন আনে আৰু ইছলামে সকলোকে একত্ৰিত কৰি বান্ধি ৰাখে৷” আম্বেদকাৰে ইয়াক অৰ্ধসত্য বুলি মানিছিল৷ হিন্দু সমাজত জাত পাত থাকে যদিও হিন্দু ধৰ্মই জাত পাতৰ ভিত্তিত বিভেদৰ শিক্ষা নিদিয়ে ।
আম্বেদকাৰে কৈছিল- ইছলামৰ  একত্ৰিতকৰণ মুছলমানৰ মাজতেই সীমাবদ্ধ  । অন্য ধৰ্মৰ লোকৰ মাজত পাৰ্থক্য আনে আৰু  একত্ৰিকৰণত সেই সকলে স্থান নাপায় ।
 ইছলামত যি ভাতৃত্ববোধৰ কথা কোৱা হৈছে, সেইয়া কেৱল মুছলমান আৰু মুছলমানৰ মাজৰ ভাতৃত্ববোধৰ কথাহে কোৱা হৈছে৷ সেই ভাতৃত্ববোধ কেৱল ইছলামৰ ভিতৰেতহে সীমাবদ্ধ৷ যি এই সম্বন্ধৰ বাহিৰত, তেওঁৰ বাবে ইছলামত কোনো স্থান নাই ।
বাবাচাহেব আম্বেদকাৰে কৈ যোৱা প্ৰতিটো কথাই প্ৰাসংগিক৷ তেওঁ কৈছিল- “ইছলামে কেতিয়াও কোনো মুছলমানকে এইটো স্বীকাৰ কৰিবলৈ নিদিয়ে যে ভাৰত তেওঁৰ মাতৃভূমি৷”
ভাৰত পাকিস্তানৰ বিভাজনৰ বিষয়টোৰ ওপৰত তেওঁ এই মন্তব্য কৰিছিল৷ কিন্তু কথাই প্ৰতি সংবিধান আৰু আম্বেদকাৰৰ নাম লোৱা সকলে এইকথা আজি আলোচনা কিম্বা চৰ্চা নকৰে৷ কাৰণ এই বিষয়ে আলোচনা কৰিলে তেওঁলোকৰ ৰাজনৈতিক মুনাফা নাহে আৰু ৰাষ্ট্ৰ বিৰোধ এজেণ্ডা খাপ নাখায় ৷
বাবাচাহাবে  কৈছিল- “মুছলমানে সেই এলেকাকে নিজৰ দেশ বুলি গন্য কৰিব, য’ত ইছলামৰ প্ৰভুত্ব ও ৰাজত্ব চলে৷
ইছলামত জাতিবাদ আৰু দাসত্বৰ বিষয়ে উল্লেখ কৰি আম্বেদকাৰে কৈছিল-“যেতিয়া এই কুপ্ৰথা বিলাকৰ অস্তিত্ব আছিল, তেতিয়া কিন্তু ইয়াৰ সৰ্বাধিক সমৰ্থন ইছলামিক ৰাষ্ট্ৰবিলাকেই কৰিছিল৷” তেওঁ দাবী কৰিছিল যে দাস প্ৰথা বন্ধ হ’ল ঠিকেই কিন্তু জাতিবাদ মুছলমানৰ মাজত আজিও আছে৷ আম্বেদকাৰৰ এইকথাটো তেওঁলোকে হজম কৰিব নোৱাৰিব, যিয়ে কয় হিন্দু ধৰ্মত কুসংস্কাৰে ভৰি আছে৷ আম্বেদকাৰৰ মতে যিমান সামাজিক কুসংস্কাৰ হিন্দু সমাজত আছিল, তাৰ সমানেই কুসংস্কাৰ ইছলামতো আছে, বৰঞ্চ বেছিহে, ইছলাম কুসংস্কাৰৰ বাহিৰত নহয়৷
ভাৰত বিভাজন ৰোধ কৰিব পৰা নগ’ল । বিভাজনৰ আগমুহুৰ্তত তেওঁ কৈছিল যে পাকিস্তান আৰু ভাৰতৰ মাজত  জনসংখ্যাৰ আদান প্ৰদান হব লাগিব ; পাকিস্তানৰ প্ৰতিজন অমুছলমানে পাকিস্তান ত্যাগ কৰি ভাৰত আহিব লাগিব আৰু ভাৰতত থকা প্ৰতিজন মুছলমান পাকিস্তান যাব লাগিব । অন্যথা ভাৰতৰ ৰাজনীতি  আৰু সমাজনীতি কেতিয়াও সফল হব নোৱাৰে ।
সমল গ্ৰন্থ:
* Babasahab Ambedkar: Jivan Charit
(Dhananjay Keer)
*  Waiting For A Visa
(B.R. Ambedkar)
*Pakistan or Partition of India
(B.R. Ambedkar)