পিতৃৰ অন্তিম সৎকাৰৰ দিনা মুক্তি পাইছিলো এঘন্টাৰ বাবে : প্ৰাক্তন শিক্ষা মন্ত্ৰী

2749
ৰমণী বৰ্মন, প্ৰাক্তন শিক্ষা মন্ত্ৰী , অসম চৰকাৰ

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


ঘোপমৰা অন্ধকাৰ নিশা। দীৰ্ঘদিন ধৰি বিজুলী সেৱা বিঘ্নিত নলবাৰী চহৰ নিশ্ছিদ্ৰ অন্ধকাৰত অৱলুপ্ত। জুন মাহৰ শেষ ভাগ। উৎকট গৰম। গছৰ পাত এটাও লৰা নাই। ক’লা ডাৱৰে আকাশ ছানি পেলাইছে। যি কোনো মুহূৰ্ততে যেন সমগ্ৰ আকাশখন মাটিলৈ নামি আহিব। ‌ ওৰে দিন বিভিন্ন ঠাইত ঘূৰি-পকি দলীয় কৰ্মীসকলৰ লগত নানান বিষয়ৰ আলোচনা কৰি খন্তেক আগতে আহি ঘৰ সোমাইছোহি। দুই আৰু চাৰি বছৰীয়া পুত্রদ্বয়ক দুকাষে লৈ টোপনিত লালকাল পত্নী আৰতি। ঘৰত সোমোৱাৰ শব্দ শুনি আৰতিয়ে আথে-বেথে বিছনাৰ পৰা নামি আহি নিশাৰ আহাৰৰ ব্যৱস্হা কৰিবলৈ ধৰিলে। কাপোৰ-কানি সলাই , হাত-মুখ ধুই খোৱা টেবুলত বহি ললো। দূৰৈৰ আৰক্ষী চকীৰ পৰা ১২ বজাৰ সংকেত ধ্বনি ভাহি আহি মোৰ কৰ্ণকুহৰত ধ্বনিত হ’ল। ভাতৰ কাহীখন আগবঢ়াই দি অভিযোগৰ আৰতিয়ে কৈ উঠিল , ‘ইমান দেৰি কৰিলা। পুৱা আঠবজাতে গুৱাহাটী মেডিকেল কলেজ পাব লাগিব যে পাহৰিলা নেকি? কাইলৈ দেউতাৰ অপাৰেছন। পুৱাতেই।’
‘পাহৰা নাই । পুৱতি নিশা চাৰি বজাত গুৱাহাটীলৈ যোৱা ট্ৰেইন এখন আছে। সেইখনেৰে যাম বুলি ভাবিছো। কাহীখন আগত লৈ ভাতৰ গৰাহটো মুখলৈ নিছো মাত্র ,তীব্ৰ গতিৰে গাড়ী এখন আহি ঘৰৰ পদূলিত ৰৈ যোৱা শব্দ এটা শুনিবলৈ পালো। তাৰ পাছত আন এখন গাড়ী। দুয়োখন গাড়ীৰ পৰা কে’বাজনো লোক ঘৰৰ ফালে আগবাঢ়ি অহাৰ জোতাৰ শব্দ শুনিলো।
আৰতিক ইংগিত দিলো। বুজিবলৈ বাকী নাথাকিল যে পুলিচ আহিছে। মুহূৰ্ততে হাতত ছাৰ্ট-পেন্টযোৰ লৈ পিছফালে থকা বিস্তীৰ্ণ ধাননি পথাৰৰ মাজত  অন্ধকাৰৰ স’তে মিলি গ’লো আৰু ওচৰৰে ইছলাম চুপাৰ মাজেদি লৰি গৈ হাটখোলাৰ পুখুৰীৰ পাৰত খন্তেক ৰৈ পুনৰ সোণপুৰৰ মাজেদি লৰি যোৱাৰ দৰে গৈ ৰেল ষ্টেচনত উঠিলোগৈ। তেতিয়া নিশা দুই বাজিছে। প্লেটফৰ্মৰ এচুকৰ বেঞ্চ এখনত বহি গুৱাহাটী অভিমুখী ট্ৰেইনখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰ’লো।
    ১৯৭৫ চনৰ বছৰটো সমগ্ৰ দেশখনৰ বাবে এক জঘন্য , কলংকিত বছৰ। সেইটো বছৰৰে ২৫ জুনৰ নিশা ইন্দিৰা গান্ধী চৰকাৰে জৰুৰী অৱস্হা ঘোষণা কৰি দেশৰ দেশৰ বিৰোধী নেতা আৰু কৰ্মী সকলক গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰিছিল। সমগ্ৰ দেশখনেই হৈ পৰিছিল যেনিবা এখন বন্দীশাল। চৌদিশে বিৰাজ কৰিছিল উদ্বেগ-অশান্তি। সময় গৈ আছিল। ট্ৰেইনখনলৈ ৰৈ ৰৈ ভাগৰি পৰিছিলো। অস্হিৰ উদভ্ৰান্ত হৈ পৰিছিল মোৰ মন-মগজু-হৃদয়। অস্ত্ৰোপচাৰৰ বাবে মেডিকেল কলেজ হাস্পতালত পৰি থকা ৰুগ্ন পিতৃৰ মুখখন মোৰ চকুৰ আগত বাৰে বাৰে ভাহি উঠিছিল। এফালে মই ৰুগ্ন পিতৃৰ অস্ত্ৰোপচাৰৰ সময়ত তেওঁৰ কাষত উপস্হিত থাকিবৰ বাবে পুলিচৰ চকুৰ পৰা আঁতৰি থাকিবলৈ বিছাৰিছো আৰু আনফালে মোৰ পাছত ঘূৰিছে নলবাৰীৰ পুলিচৰ এটা দল। ‘এই দুটা দিন মই কোনোপধ্যেই পুলিচক ধৰা দিব নোৱাৰিম। কাইলৈ অস্ত্ৰোপচাৰৰ সময়ত মই দেউতাৰ কাষত উপস্হিত হ’বই লাগিব।’ – মনটোক দৃঢ় কৰিবলৈ চেষ্টা কৰিলো। কিছু সময় পাছত দেখিলো , পত্নী আৰতিয়ে ল’ৰা দুটাৰ স’তে প্লেটফৰ্মৰ সিমূৰৰ পৰা মোৰ ফালে আহি আছে। তেওঁ লৰা দুটাক বেঞ্চখনত বহুৱাই দি খোৱাবস্তুৰ টোপোলা এটা মোৰ পিনে অাগুৱাই দি চকুপানী মচিলে। ‘ভাত কেইটাও খাব নাপালা।’ আৰতি উচুপি উঠিল। ‘ভাত খোৱাতকৈও পুলিচক এৰাই চলাটো মোৰ বাবে আজি বেছি জৰুৰী’ মই উত্তৰ দিলো। মই কিন্তু পুলিচৰ আগত সঁচা কথাটোৱেই কৈছো। মানে দেউতাৰ অপাৰেছনৰ বাবে গুৱাহাটীলৈ যাবলগীয়া হ’ল বুলি। আৰতিয়ে হুমুনিয়াহ এৰি ক’লে।
    পোহৰ হোৱাৰ লগে লগে ট্ৰেইনখন আহি ষ্টেচনত ৰ’লহি। আৰতিক ল’ৰা দুটাৰে স’তে ঘৰলৈ পঠিয়াই মই ট্ৰেইনত উঠিলো। পুৱা আঠমান বজাত তদানীন্তন পাণবজাৰস্হ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সন্মুখত উপস্হিত হৈ দেখিলো অসংখ্য পুলিচ আৰু ভি আই পি গাড়ী ৰৈ আছে মেডিকেল কলেজ চৌহদত। খবৰ লৈ গম পালো , বিগত নিশা মুখ্য সচিব মিঃ আয়াৰ ঢুকাইছে। মানুহজন দক্ষিণ ভাৰতীয় আছিল। তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰিবলৈ মন্ত্ৰী- বিষয়া সকল আহি তাত ভীৰ কৰিছেহি। সেইসকলৰ ভিতৰত আমাৰ অতি ঘনিষ্ঠ বন্ধু কেইজনমানকো দেখা পালো। এসময়ৰ আমাৰ সতীৰ্থ পিছত কংগ্ৰেছ দলত যোগদান কৰি মন্ত্ৰী হোৱা সম্বন্ধত মোৰ নিজা পেহা শহুৰ ডাঃ সুৰেন দাস অন্যতম। দেউতা থকা সাধাৰণ ৱাৰ্ডটোৰ কাষেদি সকলোৱে ওপৰৰ ভি আই পি কোঠালিলৈ গৈ আছে আৰু নামি আহিছে । দুজনমান আমাৰ চিনাকি মন্ত্ৰীকো দেখা পালো। সকলোৱে দেউতাৰ খবৰ ল’লে। শেষত ওচৰ চাপি আহিল কামৰুপৰ তদানীন্তন পুলিচ অধীক্ষক প্ৰিয় গোস্বামী । গোস্বামী  মোৰ অগ্ৰজপ্ৰতিম একেখন নলবাৰী কলেজত পঢ়া মোৰ প্ৰতি তেওঁৰ অনুজ ভাতৃ সদৃশ ভাৱ আচৰণ। দেউতাৰ খবৰ লৈ তেওঁ কিছুপৰ নীৰৱে মোৰ কাষত থিয় দি ৰ’ল। বিগত নিশা ঘটি যোৱা কোনো ঘটনাৰ বিষয়ে আমি আলোচনা কৰা নাই। আমাৰ আলোচনা দেউতাৰ অপাৰেছনতেই কেন্দ্ৰীভূত। খন্তেক কথা পাতি তেওঁ যাবলৈ উদ্যত হ’ল। যোৱাৰ সময়ত তেওঁ গভীৰ সহানুভূতিৰে কৈ গ’লঃ উমা, গৌৰী , অশ্বিনীহঁত আছে নহয়। গতিকে তুমি ইয়াত নাথাকিলেও হ’ব। মোৰ জেষ্ঠ দাদা দুজন ডাঃ উমাকান্ত বৰ্মন , গৌৰী বৰ্মন আৰু সৰু ভাইটো ডাঃ অশ্চিনী বৰ্মনৰ কথা উল্লেখ কৰিছে তেখেতে। উচ্চপদস্হ পুলিচ বিষয়া তেওঁ । আমাক সহায় কৰিব নোৱাৰে সমবেদনা নজনোৱাকৈও থাকিব নোৱাৰে। ইতিমধ্যে দেউতাক অস্ত্রোপচাৰৰ বাবে নিৰ্দিষ্ট কোঠালিলৈ লৈ গ’ল। দাদাহঁতে সেইখিনি সময়ত মোক তাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিলে। সন্মুখতে পুলিচ থানাখন। উদ্বেগ অশান্তিৰ মাজেদি পাৰ কৰি আছো সময়। এঘন্টামান পাছত অপাৰেছন সমাপ্ত কৰি দেউতাক বিচনালৈ অনা হ’ল।  তেতিয়া তেওঁ চেতনা ঘূৰাই পোৱা নাই। আমাৰ দাদা ডাঃ উমা বৰ্মন, গৌৰী বৰ্মন আৰু সৰু ভাই ডঃ অশ্চিনী বৰ্মনৰ লগত আলোচনা কৰি নিশাটো মালিগাঁৱৰ গৌৰীদাৰ ভাড়াঘৰটোতে কটাই পুৱাতেই নলবাৰীলৈ গৈ সকলোকে মাত লগাইহে পুলিচৰ হাতত ধৰা দিয়াৰ সিদ্ধান্ত কৰিলো। সেই সিদ্ধান্ত অনুসৰি পিছদিনা পুৱা ছয় বজাতেই কামাখ্যা ৰেল ষ্টেচনলৈ আহি নামনিমুৱা ট্ৰেইনলৈ অপেক্ষা কৰি ৰ’লো। লগত গৌৰীদা। নিৰ্দিষ্ট সময়ত ট্ৰেইনখন আহি ৰ’লহি। গৌৰীদা আৰু মই দুয়ো ততাতয়াকৈ দবা এটাত উঠি মুখামুখিকৈ বেঞ্চত বহি পৰিলো। খন্তেক পাছতে হিন্দীভাষী পুলিচ বিষয়া এজন দবাটোত উঠিল অাৰু তেওঁ আমাৰ কাষৰে সন্মুখৰ খালী চিটটোত বহি ল’লে। অসমৰ বাহিৰৰ বিহাৰৰ কোনোবা এটা ষ্টেচনত নামিব। গৌৰীদা আৰু মই উভয়ে উভয়ৰ চকুলৈ চোৱা- চুই কৰিলো। চিটত বহি লৈয়ে পুলিচ অফিচাৰজনে আৰম্ভ কৰিলে অনৰ্গল বক্তৃতা। বিষয় , জৰুৰীকালীন অৱস্হাৰ ফলস্বৰুপে সন্মুখীন হোৱা মানুহৰ দুখ-দুৰ্গতি। আমাৰ দুয়োৰে চিন্তা আঁতৰিল।
   গাড়ী তীব্ৰগতিত অাগুৱাবলৈ ধৰিলে। গাড়ীখন যিমানে নলবাৰী ষ্টেচনৰ ওচৰ চাপিছে সিমানে মোৰ বুকুৰ কঁপবি বৃদ্ধি পাই আহিছে। ষ্টেচনৰ পৰা ঘৰলৈ যোৱাৰ পথতেই যদি পুলিচে মোক কৰায়ত্ত কৰে- যদিহে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে মই থানালৈ যাবলগীয়াত পৰে ইত্যাদি নানান চিন্তাই মনটো আক্ৰান্ত কৰিছেহি । কিন্তু সৌভাগ্য আমাৰেই। নলবাৰী ষ্টেচনত গাড়ীখন আহি ৰৈ যোৱাৰ লগে লগে আৰম্ভ হ’ল ধাৰাসাৰ বৰষুণ। সেই সুযোগতে ৰিক্সা এখনত উঠি ষ্টেচনৰ পৰা আহি ঘৰ পালোহি। ঘৰ সোমোৱাৰ লগে লগে ল’ৰা দুটাই আনন্দত নাচি উঠিল। সিহঁতৰ মনত আনন্দ, যোৱা দুদিন ধৰি বাহিৰত থাকি ঘৰলৈ আজি উভতি অহা বাবে; কিন্তু সিদিনা ঘৰলৈ উভতি অহাটো যে দীৰ্ঘদিনৰ বাবে ঘৰ এৰি আঁতৰি থকাৰ প্ৰস্তুতিহে, সেই কথা সিহঁতে নুবুজিলে। আৰতিৰ মনটো দুখ- বেদনাৰে ভৰা। তথাপি ঘৰ সোমায়েই যিকোনো মুহূৰ্ততে সন্মুখীন হ’বলগীয়া সম্ভাব্য পৰিস্হিতিৰ ক্ষেত্রত ল’বলগীয়া ব্যৱস্হাসমূহৰ কথা আমি দুয়ো আলোচনা কৰিলো। এই ক্ষেত্রত আৰতিৰ সাহস, মনোবল আৰু সিদ্ধান্ত সমূহে মোক উৎসাহিত কৰি তুলিলে। গধূলি আদহীয়া ভদ্ৰলোক দুজনে আহি মোক বিচাৰিলে। দুয়োজনকে কোঠালিত বহিবলৈ দি পা-পৰিচয় বিনিময় কৰিলো। দুয়োজনেই পৰিচয় প্ৰদান কৰি এছ বি ব্ৰাঞ্চৰ বিষয়া বুলি জনালে। দেউতাৰ অপাৰেছন, সাম্প্ৰতিক দেশখনৰ অবস্হা আদি নানান বিষয়ে আমি আলোচনা কৰিলো আৰু শেষত স্পষ্টভাৱে বিষয়া দুগৰাকীক জনাই দিলোঁ যে সম্প্ৰতি পুলিচৰ হাতৰ পৰা পলাই ফুৰি আত্মগোপন কৰিবলৈ আমাৰ পাৰ্টিৰ কোনো নিৰ্দেশ নাই। প্ৰসংগক্ৰমে , কি পৰিস্হিতিত যোৱা দুদিন ধৰি মই পুলিচক এৰাই চলিবলগীয়া হৈছিল , সেই কথাও বিৱৰি ক’লো। ‘ আমি সকলো গম পাইছো ছাৰ। যোৱা কিছুদিন ধৰি আমাৰ এছ বিৰ মানুহে আপোনাৰ সকলো খবৰ ৰাখি আছে। কি কৰিব ছাৰ , আমাৰো উপায় নাই। আমি বুজিছো – এই মুহূৰ্তত আপোনাৰ আজিৰ পৰিস্হিতি কিমান বেদনাদায়ক। আমাৰো পৰিয়াল আছে নহয়।’ এয়া আছিল বিষয়া দুগৰাকীৰ সহানুভূতিশীল মন্তব্য। কিছু সময় কথা-বতৰা পাতি দুয়ো গ’লগৈ। যোৱাৰ সময়ত অব্যক্ত ভাষাৰে যেন দুয়ো গৰাকীয়ে কৈ গ’লঃ ‘ঠিক আছে। কিছু সময় পৰিয়ালৰ স’তে কটাওক। যিকোনো মুহূৰ্ততে কিন্তু পুলিচ আহি আপোনাক লৈ যাব পাৰে। আপুনি সাজু থকাই ভাল’।…..
শেষ অংশ ৰাজনীতি অসমৰ পৰবৰ্তী খণ্ডত প্ৰকাশ পাব….