পুহ মাহত এচি আৰু আপোনাৰ ব্যক্তিত্ব

111
  • জুলা শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


আপোনাৰ সাজ-পাৰ , সমাজত আপোনাৰ নাম, মেলে মিটিঙে আপোনাক কিমান গামোছা পিন্ধাইছে , টিভিৰ Talk Showত আপুনি কিমান বাৰ বিশেষজ্ঞ হৈ আহিছে সেই লৈ প্ৰকৃততে আপোনাৰ ব্যক্তিত্বৰ চিনাকি নহয় ।

মানৱ জীৱন হৈছে সেই পৱিত্ৰ ক্ষেত্ৰ য’ত ঈশ্বৰে সকলো জীৱক বীজৰ ৰূপত ৰাখিছে, যাৰ বিকাশে এজন লোকক উচ্চ পৰ্য্যায়লৈ নিব পাৰে। কিন্তু এই ব্যক্তিত্ববোৰ তেতিয়াহে বিকশিত হয় যেতিয়া জীৱনটো প্ৰণালীবদ্ধ ভাৱে পৰিচালনা কৰা হয়।

মানৱ জীৱনটো এনেকুৱা এখন ক্ষেত্ৰ য’ত ভিন ভিন উপাদান লগ হৈ স্বভাৱৰ জন্ম লয় । এই স্বভাৱৰ গুণা গুণ বিলাক প্ৰতিফলিত হয় চৰিত্ৰৰ ওপৰত। এই প্ৰতিফলন– আচৰণ, সংযম, সন্তোষ্টি, দৰ্প, অহংকাৰ, ক্ৰোধ আদি ৰূপত মানুহৰ ব্যক্তিত্বত প্ৰকাশ পায় ।.

ভাৰতীয় সনাতন বিচাৰধাৰাত ৰাষ্ট্ৰ নিৰ্মাণৰ লগতে ব্যক্তি নিৰ্মাণৰ ওপৰত বিশেষ ভাবে গুৰুত্ব দিয়া হয়। সেয়ে সাংস্কৃতিক বিচাৰধাৰা সনাতন হিন্দুৰ এক চিনাকী ।

যোৱা কিছুবছৰৰ পৰা আমাৰ সমাজ বিলাকত ব্যক্তিৰ আচৰণত এনে এক স্খলন আহিছে যে বিভিন্ন ঠাইত সময়ে সময়ে হোৱা কিছুমান ঘটনাই সনাতন সংস্কৃতিক ঘূণীয়া কৰি দিছে । অনাদি অনন্ত কালৰ পৰা চলি অহা সনাতন সংস্কৃতি , সনাতন বিচাৰধাৰা যেন লোপ পাব ধৰিছে । ভাব হয় আমি সকলো লোকেই কম বেছি পৰিমাণে অহংকাৰী আৰু স্বাৰ্থপৰ হৈ গৈছো নেকি ।

সনাতন সংস্কৃতিৰ বাহক স্বৰূপ শ্ৰদ্ধা, বিশ্বাস, ভক্তি, মৰম আদি শব্দ বিলাক যেন আকৌ বিশ্লেষণ কৰি চাবৰ হ’ল । কিয়নো এই কেইটা শব্দৰ অভাৱে শ্ৰেষ্ঠৰ আসনত থকা মানুহকো নিম্ন স্তৰলৈ লৈ যায় ।

প্ৰাচীন শাস্ত্ৰত লিখিছে অহংকাৰ নকৰিবা সময়ে সকলো পলকতে চিঙি নিব পাৰে । সনাতন বিচাৰধাৰাত অহংকাৰক নিজৰ প্ৰতিচ্ছবি, বা সচেতন মন হিচাপে ধৰা হয়, যি এজনৰ ধাৰণাৰ ওপৰত আধাৰিত। ইয়াক অহংকাৰ, আত্ম-গুৰুত্বৰ অনুভূতি বা আত্ম-সন্মান বুলিও সংজ্ঞায়িত কৰিব পাৰি। অহংকাৰ হৈছে অহং-চেতনা। ই পৃথিৱীখনক “মোৰ” আৰু “মোৰ নহয়” লৈ বিভক্ত কৰে।

সনাতন সংস্কৃতিত শ্ৰদ্ধা শব্দটোৰ স্থান অতি উচ্চ। প্ৰকৃততে, শ্ৰদ্ধা হৈছে এজন ব্যক্তিৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অলংকাৰ। কিন্তু শ্ৰদ্ধা মানে অন্ধবিশ্বাস নহয় । যেতিয়া অন্ধবিশ্বাস দূৰ হয় তেতিয়াহে শ্ৰদ্ধা আৰম্ভ হয় । শ্ৰদ্ধা আৰু ভক্তিৰ মাজত সামান্য পাৰ্থক্য আছে। কেতিয়াবা এনে লাগে যে দুয়োটা গাখীৰ আৰু পানীৰ দৰে একেলগে এনেদৰে মিহলি হৈছে যে পৃথকে চিনাক্ত কৰাটো কঠিন। তথাপিও এটা কথা কব পাৰি যে- শ্ৰদ্ধা সৰ্বশ্ৰেষ্ঠৰ প্ৰতি আৰু ভক্তি আৰাধ্যৰ প্ৰতি উৎপন্ন হয় ।

সৰ্বশ্ৰেষ্ঠৰ প্ৰতি শ্ৰদ্ধা মানে কেৱল গুৰুৰ প্ৰতি, পিতৃ মাতৃৰ প্ৰতি, সমাজৰ বৰেণ্য ব্যক্তিৰ প্ৰতি থকাই নহয় আনৰ কৰ্মৰ প্ৰতি , আনৰ জীৱিকাৰ প্ৰতি আৰু আনৰ সততাৰ প্ৰতিও শ্ৰদ্ধা কৰিব লাগে ।

কাৰোবাৰ দোষ দেখি শাস্তি দিয়াটো উচিত যদিহে দোষী ব্যক্তি ধৰ্ষণকাৰী, হত্যাকাৰী, লুণ্ঠনকাৰী ,অপহৰণকাৰী, চোৰ ডকাইত, স্ত্ৰীৰ শালীনতা হানি কৰা বা সমাজক ধ্বংস কৰিবলৈ বিচৰা ব্যক্তি হয় ।

সনাতন বিচাৰধাৰাত ক্ষমাদান আটাইতকৈ ডাঙৰ দান বুলি কোৱা হয় । বিশেষকৈ এগৰাকী নাৰীৰ ব্যক্তিত্বত এই ক্ষমা কৰিব পৰা গুণ তেওঁৰ বাবে অলংকাৰ স্বৰূপ হয় ।
পঞ্চকন্যাৰ ভিতৰত দ্ৰৌপদীক শ্ৰেষ্ঠ বুলি বিবেচিত কৰা হয় কিয়নো দ্ৰৌপদীয়ে অশ্বত্থামাক ক্ষমা কৰিছিল যি তেওঁৰ ৫ জন পুত্ৰক হত্যা কৰিছিল। তেনে ক্ষেত্ৰত এজন গাড়ী চালকৰ আচৰণত ক্ষুণ্ণ হলেও ক্ষমা কৰিব পৰাটোতহে ব্যক্তিত্বৰ শ্ৰেষ্ঠতা প্ৰকাশ পায় ।