প্ৰতিটো পলতেই মই দেউতাৰ অস্তিত্ব আৰু প্ৰতিৰক্ষা অনুভৱ কৰো

2667
  • ডাঃ শুভ্ৰ কিংকৰ গোস্বামী

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সৰুতে বৰ কষ্টত আমি ডাঙৰ দীঘল হৈছিলো ৷ পূজাৰ কাপোৰ বুলিলে আমাৰ লগৰ বহুতে বাহাদুৰি মাৰি কয় – অমুক দোকানৰ পৰা কিনিলো ,তমুক দামত কিনিলো ৷ আমি মনে মনে থাকো ৷ আমাক দেউতাই লৈ যায় সৰু দোকান এখনলৈ ৷ চাইনবোৰ্ড তাইনবোৰ্ড নথকা দোকান ৷ পচন্দ নহলেও সেয়াই পিন্ধো ৷ সপ্তাহত এদিন কেতিয়াবা মাংস মিলে খাবলৈ ৷ তেতিয়া মাংস মানেই ছাগলীৰহে মাংস ৷ কেতিয়াবা অৱশ্যে পাৰ মাংসৰ সোৱাদো পাও ৷ এপোৱা ছাগলীৰ মাংসৰেই আমাৰ সৰু পৰিয়ালটোৰ এসাজ খোৱাৰ পিচতো পিচদিনাখন ৰাতিপূৱাও মাই অকনমান জোল আৰু সৰু এটুকুৰা উলিয়াই দিয়ে ৷ ক’ৰ পৰা কেনেদৰে মিলায় সেই ৰহস্য আজিও ভেদ কৰিব নোৱাৰিলো ৷ থাকক  বাৰু সেইবোৰ কাহিনী আজি ৷
০০০০
নলবাৰীৰ পৰা গুৱাহাটীৰ বাচ যাত্ৰা তেতিয়া প্ৰায় তিনিঘণ্টীয়া আছিল ৷ গোটেইখিনি শিলৰ ৰাস্তা ৷ এখন গাড়ী পাৰ হ’লে আনখন গাড়ী ৰৈ দিব লাগে ৷ প্ৰায় বিশখন মান কাঠৰ দলং ৷ দলং বোৰৰ কাঠবোৰ আইতাৰ লৰি থকা দাতবোৰৰ লগত সদায় তুলনা কৰো ৷ বাচবোৰৰ দুটা শ্ৰেণী ৷ প্ৰথম শ্ৰেণীৰ বাচৰ চিটবোৰ চিধাকৈ থকা ৷ দ্বিতীয় শ্ৰেণীৰ চিটবোৰ দীঘলীয়াকৈ বেঞ্চিৰ নিচিনা ৷ কুচন তুচন একো নাই ৷ বাছৰ জোকাৰনিত পিচৰ ছিট মানে বেঞ্চিত বহা সকলৰ পেটৰ নাৰি ভুৰু ওলাব লগীয়া অৱস্থা হয়গৈ ৷
০০০
দহ বছৰৰ তলৰ ল’ৰা ছোৱালীৰ টিকট নালাগে ৷ মোৰ কিছুদিন আগতে দহবছৰীয়া জন্মদিন হৈ গৈছিল ৷ তাৰ কিছুদিন পিচতেই দেউতাৰ লগত গুৱাহাটী যাত্ৰা ৷ স্বাভাবিকতেই আমি দ্বিতীয় শ্ৰেণীৰ যাত্ৰী ৷ কি যে ফুৰ্টি ! বাছৰ জোকাৰণিতকৈও মোৰ উন্মাদনা কেতিয়া ব্ৰহ্মপুত্ৰৰ দলং খন পাম ! মাক খুজি অনা দহ পইচাটো হাততেই ৷ ব্ৰহ্মপুত্ৰ নদী দেখিলেই দলিয়াই দিবলৈ সাজু হৈয়েই আছিলো  ৷ মই তেতিয়া একেবাৰেই কেটেং মেটেং আছিলো ৷ এটা সময়ত বাছৰ কন্ডাক্টৰ জন আহিল পইচা লবলৈ ৷
দেউতাই দুজনৰ পইচা উলিয়াই দিলে ৷ কন্ডাক্টৰজনে ইফালে সিফালে চাই দেউতাৰ ফালে চাই সুধিলে
ঃবাকী জন ক’ত ?
ঃ এইটো
দেউতাই মোৰ পিনে আঙুলিয়াই দেখুৱালে ৷
ঃ এস আপুনিও ভাল দিয়ক ৷ এইটোৰ ক’ত দহ বছৰ হৈছে ?
ঃ নহয় তাৰ কিছুদিন আগতে দহ বছৰ হৈছে
দেউতাই অলপ উষ্মাৰেই ক’লে
ঃ ধেই কোনেনো গম পাব তাৰ দহ বছৰ হৈছে বুলি ? নালাগে দিয়ক তাৰ ভাড়া দিব ৷
দেউতাৰ মুখখন ৰঙা হৈ আহিল ৷
নিজৰ চিটটোতেই দেউতাই থিয় হৈ দিলে ৷
এইবাৰ ডাঙৰ ডাঙৰকৈ দেউতাই চিঞৰি ক’লে
ঃ ই গম পাব ,এই দহ বছৰীয়া ল’ৰাটোৱে গম পাব যে মিছা কথা ক’লেও সুবিধা লব পাৰি ৷
এই ল’ৰাটোৱে জানিব দুৰ্নীতি কি ? এই ফুকলীয়া ল’ৰাটোৱে সৰুৰে পৰাই শিকিব বেয়া কামবোৰো কৰিব পাৰি ৷ এই ল’ৰাটোৱে  নীতি কথাৰ সলনি অনীতিৰ কথাই শিকিব ৷ অকনমান ভাড়া বচাবলৈ গৈ এই ল’ৰাটোক মই এইবোৰ শিকাম ??
দেউতাই আৰু বহুতো কিবা কিবি ক’লে ৷ বাছখনৰ মানুহবোৰে আমাৰ পিনে চালে ৷ কন্ডাক্টৰ জনে সেমেনাসেমেনি কৰি দেউতাৰ  পৰা পইচাখিনি ৰাখিলে ৷ মোৰ দহবছৰীয়া মনটো তেতিয়া ইমান পুৰঠ হোৱাই নাছিল ৷ দেউতাই কোৱা কথাবোৰ ভালদৰে বুজাই নাছিলো ৷  মই কেৱল ৰ লাগি দেউতাৰ ৰঙা পৰি অহা মুখখন চাই আছিলো ৷
০০০০
আজি মই তিনিকুৰি বছৰীয়া ৷
আজিও সেই দিনটোৰ কথা সোঁৱৰণ কৰো ৷ সেই কন্ডাক্টৰ জনক কোৱা কথাবোৰ বুজা হোৱাৰে পৰা বুজিবলৈ চেষ্টা কৰি আহিছিলো ৷ প্ৰতিটো শব্দ বুকুৰ মাজলৈ নি তাৰ প্ৰতিটো অৰ্থৰ ভাৱ বুজিবলৈ প্ৰয়াস কৰি আছিলো ৷
আজি বুকুত হাত থৈ কব পাৰো জানি শুনি জীৱনত মই কাৰো অন্যায় কৰা নাই ৷
আজি মূৰ থিয় কৰি মই কব পাৰো মই কোনোদিন অনীতি ,অনাচাৰক প্ৰশ্ৰয়  দিয়া নাই ৷
আজি তিনিকুৰি বছৰত থিয় হৈ মই সাহসেৰে কব পাৰো দুৰ্নীতিৰ বিৰূদ্ধে জীৱনত বহুবাৰেই যুজিছো ৷
মোৰ শক্তিশালী এই মনটোত সেই দহবছৰীয়া শিশুটিৰ প্ৰভাৱ অপৰিসীম ৷
প্ৰতিটো পলতেই মই দেউতাৰ অস্তিত্ব আৰু প্ৰতিৰক্ষা অনুভৱ কৰো ৷
মোৰ জীৱনৰ বেদ উপনিষদ সকলোৱেই আছিল সেইজন পূজ্য পুৰুষ
আজি দেউতাৰ পূণ্য তিথিত আকৌ সুঁৱৰিছো তেখেতক ৷
সচাকৈয়ে সেই শতিকাৰ তেখেত এক অনুকৰনীয় পুৰুষ আছিল ৷