প্ৰধান মন্ত্ৰীৰ ওচৰত আমাৰ কেইটামান প্ৰস্তাৱ……..বিশ্বজিৎ দৈমাৰী

5845

বিশ্বজিৎ দৈমাৰী
সাংসদ , ৰাজ্যসভা


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


১৬ জুলাই , দেশৰ ৰাজধানী  দিল্লী । ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহবিভাগৰ দায়িত্বত থকা ৰাজনাথ সিং ডাঙৰীয়াৰ লগত আলোচনাত বহো ।  অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ লগত জড়িত কেইটামান গুৰুত্বপুৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰা হয় । দিনক দিনে মুক্ত অৰ্থনীতি আৰু গোলকীকৰণৰ প্ৰভাবত খিলঞ্জীয়া মানুহৰ ভাষা , সংস্কৃতি , খাৱন পিন্ধনৰ স্বকীয়তা লোপ পোৱাৰ উপক্ৰম হৈছে । বিভিন্ন সময়ত খিলঞ্জীয়া জনগোষ্ঠী সকলৰ লগত চৰকাৰে বিভিন্ন চুক্তি সাক্ষৰ কৰিছে ,  কেবিনেটত সিদ্ধান্ত বা MOU কৰিছে । কিন্তু সমস্যাবিলাক সমাধান এতিয়ালৈকে হোৱা নাই । বৰঞ্চ সমস্যা সমুহ বৃদ্ধিহে হৈছে । ইয়াৰ প্ৰধান কাৰণ চুক্তিসমুহৰ ৰূপায়ন প্ৰক্ৰিয়া অতি লেহেমিয়া হোৱাটো। এতিয়াও বহু কেইটা বিষয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ত পৰি আছে । ভাৰতীয় গণতন্ত্ৰত বাৰটা মাহত অনুষ্ঠিত হোৱা তেৰটা নিৰ্বাচনে বিষয়বিলাকৰ গুৰুত্ব লাঘব কৰাত বহুখিনি প্ৰভাব পেলায়  । কাৰণ বিল এখন উত্থাপন হোৱাৰ পৰা আৰম্ভ কৰি বিলখন আইনলৈ পৰিণত হোৱা সমগ্ৰ ঘটনাটো দীঘলীয়া হৈ গৈ থাকে । বড়ো মানুহখিনিক কাৰ্বিআংলং জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত জনজাতিৰ মৰ্য্যদা প্ৰদান বিষয়টো ২০০৩ চনত সম্পাদিত বিটিছি চুক্তিত স্পষ্ট ভাবে উল্লেখ আছে । কিন্তু এতিয়ালৈ বিষয়টো কাৰ্য্যকৰী হোৱা নাই । ইয়াৰ উপৰিও কাৰ্বিসকলক ভৈয়ামত জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব লাগে বুলি প্ৰস্তাৱত উল্লেখ কৰো । ২০১৬ চনত স্বয়ং মোদী ডাঙৰীয়াই কোকৰাঝাৰৰ ৰাজহুৱা সভাত ঘোষনা কৰিছিল এই সমষ্ট বিষয়বোৰ অতি শীঘ্ৰে সমাধান হ’ব বুলি । সেই মৰ্মে পিছলৈ সংসদত বিলখন উত্থাপনো হয় কিন্তু বিভিন্ন অজুহাতত সংসদীয় পৰিক্ৰমা বিভাগত বিলখন এতিয়াও পেন্দিং হৈ আছে । দুই এটা শব্দৰ সংশোধন কৰাই বিলখন সোনকালে পাছ হোৱাটো আবশ্যক । এইয়া অকল বিপিএফৰ কথা নহয় , এইয়া সময়ৰ আহ্বান । একেসময়তে মনিপুৰত বাস কৰা নগা , জেমি , কুকি সকলকো ষষ্ঠ অনুসুঁচীৰ আধাৰত তেওঁলোকৰ ভাষা ,সংস্কৃতিৰ ৰক্ষনাবেক্ষন দিয়া বিষয়টো আজিলৈকে সমাধান নহ’ল । যদিও পি ভি নৰসিংহ ৰাওঁৰ দিনৰ পৰাই বিষয়টোক সংবিধানৰ আওঁতালৈ অনাৰ কথা চলি আছে । ত্ৰিপুৰা য’ত খিলঞ্জীয়া ত্ৰিপুৰীসকল বৰ্তমান সংখ্যালঘু । স্বাধীনতাৰ পিছতেই চৰ্দাৰ বল্লভভাই পেটেলে খিলঞ্জীয়া ক’কবৰকসকলৰ ভাষা , সংস্কৃতি সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু আজি পৰ্য্যন্ত ‘ ক’কবৰক ‘ ভাষাটো সংবিধানৰ অষ্টম অনুসুঁচীত অন্তৰ্ভুক্ত কৰা নহ’ল ।

আমাৰ অসম হ’ল এখন মিনি এছিয়া । ইয়াত বহুকেইটা খিলঞ্জীয়া জনগোষ্ঠী একেলগে বাস কৰে । যাৰ ভাষা , খাদ্য , পিন্ধন উৰণ ভিন ভিন । ভাৰতত হোৱা ছাত্ৰ আন্দোলনৰ ভিতৰত সৰ্ববৃহত ছাত্ৰ আন্দোলন আছিল অসম আন্দোলন । প্ৰতিটো জনগোষ্ঠীয়ে আন্দোলনত ভাগ লৈছিল । শেষত ১৯৮৫ চনত সম্পাদিত হোৱা অসম চুক্তিৰ দ্বাৰা  আন্দোলনৰ সমাপ্তি হয় । কিন্তু আজি ৩৩ ব্ছৰ পিছতো দুই এটা বিষয়ৰ বাদে মুল বিষয় খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাকবচ বিষয়টো ৰূপায়ন নহ’ল । অসম চুক্তিৰ প্ৰতিটো দফাঁ যদি ৰূপায়ন হ’লহেতেন তেন্তে বহু কেইটা জলন্ত সমস্যা আজি নাথাকিলেহেতেন । অসমত বাস কৰা প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠী অতি সৰল মনৰ । অসমীয়া , বড়ো , কছাৰী , ৰাভা ,লালুং ,সোনোৱাল, ডিমাছা , কাৰ্বি আদি সকলো জনগোষ্ঠীৰে নিজস্ব ভাষা আৰু সংস্কৃতি আছে । সেয়ে প্ৰতিটো জনগোষ্ঠীৰ সংস্কৃতিৰ অস্তিত্ব ৰক্ষাৰ দায়িত্ব ৰাষ্ট্ৰই ল’ব লাগিব । মই প্ৰধান মন্ত্ৰীদেৱক ক’লো , ” অসম তথা উত্তৰ পুৱৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে আপোনাক শ্ৰদ্ধা আৰু আদৰ কৰে ।  উত্তৰ পুবৰ প্ৰতিটো গোষ্ঠীয়ে নিজৰ নিজৰ সমস্যা সমাধানৰ বাবে  একমাত্ৰ প্ৰধান মন্ত্ৰী বুলি আপোনাক  বিশ্বাস কৰে , সেয়ে খিলঞ্জীয়া তথা জনজাতি মানুহখিনিৰ অতীতজৰে সমাধান নোহোৱা সমস্যাসমুহ সময় মতে সমাধান হোৱাটো প্ৰয়োজন । ”


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)