-
তাৰক দাস
‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি: www.rajnitiaxom.com
সাধাৰণ জীৱনযাপন কৰা ৰামেশ্বৰ টেলিয়ে শপত ল’লে দিল্লীত মন্ত্ৰী হ’ল সাধাৰণ বিজেপি কৰ্মী এজন। কিন্তু আচৰিত ভাবে একাংশ নেতা -পালিনেতাই গুৱাহাটীৰ এয়াৰপ’ৰ্টৰ পৰা একেবাৰে দিল্লীলৈ যোৱা ফটো ফেচবুকত দিলে । বিভিন্ন ভংগীমাত ফটো , ৰূপালী পৰ্দাৰ হিৰোটকৈও গ্লেমাৰাচ এইসকলৰ সাজসজ্জা । একাংশ জনপ্ৰতিনিধি মন্ত্ৰীৰ লগত সুসম্পৰ্ক এইসকলৰ আৰু বিজেপিলৈ অহাৰ অগত একোটা জাতীয় সংগঠন টাইপ দলৰ নেতা আছিল । নিৰ্বাচনৰ আগে আগে যিসকলৰ ধৰ্ণা – প্ৰতিবাদৰ জোৱাৰ উঠে । এই নবিজেপিসকল বিভিন্ন নিকায় , স্পোৰ্টচ এচোচিয়েচন , মাৰ্কেটিং বোৰ্ড ইত্যাদিত সংস্থাপিত কৰা হয় । দুখন হাতত দুটা এনৰইদ , বগা ইনোভাৰ পৰা কলা জোতাৰে নামে এইসকল নেতা । এটা মোদী কোট পিন্ধিলেই নৰেন্দ্ৰ মোদীৰ দৰে হ’ব নোৱাৰি । এইসকল নেতাই চিগাৰেটৰ ধোঁৱাৰ দৰে বিজেপিৰ আদৰ্শক উৰুৱাই দিয়ে আৰু সাধাৰণ ভোটাৰে নিৰৱে চাই থাকে ।বিজেপি , সৌসিদিনা লৈ গেৰুৱা বুলি চৰ্চাত থকা এটা শব্দ । আজিৰ পৰা ১০ বছৰমান আগলৈ গেৰুৱা শব্দটোকেই সমাজৰ এচামে অস্পৃশ্য বুলি গণ্য কৰিছিল । বিজেপিৰ ছাত্ৰ সংগঠন ‘ এবিভিপি ‘ ক বহিৰাগত মানুহৰ সংগঠন বুলি পতিয়ন নিয়াইছিল । সময় বাগৰিল । নৰেন্দ্ৰ মোদী কেন্দ্ৰৰ ক্ষমতাত বহিল । একেসময়তে অসমত পু্ত্ৰৰ প্ৰেমত অন্ধ গগৈ আৰু ঘৰ শত্ৰু ৰাৱন বধ হিমন্ত বিশ্বই আছিল ১৫ বছৰীয়া কংগ্ৰেছ শাসনৰ উৎখাতৰ প্ৰথম খোজ । বিসম্বাদ আহিল ;দিগ্বিজয় , চিপি যোশী , খাৰ্গে এইবিলাক শব্দই বাতৰি কাকতৰ শিৰোনামা দখল কৰিলে । নৰেন্দ্ৰ মোদীৰ উত্থান , চ’চিয়াল মিডিয়াৰ ভৰপুৰ প্ৰয়োগৰ উমান পায় বহুজন কংগ্ৰেছীয়ে দল ত্যাগ কৰি বিজেপিলৈ আহিল । ৰত্নাকৰ বাল্মীকি হৈছিল আৰু সৃষ্টি হৈছিল ৰামায়ণ । ৰামায়ণ যিহেতু এখনেই , তেন্তে ৰত্নাকৰ বাল্মীকি হোৱা হিমন্ত বিশ্ব শৰ্মাও এজনেই । নিজ মুখে এবাৰ স্বীকাৰ কৰিছিল এটা সাক্ষাতকাৰত __’ অচিন সাগৰত নাওঁ মেলি দিছো ……….। ‘ অসম আন্দোলনত জড়িত আছু আৰু আন সংগঠনৰৰ পৰা আহি অগপ জন্ম দিয়া প্ৰায় সিংহভাগ নেতাই দল পৰিৱৰ্তণ কৰিলে । প্ৰাক্তণ ছাত্ৰ নেতা যিসকলে ছাত্ৰ সংগঠন কৰি থকা সময়ত মাহী আইৰ চকু , শোষণ , অসমীয়া প্ৰভুত্ব , বঞ্চনা , অসম চুক্তি ৰূপায়ন আদি শব্দ অবিহনে কথাই কোৱা নাছিল সেইসকলৰ বহুজনে বিজেপিত যোগদান কৰিলে । আছুৰ বগা চোলাত ইস্ত্ৰী ভঙা শেষেই নহ’ল বিজেপিৰ পৰা বিধায়ক হ’ল , মন্ত্ৰী হ’ল আৰু শেষত সাংসদো হ’ল । দিল্লীৰ বঞ্চনাৰ কথা চিঞৰি থকা সকলৰ এজন আকৌ দিল্লী পালে । অসমত চৰকাৰ হ’ল ; কংগ্ৰেছ ‘অগপৰ পৰা নেতা কৰ্মীৰ বিজেপিলৈ সোঁত বলে । নাগৰিকত্ব বিধেয়ক আহিল । প্ৰতিবাদ হ’ল । বন্ধ দিলে , গাড়ী ভাঙিল , কাজিয়া হ’ল ইত্যাদি । চৰকাৰী পক্ষৰ কোনো স্পষ্ট উত্তৰ নাই । ৰাইজ আন্ধাৰত । সপক্ষেও যুক্তি নাই আৰু বিপক্ষেও নাই । মাত্ৰ আবেগ । বিধেয়কৰ চ’ৰ্ট ফৰ্ম আহিল CAB ; পলমকৈ হ’লেও চৰকাৰৰ মাত আহিল । কিন্তু একমাত্ৰ কণ্ঠ হিমন্ত বিশ্ব । তপন গগৈ , চন্দ্ৰমোহন পাটোৱাৰী আদিৰ দৰে জাতীয়তাবাদী দলৰ পৰা অহা নবিজেপিসকলে নিৰাপদ দুৰত্বত অৱস্থান ল’লে । CAB বিৰোধী শক্তিক সমৰ্থন যোগালে বিশিষ্ট বুদ্ধিজীবী , শিক্ষাবিদ , শিল্পীসকলে । দিল্লীৰ ৰাজপথত অসমীয়া ল’ৰা উলংগ হ’ল । কাগজে পত্ৰই চৰকাৰক সমালোচনা কৰিলে । চৰকাৰক সমালোচনা কৰাটো স্বাভাবিক আৰু দৰকাৰী । কিন্তু CAB কলৈ বিজেপিৰ নীতি আৰু আদৰ্শক ক্ষুৰধাৰ বিৰোধ কৰিও একাংশ উলংগ আৰু অৰ্ধউলংগ ব্যক্তিয়ে গেৰুৱা টুপি পিন্ধি বিজেপিত যোগ দিলে। গাখীৰ ঢালি ৰংঘৰক নিকা কৰা একাংশ ছাত্ৰ নেতা এতিয়া বিজেপিৰ নেতা আৰু পালিনেতা । এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিৰ জয় জয় ময় হ’ল ।এই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি ২০২১ ত হব লগা বিধান সভা নিৰ্বাচনত বিজেপিৰ আগবাঢ়ি আছে । হয়টো ৮-১০ জন বৰ্তমানৰ বিধায়কৰ ঠাইত নতুন মুখে ঠাই ল’ব কিন্তু আদৰ্শহীন নেতাৰ প্ৰকোপত টিকটক লৈ সংঘাত , বিদ্ৰোহ আৰু নিৰ্লজ্জ খোৱাকামোৰা ৰাইজৰ মাজত স্পষ্ট হৈ দেখা দিব। ১৯৭৮ চনৰ ১২ মাৰ্চত গোলাপ বৰবাৰ অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । জনতা দল মূলত: ছচিয়েলিষ্ট পাৰ্টী , জনসংঘ আৰু পিপ’লচ ডেম’ক্ৰেটিক দলৰ সৈতে লগ লাগি গঠন হৈছিল ; যদিও দিল্লীত জনতা চৰকাৰ শাসনলৈ অহাৰ লগে লগে আৰু সমান্তৰালভাবে কংগ্ৰেছত চলা বিসম্বাদৰ ফলত বহু কংগ্ৰেছ নেতাই দল ত্যাগ কৰি জনতাত যোগ দিয়ে । সেইয়াই কাল হ’ল জনতা দলৰ । পৰৱৰ্তী সময়ত প্ৰাৰ্থী নিৰ্বাচনৰ সময়ত গোটেই নেতাবোৰৰ মাজত প্ৰতিযোগিতা চলিল । বৰবৰা , বিশ্বদেৱ গোস্বামী , লক্ষধৰ চৌধুৰী , দুলাল বৰুৱা , গৌৰিশংকৰ ভট্টাচাৰ্য্য , নিবাৰণ বৰা , সমৰ ব্ৰহ্ম চৌধুৰী , শ্বেখ চান্দ মহম্মদ , চিলভিয়াচ কন্দপান , গোলাম ওচমানী , জেহিৰুল ইছলাম , কেশব গগৈ আদি বিভিন্ন আদৰ্শৰ নেতাৰে জনতা দল ভৰি পৰিল । কোনোবা মন্ত্ৰী হ’ল আৰু কোনোবাই মুখ্যমন্ত্ৰীত্বৰ আশা কৰি থাকোতেই গ’ল । আনকি বহুতেই টিকটেই নেপালে । পৰবৰ্তী সময়ত এইসকল নেতা পুনৰ কংগ্ৰেছ দললৈ আহে আৰু কিছুমানে ৰাজনীতিৰ পৰা সন্যাস লয় । গৌৰিশংকৰ ভট্টাচাৰ্য্য বা গোলাপ বৰবৰা হেৰাই থাকিল । কিন্তু চিলভিয়াচ কন্দপান ,শ্বেখ চান্দ মহম্মদ , গোলাপ ওচমানি আদি নেতাবোৰ পৰৱৰ্তী সময়তো কংগ্ৰেছৰ সাংসদ , বিধায়ক বা অধ্যক্ষ হ’ল ।
মিত্ৰজোঁটৰ চৰকাৰখনৰ যোৱা তিনি বছৰত এটা কথা স্পষ্ট হৈছে । সেইটো হ’ল সংঘৰ দৰ্শনত চলা বিজেপি দলৰ দলীয় মিটিংত ইনোভা , স্কৰপিঅ’ , চাফাৰী , দেহৰক্ষী , মন্ত্ৰী বিধায়কৰ চোলাৰ পাৰফিউম , চকুৰ চশমাৰ বিদেশী কোম্পানীৰ ফ্ৰেম , মৰ্নিং ৱাকত এডিডাচ -ৰিব’কৰ খুন্দা খুন্দিত সাধাৰণ সৰু সৰু বিজেপি কৰ্মী আৰু সমৰ্থকে চাহবাগানৰ বগা চাহাবক দেখা যেন অনুভৱ কৰিছে । বিভিন্ন ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়বৱীয়া , গুৱাহাটীৰ ধনী মানুহৰ ঘৰৰ সমাজসেবীকাসকলে এতিয়া বিজেপিৰ নীতিনিৰ্ধাৰণ মিটিং শুৱনি কৰে । আনহাতে এই একেখিনি মানুহে যেতিয়া আৰ এছ এছৰ বৈঠক বা সভাবোৰত যায় তেতিয়া তেওঁলোকৰ সাজ-পাৰ , মোবাইলৰ কথা সম্পুৰ্ণ সলনি হৈ যায় । প্ৰতিবছৰে বিভিন্ন সময়ত হোজাইৰ গীতাশ্ৰমত হোৱা সমাবেশত এওঁলোকৰক প্ৰত্যক্ষ কৰিলে সকলো স্পষ্ট হৈ পৰে । আটাইতকৈ পুৰণি, পিঠিৰ পিনে ৰং যোৱা টি চাৰ্ট , ক্ষয় যোৱা চোলাৰ ক’লাৰ হৈ পৰে এইসকলৰ সাজপাৰ । বিজেপিৰ একাংশ মন্ত্ৰী , বিধায়ক , নেতা -পালিনেতা , ক্ষমতালিপ্সু নবিজেপিৰ কাৰ্য্যকলাপ যদি নৰেন্দ্ৰ মোদীক সমৰ্থন দিয়া জনতাৰ কাৰণে তীক্ততা পুৰ্ণ হয় , তেন্তে পৰৱৰ্তী সময়ত জনতা দলৰ দশা আৰু বিজেপিৰ দশা একে নহ’ব বুলি কোৱা টান ।
ব্যক্তিৰ মাজত প্ৰতিযোগিতা থাকিবই । ৰাজনীতি বা অৰাজনীতি বুলি কথা নাই । কিন্তু দলৰ মাজতেই যদি আদৰ্শগত ল’বি সৃষ্টি হয় তেন্তে সেয়া ফিৰিঙতিৰ পৰা খান্দব দাহ হ’ব । প্ৰাক্তণ অগপ বিজেপি , প্ৰাক্তন আছু বিজেপি , প্ৰাক্তন কৃষক ৰাজনীতি বিজেপি , প্ৰাক্তন টাই আহোম ছাত্ৰ বিজেপি, প্ৰাক্তন কেব বিৰোধী উলংগ – অৰ্ধউলংগ বিজেপি এনেকুৱা অজস্ৰ শাখা ল’বি যদি সৃষ্টি হয় তেন্তে গৌৰৱ গগৈ , দেৱব্ৰত শইকীয়া , আব্দুল খালেক, প্ৰদ্যুত বৰদলৈৰ তীক্ষ্ণ ৰাজনীতিত ২০২১ বা ২০২৬ ত কংগ্ৰেছে বিধান সভা দখল কৰিব বুলি নুই কৰিব নোৱাৰি । য’ত দিনক দিনে সলনি হৈ থকা জনগাঁঠনিও হৈ পৰিব কংগ্ৰেছৰ কাৰণে প্লাছ পইন্ট ।