বিজেপিক কিয় ভোট নিদিব???

155
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


সৰুতে পঢ়িছিলো হজৰত মহম্মদৰ এটা আখ্যান। মিঠাই ভাল পোৱা শিশু এটাক উপদেশ দিয়াৰ আগতে তেখেতে নিজে মিঠাই খোৱা বাদ দিছিল। আজি বহুদিনৰ পিছত সেই কথাটো মনত পৰিল। নিতুমনি শইকীয়াই এখন গ্ৰন্থ ৰচনা কৰিছে। গন্থখনৰ শিৰোনামা “বিজেপিক কিয় ভোট নিদিব”। কিতাপখন মই পঢ়া নাই যদিও প্ৰকাশক গোষ্ঠীৰ মালিকৰ সাক্ষাৎকাৰ এটা প্ৰত্যক্ষ কৰিলো য’ত তেখেতে বিজেপিক সমালোচনা কৰি বিভিন্ন কথা কৈছে। ফ্লাই অ’ভাৰ বনোৱাৰ সলনি ফ্লাই অ’ভাৰৰ তলত থকা মানুহৰ কথা চিন্তা কৰিবলৈ পৰামৰ্শ দিছে। অৰুণোদয়ৰ মাহিলি ১২৫০ টকাৰে গ্ৰাম্য অৰ্থনীতি ভাঙি দিয়াৰ কথা কৈছে ইত্যাদি। মানুহজন নিজে এজন বৃহৎ পুজিপতি। পুজিপতি হ’লেই যে ৰাইজক শোষণ কৰিব তেনে নহয়। ৰতন টাটা সকলোৰে বাবে নমস্য ব্যক্তি। এতিয়া কথা হ’ল এই বৃহৎ সংবাদ গোষ্ঠীৰ মালিকজনে নিজে দুখীয়াৰ বাবে কি কৰিছে। আমি তেওঁক কেবল দেখা পাওঁ বিভিন্ন বঁটা গ্ৰহণ কৰি থকা দৃশ্য আৰু ৰাজ্যসভাৰ টিকটৰ বাবে লবী কৰি থকা। তেওঁ নিজে ইমান সম্পত্তিৰ মালিক হোৱা স্বত্তেও আৰ্তজনৰ বাবে কি কাম কৰিছে? শাসক দল বিজেপিক সমালোচনা কৰাৰ অধিকাৰ সকলোৰে আছে। কিন্তু তেওঁৰ দৰে এজন বৃহৎ পুজিপতিয়ে আনক সমালোচনা কৰাৰ আগতে নিজকে আত্ম মন্থন কৰাৰ প্ৰয়োজন।