বিজেপিৰ লক্ষ্য -১০ কৌটি

40
  • বুবুল তালুকদাৰ ( ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিজেপি অসম প্ৰদেশ)

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলৰ সভাপতি জগত প্ৰকাশ নড্ডাৰ পৰা সদস্যপদ নবীকৰণৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিৰ সতেজ সদস্যপদ অভিযান আৰম্ভ হয়। চেপ্তেম্বৰ মাহত কমেও ১০ কোটি নতুন সদস্যৰ নামভৰ্তিৰ লক্ষ্য ৰাখিছে।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ টাৱৰে ডাঙৰীয়াই দলৰ সংবিধানৰ উদ্ধৃতি দি কয় যে যেতিয়া ইয়াৰ বাবে নতুন অভিযান চলোৱা হয় তেতিয়া বৰ্তমানৰ সদস্যসকলে সদস্যপদ নবীকৰণ কৰাৰ প্ৰয়োজন। তেওঁ কয় যে সংবিধানত কোৱা হৈছে যে প্ৰতি পাঁচৰ পৰা ছয় বছৰৰ মূৰে মূৰে সদস্যপদৰ অভিযান চলাব লাগিব।

নিৰ্বাচনমুখী জম্মু-কাশ্মীৰ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, আৰু ঝাৰখণ্ডৰ বাহিৰে সমগ্ৰ দেশতে কমেও ১০ কোটি নতুন সদস্যৰ নামভৰ্তিৰ লক্ষ্য বিজেপিয়ে এই মাহতে নিৰ্ধাৰণ কৰিছে। ২ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’ব এই অভিযান । টাৱৰে ডাঙৰীয়াই কয় যে ব্যক্তিসকলে মিছড কলৰ জৰিয়তে, বা দলৰ ৱেবছাইট বা অন্যান্য ডিজিটেল প্লেটফৰ্মত চাইন আপ কৰিব পাৰিব।

২০১৪ চনত প্ৰায় ১১ কোটি লোকে আৰু ২০১৯ চনত সীমিত সময়ৰ বাবে সদস্যপদ অভিযান মুকলি কৰাৰ সময়ত প্ৰায় ৭ কোটি লোকে বিজেপিৰ সদস্য হিচাপে নামভৰ্তি কৰিছিল।

২০১৫ চনৰ আগতে যেতিয়া তদানীন্তন বিজেপিৰ মুৰব্বী অমিত শ্বাহ ডাঙৰীয়াই সদস্য ভৰ্তী অভিযানৰ নেতৃত্ব কৰিছিল য’ত এটা নিৰ্দিষ্ট নম্বৰত মিছড কল দি তেনে কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল । তেতিয়া চীনৰ কমিউনিষ্ট পাৰ্টি আছিল সৰ্বাধিক সদস্য থকা সংগঠন।

২০১৯ চনত বিজেপিয়ে ৩০৩খন আৰু ২০১৪ চনত ২৮২খন আসন লাভ কৰিছিল আৰু ইয়াৰ প্ৰতিফলন ঘটিছিল পূৰ্বৰ সদস্যপদ অভিযানৰ প্ৰচণ্ড সফলতাত।
অসমৰ দৰে এখন স্পৰ্শকাতৰ ৰাজ্যত বিজেপিৰ সদস্যতা ভৰ্তী অভিযান অতি গুৰুত্বপুৰ্ণ বিষয় । স্বাধীনতাৰ পিছতে গণভোটৰ দ্বাৰা অসমৰ এক বৃহৎ অঞ্চল সেই সময়ৰ পাকিস্তান আৰু আজিৰ বাংলাদেশত চামিল হৈছিল । চিলেট , শ্ৰীহট্ট এইবিলাক হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চল হোৱা স্বত্তেও গণভোটত পাকিস্তানৰ পক্ষত অধিক ভোট
পৰিছিল । পৰৱৰ্তী সময়ত ইয়াৰ কাৰণ বিশ্লেষণ হৈছে । ৰিপোৰ্ট সমুহত উল্লেখ থকা মৰ্মে গণভোটত ব্যপক ৰেগিং হৈছিল আৰু হিন্দু সমাজৰ অধিকাংশ জনতাই গণভোটৰ সাৰাংশ উপলব্ধি কৰা নাছিল । এক বৃহৎ চামে বাংলাভাষী গায়ক , সাহিত্যিকৰ ভাষা কেন্দ্ৰীক জাতীয়তাবাদত উদ্দেলিত হৈ ঘৰতে সোমাই আছিল । যাৰ সুবিধা জমিয়ত ইচলামী , মুচলীম লীগ আদি সংগঠনে লৈ অসমৰ বৃহৎ অঞ্চল বাংলাদেশত চামিল কৰি পেলাইছিল । সেই সময়ত উক্ত জিলা সমুহৰ থকা ৮০% হিন্দু জনসংখ্যা আজিৰ তাৰিখত ৫% লৈ নামি আহিল । বাস্তৱ সত্যক উপলব্ধি নকৰা উত্তৰপুৰুষৰ ভুলৰ পৰিণতি আজিৰ নতুন প্ৰজন্মৰ হিন্দুৱে পদে পদে বোজা লৈ ফুৰিব লগা হৈছে ।
১৯৪৭ চনত হোৱা অসম বিভাজনৰ শংকা আজিও মাৰ যোৱা নাই । মুচলিম লীগ কৰা নেতা কৰ্মী সকলে ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতত থাকি কংগ্ৰেছ আৰু বাওঁপন্থী দলৰ সদস্যতা লৈছিল । অসমক পাকিস্তানক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা চলোৱা ৰাজনেতা চাদুল্লা অসমতে থাকি গৈছিল আৰু কংগ্ৰেছ দলত যোগ দিছিল । মুচলীম লীগৰ লগত জড়িত সাহিত্যিক – শিক্ষাবিদ শ্ৰেণীটোৱে চিপিএম দলত যোগ দিছিল । যাৰ ফলশ্ৰুতিত অসমত আজিও জিন্নাৰ সপোনক বাস্তৱ ৰূপ দিবলৈ দিনে ৰাতিয়ে কাম কৰি থকা মানুহৰ অভাব নাই ।
অসমৰ যুব প্ৰজন্ম , শিক্ষক , কৃষক , ব্যৱসায়ী সমন্বিতে সমাজৰ সকলো শ্ৰেণীক বিজেপি দলত অন্তৰ্ভুক্তিৰ বিষয়টো যিমান ৰাজনৈতিক তাতলৈ অধিক ৰাষ্ট্ৰীয় । কাৰণ ৰাষ্ট্ৰ বিৰোধী শক্তি সমুহে ভাৰতক দুৰ্বল কৰিবলৈ যুব প্ৰজন্মক টাৰ্গেট কৰি লৈছে । পাকিস্তানী সন্ত্ৰাসবাদীকো একাংশ দল , সংগঠনে সমৰ্থন কৰাৰ এই সন্ধিক্ষণত আমি সজাগ সতৰ্ক হব লাগিব ।

বুৰহান বানি , চাৰ্জিল ইমাম , ওমৰ খালিদ , য়াচিন মালিক এই ধৰণৰ সন্ত্ৰাসবাদীক কংগ্ৰেছৰ বহু নেতা বা বাতৰি কাকত আৰু টেলিভিচনৰ একাংশ লোকে সমৰ্থন কৰা ভাৰতীয় মানুহে দেখিছে।সাধাৰণ মানুহে এইসকলক চিনাক্ত কৰে একো একোজন সন্ত্ৰাসবাদী হিচাপে কাৰণ ইহঁত ভাৰত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু জনগণৰ শত্ৰু । কিন্তু প্ৰশ্ন হয় যে এই সন্ত্ৰাসৱাদী সকলক আমাৰ সমাজৰ অসাধাৰণ বুলি ভবা একাংশ শিক্ষাবিদ , ডাক্তৰ , প্ৰফেচাৰ আদিয়ে কিয় সমৰ্থন কৰে ? কি কাৰণত এই সন্ত্ৰাসবাদী বিলাকৰ প্ৰতি মৰমৰ ভাব প্ৰকাশ কৰে ?

কাশ্মীৰৰ এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বুৰহান বানি ভাৰতীয় সেনাৰ গুলীত নিহত হৈছিল আজিৰ পৰা কিছু বছৰ আগত । কাশ্মীৰৰ সন্ত্ৰাসবাদীজনৰ মৃত্তুত অসমতো প্ৰতিবাদ কৰা হৈছিল । সন্ত্ৰাসবাদীজনৰ হত্যাৰ বিৰুদ্ধে আমাৰ ৰাজ্যত জনসমৰ্থন সৃষ্টি কৰাৰ উদ্দেশ্যে এক প্ৰচেষ্টা কৰা হৈছিল । বাতৰিকাকতত নিবন্ধ লেখা হৈছিল সন্ত্ৰাসবাদীজনৰ সমৰ্থনত । প্ৰত্যক্ষ ভাবে
লেখিছিল এইদৰে ____” আমাৰ বাবে বুৰহান বানি নামৰ মৃত যুৱকজন এটা শক্তিশালী আৰু জীৱন্ত প্রতীক। সেই প্রতীকে তথাকথিত মূলসুঁতিৰ মানসিকতাৰ মাজত বৈ থকা কেতবােৰ তলসুতীয়া ক্ষতিকাৰক বৈশিষ্ট্যৰ বিষয়ে স্পষ্ট আভাস দাঙি ধৰিব পাৰে। বিশেষকৈ ভৌগােলিকভারে Chicken neckৰ সিটো পাৰে অৱস্থিত অসমৰ গৰিষ্ঠসংখ্যক সচেতন খিলঞ্জীয়া লােকৰ মনৰ অনুভূতিবােৰৰ লগত মূলসুঁতিৰ ভাৰতীয় মানসিকতাটো সততে খাপ নাখায়। কিছু কিছু ক্ষেত্ৰত এক আধিপত্যশীল মানসিকতাৰে আগবঢ়া তথাকথিত মূলসুঁতিয়ে দাঁতিকাষৰীয়া অঞ্চলৰ স্বাধীনচিতীয়া চিন্তাক গুৰুত্বহীন কৰিবলৈকো কুণ্ঠাবােধ নকৰে। সেইবাবেই বুৰহান বানিৰ মৃত্যুৱে উত্তৰ-পূৰ্বাঞ্চলৰ সচেতন লােকৰ মনলৈ যিবােৰ আহুকলীয়া প্রশ্ন আনে, সেই একে প্রশ্ন বিহাৰ বা ৰাজস্থানৰ এজন শিক্ষিত ব্যক্তিৰ মনলৈ নাহে।  ‘”

উক্ত কথাখিনি কোনো ইচলামিক সন্ত্ৰাসবাদী  সংগঠন হুজি , লস্কৰৰ নেতাৰ নাছিল । এইয়া আছিল অসমৰ অসমীয়াভাষী গুৱাহাটীয়া বিশেষ এজনক বুদ্ধিজীবীৰ মন্তব্য ।
একে সময়তে পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল ৱাজবাই বুৰহান নামৰ সন্ত্ৰাসবাদী জনক স্বাধীনতা সংগ্ৰামী বুলি বিজ্ঞপ্তি দিছিল । সন্ত্ৰাসবাদীৰ সমৰ্থনত একাংশ শিক্ষাবিদে সদায় মাত মাতে । অকল আমাৰ ৰাজ্যতেই নহয় গোটেই ভাৰতবৰ্ষতে বুদ্ধিজীবী আৰু শিক্ষাবিদৰ এটা বৃহৎ শ্ৰেণী আছে । জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ শিক্ষক নিবেদিতা মেনন , প্ৰাক্তন বাওঁপন্থী ছাত্ৰ নেতা আৰু বৰ্তমানৰ কংগ্ৰেছী নেতা কনাইয়া কুমাৰ , ওমৰ ফাৰুকে বুৰহান ৱানিৰ মৃত্যুত শোক প্ৰকাশ কৰি বুৰহানৰ সমৰ্থনত গোটেই ভাৰতত প্ৰচাৰ
চলায়ছিল , যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীটো একাংশ বুদ্ধিজীবী ৰাজনেতাই আলোচনা চক্ৰৰ উদ্যোগ লৈছিল ।

আমাৰ সমাজতে এনেকুৱা কলেজৰ অধ্যাপক আছে যিয়ে অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি ইচলামিক অসম কৰাৰ নীতি প্ৰচাৰ কৰা চাৰ্জিল ইমামক প্ৰশংসাৰে ওপচাই পেলায় । এজন অমুচলমান বুদ্ধিজীবীয়ে আইছিচ , অল কায়দা , লষ্কৰৰ দৰে ইচলামিক সন্ত্ৰাসবাদীক সমৰ্থন দিয়াৰ কি গোপন উদ্দেশ্য থাকিব পাৰে ?

এনেকুৱা সন্ত্ৰাসবাদী প্ৰেমী বুদ্ধিজীবী সৰু সৰু চহৰ , গাঁও চুৱুৰী সকলোতে থাকে । সাধাৰণ মানুহে যিবোৰ ঘটনাত সংশয় প্ৰকাশ কৰে তেনে ঘটনাবোৰক এই ধৰণৰ তথাকথিত জ্ঞাণী ব্যক্তিয়ে উদযাপন কৰাৰ ৰহস্য কি ?

প্ৰতিখন চহৰত দহজন অধ্যাপক , কমেও তিনিজন চিকিৎসক আৰু দুজন অৱসৰপ্ৰাপ্ত শিক্ষক- সাহিত্যিক থাকে যিয়ে ভাৰতীয় ৰাষ্ট্ৰবাদত বিশ্বাসী মানুহক ঘৃণা কৰে । এনেকুৱা ব্যক্তিৰ নিজৰ সন্তান বিলাক দিল্লী , মুম্বাই , বাংগালৰু , পুনেৰ স্থায়ী বাসিন্দা হৈ বহু জাগতিক কোম্পানীত কাম কৰে কিন্তু বুদ্ধিজীবী পিতৃয়ে আন্দোলন কৰে মাৰোৱাৰী , বিহাৰীৰ বিৰুদ্ধে । কাকতত নিবন্ধ লিখে আমেৰিকাৰ বজাৰ নীতিৰ বিৰুদ্ধে ।
কেব আন্দোলনৰ সময়ত আজিৰ প্ৰজন্মই দেখিছিল একাংশ প্ৰতিষ্ঠিত ব্যক্তিয়ে অসমীয়া ভাষাৰ ভৱিষ্যত ৰক্ষাৰ ভাষণ দি মৌলবাদী শক্তিৰ লগত হাত মিলোৱা ।
ছাত্ৰ ছাত্ৰীক কেবৰ বিৰুদ্ধে মাত মাতি ৰাজপথত আহিবলৈ হুংকাৰ দিয়া একাংশ চিকিৎসকৰ খৱৰ আমি আবেগিক অসমীয়াই ৰাখিছো নে আজিৰ তাৰিখত ? নিজৰ লৰা ছোৱালী বিলাকক নিৰাপদ দুৰত্বত ৰাখি ডাক্তৰ বনাইছে কিন্তু চুবুৰীয়াৰ সন্তানক ৰাজপথত নামি আন্দোলন কৰিবলৈ হুংকাৰ দিয়ে । এই সমষ্ট ঘটনাক্ৰম আজিৰ যুব সমাজে বুজি পায় । ফেচবুক , গুগুল , ৱাটচএপৰ দ্বাৰা সমৃদ্ধ খৱৰে আজি উদঙাইছে বুদ্ধিজীবীৰ ভণ্ডামী ।

সাহিত্যিক , শিক্ষাবিদে ৰাজপথত জোৰলৈ আন্দোলন কৰে। আন্দোলনকাৰীৰ দীঘল শাৰী । কিন্ত আচৰিত এটা প্ৰথম দুটা শাৰী পিছৰবিলাক মানুহ এক বিশেষ ধৰ্মৰ ৰাজনৈতিক ব্যক্তি । অসমীয়া ভাষা ৰক্ষাৰ বচন আওৰোৱা এই সাহিত্যিক ৰাজনেতাৰ নাতি পুতি সকল পঢ়ে ইংৰাজী স্কুলত ।

ভাৰত আৰু ভাৰতীয় সনাতনী সংস্কৃতি বিৰোধী ঘটনাত আৰবান নক্সালী অসমৰ ইলাইট ক্লাচ আৰু শিক্ষাদীক্ষাত আগবঢ়া একাংশ মানুহ জড়িত থাকে ।
এই ধৰণৰ প্ৰতিষ্ঠিত শিক্ষাবিদ সাহিত্যিক চিকিৎসকৰ প্ৰধান উদ্দেশ্য হৈছে অসমত পুনৰ সশস্ত্ৰ বিদ্ৰোহী গোট জন্ম দিবলৈ যুব চামক ৰাষ্ট্ৰ বিদ্বেষী কৰি তোলা । কাৰণ আজি গাঁৱৰ লৰাই তেওঁলোকৰ সন্তানৰ লগত প্ৰতিযোগিতাত লিপ্ত হৈছে । প্ৰতিখন জিলাত মেডিকেল কলেজ হৈছে । বছৰত হাজাৰজন ডাক্তৰ ওলাব । পুৰণি ডাক্তৰৰ পৰিয়ালৰ মাজত সীমাবদ্ধ নহয় চিকিৎসা বৃত্তি । খুব সোনকালে যদি গাওঁৰ লৰাৰ হাতত পিষ্টল দিব পৰা নাযায় তেন্তে গাঁৱৰ পৰা ঠিকাদৰ , টেট শিক্ষক , অধ্যাপক , চিকিৎসক ,ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি ৰোধ কৰাটো অসম্ভৱ হৈ পৰিব । তাৰ কাৰণে প্ৰয়োজন হব অসম বা ভাৰতৰ পৰা বিজেপিক উৎখাত কৰাটো । বুদ্ধিজীবীৰ এই উদ্দেশ্যত বিৰোধী ৰাজনৈতিক দুই এটা দলে সমৰ্থন দিছে । সেইয়া অত্যন্ত ক্ষমতা কেন্দ্ৰীক ।

আৰবান নক্সালৰ লগত বিচ্ছিন্নতাবাদী শক্তিক অসমীয়া জনতাই প্ৰত্যুত্তৰ দিব আৰু জয়ী হব ,কাৰণ অসমীয়াৰ দেহত লাচিতৰ তেজ আছে ।
যাৰ ফলত আমাৰ দলৰ সদস্য ভৰ্ত্তী অভিযান ৰেকৰ্ড গঢ়িব ।