বিজেপিৰ ৫টা ভুল

312
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


“ইছবাৰ ৪০০ পাৰ” এয়া আছিল বিজেপিৰ নিৰ্বাচনৰ আগৰ শ্লো’গান আৰু এতিয়া এনে অৱস্থা হ’ল যে দলটোৱে ৪০০ তো বাদেই দিয়ক ৩০০খন আসনতো জয়লাভ কৰিবলৈ সমৰ্থ নহ’ল । ইয়াৰ প্ৰধান কাৰণ বিশ্লেষণ কৰিলে দেখা যায়,দলটোৰ পাঁচটা ডাঙৰ ভুল হৈছিল যাৰ ফলত বিজেপিয়ে এইবাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা প্ৰতিষ্ঠা কৰিব পৰা নাছিল, যি সংখ্যাগৰিষ্ঠতা তেওঁলোকে যোৱা দুটা নিৰ্বাচনত সহজে প্ৰতিষ্ঠা কৰি লৈছিল। অৰ্থাৎ যোৱা দুটা নিৰ্বাচনত বিজেপিক NDA মিত্ৰজোঁটৰ প্ৰয়োজন নাছিল, কিন্তু এই নিৰ্বাচনত সমগ্ৰ NDA মিত্ৰজোঁটৰ মিলি মাত্ৰ ২৯২ খন আসন লাভ কৰিছে আৰু ইণ্ডিয়া মিত্ৰজোঁট ২৩২ খন আসন লাভ কৰিছে। এইখিনিতে এটা ডাঙৰ প্ৰশ্ন সকলোৰে মনলৈ আহিছে যে, দুদিন আগতে প্ৰত্যেক এক্সিট প’লত কোৱা হৈছিল ৪০০ পাৰ নহ’লেও বিজেপিয়ে সহজে ৩৫০খন আসন কমেও লাভ কৰিব। ইয়াতকৈও আশ্চৰ্য্যজনক কথা হ’ল ,স্বয়ং প্ৰতিপক্ষৰ নেতাসকলেও ক’লে যে, বিজেপি ৪০০ পাৰ কৰিব নোৱাৰে, কিন্তু ৩৫০ পাব। তেন্তে হঠাৎ এনে কি হ’ল যে এই নিৰ্বাচনৰ ফল ভবা মতে নহ’ল?

সকলোতকৈ আশ্চৰ্য্যজনক কথা হৈছে উত্তৰ প্ৰদেশত । যি ৰাজ্যক বিজেপিৰ বাবে সুৰক্ষিত দুৰ্গ বুলি ধৰা হয়। য’ত পাঁচ মাহ আগতে অযোধ্যাত ৰাম মন্দিৰৰ ইমান ধুমধামৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল। যি ৰাজ্যত মুখ্যমন্ত্ৰী যোগীৰ নিছিনা এজন শক্তিশালী মুখ্যমন্ত্ৰী আছে, সেই ৰাজ্যত বিজেপিৰ ইমান বেয়া পাৰফৰ্মেন্স কেনেকৈ হ’ল? সমাজবাদী পাৰ্টী যি মাত্ৰ এটা ৰাজ্যিক পৰ্যায়ৰ ৰাজলৈতিক দল, তেওঁলোকে বিজেপিতকৈ বেছি আসন কেনেকৈ লাভ কৰিলে?

অন্যহাতে, কংগ্ৰেছৰ পাৰফৰ্মেন্স যথেষ্ট আশ্চৰ্য্যজনক আছিল। যোৱা নিৰ্বাচনত কংগ্ৰেছ প্ৰায় নিশ্চিহ্ন হোৱাৰ অৱস্থা হৈছিল , তেওঁলোকে মাত্ৰ ৫২ খন আসন পাইছিল যি কংগ্ৰেছৰ নিচিনা এটা ৰাষ্ট্ৰীয় দলৰ বাবে খুব কম সংখ্যা আছিল, যাৰ বাবে তেওঁলোকে বিৰোধী দলৰ নেতাৰ পদবীও লাভ কৰিব পৰা নাছিল। এইবাৰ সকলোৰে ভবিষ্যদ্বাণী আছিল যে কংগ্ৰেছৰ আসন আৰু কমিব কিন্তু তাৰ বিপৰীতে কংগ্ৰেছে দ্বিগুণ আসন লাভ কৰিলে। (৯৯ খন) ।

মোৰ মতে বিজেপি দলৰ পাঁচটা ডাঙৰ ভুল হৈছিল যাক দলটোৱে সহজতে এৰাই চলিব পাৰিলে হয় , কিন্তু কিবা কাৰণত তেওঁলোকে ইয়াত গুৰুত্ব নিদিলে।
১নং কাৰণ: RSS ক’ অগ্ৰাহ্য কৰাটো সাংঘাটিক ভুল আছিল।এই কথা সকলোৰে অৱগত যে RSS মূলতঃ BJP ৰ আইডিয়োলজিকেল উইং। এই RSS এ BJP ক’ সমৰ্থন কৰাৰ বাবে ১৯৮৪ চনৰ নিৰ্বাচনত বিজেপিয়ে দুখন আসন লাভ কৰিছিল আৰু যোৱা দুটা কাৰ্যকালত ৩০০ আসনৰ সংখ্যাগৰিষ্ঠতালৈও লৈ গৈছিল। BJP ক’ এক পাৰ্টী ৰূপে গঢ় দিয়া, তাত শীৰ্ষ নেতৃত্বৰ বিকাশ কৰা, যেনে অটল বিহাৰী বাজপেয়ী, নিতিন গাডকাৰি আৰু নৰেন্দ্ৰ মোডীকো দাঙি তোলাত RSS কৰ্মীৰ ডাঙৰ ভূমিকা আছিল।RSS কৰ্মীয়ে বহু বাৰ BJP প্ৰাৰ্থীৰ বাবে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছিল । কিন্তু এইবাৰ লোকসভা নিৰ্বাচনৰ ঠিক এক মাহ আগতে BJP প্ৰেছিডেণ্ট জেপি নাড্ডা’ই মুকলিকৈ মিডিয়াত ক’লে যে, “আমাৰ নিজৰেই পৰ্যাপ্ত ক্ষমতা আছে। এতিয়া BJPএ নিজৰ কাম নিজেই কৰিব, তেওঁলোকক RSS ৰ কোনো প্ৰয়োজন নাই।” এতিয়া এয়া কি কৌশল আছিল নাজানো, কিন্তু কথাষাৰে এক প্ৰকাৰ বিজেপিৰ বাবে বিপৰ্যয় নমাই আনিলে ।

প্ৰতিপক্ষই এই মন্তব্যৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে চলি থকা “ডিক্টেটৰশিপ” নেৰেটিভক আৰু তীব্ৰ কৰি পেলালে। নাড্ডাৰ এই RSS বিৰোধী মন্তব্যক প্ৰতিপক্ষৰ নেতাসকলে সদ্ ব্যৱহাৰ কৰিলে। ফলত RSS কৰ্মীৰ মনত এটা অসুৰক্ষা ভাৱ জন্মিল। দ্যা প্ৰিণ্টক দিয়া এক সাক্ষাৎকাৰত এজন RSS সদস্যই ক’লে যে, যি BJP ৰ বাবে তেওঁলোকে প্ৰচাৰ চলাইছিল, শ্ল’গান দিছিল, ত্যাগ কৰিছিল, এতিয়া ক্ষমতাত অহাৰ পাছত সেই BJPএ RSS ৰ কথা নুশুনে। তিন মাহ আগতে BJP ক’ RSS এ আগতীয়াকৈ সাৱধান কৰি কৈছিল যে, মাত্ৰ মোডীৰ মুখ আৰু হিন্দুত্বৰ মুদ্দাই BJP ক’ জিকাব নোৱাৰে। আৰু যদিও BJP সৰ্ববৃহৎ পাৰ্টী হিচাপে জয়লাভ কৰিলে , কিন্তু তেওঁলোকে ৬৩ খন আসন কম পালে। যি সময়ত যোৱা বৰ্ষত তেওঁলোকে কেৱল নিজৰ মজবুতিত একক সংখ্যাগৰিষ্ঠতা সহজে লাভ কৰিছিল, এইবাৰ RSS ৰ পূৰ্ণ সমৰ্থন আৰু সম্পৰ্কৰ অবিহনে তেওঁলোকে সংখ্যাগৰিষ্ঠৰ বাবে প্ৰয়োজন সংখ্যাতকৈ ৩২ খন আসন কমকৈ লাভ কৰিলে।

২ নং কাৰণ:- ইণ্ডিয়াত বহু বছৰ ধৰি চলি অহা জাতিগত ৰাজনীতি।উত্তৰ প্ৰদেশত সদায়ে জাতিগত ৰাজনীতি চলি আহিছে। উদাহৰণ স্বৰূপে, বহুজন সমাজ পাৰ্টী (বিএছপি)ক দলিতৰ পাৰ্টী বুলি গণ্য কৰা হয়, আৰু সমাজবাদী পাৰ্টী (এছপি)ক যাদৱৰ পাৰ্টী হিচাপে গণ্য কৰা হয়। কিন্তু এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ ওপৰত প্ৰাধান্য দি উত্তৰ প্ৰদেশৰ সকলো নিৰ্বাচনত অৱৰ্তিন হৈছিল।
যদি আমি চাওঁ,তেন্তে বিজেপিৰ লগত উত্তৰ প্ৰদেশত কোনো জাতি প্ৰতিনিধি কৰা ডাঙৰ ,
লেখত লব লগীয়া নেতা নাছিল,যাৰ বাবে তেওঁলোকে উত্তৰ প্ৰদেশৰ ৰাজনীতিত ডাঙৰ ক্ষতি হোৱা দেখা পালো। সমাজবাদী পাৰ্টীয়ে এইবাৰ বিজেপিক লগত সমানেই যুঁজ দিবলৈ সক্ষম হোৱাৰ মুখ্য কাৰণ আছিল যাদৱ ভোট। উত্তৰ প্ৰদেশত যাদৱ সম্প্ৰদায়ৰ ৭% জনসংখ্যা আৰু তেওঁলোকৰ প্ৰভাৱ ইউপিৰ ১৫খন সংসদীয় আসনৰ ওপৰত পোনপটীয়াকৈ পৰিছিল। এইবাৰ এই সকলো ভোটাৰে মিলি সমাজবাদী দলৰ প্ৰতি তেওঁলোকৰ তিনি দশকৰ পুৰণি নিষ্ঠা প্ৰমাণ কৰিছিল।উত্তৰ প্ৰদেশত জাতি ভিত্তিক ৰাজনীতিৰ আন এটা গুৰুত্বপূর্ণ কাৰণ আছিল ৰাহুল গান্ধী, ভোটাৰৰ প্ৰলোভন কৰিবলৈ ৰাহুল গান্ধীয়ে কৈছিল যে যদি বিজেপি ক্ষমতালৈ আহে, তেন্তে সংৰক্ষণ শেষ হব। তেওঁ এইটোও কৈছিল যে যদি তেওঁলোকে ক্ষমতালৈ আহে, তেন্তে জাতি জনগণনা দেশত কাৰ্যকৰী কৰিব আৰু সংৰক্ষণ বৃদ্ধি কৰিব। এই নেৰেটিভেৰ যোগেদি জনসাধাৰনৰ মনত ভয় সুমোৱাই কংগ্ৰেছে ভোট ভাগ কৰিছিল।

৩য় কাৰণ:- ব্রাণ্ড মোডী ওপৰত সম্পূৰ্ণ বিশ্বাস কৰা। বিগত ১০ বছৰত যি আন্তঃগাঁথনি আৰু প্ৰযুক্তি ক্ষেত্ৰত উন্নয়নৰ কাম বিজেপিয়ে কৰিছিল, তাৰ বাবে নৰেন্দ্ৰ মোডী জনসাধাৰনৰ ওচৰত অতি জনপ্ৰিয় হ’বলৈ সক্ষম হৈছিল। কিন্তু তথাপিও এটা ডাঙৰ প্ৰত্যাহ্বান আছিল আৰু সেইটো হৈছে নিবনুৱা সমস্যাৰ সমাধান।ভাৰতীয় মনত নিবনুৱা সমস্যাৰ সমাধান মানে চৰকাৰী চাকৰি। কিন্তু বিগত ১০ বছৰত আন্তঃগাঁথনি আৰু প্ৰযুক্তি ক্ষেত্ৰত চৰকাৰে উন্নয়নৰ যিমান কাম কৰিছে ফলত আত্মনিয়োগ আৰু নিযুক্তিৰ ক্ষেত্ৰত যঠেষ্ট সম্ভাৱনা মুকলি হৈছে।কিন্তু দলটোৱে জনসাধাৰনৰ মাজত কথা খিনি লৈ যোৱাত ব্যৰ্থ হ’ল। সামাজিক মাধ্যমক আওকাণ কৰিলে। য’ত ইজৰাইলৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স ব্যৱহাৰ হৈছিল মোদীৰ বিৰূদ্ধে আৰু বিজেপিৰ বিৰূদ্ধে এক ভুল বাখ্যা প্ৰচাৰ কৰিবলৈ ব্যৱহাৰ হোৱা বুলি শুনিছোঁ,কিছু সংখ্যক ইউ টিউবাৰে মানুহৰ মাজত এক ভুল বাখ্যা লৈ যোৱা দেখা গ’ল,তাক কাউন্টাৰ কৰি নিস্ক্ৰিয় কৰিবলৈ চেষ্টা নকৰি দলটোৱে সামাজিক মাধ্যমত কেইটামান ৰিল বনাই নিজৰ দায়িত্ব সামৰা দেখা গ’ল।অধিক আত্মবিশ্বাসে বিজেপিক ভয়ংকৰ ক্ষতি কৰিলে। তেওঁলোকে নিৰ্বাচনৰ আটাইতকৈ প্ৰাথমিক পদক্ষেপ, কিন্তু সঠিক প্ৰাৰ্থী নিৰ্বাচনত দলটোৱে গুৰুত্ব নিদিলে।ব্ৰেণ্ডৰ ওপৰত বহু নিৰ্ভৰ কৰিলে। উত্তৰ প্ৰদেশত বিজেপিৰ শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিচৰা ৩৫ জন প্ৰাৰ্থীক প্ৰাৰ্থীক টিকট দিয়া নাছিল। ইয়াৰ পৰা ইউপিত ডাঙৰ ক্ষতি হৈছিল।

৪ নং কাৰণ:- ৰাহুল গান্ধীৰ ভাৰত যোৰৌ যাত্ৰাক গম্ভীৰভাৱে নোলোৱাটো। ৰাহুল গান্ধীৰ যাত্ৰাই জনতাৰ মাজত তেওঁৰ প্ৰতিচ্ছবি পুনৰ প্ৰতিষ্ঠা কৰিছিল। কংগ্ৰেছ পাৰ্টী, যিয়ে বিগত নিৰ্বাচনত মাত্ৰ ৪১ আসনত সীমিত হৈ আছিল, এইবাৰ নিজৰ আসনৰ সংখ্যা দুগুণ বৃদ্ধি কৰিছিল।

৫নং কাৰণ:- মধ্যবিত্ত ভোটাৰলৈ কোনো সকাহ নিদিয়া। কংগ্ৰেছ আৰু আম আদমী পাৰ্টীয়ে সাধাৰণ জনতাৰ বাবে বহু ফ্ৰিবীজ অফাৰ কৰিছিল, কিন্তু বিজেপিৰ মেনিফেষ্টোত মধ্যবিত্তৰ বাবে বিশেষ কোনো অফাৰ নথকাৰ বাবে জনসাধাৰন ক্ষোভিত হৈছিল। ইয়াৰ ফলত বিজেপিৰ ভোট বেঙ্কত যঠেষ্ট ক্ষতি হ’ল।
সেই একে সময়তে, বিৰোধী পক্ষই জোট বান্ধি বিজেপিৰ বিৰোধিতা কৰা সকলৰ লগত নিজৰ ভোট একজোট কৰিছিল। মহাৰাষ্ট্ৰ যেন ৰাজ্যত শিৱসেনা, এন চি পি, এছপি আৰু কংগ্ৰেছে আসনৰ ভাগবতৰা কৰি নিজৰ-নিজৰ প্ৰাৰ্থীক নমাইছিল। ইয়াৰ পৰা তেওঁলোকৰ ভোট একজোট হৈছিল আৰু বিজেপিৰ বহুলাংশে ক্ষতি হৈছিল।

এই পাঁচটা মুখ্য কাৰণৰ বাবে বিজেপি এইবাৰ ভৱাতকৈ কম আসন লাভ কৰিব লগীয়া হ’ল।