বিদেশৰ হিন্দুৱে গো মাংস ভক্ষন কৰে নেকি?

2821
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


২০০৩ চনৰ কথা। বাংগালোৰত তেতিয়া মই অভিযান্ত্রিকৰ ছাত্র। মুছলমান বন্ধু এজনে লগ ধৰিলে সিহতৰ গাওঁলৈ যাবৰ বাবে। সিহতৰ গাওঁত গৈ জীৱনত কেতিয়াও নেদেখা দৃশ্য এটা প্ৰত্যক্ষ কৰিলো। বাংগালোৰৰ দাতিকাষৰীয়া মুছলমান গাওঁখনত শাৰী শাৰীকৈ গো মাংসৰ দোকান। গৰু বিলাক মাৰি দোকানৰ সন্মুখত ওলোমাই ৰখা হৈছে। ঠিক আমাৰ ছাগলীৰ দোকানবোৰৰ নিচিনা। ক’ব নোৱাৰাকৈ চকুৰে দুধাৰি অশ্ৰু নিগৰি আহিল। সেইদিনা বুজি পালো গৰুৰ লগত আমাৰ কিমান আত্মিক সম্পৰ্ক। চহৰত থকা স্বত্বেও দেউতাই ঘৰত গৰু পুহিছিল। গৰুজনীয়ে দানা খোৱা বুলি সন্তুষ্টি লভিলেহে দেউতাই ৰাতি ভাতৰ তেবুলত বহিছিল।  “লাও খা বেঙেনা খা  বছৰে বছৰে বাঢ়ি যা” গৰু বিহুৰ দিনা গৰুজনীক যে কিমান আদৰ সাদৰ কৰো। আমাৰ কাষৰে মানুহ এজনৰ ঘৰত অন্যৰ গৰু এজনী সোমোৱাত মানুহজনে খেদে আৰু গাতত পৰি গৰুজনীৰ মৃত্যু হয়। মানুহজনে স্ব ইচ্ছাই ৭ দিন উপবাস কৰি আন মানুহৰ ঘৰত ভিক্ষা মাগি কৰ্ম সম্পন্ন কৰে। এনে এটা সংস্কৃতিৰে আমি ডাঙৰ দীঘল হোৱা। গো ভক্ষণ দূৰৰ কথা, গো মাংসৰ দোকানৰ সন্মুখেৰে যোৱাটোৱে আমাৰ বাবে বেদনাদায়ক। এনে সময়তে অসমৰ মুখ্যমন্ত্রীয়ে সদনত গো সুৰক্ষা বিধেয়ক আনে। মই ভাবো প্ৰতিজন অসমীবাসীয়ে ইয়াক সমৰ্থন কৰা উচিত। মুখ্যমন্ত্রীয়ে সদনত বিৰোধীৰ উত্তৰ দি যি ভাষন দিয়ে তাক ঐতিহাসিক বুলি কব লাগিব। নামঘৰ আৰু মন্দিৰৰ ৫ কিলোমিটাৰ ব্যসাৰ্ধত গো মাংস বিক্ৰী আৰু ভক্ষণ বন্ধ কৰাৰ কাৰ্য্য আগৰ চৰকাৰে বহুদিন আগতেই কৰিব লাগিছিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিলখনকলৈ তুমুল চৰ্চা হয়। টাইমছ নাওৰ সাংবাদিক এগৰাকীয়ে হিমান্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে যে বিদেশত যোৱা হিন্দুবোৰে গো ভক্ষন কৰে, তেওঁলোকৰ অধিকাৰ কথা আপুনি কিয় চিন্তা নকৰে? কিছুমান মানুহৰ মাজত এটা ভাব আছে যে বিদেশত থকা হিন্দুবোৰে গো মাংস ভক্ষণ কৰা অতি সাধাৰন কথা। প্ৰকৃততে কিন্তু এয়া সত্য নহয়। মই লণ্ডনত প্ৰায় ৫ বছৰ আছো। ইয়াত প্ৰচুৰ পৰিমানে হিন্দু মানুহে বাস কৰে। ৫ বছৰত মই লণ্ডনত মই ৫০০তকৈ অধিক ভাৰতীয় হিন্দু মানুহক লগ পাইছো। ভাব বিনিময় কৰিছো। ভাৰতৰ প্ৰায়বোৰ ৰাজ্য যেনে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, পশ্চিম বংগ, কৰ্ণাটক, তামিলনাডু, ওৰিষ্যা, গোৱা, হাৰিয়াণা, পঞ্জাৱ, অন্ধ্ৰ, গুজৰাট আদি কোনো ডাঙৰ ৰাজ্য বাকী নাই। ইয়াৰে বহুতে ইয়াত স্থায়ী নাগৰিকত্বও লাভ কৰিছে। কিন্তু আজিলৈকে কেৰেলাক বাদ দি আন কোনো ৰাজ্যৰ হিন্দু মানুহে ইংলেণ্ডত গো ভক্ষণ কৰা নাই।  এবাৰ বৃটিছ ক্লায়েন্টৰ লগত দুপৰীয়াৰ ভোজন কৰিবলৈ গৈছিলো। আমাৰ মেনেজাৰজন আছিল এজন পাঞ্জাবী। তেওঁ নিশ্চিত কৰিলে যে খোৱা টেবুলত যাতে কোনোপধ্যে গো মাংস নাহে। বৃটিছ এজনে এই বিষয়ত প্ৰশ্ন কৰাত তেওঁ ক’লে যে _ This is our religious matter and we are very sensitive about it. বিহাৰী হিন্দুসকলৰ মাজত গো প্ৰেম আমাতকৈও বেছি। মুৰ্গী কিনিব গ’লে মাংস কটা দাখন তেওঁলোকে ধুৱাই লয় যাতে গো মাংসৰ তেজ পৰাৰ কোনো সম্ভাবনা নাথাকে। Tesco আদি মাল্টিষ্টোৰত গৰুৰ মাংস থকা এটা নিৰ্দিষ্ট ঠাই আছে। মাংসৰ লগতে সেই শাৰীতে কিছুমান অন্য নৈত্য ব্যবহাৰ্য্য সামগ্ৰী পোৱা যায়। মই লগ পোৱা এজন অন্ধ্ৰৰ যুবকে দোকানলৈ গ’লেও গো মাংস থকা ঠাইখিনিৰ সন্মুখেৰে নাযায়।। সেই দক্ষিণ ভাৰতীয় লৰাজন ইংলেণ্ডৰ স্থায়ী বাসিন্দা। এই বিলাক একো একোতা উদাহৰণহে মাত্র। বিদেশত থাকিলেও সকলোৱে নিজৰ সভ্যতা সংস্কৃতি লৈ গৌৰৱান্নিত। বিদেশত গ’লেই গো ভক্ষণ বাধ্যতামূলক বুলি হোৱা অপপ্ৰচাৰ বন্ধ হ’ব লাগে।