- ভাস্কৰ দাস
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ৰামায়ণ প্রত্যেক সনাতনীৰ বাবে কেৱল মাত্ৰ এখন ঐতিহাসিক গ্রন্থই নহয় বৰঞ্চ প্রাচীন বা মধ্যযুগ কিংবা বর্তমান সময়ত ৰামায়ণ সকলোৰে বাবে ধর্মৰ এক শ্রেষ্ঠ উদাহৰণ, নীতিনৈতিকতাৰ অনন্য দৃষ্টান্ত। মর্যাদা পুৰুষোত্তম শ্রীৰাম হ’ল ৰামায়ণত উল্লেখিত চৰিত্ৰ সমূহৰ ভিতৰত প্রধান ও শ্রেষ্ঠতম। এজন ৰাজপুত্র ধর্মৰ নির্দেশ পালনত অটল, পিতৃসত্য পালনত নির্ভীক আৰু এজন স্বামী হিচাপে স্ত্রীৰ প্রতি আনুগত্য ।এই সকলো গুণে শ্রীৰামক অনন্য কৰি তুলিছে।সীতাক উদ্ধাৰৰ বাবে মর্যাদা পুৰুষোত্তম শ্রীৰামৰ বীৰোচিত আত্মত্যাগ আৰু শৌর্য সকলো বীৰপুৰুষৰ বাবে অনুপ্রেৰণা। কিন্তু লঙ্কা বিজয় আৰু ৰাবণৰ পৰাজয়ত মর্যাদা পুৰুষোত্তম শ্রীৰাম যেনেদৰে বন্দিত আৰু বীৰৰ আসনত অধিষ্ঠিত ঠিক তাৰ বিপৰীত বাখ্যা কৰা পৰিলক্ষিত হয় ধর্মৰ সপক্ষে অংশগ্রহণ কৰা লঙ্কাৰাজ ৰাবণৰ ভাতৃ বিভীষণৰ। বর্তমান সমাজে তেওঁক থিয় কৰাইছে কাঠগড়াত, কলঙ্কিত কৰিছে তেওঁৰ ধার্মিক চৰিত্রক লগতে এক কুৎসিত প্রবাদ বাক্য প্রচলন কৰিছে, “ঘৰৰ শত্রু বিভীষণ”। এয়া কেৱল নিতান্তই আমাৰ মূর্খতাৰ পৰিচয়েই নহয় বৰঞ্চ একপ্ৰকাৰৰ ভুল প্রোপাগেণ্ডা। ৰাবণক লম্পট চৰিত্ৰৰ অহংকাৰী ৰজা হিচাপে, লগতে মর্যাদা পুৰুষোত্তম শ্রীৰাম আৰু লক্ষ্মণক অসহায় ৰজা হিচাপে উপস্থাপন কৰা হৈছে। ইয়াৰ লগতে, অধার্মিক ৰাবণৰ ভ্রাতৃ/ভাই বিভীষণক বাখ্যা কৰা হৈছে বেইমান আৰু বিশ্বাসঘাতক হিচাপে।
কিন্তু এনেধৰণৰ প্রোপাগেণ্ডাৰ সত্যতা কি ?বিভীষণ বাৰু সঁচাকৈয়ে বিশ্বাসঘাতক আছিল নেকি? বিভীষণ সঁচাকৈয়ে ঘৰ শত্রু নেকি?
বিভীষণৰ চৰিত্র বুজিবলৈ হ’লে আমি তেওঁৰ জীবন দৰ্শন সুক্ষ্ম ভাৱে পর্যবেক্ষণ কৰাৰ প্রয়োজন আছে । কাৰণ বাল্মিকী ৰামায়ণ পঢ়িলে, বিভীষণক এজন সত্যনিষ্ঠ,
স্পষ্টভাষী ,ধার্মিকব্যক্তি হিচাপে দেখা যায় ।তেওঁ যিদৰে আনক অন্যায় নকৰিছিল, তেনেদৰে কোনো অন্যায়কে সমর্থন কৰা তেওঁৰ পক্ষে অসম্ভব আছিল। সেয়েহে তেওঁ লঙ্কাধিপতি ৰাবণৰ সন্মূখত নির্ভয়ে অন্যায়ৰ প্রতিবাদ কৰিছিল।
“ ঈদৃশৈস্ত্বং সমাচাৰৈর্যশোহর্থ কুলনাশনৈ:
ধর্ষণং প্রাণিনাং জ্ঞাত্বা স্বমতেন বিচষ্টসে । “
– বাল্মীকি ৰামায়ণ (৭।২৫।১৮)
অর্থাৎ, হে ৰাজণ স্ত্রী জাতিৰ প্রতি আপোনাৰ এই অভিলাশ অত্যন্ত পীড়াদায়ক ।এনে কৰিলে ধর্মনাশ হয় সেয়া জ্ঞাত হৈয়ো আপুনি এই কুলনাশক কামত প্রবৃত্ত হৈছে ।
লঙ্কাধিপতি ৰাবণ যদিও জ্ঞানী আছিল কিন্তু তেওঁ আছিল অধার্মিক আৰু পাপাচাৰী। এজন ধার্মিক সদাচাৰী হিচাপে বিভীষণে কেনেকৈ ৰাবণৰ পক্ষত থাকিব? যদি নিজ আত্মীয় বন্ধু বা প্রিয়জন হোৱাৰ কাৰণে অধর্মক অবলম্বন কৰিব লগা হয়, তাত ধর্মৰ প্রাসঙ্গিকতা ক’ত থাকিব?
মহাভাৰতত কর্ণ আছিল অত্যন্ত শক্তিশালী যোদ্ধা। তেওঁ দানবীৰ হিচাপে বিশ্বব্যাপী সুখ্যাতি লাভ কৰিছিল । কিন্তু যেতিয়া পাশা খেলাৰ সময়ত তেওঁ পাণ্ডৱ ৰ সৈতে হোৱা অন্যায়ৰ প্রতিবাদ নকৰি মৌন আছিল , যেতিয়া দ্রৌপদীখ ৰাজসভাত অপদস্ত কৰাৰ নিচিনা ঘটনা সংঘটিত হৈছিল, তেতিয়া তেওঁ কোনো প্রতিবাদ কৰা নাছিল। কর্ণ কৃষ্ণ সংবাদত মহাভাৰতৰ কর্ণপর্বৰ ৯১ অধ্যায়ত ভগবান শ্রীকৃষ্ণ ই কর্ণক কৈছিল –
দুর্য্যোধন, দুঃশাসন আৰু শকুনিয়ে তোমাৰ সন্মূখত একবস্ত্রা দ্রৌপদীক যে হস্তিনাপুৰৰ ৰাজসভাত অপমান কৰিছিল, তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
যেতিয়া দুষ্ট কুট শকুনিয়ে দুৰভিসন্ধি কৰি তোমাৰ সন্মূখত অনভিজ্ঞ ৰজা যুধিষ্ঠিৰক পাশা খেলত পৰাস্ত কৰিছিল, তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
যেতিয়া তুমি বাৰণাবত নগৰৰ জতুগৃহত প্রসুপ্ত পাণ্ডবক দগ্ধ কৰিবৰ বাবে অগ্নি প্রদান কৰিছিলা, তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
যেতিয়া তুমি ৰাজসভাত দুঃশাসনৰ বশীভূত হৈ
ৰজঃস্বলা দ্রৌপদীক, “হে কৃষ্ণে! পাণ্ডব সকল বিনষ্ট হৈ শাশ্বত” নৰকত গমন কৰিছে, গতিকে তুমি অন্য পতিক বৰণ কৰা” বুলি উপহাস কৰিছিলা তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
যেতিয়া তুমি ৰাজ্যলোভৰ বাবে শকুনিয়ে পাণ্ডবক পাশা খেলত অংশ গ্ৰহণ কৰিবলৈ আহ্বান কৰিছিল , তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল ?
যেতিয়া তুমি মহাৰথী সহ বালক অভিমন্যুক পৰিবেষ্টনপূর্ব্বক বিনাশ কৰিছিলা, তেতিয়া তোমাৰ ধর্ম্ম ক’ত আছিল?
উপৰোক্ত প্রশ্ন সমূহ আছিল শ্ৰীকৃষ্ণই এজন ধার্মিকৰ বুদ্ধি বিবেকৰ প্রতি কৰা প্রশ্ন। ভগবান শ্রীকৃষ্ণই কর্ণক এই প্ৰশ্ন এই কাৰণে কৰিছিল,কাৰণ কর্ণই য’ত ধর্ম আচৰণ কৰিব লাগিছিল ,সেই সময়ত অধর্মৰ পক্ষত অস্ত্র ধৰিছিল।
একেটা অভিযোগ বিভীষণৰ প্রতিও আৰোপিত হ’ল হয়। যদি তেওঁ ৰাবণক নিজৰ ধর্মৰ কথা স্মৰণ নকৰাই ৰাজপদৰ আশাত মৌন হৈ থাকিল হয়। কিন্তু ধর্মাত্মা বিভীষণে মাতা সীতাৰ হৰণকাৰী, দুষ্ট প্রকৃতিৰ, ৰাবণৰ পক্ষত থকাটো অন্যায় হিচাপে বিবেচনা কৰিলে। আজিৰ বর্তমান প্রজন্মই সেই ধর্মাত্মা বিভীষণকে কিন্তু বিশ্বাসঘাতক (ভুল বাখ্যাৰ) হিচাপে প্রতিপন্ন কৰি আহিছে।
এনে অভিযোগ গ্রহণযোগ্য হ’ব পাৰে বুলি আপুনি ভাবে নেকি? সনাতন ধর্মৰ পৰম আৰাধ্য মর্যাদা পুৰুষোত্তম শ্রীৰামৰ জীবনীক কলংকিত কৰাৰ এক অপপ্রয়াস নহয়তো! বিভীষণে কি অন্যায় কৰিছিল । তেওঁ ৰাবণৰ পাপৰ বিৰুদ্ধে প্রতিবাদ কৰি, ধর্মৰ পক্ষ লৈছিল, ন্যায়ৰ পক্ষত থাকি, ৰাবণক সুপথগামী হোৱাৰ বাবে আহ্বান কৰি ৰাজ্যৰ পৰা বিতাড়িত হৈছিল । সত্যৰ ধ্বজাধাৰী হৈ ধর্মাচৰণ কৰাটো কেতিয়াও অন্যায় হব নোৱাৰে, আৰু সেয়েহে বিভীষণ ঘৰ শত্রু নহয় বৰঞ্চ ধর্মৰ পক্ষত থাকি অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ কৰা এক সাহসী চৰিত্ৰ ।