- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
বিহালীত খুব দুখ লগাকৈ ব্যৰ্থ হ’ল বিৰোধী ঐক্য। ভূপেন বৰাৰ চেষ্টাৰ পিছতো চিপিআই(এম এল) ৰ প্ৰাৰ্থীজনক কংগ্ৰেছে আসনখন এৰি নিদিলে। তাৰ পৰিবৰ্তে বিজেপিৰ সদস্য এজনক কংগ্ৰেছে টিকট দিলে। ধনবান নেতাজনে বিজেপিৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব বুলি গৌৰৱ গগৈৰ কথাত পতিয়ন গৈ কংগ্ৰেছ হাইকামাণ্ডে এই সিদ্ধান্ত ল’লে। ইয়াৰ পিছত আকৌ এবাৰ প্ৰমাণ হ’ল যে অসম কংগ্ৰেছত গৌৰৱ গগৈৰ মতে কাম হয়। ভূপেন বৰা কেবল মাত্র _নাম কে ৱাস্তে।
আমাৰ দৃষ্টিত গৌৰৱৰ সিদ্ধান্ত সঠিক কাৰণ চিপিআই( এম এল)ৰ প্ৰাৰ্থীজনক আসন খন এৰি দিলে বিজেপিৰ বিজয় নিশ্চিত আছিল। এতিয়া অন্ততঃ যুঁজ এখন হ’ব। বিৰোধী ঐক্যৰ নামত আসন এখন এনেই এৰি দিব নোৱাৰি। লুৰিণ আৰু অখিলেও নিজৰ শক্তি আহৰণ কৰিব লাগিব। কংগ্ৰেছৰ নেঙুৰত ধৰি বৈতৰণী পাৰ হ’ম বুলি ভাবি থাকিলে এনেকুৱা অৱস্থা হবই। নিজৰ দলৰ প্ৰসাৰ কৰি যেতিয়া দুই গগৈয়ে জনপ্ৰিয়তা অৰ্জন কৰিব তেতিয়া কংগ্ৰেছৰ নেতা সকল নিজেই তেওঁলোকৰ ঘৰলৈ আহিব। নহ’লে এনেকৈ কান্দি কান্দি সময় নষ্ট কৰিব লাগিব।