- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
ৰাজনীতি অসমৰ যোৱামাহৰ অ’পিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো_অনাগত দিনত অসমৰ মুখ্যমন্ত্রীক কি কাৰকে বিপদত পেলাব পাৰে?
আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনেধৰণৰঃ
পত্নীৰ ব্যৱসায়িক বিস্তাৰঃ ৪২.৯%
একনায়কত্ববাদ: ২৩.৮%
পুৰণি বিজেপিক উপেক্ষাঃ ১৯%
প্ৰাক্তন কংগ্ৰেছীৰ প্ৰতি দৰদ: ৯.৫%
অন্য: ৪.৮%
অসমৰ ৰাইজে বিশ্বাস কৰে যে মুখ্যমন্ত্রী পত্নীৰ ব্যবসায়িক বিস্তাৰে অনাগত দিনত মুখ্যমন্ত্রীৰ বাবে বিপদ মাতিব পাৰে। বাতৰি কাকত আৰু ইলেকট্ৰনিক মিডিয়াত প্ৰভুত্ব বিস্তাৰ কৰাৰ পিছত মুখ্যমন্ত্রী পত্নীয়ে বহুতো নতুন ব্যৱসায়ত নামি পৰে। আইনীভাবে মুখ্যমন্ত্রী পত্নীৰ ব্যৱসায় কৰাত কোনো বাধা নাই কিন্তু নীতিগত ভাবে এনে কৰা অনুচিত। মুখ্যমন্ত্রী পত্নী হোৱাৰ বাবে সকলো অফিচাৰে চকু মুদি তেখেতৰ ফাইলত চহী কৰিব। ইয়ে সমাজত এক ভুল বাৰ্তা প্ৰেৰণ কৰে। এই সুযোগতে বিৰোধীয়ে বহু ভুৱা বাতৰি প্ৰচাৰ কৰিবলৈও সুযোগ পায়। উজনিৰ বহু চাহবাগান, ভিভান্তা হোটেল, জিএছ ৰোডৰ নতুন মেকডোনাল্ড, সেউজীয়া চিটি বাছ সকলোবোৰ হেনো মুখ্যমন্ত্রী পত্নীৰ। এইবোৰ বাতৰিয়ে (সচা বা ভুৱা যিয়ে নহওক) ৰাইজৰ মনত আক্ৰোষৰ সৃষ্টি কৰি মুখ্যমন্ত্রীৰ ইমেজ নষ্ট কৰাৰ যঠেষ্ট অবকাশ থাকে।