- পাৰ্থ প্ৰতীম লহকৰ
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ
কভিদ , চাকৰিৰ দুৰ্নীতি, জেহাদি ডকাইতৰ দৌৰাত্মক পৰাভূত কৰি এক লাখ চাকৰিৰ লক্ষ্য , চৰকাৰী চিকিৎসা খণ্ডত উন্নয়নৰ লক্ষ্য , সৰ্বাঙ্গ সুন্দৰ গুৱাহাটী ইত্যাদি বিভিন্ন টাৰ্গেট পুৰণ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে এতিয়াও তিনিটা বছৰ । চাকৰিৰ দালাল , ড্ৰাগছৰ দালাল , জেহাদিৰ দালালক কিছু পৰিমাণে হলেও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা মুখ্যমন্ত্ৰীৰ সন্মুখত এটা ডাঙৰ সমস্যা হৈছে বিসম্বাদীৰ দ্বাৰা আৰম্ভ হোৱা দল বিৰোধী কাৰ্য্যকলাপ । সৰ্বানন্দ সোণোৱালৰ সময়টো বিসম্বাদ আছিল । কিন্তু বিজেপিৰ প্ৰথম কাৰ্য্যকাল হোৱাহেতুকে বিসম্বাদৰ চোক সেই সময়ত সীমিত আছিল । এতিয়া নতুনৰ লগতে পুৰণি নেতাখিনিও ধনে ধন্যাদি নোদোকা হ’ল । জিলা পৰ্য্যায়ৰ নেতাসমুহো কৌটিপতি হ’ল , পত্নী – পুত্ৰক ভাল ভাল স্থানত ৰাখিব পৰা হল । সৰ্বানন্দ সোণোৱালৰ সময়ত সোনৰ চামুচেৰে ক্ৰীম খোৱাসকলৰ সৰহখিনি এতিয়া আগৰদৰে সুবিধা নোপোৱা হল । সংঘ পৰিয়ালৰ নেতাৰ বহুতেই স্বকীয়তা হেৰুৱাই পেলোৱাৰ মুহুৰ্তত কিছুমান নতুন অংকৰ উদ্ভৱ হৈছে । যিসকল সংঘৰ নেতাক সৰ্বানন্দ সোণোৱালে মুৰত তুলি ফ্ৰি লাইচেঞ্চ দিয়া হৈছিল সেইবিলাক নেতাৰ ক্ষমতা বৰ্তমান চৰকাৰৰ সময়ত কিছু লোপ পাইছে । হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত প্ৰত্যহ্বান হিচাপে থিয় দিছে ৯০ দশকৰ একাংশ পুৰণি বিজেপি আৰু ক্ষমতা হেৰুওৱা সংঘ পৰিয়ালৰ কিছু নেতা । কিন্তু মুখ্যমন্ত্ৰীৰ ডাঙৰ প্লাচ পইন্ট হৈছে সাধাৰণ ভোটাৰ। যি ভোটাৰে একমাত্ৰ বিশ্বাস কৰে হিমন্ত বিশ্ব শৰ্মাক। আৰ.এছ.এছৰ বহু নেতা সৰ্বানন্দ সোণোৱালৰ সময়ত বহু শক্তিশালী আছিল। এজনেতো গৃহমন্ত্রীৰ দৰে আচৰন কৰিছিল। আমাৰ সন্মুখতে পুলিছক ধমক দি লক আপৰ পৰা মানুহ উলিয়াই নিছিল। পিছে সময় সলনি হ’ল। আজিকালি পুলিছে কেবল ডিজিপিৰ কথা শুনে আৰু ডিজিপিয়ে মুখ্যমন্ত্রীৰ। সোণোৱালৰ সময়ত সৰ্বশক্তিমান মিনি গৃহমন্ত্রীবোৰ নোহোৱা হ’ল। তেওঁলোকক দেখা যায় জিলা পৰ্য্যায়ৰ সৰু কাৰ্য্যক্ৰম বোৰত। ফলত তেওঁলোকে বেদনা পোৱাটো খুৱেই স্বাভাবিক। মুখ্যমন্ত্রীক আতৰাবৰ বাবে এওঁলোকে আৰম্ভ কৰিছে ষড়যন্ত্র। নাম প্ৰকাশত অনিচ্ছুক ৰাজ্যিক পৰ্য্যায়ৰ নেতাএজনে আমাক দুখ কৰি কৈছে যে ক্ষমতা আৰু টকা এতিয়া মাত্র একজন মানুহৰ হাতত আছে। এইসকল ব্যক্তিয়ে যিমানে চেষ্টা নকৰক কিয় হিমন্ত বিশ্ব শৰ্মাৰ একো ক্ষতি কৰিব নোৱাৰে। অমিত শ্বাহৰ সকলোতকৈ প্ৰিয় ব্যক্তিজনে হ’ল শৰ্মা। উত্তৰ প্ৰদেশ, গুজৰাট, তেলেংগানা আদিতো শৰ্মাৰ ফেন বহুত। আজি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নেতা ড° হিমন্ত বিশ্ব শৰ্মাক এই দুখী নেতাসকলে দিব পাৰিব কেবল অভিশাপ।