- পাৰ্থ সাৰথি দত্ত
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
২০২৪ৰ লোকসভা নিৰ্বাচনে পুনৰ একবাৰ এগজিত প’লৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্নবোধক চিহ্নৰ উদয় কৰে। ইণ্ডিয়া টুডেৰ দৰে প্ৰতিষ্ঠানে ৪০০ আসন দিয়া এনদিএ পালে ২৯০খন আসন। অব কি বাৰ ৪০০ পাৰ শ্লোগান দিয়া বিজেপিয়ে অকলে সংখ্যাগৰিষ্ঠতাৰ পৰা ৩২খন আসন নিলগত থাকিল। অযোধ্যাত বিজেপি পৰাজিত হ’ল। মোদীৰ জয়ৰ ব্যৱধান ১.৫ লাখলৈ হ্ৰাস পালে।
মোদী মেজিক নাইকিয়া হ’ল নেকি?
১০ বছৰ শাসন কৰাৰ পিছত প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকিব। বিজেপিয়ে মোদীক অজেয় বুলি যি প্ৰচাৰ চলাইছিল সেয়া বাস্তবত প্ৰতিফলিত হোৱা দেখা নগ’ল। কিন্তু ২৪০খন আসন পোৱাও সহজ কথা নহয়। এই ২৪০খন আসন যদি বিজেপিয়ে ২০১৪ত পালেহেতেন তেন্তে মোদীক যাদুগৰ বুলি সকলোৱে ক’লেহেতেন। ২০২৪ত বিজেপিয়ে কৰা প্ৰদৰ্শন তেওঁলোকৰ তৃতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। আনফালে এয়া কংগ্ৰেছৰ তৃতীয় সকলোতকৈ বেয়া প্ৰদৰ্শন। কিন্তু বিজেপিয়ে ৪০০ পাৰ কৈ ইমান হৈচৈ কৰিছিল যে ২৪০খনতকৈ ৯৯ বেছি যেন হ’ল। মোদী এতিয়াও ভাৰতৰ সকলোতকৈ জনপ্ৰিয় নেতা। কিন্তু এটা কথা ঠিক যে ভাৰতৰ ৰাইজে অকল মোদীৰ নামত এতিয়া চকু মুদি ভোট নিদিয়ে। ৰাজ্যিক নেতাসকলো ভাল হ’ব লাগিব, প্ৰাৰ্থীজনো যোগ্য হ’ব লাগিব তথা সকলো জাতি জনগোষ্ঠীক গুৰুত্ব দিব লাগিব।
বিজেপিৰ আসন কমিল কিয়?
মধ্যপ্ৰদেশ,উৰিষ্যা, অন্ধ্ৰ, অসমত এনদিএৰ আসন বাঢ়িল। উত্তৰাখণ্ড, হিমাচল, দিল্লী আদিত একেই থাকিল। কেৰেলাত বিজেপিয়ে খাটা খুলিলে। বিজেপিৰ প্ৰধানকৈ ক্ষতি হ’ল উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰত। বিজেপিৰ ভঙা পতা খেলত মহাৰাষ্ট্ৰৰ ৰাইজ অতিষ্ঠ হৈ পৰিছিল। শিৱসেনাক ভঙা বিজেপিয়ে কিছু মাহ পিছত এনচিপিকো ভাঙি দিলে। বিজেপিৰ এই কাৰ্য্যক ৰাইজে বিৰোধ কৰিলে। ৰাজস্থানত বিজেপিয়ে এজন ব্ৰাহ্মণক মুখ্যমন্ত্রী পাতিলে। ফলত তাত থকা ৰাজপুত আৰু জাট দুয়োটা জাতি অসন্ত্তষ্ট হ’ল। উত্তৰ প্ৰদেশত বিজেপিয়ে জাতিগত সমীকৰণ ঠিকমতে বহুৱাব নোৱাৰিলে। ২০১৪ আৰু ২০১৯ত অমিত শ্বাহে উত্তৰ প্ৰদেশত ব্যাপক অগ্ৰগতি দিবলৈ সক্ষম হৈছিল। বৰ্তমানৰ সভাপৰি জেপি নদ্দা এইক্ষেত্রত ব্যৰ্থ হ’ল। যোগী আদিত্যনাথৰ ৰাজনৈতিক বিচক্ষণতালৈও প্ৰশ্নচিহ্নৰ উদয় হৈছে।
বহুতে ক’ব বিচাৰে যে বিজেপিৰ over confidence এ এই তিনিখন ৰাজ্যত পৰাজয়ৰ কাৰণ। ভাৰত এখন বিশাল ৰাজ্য। ইয়াৰ এখন ৰাজ্যৰ লাগত আনখন ৰাজ্যৰ সমীকৰণ নিমিলে। অসমত ১১খন আসন পোৱা বিজেপিয়ে মণিপুৰত মুখঠেকেচা খালে। মধ্যপ্ৰদেশত ক্লিন চুইপ পৰা বিজেপিয়ে কাষৰীয়া ৰাজ্য উত্তৰ প্ৰদেশত ধৰাষায়ী হ’ল। বিজেপিৰ well oiled নিৰ্বাচনী মেচিনত আৰু অধিক তেল ভৰাই আৰু অধিক মাইক্ৰ মেনেজ কৰিব বুলি জনা গৈছে। মোদী মেজিকৰ চোক কমিব আৰম্ভ কৰিছে।