- প্ৰিয়াংকু নাৰায়ন বৰুৱা
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
নিৰ্মলা সীতাৰমণে তেওঁৰ সপ্তম কেন্দ্ৰীয় বাজেটৰ ভাষণত কয় যে এইবাৰৰ বাজেটত ৯ টা বিষয়বস্তুক অগ্ৰাধিকাৰ দি স্থায়ী প্ৰচেষ্টাৰ কল্পনা কৰা হৈছে ৷ সেইকেইটা হ’ল –
কৃষিত উৎপাদনশীলতা আৰু স্থিতিস্থাপকতা,নিয়োগ আৰু দক্ষতা,অন্তৰ্ভুক্ত মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়,উৎপাদন আৰু সেৱা,নগৰ উন্নয়ন,শক্তি সুৰক্ষা
আন্তঃগাঁথনি,উদ্ভাৱন-গৱেষণা আৰু উন্নয়ন। বাজেটত আৰম্ভণিতে এক অভিলাষী চিন্তাৰ উমান পোৱা যায়।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত দৰিদ্ৰ জনসাধাৰণ,যুৱক,অন্নদাতা (কৃষক) আৰু মহিলাক অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হৈছে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট ভাষণত পৰৱৰ্তী পাঁচ বছৰত প্ৰায় ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিযুক্তি সৃষ্টিৰ প্ৰস্তাৱ দিছে । ইয়াৰ বাবে বিত্তমন্ত্ৰীয়ে ২ লাখ কোটি টকা আৱণ্টন কৰিছে । একেদৰে নিয়োগ সৃষ্টিৰ বাবে যাতে নাগৰিকসকলক দক্ষ কৰিব পৰা যায় তাৰ বাবে তেওঁ বাজেটত ১.৪৮ কোটি টকাৰ প্ৰস্তাৱ দিছে । ইয়াৰ দ্বাৰা আগন্তুক পাঁচ বছৰৰ ভিতৰত ২০লাখ যুৱক-যুৱতীক দক্ষ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
আনহাতে, বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা মতে, দেশৰ মুঠ ১০০০ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীত কৰা হ’ব । বাজেট ভাষণত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে প্ৰস্তাৱ দিয়ে যে সকলো খণ্ডৰে নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলো কৰ্মচাৰীক এককালীন মজুৰি প্ৰদান কৰা হ’ব । এই ইনচেণ্টিভ নতুনকৈ নিযুক্তি লাভ কৰাসকলক প্ৰত্যক্ষ লাভালাভ প্ৰদানৰ (Direct Benefit Transfer, DBT) জৰিয়তে প্ৰদান কৰা হ’ব ।লগতে চৰকাৰে পাঁচ বছৰত এক কোটি যুৱক-যুৱতীক ৫০০ টা কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ সুযোগ আৰম্ভ কৰিব । এই ইণ্টাৰ্ণসকলে বাস্তৱ জীৱনৰ পৰিৱেশৰ সংস্পৰ্শলৈ আহিব আৰু প্ৰতিমাহে ৫০০০ টকাৰ ভাট্টা লাভ কৰিব বুলিও বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে।উল্লেখ্য যে কোম্পানীবোৰে এই প্ৰশিক্ষণ প্ৰদান কৰিব আৰু চি এছ আৰ পুঁজিৰ পৰা ১০ শতাংশ প্ৰশিক্ষণ ব্যয় বহন কৰিব।এই বাজেটৰ মুখ্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত নিযুক্তি, দক্ষতা, এম এছ এম ই আৰু মধ্যবিত্ত শ্ৰেণী অন্যতম।এনে প্ৰেক্ষাপটত যুৱ প্ৰজন্ম তথা মহিলা সকলৰ বাবে বাজেট খন উপযোগী বিবেচিত হোৱাৰ সম্ভাৱনা নস্যাৎ কৰাটো উদ্দেশ্যপ্ৰণোদিত চৰ্বিত-চৰ্বণ যিটো একাংশ বিৰোধী নেতাই কেৱল বিৰোধৰ বাবেই বিৰোধিতা কৰাৰ চিন্তাত প্ৰতিফলিত হৈছে।
এইবাৰৰ সাধাৰণ বাজেটত গ্ৰাম্য উন্নয়নৰ বাবে ২.৬৬ লাখ কোটি টকা আবণ্টন দিয়া হৈছে, য’ত গ্ৰাম্য আন্তঃগাঁথনিও অন্তৰ্ভুক্ত কৰা হৈছে।পি এম আৱাস যোজনাৰ অধীনত গ্ৰামাঞ্চল আৰু চহৰ অঞ্চলত অতিৰিক্ত তিনি কোটি ঘৰ নিৰ্মাণ কৰা হ’ব ।চৰকাৰে নিয়োগ সম্পৰ্কীয় তিনিখন আঁচনি আৰম্ভ কৰিব-এয়া এক আশাৰ বাৰ্তা। ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত চৰকাৰে এমাহৰ PF (প্ৰভিডেণ্ট ফাণ্ড)ৰ বৰঙণি আগবঢ়াই ৩০ লাখ চাকৰিৰ প্ৰাৰ্থীক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।মহিলাসকলৰ বাবে হোষ্টেল স্থাপন কৰা হ’ব । জলবায়ু স্থিতিস্থাপক বীজ নিৰ্মাণৰ বাবে ব্যক্তিগত খণ্ড, ডমেইন বিশেষজ্ঞ আদিক চৰকাৰে ধন আগবঢ়াব।ইতিমধ্যে প্ৰচলিত এখন আঁচনি – এমএনৰেগা (মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা) –আচনিৰ জৰিয়তে প্ৰতিখন পৰিয়ালৰ প্ৰাপ্তবয়স্ক সদস্যই হাতৰ কাম কৰিব বিচৰা প্ৰতিটো পৰিয়ালৰ অন্ততঃ এজন সদস্যক এটা বিশেষ বিত্তীয় বৰ্ষত ১০০ দিনৰ মজুৰি নিয়োগ প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে ।
কৃষি আৰু সহযোগী খণ্ডসমূহক ১.৫২ লাখ কোটি টকা আৱণ্টন দিয়া ঘোষণা অনুপ্ৰেৰণাদায়ক সদিচ্ছাৰ প্ৰতিফলন। কৃষি খণ্ডত গৱেষণা আৰু বিকাশৰ ওপৰত গুৰুত্ব আৰোপ বাজেটৰ আন এক ইতিবাচক দিশ।গৱেষণা আৰু পৰীক্ষামূলক বিকাশৰ বাবে যথেষ্ট পুঁজি প্ৰদান কৰা হ’ব । বিশেষকৈ মাহজাতীয় শস্য আৰু তৈলবীজৰ উৎপাদন, সঞ্চয় আৰু বিপণনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।সেইবোৰৰ উৎপাদন, সঞ্চয় আৰু বিপণন শক্তিশালী কৰিব। এই পদক্ষেপৰ উদ্দেশ্য হৈছে সৰিয়হ, চিনাবাদাম, তিল, চয়াবিন আৰু সূৰ্যমুখী ফুলৰ দৰে তৈলবীজত ‘আত্মনিৰ্ভৰশীলতা’ লাভ কৰা । অন্তৱৰ্তীকালীন বাজেটত ঘোষণা কৰা অনুসৰি সৰিয়হ, চিনাবাদাম, তিল, চয়াবিন আৰু সূৰ্যমুখী ফুলৰ দৰে তৈলবীজৰ বাবে ‘আত্মনিৰ্ভৰতা’ৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰা হৈছে।
সমবায় খণ্ডৰ প্ৰণালীবদ্ধ, সুশৃংখল আৰু সৰ্বাংগীন বিকাশ নিশ্চিত কৰাৰ বাবে এক নতুন ৰাষ্ট্ৰীয় সহযোগিতা নীতি প্ৰৱৰ্তন কৰা হ’ব । গ্ৰাম্য অৰ্থনীতিৰ দ্ৰুত বিকাশ আৰু বৃহৎ পৰিমাণত নিযুক্তিৰ সুযোগ সৃষ্টি কৰাটো হ’ব নীতিগত লক্ষ্য।অৰ্থনৈতিক স্বাৱলম্বিতাৰ দৃষ্টিকোণেৰে এয়া সময়োপোযোগী স্থিতি বুলি নি:সন্দেহ ক’ব পাৰি।
তিনি লাখ টকালৈ আয়কৰ ৰেহাই, বান সমস্যাৰ বাবে বিশেষ পুঁজি এক উল্লেখযোগ্য সংযোজন।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাজেটক ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে ৰোডমেপ বুলি অভিহিত কৰাটো তাৎপৰ্যপূৰ্ণ।
কেন্দ্ৰীয় বাজেটত ব্যক্তিগত আয়কৰ সন্দৰ্ভতো কেতবোৰ স্থিতি গ্ৰহণ কৰা হৈছে।নতুন কৰ ব্যৱস্থালৈ পৰিৱৰ্তন হোৱা দৰমহাপ্ৰাপ্ত কৰ্মচাৰীৰ বাবে মানক কৰ্তন ৫০,০০০ ৰ পৰা ৭৫,০০০ লৈ বৃদ্ধি কৰা হ’ব।একেদৰে পেঞ্চনাৰসকলৰ বাবে পৰিয়ালৰ পেঞ্চনৰ বাবে কৰ্তন ১৫,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰা হ’ব । ইয়াৰ দ্বাৰা প্ৰায় ৪ কোটি দৰমহা আৰু পেঞ্চনাৰ ব্যক্তিয়ে সকাহ পাব।এই বাজেটত মূলধনী লাভৰ কৰ বহু পৰিমাণে সৰল কৰাৰ প্ৰস্তাৱ আছে । কিছুমান বিশেষ বিত্তীয় সম্পত্তিৰ ওপৰত হ্ৰস্বম্যাদী লাভ এতিয়া ২০% লোৱা হ’ব, আনহাতে বৰ্তমানৰ হাৰ বাকী সকলো সম্পত্তিৰ ওপৰত প্ৰযোজ্য হৈ থাকিব। ‘‘নিম্ন আৰু মধ্যম আয়ৰ গোটটোক উপকৃত কৰিবলৈ মই মূলধনী লাভৰ বাবে কিছুমান বিত্তীয় যন্ত্ৰৰ ৰেহাইৰ সীমা বছৰি ১.২৫ লাখ লৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ উপযোগী বিবেচিত হ’ব।বিনিয়োগকাৰীৰ বাবে এঞ্জেল টেক্স বিলুপ্ত কৰাটো ‘‘ভাৰতীয় ষ্টাৰ্টআপ ইক’চিষ্টেম শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ প্ৰয়াস।
কেন্সাৰ ৰোগীৰ বাবে তিনিটা ঔষধ শুল্ক সম্পূৰ্ণৰূপে ৰেহাই
ভাল পদক্ষেপ।
ভূমি প্ৰশাসন, পৰিকল্পনা আৰু নগৰ অন্তৰ্ভুক্তকে ধৰি চহৰ আৰু গ্ৰাম্য উভয় অঞ্চলতে ভূমি সম্পৰ্কীয় সংস্কাৰ পৰিকল্পনা আৰু নিৰ্মাণ উপ-বিধি সংস্কাৰৰ দিশতো এই বাজেটত প্ৰস্তাৱ আছে।।গ্ৰাম্য ভূমি সম্পৰ্কীয় কামৰ ভিতৰত সকলো মাটিৰ বাবে একক তথ্যকোষ আবণ্টন, ট’প’লজিকেল মেপ ডিজিটেলাইজেচন, ভূমি জৰীপ আৰু ভূমি পঞ্জীয়ন স্থাপন আদি থাকিব।শ্ৰম সম্পৰ্কীয় সংস্কাৰৰ ক্ষেত্ৰত আমাৰ চৰকাৰে শ্ৰমিকসকলৰ বাবে কৰ্মসংস্থাপন আৰু দক্ষতাকে ধৰি বিভিন্ন ধৰণৰ সেৱাৰ সুবিধা প্ৰদান কৰিব।ব্যাপকভাৱে পৰিৱৰ্তিত চাকৰি বজাৰৰ বাবে মুক্ত আৰ্কিটেকচাৰ ডাটাবেছ অন্তৰ্ভুক্ত কৰা হ’ব আৰু সম্ভাৱ্য কৰ্মচাৰীসকলক উদ্যোগটোৰ সৈতে সংযোগ কৰা হ’ব । উদ্যোগ আৰু বাণিজ্যৰ বাবে অনুসৰণ সহজ কৰি তুলিবলৈ শ্ৰম সুবিধা আৰু সমাধান পৰ্টেলৰ সংস্কাৰ আদি দিশতো মনোনিবেশ কৰাটো ভৱিষ্যত সম্ভাৱনাৰ দৃষ্টিকোণেৰে প্ৰয়োজনীয় চিন্তা৷ইয়াৰ উপৰিও ভাৰতীয় সভ্যতাৰ অংগ স্বৰূপ পৰ্যটন ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হৈছে চলিত বাজেটত।এনে বিভিন্ন দিশৰ বিশ্লেষণ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক সৰ্বস্তৰৰ জনসাধাৰণৰ হৃদয়ৰ অন্ত:স্ৰোতৰ আহ্বান সংপৃক্ত দস্তাবেজ আখ্যা দিব পাৰি।
প্ৰিয়ংকু নাৰায়ণ বৰুৱা,৮৬৩৮৫৫৪৬৫৩