শ্ৰীমদ অৰবিন্দ আৰু খালিস্তানী

509
  • শিৱ প্ৰসাদ শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


দিল্লীৰ আম আদমী পাৰ্টিৰ দহজন এম এল এই গোপনে অমিত শ্বাহক লগ কৰিব বিচাৰিছে৷ আইন মতে বিধান সভা বা লোক সভাৰ যিকোনো দলৰ এক তৃতীয়াংশ সদস্যইহে গোট বান্ধি দল সলাব পাৰে, দিল্লী বিধান সভাত আপৰ সদস্য মুঠ ৬৩ জন৷ এক তৃতীয়াংশ হ’বলৈ ২১ জন সদস্য হ’ব লাগিব, তেনেস্থলত দহজন সদস্যই বিজেপিত যোগদান কৰিলে তেওঁলোক আম আদমী পাৰ্টীৰ দ্বাৰা ৰীতিমত নিলম্বিত হ’ব৷ আনফালে অহা মাহত দিল্লী বিধান সভাৰ চাৰি বছৰ সম্পুৰ্ণ হ’ব৷ চাৰি বছৰ সম্পুৰ্ন কৰা এম এল এই পেন্সন পোৱাৰ যোগ্যতা ৰাখে৷ সমৰ্থিত বাতৰি মতে বিজেপিৰ দিল্লী ৰাজ্যিক কমিটিয়ে আপৰ পৰা জপিয়াব বিচৰা প্ৰাৰ্থী সকলক আদৰণি জনাব বিচৰা নাই। প্ৰথম কথা এই আটাইকেইজনৰে ’ৰাজহুৱা নেতৃত্ব সুলভ’ অভিব্যক্তি নাই, নাই ব্যাপক জনাধাৰো৷ আন ফালে এই দহজনক আদৰণি জনালে দিল্লীৰ সেই বিশেষ বিধান সভা সমষ্টি সমুহৰ বিজেপিৰ সাম্ভাৱ্য নিৰ্বাচন প্ৰত্যাশী প্ৰাৰ্থী সকল বিতুষ্ট হ’ব৷

দিল্লীৰ ’চাৰাপ ঘোটালা’ কাণ্ডত তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰী কে কবিতাক কবিতাৰ দৰে নিৰিবিলি পৰিবেশ দিবৰ বাবে far from the madding crowd দিল্লীৰ তিহাৰ জেলত ’প্ৰবৰ্তন নিৰ্দেশালয়ে’ সযতনে ৰাখিছে, আতিথ্যৰ অতিশয্যত বিনিময় হিচাপে তেখেতেও শ্ৰীমদ অৰবিন্দৰ ’কেচৰ ৰিয়েল’ কাহিনী খিনি বতিয়াইছে৷ তেওঁৰ ভয়াবলৈ (to fear) একো নাই৷ ’চাৰাপ ঘোটালা’ত তেওঁলোক বেপাৰীৰ ভুমিকাতহে৷ বেপাৰীয়েটো ঘৰৰ সন্মুখতে ’শুভলাভ’ বুলি লিখি লয়৷ বেপাৰীৰ বাবে লাভ কৰিবলৈ কিবা কৰাটো ’পাপ’ নহয়, মদৰ বেপাৰো মুলতঃ বেপাৰহে ৷ বেপাৰ কৰিবলৈ গৈ ৰজাক সন্তুষ্ট কৰিব লগীয়া হৈছে – in love and war everything is fair এতিয়া ৰণক্ষেত্ৰত ’কেচৰ ৰিয়েল’ জনে এশ কোটি আগধন দিলে বেপাৰৰ টাৰ্ম এণ্ড কণ্ডিচন বেপাৰীৰ মতে কৰিবলৈ ৰাজি আছে৷ সেই বাবে এশকোটি টকা আগধন দিছে ইয়াত লুকুৱাবলৈ কি দাল আছে৷ বোলে তুমি ’কেচৰ ৰিয়েল’জনৰ মুখৰ আগত ক’ব পাৰিবানে ? কবিতাই বোলে কিয় নোৱাৰিম৷ সি কুলাঢলে খোৱাই আমাৰ পৰা হাজাৰ কোটিকৈ আগধন লৈ সি আমাক থ’গিলে৷ ভয় পাদুৰাই চেৰাপ ঘোটালাটো চি বি আইক দিওঁতেই আমাৰ লগত হোৱা বেপাৰ চুক্তিটো নাকচ কৰিলে৷ আমাৰ ধনসোপা অথলে গ’ল৷ ধন গ’ল, মান গ’ল৷ হাৰাশাস্তিখন খাব লগা হৈছে৷ ’কেচৰ ৰিয়েল’ জনক কানতলীয়া চৰ দুটামান দিব পৰা হ’লে শান্তি পালোহেতেন৷

আম আদমী পাৰ্টীটোত শ্ৰীমদ অৰবিন্দই তেৰাৰ মুখে মুখে কথা ক’ব পৰা লোকক পাৰ্টীত স্থান নিদিয়ে৷ কেৱল চাৰ্ভেণ্টিচৰ উপন্যাস ’ডন কুইকচোট’ৰ সেনাপতি বুলি স্থান দিয়া মুৰ্খ আহুবাং ’চেংকো পাঞ্জা’ সকলকহে স্থান দিয়ে৷ বাকী বুদ্ধিমান আৰু স্বাভিমানী সকল সাত সীমাৰ বাহিৰত৷ সেয়ে আম আদমী পাৰ্টীত ’গুৰু বিৰোধ’ নাই৷ শ্ৰীমদঅৰবিন্দৰ ’একশৰণ এক ভজন, গুৰু যদি জেলত ’চেলা’সকল তাৰা চৰণাৰ বিন্দে ডজন কে ডজন’৷

শ্ৰীমদ অৰবিন্দই জানি আছিল যে এই দেশখনত আইন কানুন বুলি কোনো কথা নাই৷ পইচা ফেকো টামাচা দেখোঁ কুৰিৰ ভিতৰত উনৈশজন জজেই ঘোচখোৰ বুলি জন গণৰ মাজত ক্ৰমাত ব্যাপক ভাবে চৰ্চিত হ’বলৈ ধৰা আবহাউৱাটোৰ মাজতে তেৱোঁ আছে৷ সেয়ে ভাবি আছিল ’কটাৰ পো জজ তোক কিনিবলৈ মোৰ ক’ত বেলী’ সেয়ে কোটিয়ে কোটিয়ে ধন উকীলৰ হাতেৰে দি ভাবিছিল ’হাম থোৰাই কেয়াৰ কৰে’, পিছে বিধিৰ বিপাক-উকীলেই থ’গনে জজেই থ’গ কোনে জানে? ’ধান খাকে মুৰ্গী ভাগ গয়া’৷ কি হ’ব এতিয়া৷ কোটিয়ে কোটিয়ে কুলাই পাচিয়ে উকীলক ধন দিও ৰেহাই নাই৷ উকীলে কয় ছা’গে জাজে বেইমানী কৰিলে মই কি কৰোঁ? আনফালে সকলোতকৈ বেয়া বস্তুটো আহিল “ছ’চিয়েল মেদীয়া“, এই গুৰু গোসাঁই নমনা ’ছ’চিয়েল মেদীয়া’টো নাকী কোনে লগাব৷ ’পাপে বাপকো নেৰে ছেমে জাজকো নেৰে’৷ ছেম মানে ‘ছ’চিয়েল মেডীয়া“৷ ছ’চিয়েল মেদীয়াই লুক ঢাক নোহোৱাকৈ জজ দেউতা সকলৰ চতুৰালি উদঙাব লাগিছে৷ পাৰ্দিৱালাৰ দুৰ্গন্ধ পাদ সহ্য কৰিবলৈ ছ’চিয়েল মেডীয়া ৰাজী নহয়৷ ত’বে, বঙালীত কয়,“অতি চালাকীৰ গ’লাই ড’ৰি“ ৷ শ্ৰীমদ অৰবিন্দৰ গলত খৰছা গাঁঠি লাগি ফাঁহ জৰি ’লটকি’ আছে৷ জ্বৰে এৰিলেওঁ কৰ্পটীয়ে নেৰে৷ আজি নহ’লেওঁ কাইলৈ উকীল ভুকীলৰ জৰিয়তে চিবিআই নাইবা ই দি ৰ জজক মাননীটো ভোজনীটো ভৰাই দিলে নিস্পত্তি পাব পাৰিম৷ কিন্তু ভূতৰ ওপৰতে দানহ পৰাদি পৰিবলৈ আহিছে এতিয়া ’নিয়া’৷ ’নিয়া’ক নিনিয়া কেনেকৈ কৰা যায় ?

খালিস্তানী মুৰ্খ ডকাইত গুৰপৱন্ত সি পন্নুৰ পৰা শ্ৰীমদ অৰবিন্দই আমেৰিকাত গৈ ভাৰতীয় মুল্যমানত প্ৰায় ১৩৩ কোটি টকা লৈছিল এই বাবে যে খালিস্তানী নিহং ডিব্ৰুগড়ৰ জেলত কাল কটোৱা ভুল্লাৰক ক্ষমতালৈ অহাৰ পাঁচ ঘণ্টা পিছতে জেলৰ পৰা আঁতৰাম বুলি৷ ক্ষমতালৈ ২০১৫ টে তেৰা আহিল৷ এতিয়া ২০২৪ হ’ল৷ ৯ বছৰত একোদাল নহ’ল৷ এতিয়া পন্নুৱে ১৩৩ কোটি দিয়াৰ সাক্ষী সবুত দিছে ৷ লগে লগে দৃশ্যপটত ’নিয়া’ NIA National Investigative Agency ৰ প্ৰবেশ হৈছে৷ এতিযা দেখহ শুনহ নিৰন্তৰে আৰম্ভ হ’ব৷ নিয়া নিনিয়া কি হয় দেখা যাওঁক !