ৰাজনৈতিক চাকনৈয়াত সুৰা সন্ত্ৰাস

1783

ৰাজনৈতিক চাকনৈয়াত  সুৰা সন্ত্ৰাস : গুজৰাট,  বিহাৰৰ নিদৰ্শন   অসমে গ্ৰহণ কৰিব  নোৱাৰাৰ কাৰণ কি ?

  • প্ৰফুল্ল   কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


(এক)
১৩ চনতে ধঁপাতমুক্ত অসমৰ সংকল্প লোৱা কংগ্ৰেছ চৰকাৰৰ কথা মনত আছেনে ৰাইজ ? সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত প্ৰৱৰ্তন কৰিবলৈ লোৱা  “ধঁপাত নিষিদ্ধকৰণ আইন, ২০১৩” আজি ক’ত ? এক প্ৰকাৰ ধোৱা চাঙত উঠিছে ; নহয়নে বাৰু ? বৰঞ্চ ৰাজ্যৰ অলিয়ে-গলিয়ে মুকলিকৈ ধঁপাত , গুটখা , শেখৰৰ লগে লগে সুৰা বিক্ৰীৰ ৰমৰমীয়া বেহাই চানি ধৰিলে অসম ।এই সামগ্ৰীসমূহৰ এনে অবাধ বিক্ৰিয়ে প্ৰমাণ কৰে চৰকাৰী নীতিৰ ফোপোলা স্বৰূপ ৷ স্থানীয় আৰক্ষী , জিলা প্ৰশাসন তথা বিয়াগোম আবকাৰী বিভাগৰ চূড়ান্ত হেমাহিযুক্ত কাৰুকাৰ্যই কি সূচাই বাৰু ? এইখিনিতে এটা প্ৰশ্ন আমাৰ মনলৈ বাৰে বাৰে আহে, আগন্তুক লোকসভা নিৰ্বাচন যিহেতু তেনেই ওচৰ চাপি আহিছে ; নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ পৰা- ‘মদ নিবাৰন’ এক নিৰ্বাচনী ইছ্যু হোৱাৰ আশা কৰিব পাৰেনে অসমৰ ৰাইজে ? নে ৰাজনৈতিক দলৰ খান্দহ খোৱা বালি তল পৰাৰ ভয়? সেয়াই হৈছে এই মূহুৰ্তত এক কৌটিটকীয়া প্ৰশ্ন। নে এনেদৰে সুৰা সেৱন কৰি মানুহ মৰি থাকিব, মৃতদেহ জ্বলাবলৈ খৰি নাইকিয়া হৈ পৰিব, কণ কণ ল’ৰা ছোৱালী ঘাটমাউৰাহৈ চকুপানীৰে বাট নেদেখা হ’ব আৰু চৰকাৰে মানৱতাৰ খাতিৰত মৃতকৰ বাবে দুই লাখটকীয়া অনুদান আগবঢ়াই যাব! এয়াই আমাৰ দেশ ভাৰত বৰ্ষ ; আৰু আমি তাৰ ভিতৰৰে অসম নামৰ ভূখণ্ডৰ বাসিন্দা। যিখন অসমক সমগ্ৰ দেশৰ ভিতৰতে প্ৰথম পাঁচখন উন্নত ৰাজ্যৰ এখন কৰাৰ সপোন দেখুৱাই আমাৰ সন্মানীয় মন্ত্ৰী বিধায়কসকলে অহৰহ ।
ভাৰতীয় সংবিধান মতে ‘মাদক দ্ৰব্য’ বা ‘এলকহল’ এটা ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়। সেয়েহে মাদক দ্ৰব্য বিষয়ৰ আইন কানুন সমুহ ৰাজ্য অনুসৰি বেলেগ বেলেগ। বৰ্তমান ভাৰতত গুজৰাট, নাগালেণ্ড, বিহাৰ , মণিপুৰ আৰু লাক্ষাদ্বীপত মাদক দ্ৰব্য নিষিদ্ধ । হাৰিয়ানা, মহাৰাষ্ট্ৰ, তামিলনাডু, কেৰালা আদি ৰাজ্যত সময়ে সময়ে সুৰা  নিষিদ্ধকৰণৰ বাবে বিভিন্ন আইনী প্ৰচেষ্টা হাতত লোৱা হয় । কিন্তু অসমত আজিলৈকে ৰাজ্য চৰকাৰে বছৰৰ কেইটামান দিনত নিয়ম মাফিক ‘ড্ৰাই দে’ ঘোষণা কৰাৰ বাহিৰে মদ নিবাৰণৰ বাবে আন্তৰিকতাৰে কোনো বিশেষ আইনী ব্যৱস্থা লোৱাৰ নজিৰ নাই। স্মৰ্তব্য যে,   বিহাৰত সুৰা নিষিদ্ধ হোৱাৰ ফলত পথ দুৰ্ঘটনাৰ পৰা বহুলোকৰ প্ৰাণহানি হোৱাৰ পৰা ৰক্ষা পৰিছে , দুৰ্ঘটনা হ্ৰাস পাইছে, পাৰিবাৰিক সুখ শান্তি ঘূৰি আহিছে । আনকি  বিহাৰবাসীয়েও সুৰাৰ বিৰুদ্ধে বিহাৰ  চৰকাৰৰ কঠোৰ ব্যৱস্থাক স্বাগতম জনাইছে । আৰু আমি অসমীয়াবোৰে আমাৰ ৰাজ্যৰখনত সুৰাৰ নদী বোৱাবলৈ ৰাজ্য চৰকাৰে লোৱা কৌশলী সিদ্ধান্তৰ সময়তো মৌন হৈ হয় হুজুৰ ভাবে বহি থাকিলো । আনকি  মৌন হৈ বহি থাকিল ‘সোণৰ অসম’ ; ‘স্বাধীন অসম’ ; দেশৰ ভিতৰতে অসমক এক নম্বৰ ৰাজ্য কৰাৰ সপোন দেখুৱা চৰকাৰ তথা বিভিন্ন  ৰাজনৈতিক,  অৰাজনৈতিক দল সংগঠন । এতেকে বিহাৰ আৰু অসম চৰকাৰৰ কাৰুকাৰ্য্য বিচাৰ বিশ্লেষণ কৰি চালে দেখা যাই – বিহাৰীসকল অসমীয়াসকলতকৈ জ্ঞানৰ জোখাৰে ভালেখিনি আগবাঢ়ি গৈছে । আনকি  বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰে সুৰাৰ প্ৰচলন বন্ধ কৰিবলৈ ২০১৭ চনৰ  ২১ জানুৱাৰীত সমগ্ৰ বিহাৰ নিচামুক্ত কৰিবলৈ অগণিত লোকৰ সমৰ্থনত হেজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক নজিৰ বিহীন  বিশাল মানৱ শৃংখল গঢ়ি তুলিছিল । যিটো  পৃথিৱীৰ ভিতৰতে  আটাইতকৈ ডাঙৰ – দীঘল মানৱ শৃংখল হিচাপে  সুখ্যাতি অৰ্জন কৰিছে । দূখৰ বিষয় তেনেহেন  সময়তে আমাৰ অসম মুলুকত পৰিবৰ্তনকামী ৰাইজৰ চৰকাৰ খনে  সুৰাৰ দোকান খোলাৰ সময়,  পূৰ্বৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি  দিনৰ  ২ বজাৰ সলনি ১১ বজালৈ আগুৱাই দিছিল । লগতে  সুৰাৰ মূল্য হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল । এনেদৰে  অসমত  সুৰাৰ প্লাৱন বোৱাবলৈ সক্ষম হৈছে চৰকাৰ বাহাদুৰ । সুৰা সন্ত্ৰাসৰ ক্ষেত্ৰত এজিপি, কংগ্ৰেছৰ পিছত বিজেপিয়েও অতি অত্যুৎসাহ দেখুৱাই কাললৈ খিয়াতি ৰাখিছে । পৰিতাপৰ কথা তেনে মাৰাত্মক নীতিৰ বিৰুদ্ধে যি ধৰণৰ প্ৰতিবাদ হ’ব লাগিছিল সেয়া অসমত কোনো কালে হৈ নুঠিল ।
 ( দুই )
অপ্ৰিয় হ’লেও ক’বই লাগিব যে- খিলঞ্জীয়া অসমীয়া মানুহৰ কৰ্ম বিমুখতা আৰু সস্তীয়া বিনোদনৰ প্ৰতি সহজাত আকৰ্ষণত অসমত মদৰ চাহিদা আশাতীত ভাৱে বৃদ্ধি পাইছে । ব্ৰিটিছে অসমৰ চাহ বাগিচাত মদ আৰু কানিৰ প্ৰচলন কৰিছিল বনুৱা সকলক দিনটোৰ কামৰ পিছত এক সস্তীয়া বিনোদনেৰে আপ্লুত কৰি ৰাখিবলৈ । কাম আদায় কৰিবলৈ । আজিও চাহ বাগিচাসমূহত আজৰি সময় কটাবলৈ সস্তীয়া বিনোদনৰ বাবে মদ উভয়নদী কৰি দিছে একাংশ সুবিধাবাদী দালাল , মালিক তথা ৰাজনৈতিক ভাবে মদতপুষ্ট মাতব্বৰে । আবকাৰীৰ দৰে চৰকাৰী বিভাগ, পুলিচ প্ৰশাসন আদিৰ বিষয়া- কৰ্মী গিজগিজাই থকাৰ মূহুৰ্তটো এনে নীতিবিৰূদ্ধ কাৰ্য চলি আহিছে । আজি  সুৰাপানৰ পৰা লাভ কৰা ক্ষন্তেকীয়া সুখানুভূতিত জাহ গৈছে পৰিয়াল পৰিজনৰ সুখ – শান্তি, ধন- সম্পত্তি, সম্পৰ্কৰ মাধুৰ্য, শাৰীৰিক সুস্থতা আৰু মানসিক স্থিতাৱস্থা । জ্ঞানহীনতাৰ দোষত সুৰাপায়ীসকলৰ মৃত্যু অনিবাৰ্য হৈ পৰিছে । হেৰাই যোৱাজন গুচি গৈছে , কিন্তু জীয়াই থকাসকল চকুপানীৰে বাট নেদেখা হৈছে । শেহতীয়া ভাৱে ঘাতকৰ ৰূপত অৱতীৰ্ণ হৈছে বিষাক্ত সুৰা । এই বিষাক্ত সুৰাই ২২ ফেব্ৰুৱাৰীৰে পৰা  আমাৰ ৰাজ্যখনত দুটা দিনৰ ভিতৰতে ডেৰ শতাধিক লোকৰ অকালতে প্ৰাণ কাঢ়ি নিছে । য’ত একোটাহঁত সম্ভাৱনাপূৰ্ণ জীৱন যৌৱন একমাত্ৰ সুৰাৰ বাবেই নিঃশেষ হৈ গ’ল । ঘটনাৰ বিৱৰণ শুনি আপোনাৰ – মোৰ  মন-প্ৰাণ বেদনাৱহত হৈ পৰিছে । বিদীৰ্ণ হৈছে হৃদয় । একমাত্ৰ সুৰা সন্ত্ৰাসৰ বাবেই একোখন সোণৰ সংসাৰ চাৰখাৰ হয় । অসমক জাকতজিলিকা কৰি গঢ়ি তুলিবলৈ প্ৰতিখন চৰকাৰে বছৰ বছৰ ধৰি  কথাৰ ফুলজাৰি মাৰে । অথচ সমাজত সন্ত্ৰাস সৃষ্টি কৰা সুৰাৰ প্ৰচলন বন্ধ নকৰে । ফলস্বৰূপে আজি অসমৰ ইতিহাসত সংঘটিত হ’ল এক ভয়াবহ সুৰা ট্ৰেজেডি । আবকাৰী বিভাগ , আৰক্ষী বিভাগ,  তথা জিলা প্ৰশাসনৰ চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিণতিত মৃত্যু বিভিষীকাত পৰিণত হ’ল উজনি অসমৰ গোলাঘাট আৰু যোৰহাট জিলা । এই চৰকাৰী বিভাগবোৰৰ কিহৰ বাবে ? কাৰ বাবে ? আইনী- বেআইনী যি ধৰণেৰেই সুৰাৰ প্ৰচলন নচলক লাগে ;  ঘটনাটোৰ বাবে ৰাইজৰ ধনেৰে দা- দৰমহা লোৱা চৰকাৰৰ বিয়াগোম বিভাগ জগৰীয়া নহয়নে ? আপোনালোকেই কওকচোন ৰাইজ ?
মনকৰিবলগীয়া কথাটো হৈছে – ২০১৭ চনৰে পৰা  অসমত কাৰ্যকৰী হৈছে নতুন দেশীয় সুৰা নীতি। দেশীয় সুৰাৰ উৎপাদন, বিতৰণ আৰু বিক্ৰীৰ সন্দৰ্ভত মান্ধাতা যুগৰ আসোৱাহ পূৰ্ণ আৱণ্টন প্ৰক্ৰিয়াৰ জৰিয়তে চলি  থকা কৰফাঁকি আৰু দুৰ্নীতি ৰোধ কৰিবৰ বাবেই সৃষ্টি কৰা হৈছিল এই নীতি । ২০১৭ বৰ্ষৰ  ২০ ফেব্ৰুৱাৰীত  বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট বক্তব্যত এইকথা প্ৰকাশ পাইছিল  ।বক্তব্যত কোৱা হৈছিল যে – আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বলিষ্ঠ উদ্যোগত নতুন দেশীয় সুৰা নীতি সন্দৰ্ভত জাৰি কৰা হৈছে  গেজেট অধিসূচনা । ৰাজ্য চৰকাৰৰ এই সংস্কাৰমূলক পদক্ষেপৰ জৰিয়তে বিলোপ কৰা হৈছে পুৰণিকলীয়া আৰু আঁসোৱাহযুক্ত মহল ব্যৱস্থা। লগে লগে এই সমুদায় প্ৰক্ৰিয়াটোৰ মানদণ্ড ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ সমকক্ষ হ’ব বুলি ফিতাহি মাৰিছিল ৰাজ্যখনৰ আবকাৰী বিভাগে । বিভাগটোৰ মতে দেশীয় সুৰাৰ বজাৰখন স্বচ্ছ, নিকা, আধুনিক আৰু বিজ্ঞানসন্মত ভাৱে গঢ়াৰ বাবে এয়া হৈছে এক ঐতিহাসিক পদক্ষেপ। নতুন দেশীয় সুৰা নীতিৰ জৰিয়তে অধিক হাৰত ৰাজহ সংগ্ৰহেই নহয়, স্বাস্থ্যসন্মত সমাজ গঢ়াতো সহায়ক হ’ব বুলি  আশা কৰা হৈছিল । পিছে হ’লনে স্বচ্ছ আৰু স্বাস্থ্য সন্মত সুৰা নীতি  ?  ৰাইজেই কওক  !  আনকি এখোপ ওপৰলৈ গৈ ইয়াকো প্ৰকাশ কৰিছিল –  পূৰ্বৰ ক্ৰুটিপূসৰ্ণ মহল ব্যৱস্থাৰ পৰিৱৰ্তে এই নতুন নীতি ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানতো ফলপ্ৰসু হ’ব ।  অসমৰ  স্থানীয় নিবনুৱা যুৱকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি নতুন নীতিৰ আধাৰত দেশীয় সুৰাৰ খুচৰা অনুজ্ঞা মাত্ৰ ১০,০০০ টকাতে পোৱাৰো ব্যৱস্থা কৰিছিল চৰকাৰৰ অনুমোদন ক্ৰমে আবকাৰী বিভাগটোৱে । উল্লেখিত সময়ত ৰাজ্যৰ আবকাৰী বিভাগৰ হিচাপমতে অসমত ১২৬৬খন সুৰাৰ দোকান আৰু ৭৬৯খন পানশালা  চলি আছিল  । ইয়াৰে ৫৯৮খন সুৰাৰ দোকান আৰু ৩৮০খন বাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাই পথৰ দাঁতিত অথবা ঘাইপথৰ পৰা  ৫০০মিটাৰ দূৰত্বত অৱস্থিত । সেই সময়ত এক সমীক্ষাত ইয়াকো কোৱা হৈছিল যে,  ভাৰত বৰ্ষত প্ৰতিবছৰে ১৪২০০০লোক পথ দুৰ্ঘটনাত মৃত্যু মুখত পৰে । পথ দুৰ্ঘটনাত  মৃত্যু হোৱা লোকৰ অধিক সংখ্যকে সুৰাপায়ী চালকৰ বাবে দুৰ্ঘটনাত মৃত্যু বৰণ কৰিবলগীয়া হয় ।
( তিনি  )
পুনঃশ্চ ২০১৭ ৰ  ১৭ চেপ্তেম্বৰত বিভিন্ন  কাকতৰ যোগেদি এক প্ৰতিবেদনত প্ৰকাশ হৈছিল  যে –  ৰাজ্যচৰকাৰৰ নিৰ্দেশানুযায়ী  জিলা উপায়ুক্তৰ জৰিয়তে  লোকেল সুৰাৰ  বিপনীৰ   অনুজ্ঞাপত্ৰ প্ৰদানেৰে আবকাৰী বিভাগে অসমৰ ৰাইজক শাৰদীয় উপহাৰ দিবলৈ প্ৰস্তুতি সম্পন্ন কৰিছে ।   বিদেশী বিতৰণৰ দোহাই দি দিচপুৰ দখল কৰা অসম গণ পৰিষদ চৰকাৰে সহজলভ্য কৰি থৈ যোৱা  বিলাতী সুৰাৰ বিপনীসমূহৰ   সমান্তৰালকৈ  জাতি – মাটি – ভেটিৰ দোহাই দি দিচপুৰৰ মছনদত  বহা  বিজেপিৰ চৰকাৰখনেও  অতি কম দিনতে সহজলভ্য কৰি গঢ়ি  তুলিলে সুৰাৰ বিপনী । ইয়াৰ লগে লগে অতদিনে সুৰাৰ মহলত গুণগত দিশৰ পৰা নিম্ন মানদণ্ডৰ বুলি পৰিচিত দেশীয় সুৰাই সুৰাৰ বিপনীসমূহত বিলাতী বুলি পৰিচিত সুৰাৰ লগত সমানে সমানে স্থান  পুৰাবলৈ সক্ষম হ’ল । নগৰ অঞ্চলত প্ৰতি ১০০ মিটাৰ দূৰে দূৰে এনে দোকানৰ অনুজ্ঞাপত্ৰ দিয়াৰ উপৰি গ্ৰাম্যাঞ্চলত প্ৰতি ৩ কিলোমিটাৰ অন্তৰে অন্তৰে এনে সুৰা বিপনী স্থাপনৰ সুব্যৱস্থা কৰিলে   চৰকাৰী ভাবে । মাথো ধৰ্মানুষ্ঠাণ, শিক্ষানুষ্ঠান আদিৰ পৰা ১৫০ মিটাৰ দূৰৈত হ’লেই হয় ।  প্ৰয়োজন মাথো   পঞ্চায়ত বা পৌৰসভাৰ ক্ষেত্ৰ  ( ৱাৰ্ড ) সদস্যৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰৰ ।  জিলা উপায়ুক্তসকলেও  বিলাতী সুৰাৰ বিপনীসমূহত স্থানীয় সুৰা বিক্ৰীৰ অনুমতি পোনপটীয়াকৈ প্ৰদান কৰিব  পাৰে । দেশীয় সুৰা স্থানীয়ভাৱে প্ৰস্তুতকৰণ তথা উৎপাদন গোটৰ লগতে তাৰ পাইকাৰী আৰু খুচুৰা বিক্ৰেতাৰ বাবে অনুজ্ঞাপত্ৰ  প্ৰদানৰ প্ৰচেষ্টা  তেতিয়াৰে পৰা তেনেদৰে চলি থাকিল । এনে ব্যৱস্থাৰে অসমীয়া জাতিটোক আন্তৰ্জাতিক পৰ্যায়ত   সুৰাৰ ক্ষেত্ৰত  সুসম্পদশালী জাতি কিম্বা  সুৰাৰ অনুৰাগী  জাতি হিচাবে প্ৰতিষ্ঠা  কৰা হ’ল  ?  প্ৰণিধানযোগ্য- মুখ্যমন্ত্ৰীকে আদি কৰি বৰ্তমান চৰকাৰৰ কেইবাগৰাকীও নেতা -মন্ত্ৰীয়ে  কথাই কথাই গুজৰাটৰ আদৰ্শৰে অসমক  দেশৰ ভিতৰতে গুণগত মানৰ জোখাৰে এক নম্বৰ ৰাজ্য কৰাৰ সপোন দেখে । কি পৰ্য্যটন , কি শিক্ষা বিভাগ, কি উদ্যোগ বিভাগ , কি পথ পৰিবহন সকলোতে এতিয়া গুজৰাটৰ আৰ্হিৰে কথা । আনকি ৰাজ্যৰ অনেক বিভাগীয় বিষয়া, কৰ্মচাৰী , শিক্ষক-ছাত্ৰ সমাজক গুজৰাটৰ গুৰুত্বপূৰ্ণ বিভাগবোৰৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ চৰকাৰী নিৰ্দেশ প্ৰেৰণ কৰা হয় । সেয়া আদৰণীয় যদিও, পৰিতাপৰ বিষয় , সন্মানীয় মন্ত্ৰী, বিধায়ক , নেতা, পালিনেতা সকলে এই কথা জানে নে নাজানে যে – গুজৰাট এখন সুৰা বৰ্জিত ৰাজ্য ? তাত স্থানীয়ভাৱে তৈয়াৰী দেশীয় সুৰাৰ উৎপাদক,  বিক্ৰেতা আৰু পান কৰোতা সকলোৰে ক্ষেত্ৰত  মৃত্যু দণ্ডেৰে দণ্ডিত কৰিব পৰা চৰকাৰী আইন আছে । এনে কঢ়া নিয়মৰ প্ৰচলন থকা গুজৰাট সমগ্ৰ ভাৰতবৰ্ষতে  একমাত্ৰ ৰাজ্য । যি আইন ২০০৯ ত গুজৰাট বিধান সভাত পূৰ্বৰে পৰা বাহাল থকা  ( The Bombay Prohibition Act 1949 ) আইনখন  সংশোধনী ঘটাই নতুন ৰূপত  প্ৰবৰ্তন কৰা হৈছে । প্ৰশ্ন হয় – উদ্যোগ, পৰ্যটন,  শিক্ষা,  স্বাস্থ্য আদিৰ ক্ষেত্ৰত যদি অসম চৰকাৰে গুজৰাটৰ আদৰ্শ বাস্তৱায়িত কৰিবলৈ উঠি পৰি লাগিব পাৰে, সুৰাৰ ক্ষেত্ৰত গুজৰাটৰ লেখীয়া আইন চৰকাৰে প্ৰযোজ্য কৰিব নোৱাৰৰ কাৰণ কি ? আমাৰ দৰে দেশৰ সাধাৰণ জনতাৰ বাবে সেয়াই এক দুৰ্বোধ্য সাথঁৰ ! অথচ এনে এটা সময় আছিল যেতিয়া অসমবাসীৰ মনত – অন্য প্ৰদেশৰ ( বিহাৰ, বেংঙ্গল,  উৰিষ্যা আদি ) পৰা অহা ব্যক্তি মাত্ৰেই সুৰা আৰু খৈণীৰ প্ৰতি অসক্ত লোক ? যিসকলৰ মাজত অধিক সংখ্যকে আছিল কুলি, মুটিয়া, মুচিয়াৰ, নাপিত , প্ৰহৰী আদি । কিন্তু সময়ৰ আহ্বানত , মুখ্যমন্ত্ৰী নিতীশ কুমাৰৰ দৰে শক্তিশালী নেতাৰ সঠিক নিৰ্দেশনাত  সৌভাগ্যবশতঃ তেওলোক আজি হৈ পৰিল এক অসাধাৰণ বিশ্ববিশ্ৰুত কৰ্মপৰায়ণ , স্বাভিমানী, স্বাৱলম্বী  জাতি । আৰু  অসমীয়া জাতি লাহে লাহে হৈ পৰিছে দুৰ্বল, পৰমুখাপেক্ষী । যিখন  ৰাজ্যৰ ৰজাঘৰে একমাত্ৰ ৰাজহ বৃদ্ধিত মোহগ্ৰস্ত হৈ  প্ৰজাৰ মাজত  সুৰাৰ প্লাৱন বোৱাবলৈ কুণ্ঠাবোধ নকৰে ; তেনেস্থলত বৃটিছৰ দিনৰ সেই  কানি খোৱা সোৰোপা অসমীয়া  হিচাবে  জগতত কুখ্যাতি ৰখাৰ বাহিৰে আমাৰ অসমীয়াসকলৰ কি সকাম থাকিব পাৰে ?  ৰাজ্যবাসীক  সুৰাৰ সাগৰত ডুবাই আজিৰ মন্ত্ৰী – বিধায়কে শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি, বাহনত উঠি কথাৰ ফুলজাৰীৰে অসমখনক কিদৰে ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচিবে গঢ়ি তুলিব বিচাৰে ? নে বৃটিছৰ ‘ভাগ ভাগ কৰা আৰু শাসন কৰা’ নীতি অৱলম্বন কৰি শাসনৰ গাদী সুৰক্ষিত কৰাটোৱেই তেৰাসবৰ  মূলমন্ত্ৰ । ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য্য উঠা দেশ অসমত সুৰাৰ প্লাৱনৰ বিৰুদ্ধাচৰণ কৰি পৰিশেষত আমি ইয়াকে কও – আহক এনে মানৱ-সমাজ ধংসী নীতি, কৰ্মৰ  বিৰুদ্ধে যুঁজ দিবলৈ সকলোৱে কঁকালত টঙালি বান্ধি ওলাওঁ ।  ■■ ●● ■■