- ৰাজনীতি অসমৰ প্ৰতিবেদন
ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী
হাৰিয়ানা বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৫ অক্টোবৰত। ৯০ খন আসন থকা হাৰিয়ানাত ১০ বছৰ ধৰি বিজেপিৰ চৰকাৰ আছে। মনোহৰ লাল খট্টৰ বিজেপিৰ মুখ্যমন্ত্রী আছিল যদিও ১২ মাৰ্চ ২০২৪ তাৰিখে মুখ্যমন্ত্রী সলনি কৰা হয়। হাইকামাণ্ডে নায়াব সিং চৈনীক ৬ মাহ সময় দি প্ৰতিষ্ঠান বিৰোধী ঢৌ শান্ত কৰাৰ দায়িত্ব দিয়ে।
হাৰিয়ানাত প্ৰায় ২৫% জাট আৰু ২০% অনুসুচিত জাতিৰ লোক বাস কৰে। এওঁলোক পাৰম্পৰিক কংগ্ৰেছৰ ভোটাৰ। ভুপিন্দৰ সিং হুদা কংগ্ৰেছ এজন ডাঙৰ জাট নেতা। কুমাৰী শ্বেলজা হ’ল কংগ্ৰেছৰ অনুসুচিত জাতিৰ চেহেৰা। বিজেপিয়ে জাট আৰু অনুসুচিত জাতিৰ ভোট পোৱা নাছিল বাবে তেওঁলোকৰ দুয়োজন মুখ্যমন্ত্রী অন্য জাতিৰ। হাৰিয়ানাক ৰাজনৈতিক ভাবে তিনিটা ভাগৰ বিভক্ত কৰিব পাৰি। জি.ডি ৰোদ, জাট লেণ্ড আৰু দক্ষিণ হাৰিয়ানা। ২০১৪ আৰু ২০১৯ত বিজেপিয়ে জি. ডি ৰোদৰ ২৭ খন আসনত ব্যাপক জনসমৰ্থন লাভ কৰিছিল। ২০১৪ত ২২ আৰু ২০১৯ত বিজেপিৰ এই অঞ্চলত আসনৰ সংখ্যা আছিল ১৪। ২০১৯ত বিজেপিয়ে জাট লেণ্ডত ৪০ৰ ভিতৰত মাত্র ১১ খন আসন পাবলৈ সক্ষম হৈছিল। বাকী থকা দক্ষিণ হাৰিয়ানাৰ ২৩খনৰ বিজেপিয়ে পাইছিল ১৫ খন আসন।
হাৰিয়ানাৰ মানুহবিলাক মুলত কৃষক, সামৰিক বাহিনীত কৰ্মৰত নহ’লে কুস্তি খেলুৱৈ। এই সকলো বিলাক মানুহ বিজেপি চৰকাৰৰ কামকলৈ অসন্ত্তষ্ট। দক্ষিন হাৰিয়ানাত বিজেপি শক্তিশালী আৰু ১৫ খন আসন পাব বুলি ধৰিলেও জিডি ৰোড আৰু জাটলেণ্ডত লোকচান হ’ব। নিৰ্বাচনী সমীক্ষক সকলেও বিজেপিয়ে ২৫তকৈ বেছি আসন পোৱাৰ সম্ভাবনা নাই বুলি কৈছে। সত্তা বজাৰৰ মতেও হাৰিয়ানাত কংগ্ৰেছে চৰকাৰ হ’বলৈ গৈ আছে। যদি সচাকৈয়ে হাৰিয়ানাত কংগ্ৰেছৰ চৰকাৰ আহে তেন্তে ই মোদীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব।